ভাৱৰীয়াৰ বেশত প্ৰেমিক (পৌৰাণিক আখ্যান) দেৱতা আৰু অসুৰৰ বিৰোধ। সচৰাচৰ যি হয়, ব্রহ্মাই সকলো অঘটন-ঘটনৰ গুৰিত। কোনোবা অসুৰে তপস্যাত বহিলেই সন্তুষ্ট হৈ ব্রহ্মাই বব দিয়ে। বজ্রনাভ নামে এজন দৈত্যই তপস্যাৰে ব্ৰহ্মাক প্রসন্ন কৰি বৰ লভিলে- তেওঁ দেৱতাসকলৰ অবধ্য হ'ব। বৰ লভিয়েই বজ্ৰপুৰ নামে নগৰ এখন নিৰ্মাণ কৰিলে। আনৰ কথা দূৰত, তাত বায়ু দেৱতাৰো নিজ ইচ্ছা মতে নিষিদ্ধ। বজ্রনাভ অসুৰে মাজে-সময়ে বজ্ৰপুৰৰ পৰা ওলাই দেৱতাসকলক জোকাবলৈ ধৰিলে। অসুৰৰ শ্ৰীবৃদ্ধি হ'লে ইন্দ্ৰৰ ইন্দ্ৰত্ব যায় বুলি ভয় হয়। সৰগৰ ৰজা ইন্দ্ৰই বাজ্য হেৰুৱাবৰ ভয়ত শ্রীকৃষ্ণত শৰণ মাগিলে। শ্রীকৃষ্ণই অভয় দি ক'লে- বজ্রনাথ দেবতাৰ অবধ্য, কিন্তু দেৱপুত্র প্রদ্যুম্নৰ হাতত তাৰ মৰণ হ'ব। সেই সময়ত ভদ্র নামে এজন নাট (ভাৱৰীয়া) আছিল। তেওঁ ঋষিসকলৰ যজ্ঞত গীত-নাচোনেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল। বসুদেৱৰ অশ্বমেধ যজ্ঞত তেওঁ ঋষিসকলক এনেভাবে মোহিত কৰিলে যে ঋষিসকলে তেওঁক বৰ দিলে- যেন সপ্তদ্বীপা পৃথিৱীত তেওঁৰ অবাধ গতি হয়; তেওঁ চিৰযুবা আৰু নিৰোগী থাকিব আৰু কাৰো হাতত তেওঁৰ মৃত্যু নঘটিব; তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যাৰ ভাও যেতিয়া দেখুৱাব, হুবহু তাৰ রূপ ল'ব পাৰিব। এইদৰে বৰলব্ধ হ'লত ভদ্র-নটৰ কীৰিতি সকলো জগততেই বিয়পি পৰিল। সচৰাচৰ দেখা যায়, অসুৰৰ গোপন শত্রু নিজৰ ছোৱালী। সিহঁতে অসুৰৰ লোণ খায়, কিন্তু দেৱতাৰহে গুণ গায়। বাণ ৰজাই ৰাজ্য হেৰুৱায় ছোৱালী ঊষাৰ বৈগুণ্য দোষত। বজ্রনাভৰো ৰূপৱতী ছোৱালী এজনী আছিল; নাম প্রভাৱতী। তেওঁৰ পণ আছিল স্বয়ম্বৰত পতি বাছি ল'ব। দেশ-দেশান্তৰৰ পৰা কোঁৱৰসকল আহে, বাছনি পৰীক্ষাত উঠিব নোৱাৰি লাজে-অপমানে উভতি যায়। শেহত কোনো নহাত পৰিল। প্রভাবতীয়ে অসুৰৰ তিৰোতাসকলৰ মুখত শ্রীকৃষ্ণৰ পুত্র প্রদ্যুম্নব (কামদের) রূপ-গুণৰ গৌৰৱ শুনি তেওঁৰ নামতেই হিয়া-মন সমর্পণ কৰিছিল। কিন্তু, তেওঁৰ লগত কেনেকৈ মিলন হ'ব