বলভদ্ৰ পূজা পুৰণি কালৰে পৰা বৰ্তমানলৈকে অসমত প্ৰচলিত হৈ আহিছে ৷ বলভদ্ৰ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ ককায়েক৷তেওঁ দৈৱকীৰ সপ্তম গৰ্ভস্থ৷ সন্তান ৷ ভগৱান বিষ্ণুৰ এটা কলা অৱতাৰ৷মহা অত্যাচাৰী কংসৰ পৰা বচাবৰ কাৰণে ভগৱানৰ আদেশ মতে যোগমায়াই দৈৱকী গৰ্ভৱতী হৈ থাকোতে এই সপ্তম সন্তানটিক আকৰ্ষণ কৰি নি বসুদেৱৰ আন এজনী পত্নী ৰোহিলীৰ গৰ্ভত থয় ৷ আকৰ্ষণ কৰি নিয়া বাবে বলভদ্ৰৰ আন এটি নাম 'সংকৰ্ষণ' ৷ আন কেইটামান নামেৰেও তেওঁ জনাজাত ৷ তেওঁৰ বৰ বল আছিল ৷ সেইবাবে তেওঁৰ নাম 'বলভদ্ৰ' ৷ তেওঁ লোকক মনোৰঞ্জন প্ৰদান কৰিছিল ৷ সেইকাৰণে তেওঁৰ নাম 'ৰাম '৷ এইবোৰৰ লগতে তেওঁৰ আন কেইটামান নাম আছে ৷ সেইবোৰ হ'ল-হলভৃৎ,হলায়ুধ,মুষালী,লাংগলী, বলদেৱ আদি ৷ তেওঁৰ অৱতাৰক অনন্ত নাগ অৱতাৰ বুলিও কোৱা হয় ৷ এই সম্পৰ্কত এটা পৌৰাণিক কাহিনী আছে- কংসৰ অত্যাচাৰৰ পৰা মানুহক ৰক্ষা কৰিবলৈ ওলায় নাৰায়ণে ৷ তেওঁ সহযোগী হিচাপে নিজে শুই থকা অনন্ত নাগকো পৃথিৱীত অৱতাৰ লবলৈ কয়৷ ৰাম অৱতাৰতো অনন্ত নাগে ৰামৰ ভাতৃ লক্ষণ হিচাপে অৱতাৰ লৈছিল ৷ কিন্তু ৰামৰ ভাতৃ হোৱা হেতু লক্ষণে ইচ্ছা থাকিলেও কিছুমান কাম কৰিব পৰা নাছিল ৷ সেয়ে এইবাৰ তেওঁ(অনন্ত নাগ) পৃথিৱীত অৱতাৰ লব লগা হ'লে যাতে নাৰায়ণৰ কাকায়েক হিচাপেহে অৱতাৰ লব পাৰে ,তাৰবাবে অনুৰোধ কৰে ৷ নাৰায়ণে ইয়াত সন্মতি জনায় ৷ সেইমতে নাৰায়ণৰ অৱতাৰ শ্ৰীকৃষ্ণ ৰূপত তেওঁৰ ককায়েক হিচাপে জনম লয় ৷ পূৰ্বে উল্লেখ কৰিছোঁ যে তেওঁ দৈৱকীৰ সপ্তম গৰ্ভস্থ সন্তান ৷ শ্ৰীকৃষ্ণ দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান ৷ বলভদ্ৰৰ এটা নাম বলোৰাম ৷বলোৰামৰ আয়ুধ নাঙল ৷ তেওঁৰ পত্নী ৰেৱতী ৰেৱত ৰজাৰ কন্যা৷বলভদ্ৰ গদাযুদ্ধত অদ্বিতীয় ৷ ভীম আৰু দূৰ্যোধনক গদাযুদ্ধ শিকাইছিল ৷ সেই সূত্ৰে দূৰ্যোধন তেওঁৰ বৰ প্ৰিয় আছিল ৷ তেওঁ অকল ভগৱান শ্ৰীকৃষ্ণৰ ককায়েকে নাছিল, প্ৰধান সহায়কো আছিল ৷ শ্ৰীকৃষ্ণক নানা কামত তেওঁ সহায় কৰিছিল ৷ প্ৰাচীন অসমত বলভদ্ৰৰ পূজা -অৰ্চনা কেনেদৰে চলিছিল তাৰ সবিশেষ জনা নাযায়; যদিও নানা মন্দিৰৰ দ্বাৰশাখাত খোদিত দশাৱতাৰৰ ৰূপত তেওঁৰ মূৰ্তি খোদিত কৰিছিল ৷ তেজপুৰৰ বামুণী পাহাৰৰ বিতোপন ছৱিত বলোৰামৰ মূৰ্তি খোদিত হৈছে ৷ এই প্ৰসংগতে বলভদ্ৰৰ মূৰ্তি খোদিত বামুণী পাহাৰৰ স্থাপত্যৰ ওপৰত আলোকপাতৰ প্ৰয়োজন আছে ৷ এই বিষয়ে ড° নাৰায়ণ দাসে লিখিছে- " খ্ৰীষ্টীয় নৱম শতিকাৰ তেজপুৰৰ বামুণী পাহাৰ সম্পৰ্কত প্ৰত্নতত্ত্ববিদ ৰাখালদাস বন্দোপাধ্যায়ৰ তথ্যমতে চতুষ্কোণী আয়তাকাৰৰ ভিতৰত ছয়টা আৰু পূবফালে এটা ,মুঠতে সাতটা মন্দিৰ আছিল ৷ ৰাজবাৰী মিকিৰআটিৰ মূল মন্দিৰটো সোঁমাজত ৰাখি তাৰ চাৰিওকাষে চাৰিটা মন্দিৰ সাজি তাত পঞ্চ বিগ্ৰহ স্থাপন কৰাৰ দৰে বামুণী পাহাৰৰো শিলেৰে আৱৰা আয়তাকাৰ ক্ষেত্ৰৰ ভিতৰত পাঁচটা মন্দিৰ সাজি তাত পঞ্চ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছিল ৷ সেই পাঁচটা মন্দিৰৰ পূব দিশত আন দুটা মন্দিৰৰ ধ্বংসাৱশেষ আছে ৷ সপ্তম সংখ্যক মন্দিৰৰ ধ্বংসাৱশেেষ আয়তাকাৰ ক্ষেত্ৰৰ সৰল ৰেখাৰ কিছু বাহিৰলৈ ওলায় অহা ৷ ছয় আৰু সাত সংখ্যক মন্দিৰ দুটা থকা ঠাইতকৈ চাৰিওফালৰ চাৰিটা মন্দিৰৰ ধ্বংসাৱশেষৰ স্থান কিছু ওখ ৷ একেবাৰে ওখ ঠাইখনত আছিল বিয়াগোম মন্দিৰটো ৷ ডাঙৰ মন্দিৰটোৰ মণ্ডপ,অন্তৰাল আৰু গৰ্ভগৃহ এতিয়াও অক্ষত অৱস্থাত আছে ৷ পাহাৰত পোৱা শিলকেইটা কাটি প্ৰকাণ্ড মন্দিৰটোৰ গৰ্ভগৃহ অৰু মণ্ডপৰ মজিয়া নিৰ্মাণ কৰাটো মনকৰিবলগীয়া ৷ গৰ্ভগৃহৰ জোখ ৪.৫মিটাৰ ৷ মণ্ডপৰ মজিয়াৰ জোখ ৯ বৰ্গমিটাৰ ৷ ইয়াৰ দ্বাৰশিৰপট্টিৰ জোখ ২০০× ৫০ ছে:মি: ৷ মূল মন্দিৰৰ পশ্চিমফালৰ মন্দিৰটোৰ দ্বাৰশাখাৰ (১৬০×৭০×৪৫ ছে:মি:) ওপৰভাগত উদ্গত হৈছে পাঁচোটা মন্দিৰৰ শিখৰৰ মনোৰম অলংকাৰ ৷ ইয়াৰ আন এটা মন্দিৰৰ শিৰপট্টিতো পঞ্চ মন্দিৰৰ শিখৰে শোভাবৰ্দ্ধন কৰিছে ৷ সৰু মন্দিৰকেইটাত বিগ্ৰহ স্থাপনৰ বেদীকেইখন এতিয়াও অক্ষত অৱস্থাত আছে ৷ ধ্বংসাাৱশেষৰ পূৱফালত তোৰণ গৃহ ৷ তাৰপাছৰ ধ্বংসাৱশেষটো বাহন স্থাপনৰ মন্দিৰ ৰূপে অনুমান কৰিব পাৰি ৷ মূল মন্দিৰটোক ড° প্ৰদীপ শৰ্মাদেৱে বিষ্ণুৰ মন্দিৰ বুলি সাব্যস্ত কৰিছে ৷ পিছে খৃষ্টীয় নৱম শতিকাত বৈষ্ণৱ ধৰ্মতকৈ শৈৱ ধৰ্মৰহে সম্ভৱনা প্ৰকট ৷ সেয়া হ'লে তাৰ সম্মুখৰ বাহন গৃহত আছিল নন্দী-ভৃংগীৰ মূৰ্তি ৷ বাকীকেইটা মন্দিৰত বিষ্ণু , শক্তি , সূৰ্য ,গণেশৰ মূৰ্তি স্থাপন কৰি পূজা-সেৱাৰ উপৰি