অভিৰুচি ক্রীড়া দিৱস ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্ম হয়। তেওঁ কৃষক পৰিয়ালৰ সন্তান । শিৱসাগৰত ডাঙৰ-দীঘল হোৱা ভোগেশ্বৰ বৰুৱাৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল । সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি বিশেষ অনুৰাগ আছিল । বিশেষকৈ তেওঁ ফুটবল খেল অতি ভাল পাইছিল । ১৯৬০ চনত তেওঁ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত যোগদান কৰে । তাতেই তেওঁ ফুটবলৰ সলনি দৌৰত মনোনিবেশ কৰে । ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰায় । তেওঁ ১৯৭০ চনৰ এছিয়ান গেমছত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদকো জয় কৰিছিল । ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া । অসম চৰকাৰে প্ৰতি বছৰে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস আয়োজিত কৰি আহিছে। ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্তেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ এই দিৱস হ'ল অর্জুন বঁটাবিজয়ী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপিত ক্রীড়া দিৱস। অভিৰুচি ক্রীড়া দিৱসে ক্রীড়া আৰু ক্রীড়াপ্ৰেমীৰ লগতে গুণীক উপযুক্ত সন্মান প্রদর্শনৰ এটা বর্ণিল প্রত্যাশাকো প্রতিনিধিত্ব কৰে। উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিচিত ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত অনুষ্ঠিত বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰ প্রতিযোগিতাত সোণৰ পদক অর্জন কৰিছিল। ১৯৬৬ চনত বেংকক এছিয়াডত স্বর্ণপদক লাভ কৰে। 'অভিৰুচি ক্রীড়া দিৱস'ৰ চিন্তা-চর্চা কৰা আৰু সেই চিন্তাক বাস্তৱায়িত কৰাৰ প্ৰসংগত পোনতে এটা বিশেষ নাম উচ্চাৰিত হয়। সেই নামটো হ'ল বলেন্দ্রমোহন চক্রৱর্তী। এসময়ৰ জনপ্রিয় অসমীয়া ক্রীড়া আলোচনী 'অভিৰুচি'ৰ স্বত্বাধিকাৰী চক্রৱর্তী। তেওঁ 'অর্জুন' ভোগেশ্বৰ বৰুৱাৰ অৱদান যুগমীয়া কৰাৰ হেঁপাহেৰে ১৯৮৪ চনত 'অভিৰুচি ক্রীড়া দিৱস'ৰ শুভ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই আজিকোপতি এই দিৱস সমগ্র অসমতে ৩ ছেপ্টেম্বৰৰ দিনা উদযাপন কৰা হৈ আহিছে। শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰপাৰৰ এটা অঞ্চল হৈছে সুন্দৰপুৰ । এই সুন্দৰপুৰতেই ভোগেশ্বৰ বৰুৱাৰ ক্রীড়া জীৱন এগৰাকী ফুটবল খেলুৱৈ হিচাপে আৰম্ভ হৈছিল যদিও পিচলৈ তেওঁ দৌৰত মনোনিবেশ কৰে আৰু ঐকান্তিক সাধনাৰে বর্ণিল সফলতা লাভ কৰে। নতুন দিল্লীত ১৯৬৩ চনত হোৱা অল ইণ্ডিয়া অপেন এথলেটিকছ মীটত ৰীলেত স্বর্ণপদক, শ্রীলংকাত তাৰ পিচৰ বছৰত অনুষ্ঠিত হোৱা অপৈন এথলেটিকছৰ ৪০০ আৰু ৮০০ মিটাৰ দৌৰত স্বর্ণপদক, বেংগালুৰুত ১৯৬৪-৬৫ চনত হোৱা ৰাষ্ট্ৰীয় এথলেটিক প্রতিযোগিতাত স্বর্ণপদক, চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক প্রতিযোগিতাত সফলতা লাভ কৰাৰ উপৰি ভোগেশ্বৰ বৰুৱাই অসম তথা উত্তৰ-পূব ভাৰতৰ প্রথমগৰাকী খেলুৱৈ হিচাপে ১৯৬৬ চনত বেংকক পঞ্চম এছিয়ান গেমছত স্বর্ণপদক লাভ কৰি বিশ্বৰ বুকুত অসমক সন্মানিত কৰে। ১৯৬৭ চনত ভোগেশ্বৰ বৰুৱাক 'অর্জুন বঁটা'ৰে সন্মানিত কৰে ভাৰত চৰকাৰে। তেওঁ অর্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্রীড়াবিদ। ২০২০ চনত অসম চৰকাৰে 'বীৰ চিলাৰায় বঁটা' প্ৰদান কৰে। ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো 'অভিৰুচি ক্রীড়া দিৱস' হিচাপে উদযাপন কৰাৰ যি পন্থা ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি চলি আহিছে, এয়া নিঃসন্দেহে আদৰণীয়। ই ৰাজ্যখনত ক্রীড়াৰ পৰিৱেশ সৃষ্টি আৰু নৱাগত খেলুৱৈৰ অনুপ্ৰেৰণাৰ উৎস হোৱাৰ লগতে গুণী লোকক জীৱনকালতেই সন্মান প্ৰদৰ্শন কৰাৰ এটা স্বর্ণিল যাত্রাৰো প্ৰেৰণাৰ আকৰ হ'ব পাৰে।