হেমা সুন্দৰী ৰূপক আৰু আখ্যান হিচাপে অসমীয়া বধ-কাব্যবোৰৰ দ্ব্যর্থকতাৰ বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে। কিন্তু প্রত্যেকখনেই ৰূপকতকৈ আখ্যান হিচাপে বেছি মনোৰম আৰু ঠায়ে ঠায়ে করিয়ে চৰিত্ৰ-অংকনত এনে সুক্ষ্ম তুলিকাস্পর্শ দিছে, যে বিস্ময় মানিব লাগে। উদাহৰণ স্বৰূপে কবিবৰ ৰামসৰস্বতীৰ হেমা কুমাৰীৰ উপন্যাস লোৱা যাওক। পুৰণি ৰীতি অনুসাৰে ইয়াক অশ্বকৰ্ণৰ যুদ্ধ বোলে। কিন্তু অশ্বকর্ণ-বধ কাব্যৰ ভিতৰুৱা এটি ঘটনা মাথোন আৰু উপন্যাসৰ মধ্যস্থ বিষয় হৈছে হেমা চৰিত্র। হেমা চৰিত্ৰৰ লগত ইংৰাজ কবি স্পেন্সাৰৰ মুনা সুন্দৰীৰ ভালেখিনি সাদৃশ্য দেখা যায়। প্রয়োজন অনুসাৰে সদৃশ অংশবোৰ মিলাই কোৱা যাব। পুৰণি কালত উশীনৰ নামে এজন ৰজা আছিল। তেওঁ বৰ শিৱ-ভক্ত আছিল আৰু শিৱৰ বৰত বৰ বিক্রমশালী হৈ উঠিল। বিশ্বকর্মাই নিজেই তেওঁৰ ৰাজধানী সজাই দিলে- “চক্রাকাৰ কৰি বিশ্বকর্মে তাক, দিলা যেন পুষ্পৰথ।” উশীনৰ ৰজাৰ ষোলজন পুত্ৰ আৰু অপেশ্বৰীৰ গৰ্ভত এজনী ছোৱালী হ'ল! ছোৱালীৰ নাম হেমা কুমাৰী। কন্যাৰ মঙ্গল নিমিত্তে ৰজাই শিৱ-পূজা কৰিলত হৰ-গৌৰীয়ে কুমাৰীক বৰ দিলে, "সর্বকালে যুৱা হুয়া থাকিবেক, মোহোক দিলন্ত বৰ।" এইদৰে দিনৰ পিছত দিন যাবলৈ ধৰিলে। ইফালে পাতালত দৈত্যসকল বৰ পৰাক্ৰমী হৈ উঠিবলৈ ধৰিলে। দৈত্যৰ অধিনায়ক অশ্বকর্ণই শঙ্কৰক তুষ্ট কৰি বৰ ল'লে, যেন চৰাচৰ পৃথিৱীকে সি জয় কৰিব পাৰে আৰু কাৰো হাতত তাৰ মৰণ নহয়। জগতৰ ভৱিষ্যৎ কল্যাণৰ নিমিত্তে শিৱই এইখিনি মাত্র ছিদ্র থ'লে যে, বিষ্ণুৰ নৰনাৰায়ণ অৱতাৰত তাৰ মৃত্যু হ'ব। বৰ-দৃপ্ত অশ্বকর্ণই উশীনৰ ৰজাক বধ কৰি তেওঁৰ ৰাজ্য ল'লে। উশীনৰৰ ষোল্লজন পুতেকক শিৱে অনুচৰ কৰি লৈ গ'ল আৰু হেমা কন্যাক অশ্বকর্ণই পালিতা কন্যা স্বৰূপে বাখিলে। হেমা সুন্দৰীয়ে মায়া বিদ্যা শিকিছিল আৰু মায়াৰ বলত দিশ-বিদিশ ভ্রমণ কৰি ফুৰে। পঞ্চপাণ্ডৱ বনবাসত থাকোঁতে এদিন ভীম আৰু অর্জুন মৃগয়া কৰিবলৈ গৈ পানী বিচাৰি বিচাৰি এটি কুঁৱাৰ ওচৰ পালে। জুমি পানী চাব খোজোঁতে কিবা অপৰূপ সৌন্দৰ্যৰ ছাট এটা আহি চকুত পৰিল। ভালকৈ নিৰিখি চাই কুঁৱাৰ ভিতৰত মণিব পৰা-নোৱাৰা অপ্সৰা মূৰ্তি এটি দেখিলে আৰু চায় মানে তাৰ কান্তি বাঢ়ি যোৱা যেন লাগিব ধৰিলে। সুন্দৰীয়ে মৃদু কটাক্ষ দৃষ্টিৰে কুঁৱাৰ পৰা উঠিবলৈ আও-ভাও দেখুৱাব ধৰিলে আৰু ভীম-অর্জুনক ওপৰত দেখি তোলাবলৈ কাবৌ-কাকৃতি আৰম্ভ কৰিলে, আৰু পণ দিলে, যেয়ে তেওঁক কুঁৱাৰ পৰা তুলিব তাকেই তেওঁ পতি বৰণ কৰিব। কন্যাই ভাওকৈ মিছাই ক'লে, তাই হেনো হেমা নামে অপেশ্বৰী। গা ধুবলৈ আহোঁতে সখীসকলে ঠেলা মাৰি গাঁতত পেলাই দিছে। অর্জুন মহাবীৰ হ'লেও স্বভাৱতে মার্জিত ভাব-প্ৰৱণ। কুমাৰীৰ ৰূপ আৰু অংগী-ভংগী দেখি তেওঁৰ মন টলিল আৰু