সেইটো ভাবি ওৰ নাপাইছিল- 'হৃদি মে বর্ত্ততে নিত্যং প্রদ্যুম্নঃ খলু সত্তমে। হেতুঃ স নাস্তি স্যাত্তেন যথা মম সমাগমঃ।' ছিদ্রৰ সম্ভেদ পাই শ্রীকৃষ্ণৰ পৰামর্শ মতে ইন্দ্রদেবতাই হাঁহ এজাক কূটনীতিৰ চৰীয়া হিচাপে বজ্ৰপুৰলৈ পঠিয়াই দিলে। সিহঁত গৈ বাঞ্ছনাভৰ অন্তেষপুৰৰ পুখুৰীত পৰিব আৰু নানা লাহ-বিলাহেবে অন্তেষপুৰৰ তিৰোতাসকলৰ মন মুহিব, মানুহৰ ভাষাৰে কথা ক'ব আৰু ছেগ বুজি প্রভাৱতীৰ আগত গুণ-গৰিমা বখানিব; প্রভাৱতীৰ মন কুমলিলে প্রদ্যুম্নৰ আগত প্রভাৱতীৰ ৰূপ-লাবণ্য বখানিব। এইদৰে যেতিয়া দুয়ো দুইৰো প্রতি বিহ্বল হৈ উঠে তেতিয়া হাঁহজাকে ইন্দ্রক বাতৰি যোগাব। তেতিয়া শ্রীকৃষ্ণৰ পৰামৰ্শ অনুসাৰে যথাবিধেয় কৰা হ'ব। হাঁহজাক উৰি গৈ বজ্রনাভৰ অন্তেষপুৰৰ পুখুৰীত পৰিল। লয়লাস বিভঙ্গেৰে পুখুৰীত সাঁতুৰি পানী-খেল খেলিবলৈ ধৰিলে। অন্তেষপুৰৰ তিৰোতাসকলে উলহ-মালহকৈ আগুৰি ধৰিলে। হাঁহজাকে মানুহৰ ভাষাৰে সম্ভাষণ কৰি সকলোৰে পৰিচয় ল'লে। প্রভাৱতীয়ে শুচিমুখী নামে হাঁহিনী এজনীক সখী পাতিলে। ছেগ অনুসাৰে শুচিমুখীয়ে প্ৰভাৱতীৰ অন্তৰৰ বুজ-বাজ ল'লে। সংগোপনে প্রেম-তত্ত্বৰ পৰিচয় দিবলৈ ধৰিলে- "হে লাজুকী ভয়াতুৰে, দিনে দিনে যৌৱনৰ কাল উকলি যায়। যিটো দিন পাৰ হয় পানীৰ সোঁতৰ দৰে সি উভতি নাহে। তুমি স্বয়ম্বৰ পণ ধৰিছা সঁচা, কিন্তু লাজ-অপমানৰ ভয়ত কোনে তোমাৰ ওচৰলৈ আহিব? তুমি প্রদ্যুম্নক ভাল পোৱা, কিন্তু কি সাহ আৰু ভৰসাবেই বা তেওঁ তোমাৰ ওচৰলৈ আহিব?" প্রভাৱতীয়েও সংগোপনে উত্তৰ দিলে, "প্রদ্যুম্নৰ পিতৃ দৈত্যকুলৰ শত্রু। বজ্ৰপুৰত কাৰো প্ৰৱেশ নাই। যদি কেনেবাকৈ প্রদ্যুম্নক বজ্ৰপুৰলৈ অনাব পাৰা, মোৰ প্ৰতি বৰ অনুগ্রহ হয়।” শুচিমুখী প্রণয়ৰ দূতী স্বরূপে দ্বাৰকালৈ যাবলৈ আগবাঢ়িল; কিন্তু প্রভাৱতীক ক'লে, "তোমাৰ পিতা বজ্রনাভৰ ওচৰত এবাৰ মোৰ দেশ-বিদেশৰ অভিজ্ঞতাৰ গৌৰৱ ৰটনা কৰি চোৱাচোন।" প্রভাৱতীয়ে শুচিমুখীৰ 'কথা-কুশলতা'ৰ পৰিচয় দিলত বজ্রনাভে শুচিমুখীক মাতি নি সুধিলে, "হংসী, তুমি