ভূপেন হাজৰিকাৰ সংগীত যাত্ৰা ভূপেন হাজৰিকাৰ প্রকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেওঁ খুব কম বয়সৰপৰাই বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিল। তেজপুৰত থকা কালছোৱাত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্রাণিত হৈছিল।পাঁচ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ১৯৩৬ চনত তেওঁ জ্যোতিপ্ৰসাদৰ 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১০ বছৰ। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত 'উলাহতে নাচি-বাগি হ'লি বিয়াকুল' আৰু 'কাষতে কলচী লৈ' গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্রসাদ আগৰৱালাৰ 'ইন্দ্ৰমালতী' ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্রিয়তা লাভ কৰিছিল। ভূপেন হাজৰিকাই সুৰক প্ৰতিৰোধ কন্ঠলৈ ৰূপান্তৰিত কৰিছিল। অহংকাৰ আৰু ক্ষমতাৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ আছিল বলিষ্ঠ। তেওঁৰ প্ৰতিটো গীতত সামাজিক দায়বদ্ধতাৰ প্ৰতিফল দেখিবলৈ পোৱা যায়। সঁচা অৰ্থত তেওঁ এগৰাকী বিশ্বশিল্পী। তেওঁৰ গীত আৰু সুৰেৰে অসমীয়া জাতিক অম্লান ৰূপত জীয়াই ৰাখিব। তেওঁ গীতসমূহ কোনো ভৌগলিক পৰিসীমাৰ মাজত সীমাবদ্ধ কৰিব নোৱাৰি। তেওঁৰ গীতসমূহে মানুহক জীৱন সংগ্ৰামত সাহসেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। ১৯৫৬ চনত ভূপেন হাজৰিকাৰ প্রথমখন অসমীয়া ছবি 'এৰাবাটৰ সুৰ' মুক্তি লাভ কৰে। এই ছবিখনৰ তেওঁ একাধাৰে পৰিচালকৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তদুপৰি তেওঁ ভালেমান চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। তাৰ ভিতৰত ক্রমে 'পিয়লি ফুকন', 'ধুমুহা', 'কেঁচাসোণ', 'মণিৰাম দেৱান', 'চিকমিক বিজুলী', 'কাচঘৰ', 'খোজ', 'পলাশৰে ৰং', 'বনহংস', 'বনজুই', 'অকণ', 'অপৰূপা', 'মা', 'যুগে যুগে সংগ্রাম', 'প্রতিশোধ', 'প্রিয়জন', 'অশান্ত প্ৰহৰ' আদিত তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা হিন্দী চলচ্চিত্র হ'ল 'আৰোপ' (১৯৭৩), 'অপেক্ষা', 'একপল', 'ৰদালি', 'মিল গয়ী মঞ্জিল মুঝে', 'পপিহা', দামিয়া', 'গজগামিনী', 'চাজ', 'কিউ'। বাংলা 'জীৱনতৃষ্ণা', 'জোনাকীৰ আলো', 'কড়ি ও কোমল', 'অসমাপ্ত', 'এখানে পিঞ্জৰ', 'দম্পতী' আদিতো তেওঁ সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ভূপেন হাজৰিকাৰ গীতৰ ভাববস্তু ভিন্ন আৰু বাৰেৰহণীয়া। শিশু মনৰ, প্ৰকৃতি চেতনাৰ, মৃত্যুৰ, মানৱতাবাদৰ, বিদ্ৰোহৰ, সমন্বয়ৰ আদি বিবিধ ভাবৰ গীত তেওঁ গাইছিল। উত্তৰ-পূবৰ হৃদস্পন্দন বৰলুইতক 'মহামিলনৰ তীর্থ' আখ্যা দিয়া এইজন জনতাৰ শিল্পীয়ে গীতেৰে, সুৰেৰে, চিন্তাৰে, কাৰ্যৰে, হৃদয়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাউতিযুগীয়া সম্প্রীতিকে কামনা কৰিছিল। নিজৰ কণ্ঠ, কথা, সুৰ তথা গায়নশৈলীৰে দেশে-বিদেশে গীত পৰিবেশন কৰি ড° ভূপেন হাজৰিকাই হেজাৰ হেজাৰ জনতাক আপ্লুত কৰিছিল। তেওঁৰ গীতত আছে