দিহা- এ হৰিয়ে এ নাৰায়ণ কৰা কৃপা কমললোচন। পদ- শুনা সভাসদ ৰামায়ণ পদ ইটো কথা অনুপাম, সূৰ্য্য বংশ জাত অজৰ তনয় দশৰথ তাৰ নাম। অযোধ্যা নগৰে ভৈলা নৃপবৰ ইন্দ্ৰৰ সমান অতি, পুত্ৰ সম কৰি প্ৰ্জাক পালন্ত আনন্দে ভূজে নৃপতি। তিনিজনী কন্যা বিয়া কৰাইলেক ৰুপে গুণে অনুপাম, কৌশল্যা কৈকেয়ী সুমিত্ৰা সুন্দৰী ভিনে ভিনে থৈলা নাম। ১ নং- মৃগয়া কৰিতে যায় দশৰথে হাতে ধনুশৰ ধৰি।। একদিনা ৰাজা মৃগয়া কৰিতে চলি যান্ত ৰথগতি। সৰযু বনতে মৃগ মাৰি ফুৰে দশৰথ নৰপতি। একদিনা দেখা বিধিৰ বিপাক দশৰথ নৃপতিৰ। মৃগয়া কৰিতে কিনো ভৈলা পাচে শুনশুন নৰবৰ।। ২ নং- সৰযুবনতে ৰাজা দশৰথে হাতে ধনুশৰ ধৰি, শব্দ অনুসাৰে মৃগ মাৰি ফুৰে শব্দ ভেদি শৰ কৰি। তাত এক অথন্তৰ ভৈলা নৃপতিৰ। শ্ৰী ফল বনত বাস অন্ধক মুনিৰ। আপুনিও অন্ধক তাৰ ভাৰ্য্যাও অন্ধক। সিন্ধু নামে পুত্ৰে মাগি পোষে দুহান্তক।। সৰযুক সিন্ধু জল আনিবাক গৈলা। ঢৌ দিয়া কলহক ভৰাইবাক লৈলা।। ঘৰ-ঘৰ কৰি যেবে শব্দ উঠিয়া। অৰণ্যৰ হন্তে পাছে নৃপতি শুনিলা।। হস্তী গোটে পানী খাই জানি নৃপবৰ। শব্দ অনুসাৰে বীৰে হানিলন্ত শৰ।। বজ্ৰৰ সমান শৰ অগনি সাক্ষাৎ পৰিল সন্ধানে সিন্ধুমুনিৰ হিয়াত।। ৩ নং- অগ্নি জলি বুকে পিঠি গাঠিলেক বানে। মুনি বোলে হৰি হৰি মৰিলোঁ পৰাণে।। মুনিৰ ক্ৰন্দন শুনি লৰি গৈলা নৃপমণি। শব্দ ভেদি শৰৰ পাছে উমান পাইলেক। লাগিল জানিয়া ৰজা খেদি আসিলেক।। দেখে ঋষি পুত এক পৰিয়া আছয়। দেখি ভয়ে নৃপতিৰ শৰীৰ কম্পয়।। অণ্ঠকণ্ঠ শুকাইলেক কম্পে হাত পাৱ। ভয়ে নৃপতি ভৈলা মৃতক স্বভাৱ।। অনন্তৰে মুনি পুত্ৰে ৰজাক দেখিলা। অনেক ধিক্কাৰি তাক বুলিবাক লৈলা।। ৪ নং- কি কৰিলি দুৰাচাৰ ঐ অ’ পাপী কোন তই অধম দুৰ্জ্জন অ’ বিনা দোষে মোহোক বধিলি কি কাৰণ ঐ কি কৰিলি দুৰাচাৰ ঐ।। কোন তই মহাপাপী অধম পামৰ। বিনা দোষে মোহক কৰিলি এহি শৰ। ব্ৰ্ক্ষ্ম বধ কৰি পাপী কোন ফল পাইলি। কেমন কাৰণে বেটা