১.নিমখত ৰখা গোলনেমু : মহিলসকলে সংৰক্ষণ কৰি ৰখা আন এবিধ উপকৰণ হৈছে নিমখত ৰখা গোল নেমু। দৈনন্দিন খাদ্যৰ ৰুচি বৰ্ধক আৰু নানা ঔষধি গুণসম্পন্ন ফল হৈছে নেমুটেঙা। কাজি নেমুতকৈ গোল নেমুৰ গুণাগুণ অধিক। নেমুত ভিটামিন এ, ভিটমিন চি, ভিটামিন বি কমপ্লেক্স থাকে। গোলনেমু বছৰৰ আহিন-কাতি মাহত পকে। পকা গোলনেমু বছৰৰ বছৰৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। পকা গোলনেমুৰ বাকলি অংশ কটাৰীৰে চুচি ল’ব লাগে। চুচি লোৱা নেমুখিনি ষ্টীলৰ গামলা এটাত ৰাখি তাত অলপ নিমখ চতিয়াই তিনি/চাৰিদিন ৰাখি দিব লাগে। নেমুখিনি ৰসগোল্লাৰ নিচিনাকৈ কোমল হ’লে নিমখৰ পৰ উলিয়াই এদিন বা দুদিন চোকা ৰ’দত শুকুৱাব লাগে। শুকুৱাৰ পিছত কাঁচৰ বৈয়ামত ভৰাই ভালকৈ মোখনিখন মাৰি ৰাখি থ’লে বছৰ বছৰ ধৰি ভাল হৈ থাকে। ঔষধি গুণ: পেট কমোৰণি, পেট চলা, পেটৰ বিষ, পেটফুলা, আভোক আভোক লগা আদিত নিমখত ৰখা গোলনেমুৰ সাহ বা বাকলি খালে সুফল পোৱা যায়। নিমপাত তিতা : নিমপাতৰ ঔষধি গুণ সম্পৰ্কে সৰ্বজনবিদিত। নিমপাতে প্ৰকৃতিক প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰে। ছালৰ বিভিন্ন ৰোগত নিমপাত বহুত উপকাৰী। নিমপাত শুকুৱাই বহুদিনৰ বাবে সাঁচি ৰাখিব পাৰি। প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত শুকান নিমপাত থাকেই বুলি ক’লেও বঢ়াই কোৱা নহ’ব। নিমপাত শুকুৱাবলৈ অতি সহজ। নিমগছৰ পাত চিঙি আনি ভালদৰে ধুই ৰদত শুকুৱাই থৈ বহুদিনৰ বাবে সংৰক্ষণ কৰিব পাৰি। নিমপাতৰ ঔষধি গুণ : বসন্ত ৰোগ প্ৰতিৰোধ কৰে। পেলু আৰু কৃমি নাশ কৰে। সকলো ধৰণৰ ছালৰ ৰোগত নিমপাত ব্যৱহাৰ কৰা হয়। কাঁহ হলে নিমপাত ভাজি বা আঞ্জা ৰান্ধি খালে কাঁহ ভাল হয়। খাৰলি আৰু পানীটেঙা : খাৰলি আৰু পানীটেঙা দুয়োবিধ সৰিয়হৰ গুৰিৰ পৰা প্ৰস্তুত কৰা হয়। ঠায়ে ঠায়ে খাৰলিক বেহুৱা বুলিও কোৱা হয়। ৰঙা বা বগা সৰিয়হ ভালকৈ ধুই ৰ’দত শুকুৱাই ল’ব লাগে। ঢেকী বা মিক্সাৰ গ্ৰাইণ্ডাৰত শুকান সৰিয়হখিনি পিচিব লাগে। খাৰলি কলখাৰ বা কিনিবলৈ পোৱ খাৰ দি প্ৰস্তুত কৰা হয়। আনহাতে থেকেৰা টেঙা বা কাজিনেমুৰ ৰস দি পানীটেঙা প্ৰস্তুত কৰা হয়। খাৰলি প্ৰস্তুত কৰা পদ্ধতি- শুকুৱাই ৰখা ভীমকলৰ বাকলি জুইত পুৰি ছাঁই প্ৰস্তুত কৰি ল’ব লাগে। ছাঁইখিনি এখন ছেকনিত ৰাখি তাত লাহে লাহে পানী ঢালিলে ছেকনিৰ তলত নিগৰি নিগৰি পানী পৰিব। ছেকনিৰ তলত এটা গিলাছ পাতি থ’ব লাগে। সৰিয়হৰ গুৰি, নিমখ, জলকীয়া একেলগে মিলাই লাহে লাহে খাৰ পানীখিনি দি সানি এটা লাৰু বনাই কলপাতত বান্ধি তিনি-চাৰি ৰাখিব লাগে। এনেদৰে প্ৰস্তুত কৰা খাৰলি দহ-পোন্ধৰ দিনলৈকে ভাল হৈ থাকে। গৰমৰ দিনত ভাতৰ লগত খাৰলি খাই বহুত ভাল লাগে। খাৰলিৰ ঔষধি গুণ : খোৱাৰ ৰুচি বৃদ্ধি কৰে পেট পৰিস্কাৰ কৰে তেঁতেলি : পকা তেঁতেলিৰ গুটি অসমীয়া মানুহে শুকুৱাই ৰাখে। তেঁতেলি প্ৰচুৰ পৰিমাণে ঔষধি গুণসম্পণ্ণ। অতিপাত গৰমত তেঁতেলিৰ চৰবত বনাই খালে শৰীৰ শীতল পৰি যায়। উচ্চ ৰক্তচাপযুক্ত ৰোগীয়ে তেঁতেলি খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। তেঁতেলিয়ে মধুমেহ ৰোগৰ আশংকা কম কৰে। সৌন্দৰ্য চৰ্চাত তেঁতেলিৰ ব্যৱহাৰ বহু পুৰণি দিনৰ পৰাই চলি আহিছে। তেঁতেলিয়ে হজম ক্ষমা বৃদ্ধি কৰাৰ লগতে স্মৃতি শক্তিও বৃদ্ধি কৰে। বহুধা গুণযুক্ত তেঁতেলি অসমীয়া মহিলাই ৰ’দত শুকুৱাই বহুদিনৰ বাবে সংৰক্ষণ কৰি ৰাখে।