চোৰ-ধৰা অসমীয়া বৈষ্ণৱ সাহিত্যত শ্রীকৃষ্ণৰ শিশু-লীলাৰ বঙলা বৈষ্ণৱ সাহিত্যৰ শ্ৰীৰাধা-কৃষ্ণ লীলাব অনুৰূপ ঠাই অধিকাৰ কৰি আছে। কৃষ্ণৰ প্ৰতি বাৎসল্য-প্ৰেমৰ অভিব্যক্তি হয় মহাপুৰুষ মাধৱদেৱ আৰু শ্রীধৰ কন্দলিব কবিতাৰ ভিতৰেদি। কৃষ্ণৰ বাল্য-লীলা বিষয়ে কন্দলিয়ে কেৱল বিখ্যাত 'কাণ-খোৱা' পুথিৰ অন্তৰ্গত দুটি কবিতা মাথোন লিখি থৈ গৈছে। কিন্তু, মাধৱদেৱৰ হাতত বাল-কৃষ্ণৰ অসংখ্য ৰহস্যপূর্ণ চিত্র নানান নাট আৰু গীত-কবিতাত প্রকাশ পাইছে। 'বৰগীত'ৰ অন্তৰ্গত মাধৱদেৱৰ বিৰচিত গীতবোৰৰ ভিতৰত যিবোৰ সকলোতকৈ মনোৰম, তাৰ বেছি ভাগেই শ্রীকৃষ্ণৰ বাল্য-লীলা বিষয়ক। গীত-আকাৰে কৃষ্ণৰ ধেমেলীয়া বাল্য-চৰিত ভাঙি উলিয়াই সন্তুষ্ট নহৈ নাটবোৰতো আহল-বহলকৈ নানা ৰসৰঞ্জিত কৰি মাধৱদেৱে কৃষ্ণৰ বাল্য-লীলাকেই কীৰ্তন কৰিছে। তেওঁৰ বিৰচিত ছওখন নাটকেই প্রায় সম-বিষয়ক। ভক্তই হওক বা কবিয়েই হওক, মাধৱদেৱৰ এইটো বৰ বিশেষত্ব, তেওঁ হয় বাৎসল্য-বস, নহয় দাস্য-ভক্তিৰ গৌৰৱ কীর্তন কৰে; হয় নামঘোষা, ভক্তি-ৰত্নাৱলী আদি গ্রন্থত দুর্বোধ তত্ত্ব-নির্ণয়, নহয় চোৰ-ধৰা আদি ধেমেলীয়া নাটবোৰত বাৎসল্য-প্ৰেমৰ ভিতৰেদি কৃষ্ণৰ শিশু-লীলা কীর্তন কৰিছে। শঙ্কৰদেৱ আৰু মাধৱদেবে ৰামায়ণৰো দুটা কাণ্ড ভাঙিছিল, কিন্তু এইটো মন কৰিবলগীয়া যে, তাতো মাধৱদেৱে ভাঙিছিল ৰামায়ণৰ বালকাণ্ড অর্থাৎ বাম, লক্ষ্মণ আদিব শৈশব-লীলা-কীর্তন। মাধৱদেৱ চিৰকুমাৰ আৰু সংসাৰ-ত্যাগী বৈৰাগী আছিল। চিত্তোন্মাদক আন আন বস-কীর্তন তেওঁত নুশুৱায়। পৰম বিৰক্ত হ'লেও ভীষ্মদেৱৰ তেওঁৰ নাতি-সম্বন্ধীয় অর্জুনসকলৰ প্রতি অগাধ অপত্য স্নেহ আছিল। প্রকৃত যোগী সন্ন্যাসীবোৰেও সাংসাৰিক মানুহৰ লগত কথা ক'ব লাগিলে অপত্য-স্নেহসূচক 'আই, বোপাই', সম্বোধন কৰে। বোধ হয় মনস্তত্ত্বৰ সেই একে প্রণালী অনুসাৰেই মাধৱদেৱৰ মনতো বাৎসল্য প্রেমে সংসাৰৰ অইন অইন ৰসৰ ঠাই অধিকাৰ কৰি আছিল। যি হওক, পুৰণি অসমীয়া সাহিত্যত মাধৱদেৱ বাৎসল্য বসব শ্রেষ্ঠ প্রকাশক। সমসাময়িক ভাৰতৰ আন আন বৈষ্ণৱ মত প্রকাশকসকলৰ হাতত শিশু-লীলা এনে এঢলীয়াভাবে ক'তো পৰিস্ফুট হৈ ওলোৱা যেন নালাগে। চোৰ-ধৰা আৰু পিপৰা-গুচুৱা নাটক দুখন যি বিষয় লৈ লিখা, ঠিক তেনে বিষয়ৰ উল্লেখ ভাগৱত বা হৰিবংশত নাই। পুৰাণাদিত কৃষ্ণৰ বাল-সুলভ চাতুর্য লৈ যি দুটা-এটা ঘটনাৰ উল্লেখ আছে, তেনে ঘটনাৰ লগত খাপ খুৱাই নাট দুখনৰ বিষয় উদ্ভাবিত হৈছে। নাট্য-সাহিত্যৰ আধুনিক শ্রেণী-বিভাগ মতে নাট দুখন ধেমেলীয়া নাটৰ ভিতৰত পৰে আৰু যদিও আজিকালিৰ নাটকৰ প্ৰণালী ইয়াত নাই তথাপি নাটকত যি যি মৌলিক উপাদান লাগে, সেই সকলো ইয়াত বর্তমান আছে। সকলো নাটকতেই বিৰুদ্ধ শক্তি কেতবোৰৰ সংযোগৰ ভিতৰেদি একীকৰণ হয়। সেই একীকৰণ কাম দুই বা তাতকৈ বেছি ভাৱৰীয়াৰ কথা-বাৰ্তাৰেই সম্পাদিত হয়। 