কাল কূট খাইলি।। বৃদ্ধ বাপ-মাও মোৰ অন্ধ দুই প্ৰাণী। মই মাত্ৰ পুত্ৰ মাগি খুজি পোহো আনি।। মোক মাৰি তাৰা দুহান্তৰ বধ লৈলি। কোন কাম কৰি পাপী অধোগতি গৈলি।। ৫ নং- অ হৰি হায়ৰে হায় অ কান্দে দশৰথ ৰাই, অ হায় বিধি কি কৰিলোঁ মই, মই নিদাৰূণ ব্ৰাক্ষ্মণ।। মুনিৰ চৰণে ধৰি কান্দন্ত বিনাই। সূৰ্য্য বংশী ৰাজা মই দশৰথ ৰাই।। তুমি পানী ভৰা মই তাহাক নাজানি। হস্তী গোটে পানী খাই মনে অনুমানী।। শব্দ অনুসাৰে মই কৰিলোঁ প্ৰহাৰ। পৰিলন্ত শৰ আহি হিয়াত তোমাৰ। মহা পাপ কৈলো মোক শাপি ভস্ম কৰা মোহোৰ দোষত তুমি বংশক নামাৰ।। ৬ নং- অ ৰাজা দশৰথ এ মনে নকৰিবা শোক মোহোৰ কৰ্ম্মে পাওঁ দুখ অ’ শ্ৰীফল বনত আছে পিতামাতা শীঘ্ৰে লৈ চলা মোক ৰজা দশৰথ এ।। হেন শুনি মুনি পুত্ৰে কহে নৃপতিক। মোৰ কৰ্মফল তোক শাপিব কিশক।। পিতা মাতাৰ শাপে তোৰ হৈব সৰ্ব্বনাশ। মোক লৈয়া চলা ৰজা তাৰা দুই পাশ।। আছে পিতা মাতা মোৰ শ্ৰীফল বনত। কৰিও কাতৰ ৰাজা ঋষিৰ চৰণত।। মহা জ্ঞানশীল তেওঁ পৰম মহন্ত। অজ্ঞান দোষক তোৰ ক্ষমা কৰিৱন্ত।। তোক সাপ দিলে মোৰ কোনো ফল নাই। শৰ কাড়া হেৰা বিষে প্ৰাণ যায়।। শুনি দশৰথে তাৰ কাঢ়িলন্ত বাণ। কম্পি কম্পি মুনিৰ তথাত গৈলা প্ৰাণ।। ৭ নং- মৰাশ কান্ধে লই দশৰথ ৰাই ঐ মহা শোকে শ্ৰীফল বনক চলি যায় ঐ পাছে ৰাজাই মৰাশ কান্ধে তুলি লৈলা। মহা শোকে শ্ৰীফল বনক চলি গৈলা।। অনন্তৰে পাইলা গৈয়া শ্ৰীফল বনক। দেখিলন্ত বহি আছে দুই অন্ধকক।। মৰাশ থৈলা ৰাজা কান্ধৰ নমাই। অন্ধ-মুনি মাতিলন্ত ভৰিব সাই পাই।। ৮ নং- অত বেলি কি কৰিলি ঐ নয়নৰে মণি বাচা অন্ধকৰে লাঠি তোকে বাট চাই আছোঁ বাচা ঐ অ’ মই আছোঁ গুণি গাঠি গধূলিতে গৈলি পুতাই ঐ পানী আনিবাৰে। তাত ৰাতি কৰি চিন্তা ঐ লাগিল আমাৰে।। তইসে কেৱল বাচা ঐ সৰ্ব্বস্ব আমাৰ। তই বিনে দশোদিশে দেখোহোঁ আন্ধাৰ।। আমি দুই অন্ধকাৰ তইসে লাখুটি। তই অবিহনে বাচা ঐ মৰোঁ হিয়া ফুটি।। আন দিনা এনে কৰ্ম্ম