শুৱালকুছিৰ ৰেচম উদ্যোগ

অতি প্ৰাচীন কালৰ পৰাই অসমৰ বস্ত্ৰ শিল্প ভাৰতৰ বিভিন্ন ঠাইত সমাদৃত হৈ আহিছে। অসমৰ ৰেচম শিল্পৰ কেন্দ্ৰস্থল হ'ল শুৱালকুছি। শুৱালকুছিৰ প্ৰায় সকলো মানুহেই এই শিল্পৰ লগত জড়িত। তাঁতশালত বোৱা শুৱালকুছিৰ পাট-মুগাৰ কাপোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত। মুগা আৰু পাট পলু ঘৰতে পুহি, লেটাৰ পৰা সূঁতা কাটি কাপোৰ বৈ উলিওৱালৈকে সকলো কাম ঘৰতেই কৰে। ইয়াৰ ৰেচম শিল্প ঘাইকৈ মুগা আৰু পাটক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। তাঁত বোৱা লোকসকলক তাঁতী বুলি কোৱা হয়। এই তাঁতীসকল কোনো ঠাইৰ পৰা অহা প্ৰৱজনকাৰী বুলি ইতিহাসবিদসকলে ক'ব খোজে। কোনোৱে আকৌ ক'ব খোজে মোমাই তামুলী বৰবৰুৱাই তাঁতীসকলক আনি শুৱালকুছিত বয়ন কৰ্মৰ বাবে বহুৱাইছিল । শুৱালকুছিক উত্তৰ পূৰ্বাঞ্চলৰ মানচেষ্টাৰ বুলি কোৱা হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি শিপিনীসকলে শুৱালকুছিত থাকি তাঁতশালত কাম কৰে। অসমৰ থলুৱা ক্ষুদ্ৰ উদ্যোগ হিচাপে শুৱালকুছি ৰেছম শিল্প অন্যতম। ইয়াত শ শ অসমীয়া ডেকা-গাভৰু সংস্থাপিত হৈ আছে। শুৱালকুছিৰ পাট-মুগাৰ কাপোৰ বিদেশলৈয়ো ৰপ্তানি হয়।

সৰ্থেবাৰীৰ কাঁহ শিল্প

কাঁহ এবিধ ধাতু। এই ধাতুৰ পৰা কঁহাৰসকলে কাঁহৰ সামগ্ৰী তৈয়াৰ কৰে। অসমৰ সৰ্থেবাৰীত কাঁহ শিল্পৰ ক্ষুদ্ৰ উদ্যোগ আছে। অসমীয়া সমাজত কাঁহৰ সামগ্ৰীৰ অন্য এক আদৰ আছে। কাঁহৰ সামগ্ৰী বুলি ক'লে কাঁহী-বাটি, ঘটি-লোটা, চৰিয়া, বানকাঁহী, বানবাটি, তাল, ভোৰতাল আদি উল্লেখযোগ্য। সৰ্থেবাৰীত কাঁহৰ শিল্প কেনেকৈ গঢ় ললে তাক সঠিকভাবে কোনোৱে ক'ব নোৱাৰে। কিন্তু অসমত যে ইয়াৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই আছিল তাত কোনো সন্দেহ নাই। কাৰণ আহোম ৰাজত্বৰ কালত কাঁহৰ সামগ্ৰীৰ বহুল ব্যৱহাৰ আছিল। তাৰ আগতো সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ কাংস্যপাত্ৰ উপহাৰস্বৰূপে প্ৰেৰণ কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে। সৰ্থেবাৰীৰ সৰহ সংখ্যক লোক এই শিল্পৰ লগত জড়িত। সৰ্থেৱাৰীৰ শিল্পত কোনো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা নহয়। শিল্পীসকলে কাঁহ ধাতুৰ সৈতে ৰাং আৰু তাম মিহলাই জুইত পুৰি, তপত হৈ থকা অৱস্থাত কোবাই কোবাই সাজ দিয়ে। পিছত নানা আৰ্হিৰ ৰূপাংকণ কৰা হয়। অসমীয়া মানুহে কাঁহৰ কাঁহী-বাটিতহে ভাত খায়। জ্যেষ্ঠজন আহিলে চাহ কাঁহৰ বাটিতহে দিয়াৰ পৰম্পৰা আছিল। বিয়া হোৱা নকইনাৰ লগত যৌতুক হিচাপে কাঁহৰ লোটা, ঘটি, চৰিয়া, বঁটা, কাঁহী-বাটি, টৌ, হেতা আদি দিয়াৰ পৰম্পৰা আছে।