তিনিচুকীয়া জিলা অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।

মাটিকালি

তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ।

১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়।

শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।

ইতিহাস

তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহৎ অংশ পূৰ্বে মটক ৰাজ্যৰ অংশ আছিল। ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ। ৰাজ্যখনক "মোৱামৰীয়া জাতিৰ বেংমৰা ৰাজ্য" বুলিও কোৱা হৈছিল। মটক ৰজা সৰ্বানন্দ সিংহই প্ৰথমে তেওঁৰ ৰাজ্যৰ ৰাজধানী গুইজান নদীৰ পাৰৰ ৰঙাগড়ত স্থাপন কৰিছিল। ১৭৯১ চনত তেওঁ বেংমৰালৈ ৰাজধানী উঠাই নিয়ে। সৰ্বানন্দ সিংহই তেওঁৰ মন্ত্ৰী গোপীনাথ বৰবৰুৱা (গোধা)ৰ সহায়ত বেংমৰা নগৰ নিৰ্মাণ কৰোৱাইছিল। এই নগৰৰ অৱস্থিতি বৰ্তমানৰ তিনিচুকীয়া নগৰৰ মাজতে আছিল। সৰ্বানন্দ সংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক "তিনিকোণীয়া পুখুৰী" নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক "তিনিচুকীয়া" বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।সৰ্বানন্দ সিংহৰ দিনত কেইবাটাও পুখুৰী খন্দোৱা হৈছিল- চাউলধোৱা পুখুৰী, কদমণি পুখুৰী, দা ধৰোৱা পুখুৰী, মাহধোৱা পুখুৰী, লাগনী পুখুৰী, ন পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহী পুখুৰী আদি। পুখুৰীসমূহৰ উপৰিও মটক অঞ্চলৰ বিভিন্ন অংশত বহুতো পথ সজা হৈছিল- গোধা বৰবৰুৱা পথ, হাতীআলি পথ, ৰাজগড় পথ আদি।

১৮২৩ চনত ব্ৰিটিছসকলে শদিয়াত চাহ গছ আৱিষ্কাৰ কৰে আৰু তিনিচুকীয়াৰ ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ আৰম্ভ হয়। "চাহ-বোৱা" শব্দৰ পৰাই এই নগৰখনৰ নাম "চাবুৱা" হৈ পৰে। ১৮৭৬ চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। ১৮৮২ চনত ডিগবৈত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় আৰু ১৮৮৯ চনত ইয়াত দেশৰ ভিতৰতে প্ৰথম তৈল খাদ খন্দা হয়। ডিগবৈত সজা খাৰুৱা তেলৰ শোধনাগাৰ এছিয়াৰ ভিতৰত প্ৰথম আৰু পৃথিৱীৰ ভিতৰত তৃতীয় হিচাপে পৰিগণিত হয়।

১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াক ডিব্ৰুগড় জিলাৰ পৰা আঁতৰাই এখন সুকীয়া জিলাৰ মৰ্যদা দিয়া হয়।

ভৌগোলিক তথ্য

চাৰিসীমাঃ

দক্ষিণ-পূবে আছে অৰুণাচল প্ৰদেশ,

দক্ষিণ-পশ্চিমে ডিব্ৰুগড় জিলা আৰু

উত্তৰে ব্ৰহ্মপুত্ৰই পৃথক কৰা ধেমাজি জিলা।

নদ-নদী

ব্ৰহ্মপুত্ৰৰ বাহিৰে তিনিচুকীয়াৰ মাজৰে লোহিত, বুঢ়ী দিহিং আৰু ডিব্ৰু নদী উপনৈ বৈ গৈছে। জিলাখনৰ মুখ্য বনাঞ্চলসমূহ হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তৰানি সংৰক্ষিত বনাঞ্চল, বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল, দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল, লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চল, কাকজান সংৰক্ষিত বনাঞ্চল, ফিল'বাৰী সংৰক্ষিত বনাঞ্চল আদি।

জনগাঁথনি

তিনিচুকীয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে। মুখ্য জনজাতিসমূহ হৈছে আহোম জনগোষ্ঠীচুতীয়া জনগোষ্ঠী , চাহ জনগোষ্ঠী, মৰাণ, মটক, চিংফৌ আদি। নেপালী, বিহাৰী, বাংলা আদি সম্প্ৰদায়ৰ লোকে বসবাস কৰে।

উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগ্ৰহিত