দেশ-দেশান্তৰত উৰি ফুৰা, ক'ত কি আচৰিত বস্তু দেখিছা কোৱাচোন।" শুচিমুখীয়ে নানান আচৰিত বস্তুৰ লগত লবুৰৰ ভদ্র-নটৰ আখ্যান উল্লেখ কৰিলে। ভদ্র-নট কামৰূপী আৰু দেৱ, গন্ধর্ব সকলোৰে গীত আৰু নাচোনেৰে গোটেইখন জগতকে মুহিব পাৰে। বজ্রনাভে উত্তৰ দিলে, "মোৰ এইজন ভাৱৰীয়াক এবাৰ চাবলৈ কৌতূহল হৈছে। এটি উপায় কৰি আনিবৰ চেষ্টা কৰিবাচোন।" পিতা-পুত্রী দুয়োৰে দূতী হিচাপে হংসী গৈ ইন্দ্ৰ আৰু শ্রীকৃষ্ণৰ ওচৰ পালেগৈ। শ্রীকৃষ্ণই ক্ষণ বুজি দৈৱিক মায়াৰে যদুবংশী ডেকাসকলক ভাৱৰীয়াৰ সাজেৰে সজালে। প্রদ্যুন্মক প্রধান ভাৱৰীয়া ভদ্র-নটৰ আৰু গদক শ্রুতিধৰৰ সাজ দিলে। লগত বাৰবণিতা কেতবোৰক নাচনী কৰি পঠিয়ালে। ভাৱৰীয়াৰ ভেশেৰে যদুবংশীসকল বজ্ৰপুৰত উপস্থিত হ'লগৈ। দৈত্যসকলে এওঁলোককেই প্রকৃত ভদ্র-নটৰ দল বুলি ধৰি লৈ মান-সৎকাৰ কৰিলে। ভাৱৰীয়াসকলে প্রথমে ৰামায়ণৰ আখ্যানৰ ভাও দেখুৱালে (ৰামায়ণং মহাকাব্যমুদ্দেশ্যে নাটকীকৃতম্)। অসুৰসকলে নটনৈপুণ্যত বিস্ময়াপ্লুত হৈ গাৰ কাপোৰ, অলংকাৰ আদি খহাই ভাৱৰীয়াসকলক লক্ষ্য কৰি দলিয়াই দিবলৈ ধৰিলে। চাৰিওফালে জয়-জয়কাৰ ৰোল উঠিল। বজ্রনাভে ভাৱৰীয়াসকলক অন্তেষপুৰৰ ভিতৰলৈ অনাই ভাও দিয়াবলৈ ক'লে। যাদৱসকলে অন্তেষপুৰলৈ আহি প্রথমে গীতৰ সহায়েৰে গঙ্গাবতৰণ নাচ নাচিলে। পিছত 'বস্তাৰ অভিসাৰ' নামে নাটৰ ভাও দেখুৱালে। ৰাৱণৰ ভাওত প্রদ্যুম্ন আৰু বস্তাৰ ভাওত মনোবতী নামে নটীজনী। যাদৱসকলে মায়াৰ বলেৰে কৈলাসৰ দৃশ্য-পটৰো ৰূপ দেখুৱালে। ডেকা, বুঢ়া, ল'ৰা সকলো আনন্দত আপোন-পাহৰা হ'ল। এই মতলীয়া অৱস্থাৰ চেলু লৈ শুচিমুখীয়ে প্রভাৱতীক জনালে, "সখী, মই দ্বাৰকালৈ গৈ প্রদ্যুম্নক তোমাৰ ভক্তি নিবেদন কৰিছোঁ। তেওঁ আজি সন্ধ্যা সময়ত তোমাক প্রেম-সম্ভাষণ জনাবলৈ আহিব বুলি বান্ধ ৰাখিছে। আজি তোমাৰ প্রিয়-সমাগমৰ বাঞ্ছা পূৰণ হ'ব।" এই অভাবনীয় বাতৰিত প্ৰভাৱতী আনন্দত কপিবলৈ ধৰিলে আৰু সখীয়েকক সেই ৰাতি একে ঘৰতেই শুবলৈ খাটিলে যাতে কোনো ভয়ৰ কাৰণ থাকিব