ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩৩৮১ বৰ্গ কি:মি:। ডিব্ৰুগড় নামৰ উৎপত্তি 'ডিব্ৰুগড়' নামটোৰ উৎপত্তি 'ডিবৰু মূখ' (আহোম-চুতীয়া ৰণৰ স্হান) ৰ পৰা হৈছে।ডিবৰু নামটো 'ডিব্ৰু' নদীৰ পৰা আহিছে। ডিমাছা সকলৰ মতে, ডিব্ৰু মানে ' ফোপোলা' আৰু গড় মানে 'দূৰ্গ'। ভৌগোলিক অৱস্থিতি ডিব্ৰুগড় জিলা ২৭o ৫' ৩৮ উত্তৰৰ পৰা ২৭o ৪২' ৩০ উত্তৰ অক্ষাংশ আৰু ৯৪o ৩৩' ৪৬ পূৱৰ পৰা ৯৫o ২৯'৮ পূৱ দ্ৰাঘিমাংশ লৈকে বিস্তৃত । ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা , দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা প্ৰায় ৯৫ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। প্ৰশাসনিক বিভাজন ডিব্ৰুগড় জিলাৰ মহকুমা হ'ল ডিব্ৰুগড় আৰু নাহৰকটীয়া। নাহৰকটীয়াক নতুনকৈ জিলা খনৰ দ্বিতীয়টো মহকুমা হিচাপে ঘোষণা কৰা হৈছে। জিলা সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় জিলাখন ডিব্ৰুগড় আৰু সাতটা বিধানসভা সমষ্টিৰ অন্তৰ্ভূক্ত: মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলিয়াজান, টিংখং, চাবুৱা, নাহৰকটীয়া। জনগাঁথনি ২০০১ চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড়ৰ জনসংখ্যা ১০২৫২৩ জন। ইয়াৰে ৫৪ শতাংশ পুৰুষ আৰু ৪৬ শতাংশ মহিলা। ভাষা অসমীয়া হ'ল প্ৰধান ভাষা । শিক্ষা ডিব্ৰুগড় জিলাৰ সাক্ষৰতাৰ হাৰ হ'ল পুৰুষ ৮২% আৰু মহিলা ৮০% (২০০১ চনৰ লোকপিয়ল মতে)। ডিব্ৰুগড়ৰ উল্লেখযোগ্য শিক্ষাঅনুষ্ঠান- ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ প্ৰথম বিশ্ববিদ্যালয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ১৯৬৫ চনতে স্থাপিত বিশ্ববিদ্যালয়খন ৰাজাভেটাত অৱস্থিত আৰু ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয় অসমৰ তিনিখন অন্যতম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় অন্যতম। ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত চিকিৎসা মহাবিদ্যালয়খনে উজনি অসমৰ ৰাইজৰ স্বাস্থ্যসেৱাত উল্লেখযোগ্য বৰঙনি যোগাইছে৷ পোনপ্ৰথমে বেৰীহোৱাইট মেডিকেল কলেজ নামেৰ জনাজাত (১৯০০ চন) মহাবিদ্যালয়খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত স্থাপিত হৈছিল। কানৈ মহাবিদ্যালয়- ১৯৫৭ চনত স্থাপিত ডিব্ৰুগড়ৰ এখন উল্লেখ মহাবিদ্যালয়। ছ্ল্ট ব্ৰুক একাডেমি ব্যক্তিগত খণ্ডৰ এখন উল্লেখযোগ্য অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান।এই বিদ্যালয়খন ১৯৯৫ চনত স্থাপিত হৈছিল। উৎস: আইএনডিজি দল