ঢেঁকী আৰু ঢেঁকীশাল অসমীয়া সংস্কৃতিত ঢেঁকীৰ এক উল্লেখযোগ্য স্থান আছে। প্ৰাচীন অসমত আনকি এতিয়াও অসমীয়া গ্ৰাম্য সমাজত ঢেঁকীৰ ব্যৱহাৰ অপৰিহাৰ্য। ধান বনা, পিঠা খুন্দা, চিৰা খুন্দা, সান্দহ খুন্দা, খাৰলি খুন্দা আদি বিভিন্ন কামত ঢেঁকী ব্যৱহাৰ কৰা হয়। আগৰ দিনৰ অসমীয়া তিৰোতাই আধা ৰাতিতে উঠি ধান বানে বুলি এতিয়াও মুখে মুখে প্ৰচলিত। ইয়াৰ দৈৰ্ঘ সম্পর্কে প্ৰবচনত আছে —আঢ়ৈ ডেৰে গজে মুঠি। অর্থাৎ ঢেঁকীৰ ফিচাখন হ'ব লাগে আঢ়ৈ হাত (প্রায় এক মিটাৰ), কঁতৰাৰপৰা থোৰা লগোৱা ঠাইলৈ এগজ এক মুঠি (প্রায় ১ মিটাৰ ২০ ছে.মি.) আৰু থোৰাৰপৰা আগটো হ'ল ডেৰ হাত (অর্থাৎ প্রায় পয়সত্তৰ ছে.মি.)। ঢেঁকীৰ বিভিন্ন অংশসমূহৰ নাম এনেধৰণৰ—কঁতৰা, থোৰা, খুবলি, আষল শলা , সতিনী বাৰি, দাঙা বাৰি (উল্ল বাৰি), বাঢ়নী মাৰি, খদ্ৰা বাৰি (চিৰা বা সান্দহ খুঁচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা বাৰি), ঢেঁকী জৰী (ফিছাৰ ওপৰত চালিৰে সৈতে বন্ধা ৰচা) সতিনী জৰী (থোৰাৰ আগত ৰচা এডাল বান্ধি ঢেঁকী দিওঁতে বা বাঁওহাতে টনা ৰচা) । ঢেঁকীৰ কাৰণে আয়তক্ষেত্রাকাৰ আহুই কাঠ ভাল। থোৰাৰ বাবে টান কাঠৰ ভিতৰত আহুই, পালিয়ন, মধুৰি-আম হ'লে ভাল। ঢেঁকীটোৰ কঁতৰা লগোৱা ঠাইৰ উপৰি থোৰা লগোৱা ঠাইখিনি ওপৰভাগৰ মূৰটোতো বহুতে লতা-ফুল কাটে। বাঁহৰ থোৰাত ব্যৱহাৰ হয় ভলুকা বাঁহ। ঢেঁকীক নাৰদৰ বাহন ৰূপে গণ্য কৰা হয়। দুপৰীয়া বেলা শুদা ঢেঁকী বজোৱা নিষেধ। ঢেঁকী ৰখা ঠাই ডোখৰ মূল ঘৰৰপৰা অলপ আছুতীয়া ৰখা হয়। ঢেঁকা ৰখা ঠাইখনক ঢেঁকীশাল বুলি কোৱা হয়। ঢেঁকীৰ সৈতে বিভিন্ন বিশ্বাস বা পৰম্পৰা জড়িত হৈ আছে। ঢেঁকী শালত শুলে শনিয়ে ধৰে বুলি লোকে কয়। দীর্ঘদিন জুৰি বৰষুণ নাহিলে বহুতে গৃহস্থৰ ঢেঁকী চুৰি কৰি নি ওভোতাকৈ পোতে। বিয়াৰ সান্দহ খুন্দা পর্বত ঢেঁকী নহ'লেই নহয়। কোনো কোনো ঠাইত বাহী বিয়াৰ দিনা দৰা-কইনাক ঢেঁকী দিবলৈ দি ৰং-তামচা কৰে। ঢেঁকী পতাৰ দিনা ঠাই বিশেষে ঢেঁকীত তেল, সেন্দুৰ আৰু দুবৰি আগবঢ়ায়। ঢেঁকীক লৈ অসমীয়া ভাষাত বহুতো খণ্ডবাক্য, ফকৰা-যোজনা