ভাস্কৰ্যবিদ, শোভা ব্ৰহ্মৰ ১৯২৯ চনৰ ১৪ অক্টোবৰত তেওঁৰ কোকৰাঝাৰত জন্ম হৈছিল। গুৱাহাটী চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, ললিত কলা একাডেমিৰ সাধাৰন সভাৰ সদস্য, তথা শংকৰদেৱ কলাক্ষেত্ৰৰ তেওঁ উপ-সভাপতি আছিল। শোভা ব্ৰহ্মৰ শিল্প আৰু ভাস্কৰ্যত, সমসাময়িক জীৱনৰ দ্বিধা-দ্বন্দ, যন্ত্ৰনা, নিষ্ঠুৰতা, ভয়ংকৰ ৰূপ, আদি প্ৰতিফলিত হ'য়। তেওঁৰ কেইখনমান সাৰ্থক সৃষ্টি হ'ল- ডেথ', খেৰাই, ৰিলিজ, আফটাৰ মথ, টাৰ্মিনেল পিকাচাৰ-১৯৯০, জ্যোৱান দ্য আৰ্ক, ডেড বাৰ্ড, দি ফক ডেঞ্চ, দি ছেপলিং আদি। শিল্পকলাৰ মাধ্যমেৰেও তেওঁ সমাজ জীৱনৰ বহু দিশ প্ৰতিফলিত কৰিছিল। উৰ্ধমুখী নাৰী, এমব্ৰেজ, অপ্সৰা, হ'লফৰ্ম, আদি তেওঁৰ উল্লেখযোগ্য ভাস্কৰ্য। অসম উপত্যকা বঁটাৰ আৰ্হিটো তেওঁৱে প্ৰস্তুত কৰিছিল। তেওঁ অসমীয়া ভাষাত- শিল্পকলাৰ নৱজন্ম, জীৱন আৰু চিত্ৰক'লা, লিঅ'নাডো ডাঁ ভিঞ্চি। বড়ো ভাষাত- গোদান উধি। আৰু 'ভাৰতীয় শিল্পকলা নামৰ এখন গ্ৰন্থ অনুবাদো কৰি উলিয়াইছিল। জীৱন কালত বহু বঁটা আৰু সন্মানো লাভ কৰিছিল শোভা ব্ৰহ্মই। সেইবোৰৰ ভিতৰত, অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ। কমল কুমাৰী ফাউণ্ডেচনৰ পৰা আগবঢোৱা, ৰাষ্ট্ৰীয় সাংস্কৃতিক সন্মান লাভ। অসম চৰকাৰৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি লিট ডিগ্ৰী লাভ। (২০০১) প্ৰনৱ বৰুৱা শিল্পী বঁটা লাভ (২০০২)। শোভা ব্ৰহ্মৰ জীৱনৰ উপৰত, শিৱানন দুৱৰাই "Shobha brahma- the immaculate visionary" নামে এখনি তথ্যচিত্ৰও নিৰ্মান কৰিছে। উৎস: মহীৰূহ।