সময় আৰু সমাজৰ কথা, সম্প্রীতি আৰু সমন্বয়ৰ কথা, দেশ আৰু জাতিৰ কাহিনী, লোকজীৱনৰ প্রতিচ্ছবি। পল ৰবছনে ভূপেন হাজৰিকাক বহু প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়ে কৈছিল- 'তেওঁৰ গীতে আমাক বিদ্যুৎপ্রবাহৰ দৰে চুই গ'ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে। তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল। একলব্যৰ দৰে দূৰৈৰ পৰা তেওঁৰ ধুমুহাসদৃশ ৪ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলো।' পল ৰবছনৰ 'উই আৰ ইন দা ছেম ব'ট ব্ৰাদাৰ' গীতটো ভূপেন হাজৰিকাই 'আমি একেখন নাৱৰে যাত্রী'ৰ ৰূপত বিভিন্ন প্রসংগত গাইছে। অসমৰ বহুকেইখন চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰাৰ বাহিৰেও ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাত গীত গাই আৰু সংগীত পৰিচালনা কৰে। সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। সুধাকণ্ঠৰ বেছিভাগ গীত তেওঁ নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেওঁ 'নিউ ইণ্ডিয়া' পত্রিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেওঁ কলা বিষয়ক 'গতি' আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্র আলোচনী 'বিন্দু'ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰৰ মাহেকীয়া মাহেকীয়া আলে আলোচনী 'আমাৰ প্ৰতিনিধি' আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰৰ পষেকীয়া আলোচনী 'প্রতিধ্বনি'ৰ সম্পাদক আছিল। সুধাকণ্ঠৰ গানত সমসাময়িক সমাজ-সংস্কৃতি, ৰাজনীতি, দুর্নীতি আদি স্পষ্টভাৱে প্রতিফলিত হোৱা দেখা যায়। তেওঁৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰি ভাৰত তথা বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰাতো অৱদান আগবঢ়াইছিল। মানৱতাবাদৰ শিল্পী ড° ভূপেন হাজৰিকাৰ গীতত চহা সমাজখনৰ পৰা আৰম্ভ কৰি সকলো জাতি-জনজাতি, ধর্ম-বর্ণ, ভাষা-সংস্কৃতি, পুৰুষ-নাৰী সকলোৰে মনৰ বতৰা প্ৰকাশ পাইছিল। তেওঁৰ গীতত চহা জীৱন-গাথা প্ৰকাশিত হৈছে। অসমৰ বহু ইতিহাসৰ সাক্ষী প্ৰধান নৈ ব্ৰহ্মপুত্ৰক লৈও তেওঁৰ সৃষ্টি অপাৰ। চিৰযুগমীয়া টো তুলি, অগ্নিযুগৰ ফিৰিঙতি হৈ, আই অসমীৰ বাবে বুকু হম্ হম্ কৰা, অসমীৰ মাটিত জোনাকৰ ৰাতি বিচৰা, আমি অসমীয়া নহওঁ দুখীয়া সতর্ক বাণীৰে, ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ ই সাহ-শতসহস্র জাতি, মাটি, মানৱতাৰ গানেৰে বিশ্ববাসীক উদ্বেলিত কৰা, একক-অনন্য-অদ্বিতীয় শিল্পীসত্তাৰ নাম আছিল ভূপেন হাজৰিকা। তেওঁ কেৱল এজন ব্যক্তিয়েই নহয়, তেওঁ আছিল এক বিৰল অনুষ্ঠান। এক সুস্থ আঞ্চলিকতাবাদৰ লগতে বিশ্বায়নৰ সপোন দেখা নিভাঁজ দলিল হিচাপে বিদগ্ধ মননশীল চিন্তাধাৰাৰ জ্বলন্ত উদাহৰণ তেওঁ। ভূপেন হাজৰিকা আছিল পর্বতসদৃশ ব্যক্তিত্ব তথা জনপ্রিয়তাৰ প্ৰতিমূর্তি । তেওঁৰ গীতে আমাৰ মনলৈ আনি দিয়ে শক্তিৰ জোৱাৰ, হেজাৰ সংঘাতে জুৰুলা কৰিল বিচাৰিলেও মনলৈ আনি দিয়ে নৱ সৃষ্টিৰ প্ৰেৰণা ।