৩.০ ড’চ ড’চ(dos)ৰ সম্পূৰ্ণ অথ্ হৈছে –ডিস্ক অপাৰেটিং চিষ্টেম(disk operating system) ড’চ এনে এক অপাৰেটিং চিষ্টেম(operating system)যিয়ে কম্পউটাৰৰ হাৰ্ডৱেৰক(hardware)নিয়ন্ত্রিত কৰে আৰু এনে এক পৰিবেশৰ সূচনা কৰে যত প্রগ্রেমবোৰৰ সহজতে সঞ্চালন ঘটে। ড’চ অপাৰেটিং চিষ্টেম(dos operating system)কমাণ্ড ইউজাৰ ইন্টাৰফেচ(CUI)হয়। ড’চে চিষ্টেম কম্পিউটাৰ(system computer)আৰু ইউজাৰৰ মাজত সংবাদৰ প্রবাহ নিয়ন্ত্রিত ৰাখে/নিয়ন্ত্রিত কৰে আৰু ই এক অনুবাদক(translate)ৰ ৰূপত কার্য্য সম্পাদন কৰে। ৩.১ ড’চ(Dos)আৰু উইনড’জৰ(Windows)মাজত তুলনা ড’চ(dos)ৰ অপাৰেটিং চিষ্টেম(Operating System)চি ইউ আই(CUI)ৰ ওপৰত আধাৰিত আনহাতে উইনড’জ(windows)ৰ অপাৰেটিং চিষ্টেম জি ইউ আই(GUI)ৰ ওপৰত আধৰিত। উইনড’জ(windows)ৰ প্রাৰম্ভিক ভাৰচন(Version)চলাবৰ বাবে ড’চৰ প্রয়োজন হৈছিল। যেনেঃ- Windows3.0, Windows3.5, Windows95 ইত্যাদি। কম্পিউটাৰ চিষ্টেম(Computer System)ক বুট(Boot) ড’চৰ(Dos)ৰ দ্বাৰা কৰাৰ পাছতহে উইনড’জ(Windows)ই নিজৰ আধাৰিত প্রক্রিয়া আৰম্ভ কৰি হার্ডৱেৰ(Hardware)ৰ লগত সংযোগ ঘটায়। উইনড’জ(Windows)সদায় ইউজাৰ(user)ৰ লগত বন্ধুত্বভাবাপন্ন (User Friendly)হয়,আনহাতে ড’চ নহয়। ৩.২ ড’চ(Dos)আৰু উইনড’জৰ মাজত সাল সলনি ঘটোৱা উইনড’জ অপাৰেটিং চিষ্টেম(Windows Operating System)ৰ ডেক্সটপত(Desktop)ড’চ(Dos)এক বিকল্প আইকণৰ ৰূপত থাকে,যাৰ ব্যৱহাৰ কৰি উইনড’জটো ড’চ(Dos)প্রগ্রেম আৰু কামাণ্ডৰ ওপৰত কাম কৰিব পাৰি। ড’চ(Dos) উইনড’জ(Windows)ৰ লগতে পোৱা যায়।ইয়াক আকৌ বেলেগকৈ ল’ড(Load)কৰাৰ প্রয়োজন নহয়/আৱশ্যক নহয়। উইনড’জৰ ডেক্সটপত ড’চ(Dos)আইকণ(Icon)নেদেখিলে Start লৈ গৈ Run ত ক্লিক কৰি CMD লিখি Enter Key প্রেচ(Press)কৰিলেই আপোনাৰ উইনড’জ(Windows)ত ড’চ(Dos)প্রগ্রেম খুলি যাব। ড’চ(Dos)আৰু উইনড’জত(Windows)একে সময়তে কাম কৰিবলৈ হলে Alt+Tab Key ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে আমি সক্ৰিয়(Active)উইনড’(Window)লৈ বদলি কৰিব পাৰো। ৩.৩ ড’চ কামাণ্ড(Dos Command) কম্পিউটাৰ(computer)ৰ কিছুমান নিৰ্ধাৰিত কাৰ্য্য কৰিবলৈ যিবিলাক নিৰ্দেশে বাধ্য কৰায়,সেই নিৰ্দেশ সমূহকেই কামাণ্ড(Command)বুলি কোৱা হয়। ইন্টাৰনেল কামাণ্ড(Internal Command)বোৰ অপাৰেটিং চিষ্টেম(Operating System)ৰ কামাণ্ড ড’চ কম(Command Dos Com)ত থাকে। এক্সটাৰনেল কামাণ্ড(External Command)বোৰ .EXE বা .Com ফাইলত থাকে। ৩.৩.১ ফাইল বা ডাইৰেক্টৰি মেনুপুলেচন কৰা ডি আই আৰ কামাণ্ডএ ডাইৰেক্টৰীজ (directories) আৰু ফাইল(files)ৰ সূচী প্রদান কৰে। Syntax: DIR [Drive:] [Path] [File Name] উদাহৰণঃ DIR C:\DOEACC\abc.doc ডি আই আৰ(DIR)কামাণ্ড(command)ৰ লগত কিছুমান(attribute)ৰ প্রয়োগ কৰা হয়। যেনেঃ-/A,/L,/P,/W,/S ইত্যাদি। CHDIR/CD CHDIR অথবা CD কামাণ্ডৰ অৰ্থ হৈছে change directory. CHDIR কামাণ্ড(command)এটা ডাইৰেক্টৰীৰ পৰা অন্য কোনোবা ডাইৰেক্টৰীলৈ যাবলৈ প্রয়োগ কৰা হয়। Syntax: CHDIR [Drive:] [Path] বা CD [Drive:] [Path] CD.. কামাণ্ডৰ প্রয়োগ বর্তমান ডাইৰেক্টৰীৰ পৰা আগৰ ডাইৰেক্টৰী পাবলৈ কৰা হয়। CD\কামাণ্ড(Command)বৰ্তমান চলি থকা ডাইৰেক্টৰী ড্রাইভ(directory drive)লৈ যাবলৈ প্রয়োগ কৰা হয়। MKDIR/MD MKDIR কামাণ্ড (command) ডাইৰেক্টৰী (directory) বনাবলৈ প্রয়োগ কৰা হয়। Syntax: MKDIR [Drive:] [Path] Directory Name. বা MD [Drive:] [Path] Directory Name. RMDIR/RD RMDIR কামাণ্ড(Command)ডাইৰেক্টৰী(directory) ডিলিট(delete)কৰিবলৈ ব্যৱহৃত হয়। Syntax: RMDIR [Drive:] [Path] বা RD [Drive:] [Path] কোনো ডাইৰেক্টৰী(directory)ডিলিট(delete)কৰিবলৈ সেই ডাইৰেক্টৰী(directory)টো খালী থকাটো আৱশ্যকীয়। ফাইল বনাবৰ বাবে প্রয়োজনীয় কামাণ্ড(Command) Copy Con Copy Con কামাণ্ড(command)ফাইল(file)বনাবৰ বাবে প্রয়োগ কৰা হয়। Syntax: Copy Con File Name উদাহৰণঃ Copy Con Student Edit Edit কামাণ্ডে(Command)ৰে editor ৰ সহায়ত বনাবৰ (create)বাবে ব্যৱহৃত হয়। Syntax: Edit File Name. উদাহৰণঃ Edit Student. ৩.৩.২ ফাইল বা Disk কপি(Copy)কৰা Copy Copy কামাণ্ড(command)ফাইলক এটা স্থানৰ পৰা আন এটা স্থানলৈ কপি(copy)কৰিবলৈ ব্যৱহাৰ কৰা হয়। Syntax: Copy Source File Path Destination File Path উদাহৰণঃ Copy C:\DOEACC\abc.txt D:\Any Folder ইয়াত Source File Path সেই নিৰ্দিষ্ট ফাইলৰ স্থান যত সেই ফাইলটো বনোৱা হৈছিল। Destination সেই স্থান যত ফাইলটো কপি(Copy)কৰি ৰখা যাব। X Copy এক্সকপি কামাণ্ড (command) tree বা disk ক কপি কৰিবলৈ ব্যৱহৃত হয়। Syntax: Xcopy Directory [Destination Directory] ৩.৩.৩ ফাইল ডিলিট/অনডিলিট কৰা DEL DEL কামাণ্ড(command)ফাইল ডিলিট(delete)কৰিবলৈ প্রয়োগ কৰা হয়। Syntax: Del [Path] File Name বা Erase [Path] File Name উদাহৰণঃ Del C:\DOEACC\abc.doc UNDEL UNDEL কামাণ্ড ডিলিট(delete)কৰি উঠা ফাইলটো লগে লগে উভতাই আনিবলৈ প্রয়োগ কৰা হয়। Syntax: UNDEL [Path] File Name উদাহৰণঃ UNDEL C:\DOEACC\abc.doc ৩.৩.৪ ফ্লপি ডিস্কক ফৰ্মেট কৰা FORMAT FORMAT কামাণ্ড(command)এ কোনো ড্রাইভ(drive)বা ডিক্স(disk)ৰ সম্পূৰ্ণ ডাটা(data)ডিলিট(delete)কৰে। Syntax: FORMAT Drive: উদাহৰণঃ FORMAT A: উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।