'চোৰ-ধৰা' নাটকত এই বিৰুদ্ধ ভাব দুটা হৈছে এফালে গোৱালিনীসকলে চোৰ বুলি কৃষ্ণক ধৰা আৰু অইন ফালে যশোদাৰ কৃষ্ণ হেৰাল বুলি আকুল অন্বেষণ। বহুত বিচাৰৰ পিছত যশোদাই আহি কৃষ্ণক গোৱালিনীসকলৰ হাতৰ পৰা এৰুৱাই অনেক কাতুৰ্বাদ কৰি ঘৰলৈ লৈ গ'ল। মাতৃ-স্নেহৰ প্ৰবল সোঁতত সন্তানৰ প্রতি লোকৰ অপযশ ক'ৰবালৈ উটি-ভাহি গ'ল। 'পিপৰা-গুচুৱা' নাটত বিৰুদ্ধ তিনি শক্তিৰ সংযোগ হৈছে- গোপীসকলৰ কৃষ্ণৰ ওপৰত দোষাৰোপ, যশোদাৰ ভর্ৎসনা আৰু মাকৰ ওচৰত কৃষ্ণৰ ভেম। দুখন নাটৰেই প্ৰধান ভাৱৰীয়া হৈছে বাল-কৃষ্ণ আৰু দুয়োখনৰেই প্রত্যেক ছত্রতেই টেঙৰ কানাইৰ চিত্ৰ বৰ জীবন্ত হৈ ফুটি ওলাইছে। লবনু চুৰি কৰি খালে গোৱালিনীৰেই, আৰু শেষত গৈ জগৰো লাগিল গোৱালিনীৰ গাতেই। চোৰ ধৰা গোৱালিনীয়ে বুজাই নাছিল যে, তাই জুইৰ ফিৰিঙতিহে আঁচলেৰে বান্ধি বাখিব খুজিছিল। কৃষ্ণই চুৰিত পৰিলত "আপুন হাতক লৱনু গোপীক মুখে মাখিয়ে বোলত: আহে গোপীসব, দেখু, দেখু, আৱৰ সাক্ষীত কমন প্রয়োজন? উনিকৰ মুখহি সাক্ষী। শুনি গোপী লাজ পাবল।" কৃষ্ণৰ চাতুৰীত গোৱালিনীয়েই চুৰুণী হ'ল। 'পিপৰা-গুচোৱা' নাটতো চোৰ কৃষ্ণৰ জবাব প্রায় একেদৰেই- "আহে গোৱালী, তোহো বড়ি নিদারুণ-হৃদয়, আপুন জিহ্বা ৰাখিতে নপাৰি আপুন গৃহে দধি দুগ্ধ লবনু খাবলি, অৱ ভাতাৰক ভয়ে হামাক অপযশ দেৱস। আমাক ঘৰে লৱনু কে পুছত? খাইবাক নপাই তোহাৰি ঘৰে চুৰি কৰিয়ে লবনু খাবলো?" এই গুটীয়া ল'ৰাটোৰ লগত কোনে পাৰে? এবিধ পোৰা পোক আছে, তাক হাতেৰে ধৰিলে কেনেবাকৈ হাতখন পুৰি দিয়ে। তথাপি গোৱালীসকলৰ আৰকাল শুনিব নোৱাৰি যদিওবা যশোদাই কৃষ্ণক দুই-এবাৰ খিচনি মাত মাতিলে, কানাইৰ ভেমত সকলো তল পৰি গ'ল। "আঃ কি নিদাৰুণ-হৃদয়। আপুন পুত্রক দায়া নাহি জানত। জগত ঢাকিয়ে লৱনু-চোৰ নাম দেলহ। আৰ হামাক কৰিতে কি ৰহল? অৱ অপমান সহিতে নপাৰি মধুপুৰী পলাৱব, তোহাৰি ভাৱনা চুৰ কৰব। হামাক নপায়া পাছু কান্দি মৰব।" এই ঔ-বিজলুৱা ল'ৰাটোৰ লগত উপায় দিহা নাই। বান্ধিলেও বান্ধ নাখায়, ধৰিলেও ধৰা নিদিয়ে। "হামো আপুনে বন্ধন জৱ নাহি লেছ, তব কি হামাক বান্ধিতে পাব? হামো ভকত-বৎসল গুণে ভকতক অধীন।" (দধিমথন) সংগ্ৰহ: বাণীকান্ত ৰচনাৱলী