নোৱাৰে। শুচিমুখীয়ে নটৱেশী প্রদ্যুম্নৰ ওচৰত প্ৰণয় বাতৰি জনালে। প্রদ্যুম্নই মায়াৰ বলেৰে মৌ-মাখি এটি হৈ ফুলৰ মালা এধাৰিত খামোচ মাৰি ধৰিলে আৰু শুচিমুখীৰ হাতৰ মালাত ওলমি প্ৰভাৱতীৰ ঘৰ সোমাল। মৌ-মাখিটো প্রভাৱতীৰ কাণেৰে মৰ্মস্থলত সোমালগৈ। প্রভাৱতীৰ কাম-জ্বৰ উঠিল। প্রভাৱতী যেতিয়া জ্বৰত কাতৰ হ'ল, প্রদ্যুম্নই নিজ ৰূপ ধাৰণ কৰি আপোন-পৰিচয় দিলে; আৰু গান্ধর্ব ৰীতিৰে প্রভাৱতীক বিয়া কৰাই প্রেম-সম্ভাষণ জনালে। চৰীয়া হাঁহজাকে দুৱাৰৰখীয়া হৈ থাকিল। দিনৰ পিছত দিন উকলিবলৈ ধৰিলে। সাপে সাপৰ ঠেং দেখে, প্রেমিকাই প্রেমিকাৰ ৰং-ৰহস্যৰ গম পায়। বজ্রনাভৰ ভায়েক সুনাভৰ দুজনী ছোৱালী, নাম চন্দ্ৰৱতী আৰু গুণবতী। তেওঁলোকে নিতৌ প্রভাৱতীৰ ঘৰলৈ অহা-যোৱা কৰে। প্ৰভাৱতীৰ গতি-বিধি লক্ষ্য কৰি এদিন সুধিলে- "কিনো ঘটনা?" প্রভাৱতীয়ে ছলকৈ উত্তৰ দিলে, "মোৰ হাতত গুপ্ত বিদ্যা এটি আছে। তাৰ সহায়েৰে দেৱ-দানৱ যাকে বাঞ্ছা কৰা তাকে ধৰি আনি প্রেম-সম্ভাষণা কৰিব পাৰা। চোৱা, মোৰ প্ৰিয়তম প্রদ্যুম্নক কেনেকৈ মন্ত্রেবে মোহিত কৰি বান্ধি ৰাখিছোঁ। লাগিলে তোমালোকলৈও প্রেমিক-প্রিয়তম অনাই দিব পাৰোঁ।" তেওঁলোক সৈমান হ'লত যদুবীৰ গদ আৰু সাম্বৰ লগত তেওঁলোকৰো গান্ধর্ব বিয়া ঘটালে। এতিয়া ধৰা পৰিবৰ পাল আহিল। কিন্তু, সোনকালে সেইটো ঘটি নুঠিল। ভাৱৰীয়াসকলে এনেদৰে সকলোকে মুগ্ধ কৰিছিল যে তেওঁলোকৰ গতি-গোত্র অসুৰৰ অবোধ্য। যেতিয়া আটাইবোৰ প্ৰেমিকৰ সন্তান উপজি ধূলিত খেলিব পৰা হ'ল তেতিয়াহে দৈত্যসকলৰ চকুত পৰিল- কথা বিষম। বজ্রনাভলৈ বাতৰি দিয়া হ'ল, যুদ্ধ লাগিল আৰু ব্ৰহ্মাৰ বৰৰ ছিদ্র অনুসাৰে দেৱ-পুত্র প্রদ্যুম্নৰ হাতত বজ্রনাভৰ মৃত্যু ঘটিল। এই উপাখ্যানৰ মূল হবিবংশ। তাত সকলো ঘটনাৰ বহল বিৱৰণ আছে। ইয়াত কেৱল উপাখ্যানৰ জঁকাটোৰ প্রধান ৰেখাবোৰৰ চিত্ৰ এটিহে দিয়া হ'ল। ইয়াত প্ৰণয়ৰ দৌত্য কৰিছে হাঁহ এজাকে, কিন্তু প্রধান আকর্ষণ হৈছে প্রণয়ীৰ ভাৱৰীয়াৰ ছদ্মবেশ। সংগ্ৰহ: বাণীকান্ত ৰচনাৱলী