সাঁথৰ লোকমনৰ প্ৰকাশক হিচাপে সাধাৰণ জনৰ মাজত প্ৰচলিত সাঁথৰবোৰ বিচিত্র বিষয়ক। বিষয়-বস্তুৰ বিচিত্ৰতালৈ চাই এইবোৰক কিছুমান ভাগত ভগাই পেলাব পাৰি। যেনে অঙ্কৰ সাঁথৰ, আখৰুৱা সাঁথৰ, ঘৰুৱা কথোপকথনৰ সাঁথৰ, ভকতীয়া সাঁথৰ, প্ৰকৃতি বিষয়ক সাঁথৰ, বিবিধ বিষয়ক সাঁথৰ ইত্যাদি। অঙ্কৰ সাঁথৰত জ্ঞান আৰু বুদ্ধিমত্তা দুয়োটাই নিহিত হৈ থাকে। এনে অঙ্কৰ সাঁথৰৰ নিদর্শন- 'শুভঙ্কৰৰ ফাঁকি ষাঠিৰ ষাঠি গ'লে থাকিল ঊনষাঠি।' ষাঠিৰ ষাঠি গলে ঊনষাঠি থাকিব নোৱাৰে। কিন্তু তাতেই ৰহস্য সোমাই আছে। ৬০ মিনিটত ১ ঘন্টা ৬০ চেকেণ্ডত ১ মিনিট। ৬০ মিনিটৰ পৰা ৬০ চেকেণ্ড গলে ৫৯ মিনিট থাকিব। অঙ্কৰ সাঁথৰত যিদৰে জ্ঞান আৰু বুদ্ধিমত্তা থাকে সেইদৰে কৌতুকো পোৱা যায়। এগৰাকী তিৰোতাই নৈ পাৰ হ'বলৈ যাওঁতে ঘাটৈয়ে তেওঁৰ স্বামীৰ নাম সুধিলে। অসমীয়া তিৰোতাই স্বামীৰ নাম নকয়। গতিকে তেওঁ উত্তৰ দিলে সাঁথৰৰে : 'তিনি তেৰ মধ্যে বাৰ নদি যোগ কৰ তাৰ পিছত লগাই ৰাম পাৰ কৰি দিয়া ঘৰলৈ যাম' ৩ ৰে ১৩ক পূৰণ কৰিলে ৩৯ হয়। তাৰ লগত ১২যোগ কৰিলে ৫১ হয়। তাৰ লগত ৯ যোগ দিলে হয় ৬০। গতিকে তিৰোতাগৰাকীৰ স্বামীৰ নাম ষাঠিৰাম। সংখ্যাৰ সাঁথৰৰ আৰু এটি ৰহস্যজনক প্রচলন অসমীয়া প্রাচীন লেখক সকলৰ মাজত আছিল। তেওঁলোকে পুথি ৰচনাৰ শক বা চনটো সংখ্যাৰে নিলিখি বস্তুৰ নামেৰে লিখে। শঙ্কৰদেৱেও ৰামবিজয় নাটৰ ৰচনাৰ কাল এনেদৰেহে লিখি থৈ গৈছে। সাঁথৰুৱা প্ৰচলনত কিছুমান বস্তুৰ বিপৰীতে কিছুমান সংখ্যা ধৰা হয়। অঙ্কৰ সাঁথৰৰ দৰে বৰ্ণ বা আখৰুৱা সাঁথৰো পোৱা য়ায়। বর্ণ বাদ দি বা বর্ণ যোগ দি অথবা থকা বৰ্ণক ৰহস্যৰ থুনুপাকত ভৰাই কৌতুকপূর্ণ সাঁথৰ সৃষ্টি কৰাৰ বহুতো উদাহৰণ আছে: 'কলিঙ্গৰ লিঙ্গ কাটি পাঠাৰ কাটি পা। লবঙ্গৰ বঙ্গ কাটি মজা মাৰি খা।' কলিঙ্গৰ লিঙ্গ বাদ দিলে থাকিল, ক, পাঠাৰ পা কাটিলে থাকিল, ঠা, আৰু লবঙ্গৰ বঙ্গ কাটিলে ৰ'ল, ল। গতিকে উত্তৰ হ'ল কঠাল। সেইদৰে, 'আলোকত আছোঁ আন্ধাৰত আছোঁ দিন ৰাতিত হলে নাই।' আশাত আছোঁ আনন্দত আছোঁ সুখ দুখত নাই।' এইটো সাঁথৰৰ উত্তৰ হ'ল 'আ' বর্ণ। আলোক, আন্ধাৰ, আশা, আনন্দ সকলোতে এই বৰ্ণৰ উপস্থিতি আছে, কিন্তু দিন, ৰাতি, সুখ, দুখত নাই। ঘৰুৱা কথা বতৰাতো সাঁথৰুৱা ৰূপৰ ব্যৱহাৰে তাৰ অৰ্থ উদঘাটন কৰাৰ আমোদ দিয়ে। এনেবোৰ সাঁথৰ আমোদজনক হোৱাৰ উপৰিও লোকজ্ঞান আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচায়কো। এগৰাকী বোৱৰীয়ে ঘাটলৈ পানী আনিবলৈ গৈ মাটিৰ কলহটো ভাঙি কলহৰ কাণটোকে হাতত লৈ ঘৰলৈ ওভতি অহাত শহুৰেকে প্রশ্ন কৰিছে- 'হৰিহৰ চক্রে যে বীৰ উপজিল তাপিত কৰ্ণৰ বাণে হুতাশন মধ্যে যে বীৰ নিস্তাৰিল সে বীৰ পৰিল কোন বিপাকে?' বোৱাৰীৰ উত্তৰ, 'অলি বাহন বাহন হামু গৈয়ো শশী বাহন বাহন ঠেকে হৈয়ো পৱন সূতাসূত যমপুৰে গৈল ববি সূত মম কৰে ৰৈল।' হৰিহৰ চক্ৰ অৰ্থাৎ চাকত তৈয়াৰ হোৱা কলহ, সূর্য (কৰ্ণৰ বাপেক)ৰ তাপ দি শুকোৱাৰ পাছত পুনৰ জালি গাঁতৰ জুই(হুতাশন)ৰ মাজৰ পৰা নিৰ্বিঘ্নে ওলাই অহাৰ পাছত সেই কলহ (সেবীৰ) কেনেকৈ ভাঙিল (পৰিল কোন বিপাকে)? শহুৰেকৰ প্ৰশ্নৰ উত্তৰত বোৱাৰীয়েকে জনালে যে তেওঁ পানী (অলিৰ বাহন পদুম, পদুমৰ বাহন পানী) আনিবলৈ গৈছিল। যাওঁতে (যাড় শশী বাহন শিৱ, শিৱৰ বাহন ষাড়) এটাই তেওঁক খুন্দিয়ালে। ফলত ঘট (বায়ুৰ পুত্র ভীম, ভীমৰ পুত্র ঘটোৎকচ) টো ভাগি থাকিল আৰু তেওঁৰ হাতত কলহৰ কাণ (ৰবিৰ পুত্ৰ কর্ণ) টোহে লাগি ৰ'ল। এনে আমোদজনক সাঁথৰ অসমীয়াত বহুবোৰ আছে। কথা বতৰাত সাঁথৰুৱা ৰূপ ভকতীয়া সমাজত প্ৰচুৰ পৰিমাণে প্ৰচলন আছে। এইবোৰক ভকতীয়া ফকৰা বুলি কোৱা হয় যদিও সাঁথৰৰ দৰে ৰহস্যময়তা ইয়াৰ মাজত নিহিত হৈ আছে। কথাগুৰু চৰিতত উল্লেখ আছে শঙ্কৰদেৱে তীর্থ ভ্ৰমণলৈ যাওঁতে চৈতন্যৰ সৈতে সাক্ষাৎ কৰোঁতে চৈতন্যই সুধিলে 'আহিছা হৰিপো, কি বুলি কাঢ়িলা বাও। সংসাৰ জুৰি গুৰু