আৰু সাঁথৰৰ সৃষ্টি হৈছে। সেইবোৰৰ ভিতৰত যেনে- খণ্ডবাক্য ১. ঢেঁকী থুৰীয়া বুদ্ধি (ভোটা বুদ্ধি); ২. ঢেঁকী থুৰীয়া মাৰ (গুৰুতৰ মাৰ পিট); ৩. ঢেঁকী ফুৰা (লাহে লাহে ঢেঁকীৰে পৰিষ্কাৰ কৰা); ৪. ঢেঁকীৰ গৰিক (জনৰব); ৫. ঢেঁকীত মহে খা; উৰালত ফৰ ফৰা (নোহোৱা কথা গাত পাতি ল); ৬. ঢেঁকী থোৰা পাতি নাক কাট্ (বৰকৈ অপমান কৰ) ফকৰা-যোজনা— ৭. ঢেঁকীশাল ফুৰিলে খুদকণৰ অভাৱ নোহোৱা; ঢেঁকীটো লৰক ফৰক, কঁতৰাটো ভগা, কোন ক'লৈ গৈছে, তাৰেহে লগা। ৮. ঢেঁকীত বৰা, কলঙত পানী, বাৰীত খুতৰা শাক (আয়োজনৰ অভাৱ); ৯. হেন হেন পাকত, ঢেঁকী থোৰাও সোমাই নাকত; ১০. কথা নহয় বাদী ঢেঁকী মৰে চাউল কোবাই কঁতৰাই মৰে কান্দি; ১১. কলিয়াবৰত পৈয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল; ১২. যাৰ নাই কেঁচুৱা, ঢেঁকী থোৰা নচুৱা, সাঁথৰ— ১৩. এদঁতীয়া হাতী, ধান খাই পাচি পাচি (ঢেঁকী); ১৪. এটা মাথো নিগনি শ পুৰা ধান কাটে নেজডালত ধৰিলেহে জাঁপ মাৰি উঠে । এনেদৰে অসমীয়া লোকসংস্কৃতিত ঢেঁকীৰ জয়যাত্ৰা আজিও অব্যাহত। প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে বৰ্তমান সমাজৰপৰা ঢেঁকীৰ ব্যৱহাৰ নোহোৱা কৰিছে। ধান কুটুৱা মেছিন আৱিস্কাৰ হোৱাৰপৰা ঢেঁকীত ধান বনা পৰম্পৰা নোহোৱা হ’ল। ইয়াৰ কাৰণ হৈছে ঢেঁকীত ধান বনা এটা কষ্টকৰ কাম আৰু বহুত সময়ৰ প্ৰয়োজন। তাৰ তুলনাত মেছিনত কম সময়ত আৰু সহজে ধান কুটুৱা হৈ যায়। ফলত কষ্ট কম হ’ল আৰু সময়ো বাচিল। মিক্সাৰ-গ্ৰাণ্ডাৰৰ উদ্ভাৱনেও ঢেঁকীৰ ব্যৱহাৰ কম কৰিলে। বিভিন্ন প্ৰকাৰৰ গুড়ি জলপান যেনে- সান্দহ, পিঠাগুৰি খুন্দিবৰ বাবে ঢেঁকীৰ পৰিৱৰ্তে মিক্সি ব্যৱহাৰ কৰা হ’ল। প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত ঢেঁকীৰ ব্যৱহাৰ নোহোৱা হোৱাৰ লগে লগে ঢেঁকীৰ লগত সম্পৰ্ক থকা অসমীয়া শব্দবোৰৰ প্ৰয়োগ নোহোৱা হ’ল। বৰ্তমান প্ৰজন্মই এই শব্দবোৰ শুনিলে আচহুৱাহে অনুভৱ কৰে। অভিধানৰ পাতত ৰৈ যোৱা শব্দবোৰৰ ব্যৱহাৰ নোহোৱাৰ বাবে অসমীয়া ভাষাৰ শব্দভাণ্ডাৰো কমি যোৱা বুলি ক’লে বঢ়াই কোৱা নহ’ব।