তেজপুৰৰ এখন উদ্যানৰ দ্বাৰশাখাৰ উপৰি গুৱাহাটীৰ কোনোবা ঠাইৰ পৰা নি 'অসম ৰাজ্যিক সংগ্ৰহালয়'ত ৰখা দশম-একাদশ শতিকাৰ দ্বাৰশাখা এডালতো বিতোপন বলোৰামৰ মূৰ্তি এটা খোদিত কৰা দেখা যায় ৷ ড° নাৰায়ণ দাসে লিখিছে-" পঞ্চম শতাব্দীৰ লিপি ৰূপে সাব্যস্ত কৰা সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপিয়ে সেই সময়ত প্ৰাগজ্যোতিষত প্ৰচলিত বলভদ্ৰৰ পূজা-অৰ্চনাত এচেৰেঙা পোহৰ পেলায় ৷ লিপিত আছে-" মহাৰাজাধিৰাজ শ্ৰীসুৰেন্দ্ৰ বৰ্মন কৃত্তেন ভাগৱত বলভদ্ৰস্বামিনায়াং ইদাং গুহং ৷" ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই গুহাত বলভদ্ৰৰ পূজা-অৰ্চনা হৈছিল ৷" অসমত বছৰটোৰ নানা সময়ত হোৱা উৎসৱ-পাৰ্বণৰ ধৰ্মীয় পৰ্বত আন আন দেৱতাৰ লগতে বলভদ্ৰ বা বলোৰামো পূজিত হয় ৷ পুৰীৰ জগন্নাথ মন্দিৰত থকা তিনিজন দেৱ-দেৱী হ'ল কৃষ্ণ,বলোৰাম আৰু সুডদ্ৰা ৷ কৃষ্ণ-বলোৰামৰ ভনী হ'ল সুভদ্ৰা ৷ এই মন্দিৰত এই তিনিওগৰাকী দেৱ-দেৱী পূজিত হয় ৷ পুৰীৰ এই মন্দিৰৰ জগন্নাথৰ ৰথ যাত্ৰাত তিনিওজন দেৱ-দেৱীকে নগৰ পৰিভ্ৰমণ কৰায় ৷ অসমতো এই ৰথ যাত্ৰাৰ আয়োজন কৰা হয়৷ আকৌ বাসুদেউ পূজা প্ৰসংগতো বলভদ্ৰৰ উল্লেখৰ প্ৰয়োজন ৷ অসমত সুদূৰ তাহানিৰ পৰা আজিলৈকে বাসুদেউ পূজিত হৈ আহিছে ৷ 'অসমৰ সংস্কৃতি-কোষ' গ্ৰন্থত আছে-" বাসুদেৱ পূজাত তেওঁৰ লগতে আন পাঁচগৰাকী দেৱ-দেৱীৰ পূজাৰ প্ৰয়োজন ৷ বাসুদেৱৰ অষ্ট সহচৰ -বলভদ্ৰ,কামদেৱ,অনিৰদ্ধ, নাৰায়ণ,ব্ৰহ্মা,নৰসিংহ আৰু বৰাহ৷ নায়ক বাসুদেৱ আৰু নায়িকা বিমলা ৷" বয়সত শ্ৰীকৃষ্ণতকৈ ডাঙৰ ,যদিও বলোৰাম তেওঁৰ বন্ধুৰ দৰে আছিল ৷ বাল্যকালত শ্ৰীকৃষ্ণৰ সৈতে গৰু চৰাইছিল বলোৰামে ৷ সেয়ে গোষ্ঠাষ্টমীত কৃষ্ণৰ লগতে পূজা মণ্ডপত বলোৰাম,গৰু-গাইক পূজা কৰা হয় ৷ ৰাস মহোৎসৱতো পূজা মণ্ডপত কৃষ্ণ-ৰাধা,. বলোৰাম পূজিত হয় ৷ 'মহাভাৰত'ত শান্তি পৰ্বৰ নাৰায়ণী খণ্ডত ভগৱান নাৰায়ণে নাৰদক উদ্দেশ্য কৰি কৈছিল যে বাসুদেৱ নাৰয়ণৰ চাৰিখগুৰ একাংশ ৷ আন তিনি অংশ হ'ল -সংকৰ্ষণ,অনিৰূদ্ধ আৰু প্ৰদ্যুন্ম ৷এই চাৰি ৰূপত বিভিন্ন সময়ত তেওঁ আৱিৰ্ভূত হৈছে ৷ শেষত কব পাৰি য়ে বলভদ্ৰ ভক্তসকলৰ মাজত নানাভাবে পূজিত হৈ আহিছে ৷ উৎস গ্ৰন্থ-অসমৰ উৎসৱ-পাৰ্বণৰ সৌৰভ