নকৰিবি আৰ। ইবোৰ শুনিয়া প্ৰাণ ঐ উৰি যায় ৰজাৰ।। ৯ নং- অ মুনিৰ চৰণে ধৰি বিনায়ে নৃপতি গুৰু নহঁও মই পুত্ৰ তোমাৰ ঐ তযু পুত্ৰ বধি মই মহাপাপী ঐ অ গুৰু দশৰথ দুৰাচাৰ।। নহঁও তযু পুত্ৰ বধি মই শুন মুনিবৰ। তযু পুত্ৰ বধি মই অধম পামৰ।। অজৰ তনয় মোৰ দশৰথ নাম। তযু পুত্ৰ মাৰি কৰি আছোঁ মন্দকাম।। শব্দ ভেদি বাণে মই মহা অহঙ্কাৰী। নিশাকালে বনে বনে ফুৰোঁ মৃগ মাৰি তযু পুত্ৰে পানী ভৰাই তাহাক নাজানি। হস্তী গোটে পানী খাই মনে অনুমানী।। কৰিলোঁ প্ৰহাৰ ঘোৰ তীক্ষনতাৰ বাণ। বুকে পৰি তযু পুত্ৰ ত্যাজিলে পৰাণ।। হেন জানি গুৰু মোক শাপি ভস্ম কৰা। মোৰ দোষত গুৰু বংশক নামাৰা।। এহি বুলি নৰপতি মৌন হুয়া ৰৈলা। হেন শুনি দুয়ো অন্ধ কান্দিবাক লৈলা।। ১০ নং- প্ৰাণেৰ পুতাই ঐ অৰে ক’ত গেলি এৰিয়া তোৰ শোকতে বাচা মই মৰোঁ। পুৰিয়া প্ৰাণেৰ পুতাই। পুত্ৰৰ মৰণ শুনি দুই অন্ধ প্ৰাণী। হা পুত্ৰ বুলি কান্দে হিয়াত মুষ্টিহানি।। পুত্ৰ শোকে দুইজন অচেতন ভৈলা। আকাশ ভাঙ্গিয়া যেন মাথাত পৰিলা।। কতোক্ষণে দুয়ো প্ৰাণী পাইলা চেতন। হা পুত্ৰ বুলি দুয়ো জুৰিলা ক্ৰন্দন।। ৰজাত খুজিয়া মৰাশৱ গলে বান্ধি। হৈলন্ত অস্থিৰ দুয়ো লোকে কান্দি কান্দি। এহিমতে কান্দি কান্দি ব্যাকুলিত ভৈলা। মহাক্ৰোধে দশৰথক কহিবে লাগিলা।। মহাক্ৰোধে দশৰথক কহিবে লাগিলা।। ১১ নং- অৰে অৰে নৰপতি মহামূৰ্খ মন্দমতি। কি কৰিলি দশৰথ পাপী পুত্ৰক বধিলি।। মোৰ লগাইলি সন্তাপ ঘোৰ দিৰো তোক নিদাৰূণ শাপ।। শুন পাপী দশৰথ পুত্ৰশোক যেন মত আমি দুয়ো প্ৰাণী মৰোঁ পুৰি, মোহোৰ শাপত পুত্ৰৰ সন্তাপ পাই অল্প কালে যাইবি তই মৰি। শুনি দশৰথ ৰাই আনন্দৰ পাৰ নাই কৰ যোৰে বুলিলা বিনাই, শুনিয়োক মুনিবৰ শাপ নিদি দিলা বৰ ই জন্মে পুত্ৰ নাহি হয়। এতেক বুলি পাছে হা পুত্ৰ বুলি দুয়ো অন্ধ প্ৰাণক ত্যাজিলা, দেখি দশৰথ ৰাই দুয়োকে সংস্কাৰ কৰি মহা চিন্তাই গৃহক চলিলা। লিখকঃ ফণীন্দ্ৰনাথ কলিতা