বহিছে, ক'ত দি আহিলা পাও'? তেওঁৰ সাঁথৰুৱা প্ৰশ্নৰ উত্তৰ মাধৱদেৱে দিলে এনেদৰে: 'হৰিৰ আজ্ঞাত আহিছোঁ গোঁসাই, পৃথিৱীত দি পাও। হৃদয় মাজে গুৰু আছে বাহিৰত বিচৰি চাওঁ'। ভকতীয়া সাঁথৰসমূহত ভক্তি তত্ত্বৰ ৰহস্য নিহিত হৈ থাকে। তেনে এক ভকতীয়া সাঁথৰ হ'ল': 'ধেৎ তেৰি মগৰমূৰী একেডাল বাঁহৰ তিনিডাল গুৰি বুজিলে বুজ, নুবুজিলে যুঁজ।' অর্থাৎ ব্রহ্ম এক, তেওঁৰ তিনি গুণ-সত্ব ৰজঃ আৰু তমঃ। পৌৰাণিক কাহিনীৰ আধাৰতো কিছুমান সাঁথৰ পোৱা যায়। তেনে এক সাঁথৰ হ'ল - 'নয়ন থাকোঁতে অন্ধ হৈ মৰে লোৰ ডাৰ লৈ গৰ্ভ নষ্ট কৰে ৰাজকন্যা ৰাজপত্নী যি নাৰী কি নাম তেওঁৰ কোৱা ভাই বিচাৰি।' বিশ্ব প্রকৃতিৰ নানা ঘটনা, পৰিঘটনায়ো বুদ্ধিমান জনক সাঁথৰ সৃষ্টিৰ প্ৰেৰণা যোগায়। প্রকৃতি বিষয়ক এনে বহুবোৰ সাঁথৰ আছে যিবোৰে লোকমনৰ বুদ্ধিমত্তাৰ উমান দিয়ে। মাটি কঠাল লাগোতে কঠালটোৰ মৰতো গছৰ দৰে পাত ওলায় তাকে লৈ কোনোৱা ফুটমনিয়াৰে সাঁথৰ ৰচিলে- 'গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ ই কিনো নিলাজৰ সঁচ?' সেইদৰে কলপাতখিলাক লৈয়ো সাঁথৰ - 'একেডালি মাৰলি দুখনি চাল নবন্ধাকৈ থাকে সর্বতি কাল' দিন ৰাতিক লৈ ৰচনা কৰা এনে এটি সাঁথৰ পোৱা যায়,: 'এপিঠি বগা এপিঠি ক'লা মহন্তয়ো নাপায় তাৰ তলা নলা।' প্রকৃতি বিষয়ক সাঁথৰৰ বাহিৰেও দৈনন্দিন ঘৰুৱা জীৱনৰ চিত্ৰৰে ৰচা বহুবোৰ সাঁথৰ আছে যি বিলাকে লোকমনৰ কৌতুকপ্রিয়তা আৰু বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰে : (ক) 'হাবিত কাহে ওলাই নাহে' (কুঠাৰ) (খ) 'মুখ আছে জিভা নাই পেট আছে পেটু নাই' (কলহ) (গ) 'ঘৰৰ ভিতৰতে ঘৰ তাৰ ভিতৰত পৰি মৰ।' (আঁঠুৱা) (ঘ) 'মৌমাখি নহয় কিন্তু কৰে গুণ গুণ বামুণ নহয় কিন্তু ডিঙিত লগুণ'। (যতৰ) (ঙ) 'টিলিকি নাদৰ পানী খায় উলুৱনিত খপজপায়।' (খুৰ) (চ) ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা (ভূমিকম্প)