আইসবাহ:

জহকালি আৰম্ভ হোৱাৰ ঠিক আগে আগে ফাগুন-চ'ত মাহত ধূলিৰ ধুমুহা হয়। ব'হাগ মাহ মানৰ পৰা বৰষুণ পৰে। গতিকে এই সময়ছোৱাত বসন্ত ৰোগে দেখা দিয়ে। অসমীয়া সমাজত 'বসন্ত'ক আই গোঁসানী হিচাপে জ্ঞান কৰি আহিছে । এই পবিত্ৰ বিশ্বাসেৰে বসন্ত ৰোগৰ ভয়াবহতাক অসমীয়া লোকসমাজে অন্য এক সুন্দৰ ৰূপ প্ৰদান কৰিছে। ঘৰত কাৰোবাৰ বসন্ত ওলালে বা আই দেখা দিলে গোটেই ঘৰখন সতৰ্ক হৈ পৰে । সেইকেইদিন ঘৰুৱা হুলস্থূল, হাই উৰুমি সকলো বন্ধ কৰি ভক্তিভাৱে ঘৰৰ সকলোৱে আইৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । সেই কেইদিনত ঘৰ পৰিস্কাৰ পৰিছন্ন কৰি ৰখা হয় । পূৱা গধূলি ধূপ-ধূনাৰে ঘৰৰ পৰিবেশ পবিত্ৰ কৰি ৰখা হয়। যি গৰাকীৰ গাত আই গোঁসানীয়ে স্থিতি লয়, তেওঁক শুধ বগা কাপোৰ পিন্ধাই কোমল বিচনাত শুবলৈ দিয়ে। তেওঁৰ বিচনাত নিমপাত ৰখা হয়। তিনিদিন পৰ্যন্ত এই নিয়ম পালন কৰি তিনিদিনৰ পিছত সম্পূৰ্ণ নীতি নিয়মেৰে আইসবাহ পতা হয়। তিনিগৰাকী আয়তীক মাতি আনি নিয়ম অনুসৰি আইনাম গোৱায় আৰু আই গোসাঁনীলৈ বুলি প্ৰস্তুত কৰা পায়স আয়তীকেইগৰাকীৰ লগতে আই দেখা দিয়াজনকো আগবঢ়ায় । আইক দিয়া পায়সভাগৰ কাষত থুৰীয়া তামোল আৰু বগাফুল সজাই দিয়াৰ নিয়ম আছে ।

গৰখীয়া সবাহ:

গৰখীয়া সবাহ অসমীয়া লোক জীৱনৰ এক লেখত ল'বলগীয়া পৰ্ব। অসমীয়া সমাজত অতি প্ৰাচীনকালৰ পৰাই গৰখীয়া সবাহ প্ৰচলিত হৈ আহিছে। অৱশ্যে অঞ্চলভেদে গৰখীয়া সবাহৰ পৰম্পৰাৰ মাজত প্ৰভেদ দেখা যায়। কৃষিজীৱী অসমীয়া গাঁৱলীয়া জীৱনত গৰু-ম'হক যথেষ্ট প্ৰাধান্য দিয়া হয়। গৰু-ম'হ চৰাবলৈ যোৱা কণ কণ শিশুসকলক কৃষ্ণৰে এটা ৰূপ বুলি বিবেচনা কৰা হয়। ঘৰৰ অপায়-অমংগল, বেমাৰ-আজাৰ, মাৰি-মৰক দূৰ কৰিবলৈ অসমীয়া লোকে অতীজৰে পৰা ভগৱান কৃষ্ণক আৰাধনা কৰি আহিছে। কৃষ্ণৰূপী এই গোপশিশু সকলক পূজা-অৰ্চনা কৰিলে ঘৰৰ মংগল হয় বুলি অসমীয়া মানুহৰ বিশ্বাস। তদুপৰি নিঃসন্তান দম্পতীয়ে পুত্ৰ সন্তান মানস কৰিবলৈও শিশুসকলৰ পূজা-অৰ্চনা কৰে। গো জাতিৰ শ্ৰীবৃদ্ধি কামনা কৰিবলৈ, হেৰোৱা গৰু-গাই প্ৰাপ্তিৰ বাবে আৰু সৰু ল'ৰা-ছোৱালীৰ অসুখ-বিসুখ হ'লে বা বয়স অনুসৰি শাৰীৰিক বিকাশ ন'হলেও ল'ৰা-ছোৱালীৰ আৰোগ্য কামনা কৰি এই সবাহ পতা হয়।

এই সবাহ বেছিভাগ নিজ ঘৰতেই পতা হয় যদিও ৰাজহুৱাভাৱেও অনুষ্ঠিত কৰা দেখা যায়। সবাহ পতাৰ দিনাখন ঘৰৰ পদূলি-চোতাল সাৰি-মচি ঢাৰি-পাতি পৰা হয়। এই পূজা-অৰ্চনাৰ সময়ত কণ কণ পাঁচ বা বাৰজনা গোপশিশুক নিমন্ত্ৰণ কৰি আনি ভৰি-হাত ধুৱাই আসন পাতি বহুৱাই ধূপ-চাকি জ্বলাই পূজা কৰা হয়। এই সবাহত তেওঁলোকক একোখন গামোছা, লৰু, লগুণ, বস্ত্ৰ আদি দি গৃহস্থই আৰ্শীবাদ লয়। লগতে ভীম কল, পিঠাগুৰি, গাখীৰ, গুৰেৰে তেওঁলোকক আপ্যায়ন কৰা হয়। আকৌ কোনো কোনোৱে পায়স-পৰমান, লাড়ু, জলপান, ফলমূল আদিৰেও আপ্যায়ন কৰি সন্তুষ্ট কৰাৰ প্ৰয়াস কৰে। উল্লেখযোগ্য যে তেওঁলোকক আগবঢ়োৱা এই খাদ্যসমূহ সাধাৰণতে বগা ৰঙৰ হয়।