আজিকালি বিজ্ঞাপনৰ দিশটো ইমান বেছিকৈ বৃদ্ধি পাইছে যে সৰু-সুৰা ৱেবচাইটবোৰো ইয়াৰ পৰা মুক্ত হ’ব পৰা নাই। বিভিন্ন কোম্পানী আৰু সংস্থানবোৰে নিজৰ সামগ্ৰী তথা প্ৰচাৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ বিভিন্ন পন্থা হাতত লৈছে। শেহতীয়াকৈ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বিভিন্ন ৱেব পৃষ্ঠাত এনেধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰা দেখা গৈছে। বিজ্ঞাপনটো অধিক আকৰ্ষণীয় কৰিবলৈ বহুবোৰ সংস্থাই সৰু সৰু ভিডিঅ’ ছবিও ৱেবচাইটত দিয়া দেখা যায়। যিকোনো এটা ৱেবচাইট খুলিলেই ৱেব ব্ৰাউজাৰৰ কাষত, তলত বা ওপৰত এনেধৰণৰ কিছুমান ভিডিঅ’ ছবিৰ বিজ্ঞাপন দেখা যায় যিবোৰ পৃষ্ঠাটো খোলাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে চলিবলৈ আৰম্ভ কৰে। ৱেব পৃষ্ঠা থকা বহুসংখ্যকে এনে ভিডিঅ’ সম্বলিত বিজ্ঞাপনৰ পৰা ৰাজহ সংগ্ৰহ কৰে যদিও বহু সময়ত ব্যৱহাৰকাৰীক এনে বিজ্ঞাপনবোৰে দুই ধৰণে ক্ষতিগ্ৰস্ত কৰি আহিছে। প্ৰথমটো হ’ল যদি ব্যৱহাৰকাৰীয়ে আন কিবা সংযোগৰ পৰা শ্ৰাব্য মাধ্যমযোগে কিবা শুনি শুনি ইন্টাৰনেটত বিচৰণ কৰি থকা অৱস্থাত এনে ভিডিঅ’বোৰ স্বয়ংক্ৰিয়ভাৱে চলিবলৈ আৰম্ভ কৰে তেন্তে তেওঁৰ অসুবিধাৰ সন্মুখীন হয়। দ্বিতীয়তে, এনে ভিডিঅ’বোৰ স্বয়ংক্ৰিয়ভাৱে চলাৰ পিছত ইন্টাৰনেটৰ খৰছৰ মাত্ৰা বৃদ্ধি পায়। কিন্তু এনে স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’সমূহৰ যন্ত্ৰণাৰ পৰা সৰু কেইটামান ব্যৱস্থালৈ বন্ধ কৰি ৰাখিব পৰা যায়। বিভিন্ন ব্ৰাউজাৰ আৰু ৱেবচাইটত এনে ভিডিঅ’ স্বয়ংক্ৰিয়ভাৱে চলাটো বন্ধ কৰাৰ ব্যৱস্থা আছে। মজিলা ফায়াৰ ফক্সত স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’ কেনেকৈ বন্ধ কৰিব? এড্ৰেছবাৰত About:config লিখক। সতৰ্কবাণী ওলালে সন্মতি দিয়ক। চাৰ্চ বাকচত Autoplay লিখক। ইয়াত Pefference ত Media.Autoplay.enable ত দুবাৰ টিপক। গুগল ক্ৰমত স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’ কেনেকৈ বন্ধ কৰিব? এড্ৰেছবাৰত Chrome://chrome/settings/content বুলি লিখক। এতিয়া তললৈ প্লাগইনলৈ আহক। ইয়াৰ পৰা Let me choose when to run plug in content চয়ন কৰক। ইন্টাৰনেট এক্সপ্ল’ৰাৰত স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’ কেনেকৈ বন্ধ কৰিব? ব্ৰাউজাৰৰ উইণ্ডৰ পৰা চেটিংছলৈ যাওক। Safty ত টিপক। Active X Filtering ত টিপি Filtering সক্ৰিয় কৰক। ফেচবুকত স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’ কেনেকৈ বন্ধ কৰিব? ডেক্সটপ কম্পিউটাৰত এনে ভিডিঅ’ স্বয়ংক্ৰিয়ভাৱে চলাটো বন্ধ কৰিবলৈ ফেচবুকৰ চেটিংছৰ পৰা ভিডিঅ’ চয়ন কৰক। ইয়াত দুটা অপচন থাকে। দ্বিতীয়টো, স্বয়ংক্ৰিয়ভাৱে চলা ভিডিঅ’ৰ অপচন। আপোনাৰ ইচ্ছানুযায়ী সেইটো সক্ৰিয় বা নিষ্ক্ৰিয় কৰি থব পাৰে। আনহাতে, এণ্ড্ৰয়ড সামগ্ৰী হামবাৰ্গাৰ চিহ্ন (অৰ্থাৎ তিনিডাল ৰেখা থকা চিনত) টিপি চেটিংছৰ তালিকালৈ যাওক। তাৰ পৰা Apps চেটিংলৈ গৈ ভিডিঅ’ Auto play বন্ধ কৰিব পাৰিব। আইফোন আহিলাত হামবাৰ্গাৰ বা More বুটামত টিপি একাউন্ট চেটিঙছলৈ যাওক। ইয়াৰ পৰা ভিডিঅ’ আৰু ফটো চয়ন কৰি এইসমূহ বন্ধ কৰি দিব পাৰে। আইপেডত মেনুৰ পৰা চেটিঙছলৈ গৈ ভিডিঅ’ চয়ন কৰক আৰু তাতেই Auto play বন্ধ কৰাৰ ব্যৱস্থা আছে। লিখক: পংকজ নেওগ।