তাইক তুলিবলৈ ভীমক অনুৰোধ কৰিলে। হাজাৰ হওক, ভীম হৈছে শাৰীৰিক বলৰ প্রতিমূর্তিস্বরূপ। ভাব-প্ৰৱণতা তেওঁৰ চৰিত্ৰৰ বিশেষ লক্ষণ নহয়। গাঁতৰ চাৰিওফালে চাই-চিন্তি তেওঁৰ অলপ সংশয় হ'ল। বৃকোদৰে বোলে বাপু বুজন নাযায়। দেখিয়ো ইহাৰ পৰিবাৰ চিহ্ন নাই।। কিবা মায়া ৰাক্ষসী আছন্ত হেনভাবে। পৰিবাৰ চিহ্ন নেদেখোহো এক ঠাৱে।। অর্জুনৰ কিন্তু মনে নামানে। নেদেখিলেতো কথাই নাছিল, কিন্তু দেখি-শুনি অবৱলা কুমাৰী এজনী এবি যোৱাটো জানো ভাল হ'ব। দুজনৰ মত-দ্বৈধ লক্ষ্য কৰি কুমাৰীয়ে সৌন্দর্যত আৰু বেছি মাদকতা ঢালি দিলে। দেৱ কি মনুষ্য লাগে যেহি কিছো হৌক। মোহোৰ মায়াত কোনজন স্থিৰ ৰৌক।। শৰীৰৰ কাতৰ ভংগী দেখি আৰু তিৰী-বধ পাতকৰ ভয়ত দুয়ো ভায়েক-ককায়েকে শেষত তুলিবলৈ সন্মত হ'ল। অর্জুনে আগবাঢ়ি যোৱাত কুমাৰীয়ে প্রলোভনৰ সুৰে মাত দিলে, যদি আগে ছোটজনে আমাক তোলহ। ভাতৃ-বধূ ভৈলে পাছে কিমতে বিবাহ।। অগত্যা ভীমেই আগবাঢ়ি গৈ ধনুৰ মূৰ এটি পেলাই দিলে; কুমাৰীৰ দাৰুণ মায়াৰ বলত ধনুৱে সৈতে ভীম গাঁতৰ মুখলৈ চুঁচৰি গ'ল। অর্জুনেও গৈ ধনুত ধৰিলে, কিন্তু মায়াবিনীয়ে মায়াৰ বলত দুয়োকে গাঁতৰ ভিতৰত সুমুৱাই পাতাললৈ লৈ গ'ল। পাতালত অশ্বকৰ্ণৰ ৰাজ্য পালেগৈ। তাত চন্দ্র-সূর্য নাই, কেবল-হৰিদ্ৰাৰ বৰ্ণ সিটো থানৰ প্ৰকাশ। কন্যাই তেতিয়া অশ্বকৰ্ণৰ সকলো পৰিচয় দি সিহঁতৰ মন বুজিবলৈকে হ'বলা ক'লে, "জীৱনৰ আশা তোবা নকৰিবা আৰ।" কথা শুনি ভীমৰ খঙত চেতন নাইকিয়া হ'ল। তাইৰ নিচিনা হাজাৰ হাজাৰ ৰাক্ষসী তেওঁ বধ কৰিছে; তাইৰো ভীমৰ হাতত নিস্তাৰ নাই, কেৱল পৃথিৱীলৈ বাট বিচাৰি পোৱাত অলপ কষ্ট হ'ব পাৰে। নির্দোষী প্রাণী দুজনৰ অকাৰণ অমংগল চিন্তা কৰি কুমাৰীৰো মনতে অসুখ লাগিল। সিহঁতৰ জাতি-কুলৰ কথা সুধিলে। ভীম গর্জি উঠিল, ভীমে বোলে জানা তই নাৰী অল্পজন। তোৰ আগে কহিবাক কিবা প্রয়োজন। তথাপিতো তই যেবে পুছিলি বিনয়। অল্পমান কৰি তোত কহিবো নিশ্চয়।। ভীমে বংশ-বৃত্তান্ত কৈ নিজৰ পৰিচয় দিলে, জানা ভীমসেন মোক ত্রিভুবনে জানি। বঘাসুৰ বনখান পুৰি আছো ছানি।। পৰিয়ালৰ আন আন সকলোৰে পৰিচয় দিলত পাণ্ডৱৰ কৰুণ কাহিনী শুনিয়েইনে, দ্ৰোপদীৰ পৰিচয়ত নিজৰ ভবিষ্যৎ ভাবিয়ে কুমাৰীৰ চকুলো ওলাল। ইমান বেলি অর্জন নিমাতে আছিল, কিন্তু সুন্দৰীৰ চকুত পৰিয়ালৰ আন আন সকলোৰে পৰিচয় দিলত পাণ্ডৱৰ কৰুণ কাহিনী শুনিয়েইনে, দ্রৌপদীৰ পৰিচয়ত জেউতি চৰোৱা অশ্রু-কণা দেখিয়েই হ'বলা কৰুণা-মিশ্রিত অৱজ্ঞা-কণ্ঠে মাত লগালে, কিসক কান্দস অৰে ঘোৰ নিশাচৰী। কহ কথা আমাত ক্রন্দন পৰিহৰি।। আনিয়াছ ঘোৰ মায়া কৰিয়া প্ৰচণ্ড। দাৰুণ কর্মত হুয়া আছ লণ্ডভণ্ড।। চকুলো মচি কুমাৰীয়ে নিজৰ কৰণ কাহিনী বর্ণনা কৰি অলপ আব্দাৰৰ সুৰে ক'লে, "অৱশ্যে যাইতে পাবা তোৰা দুইজন।" হেমা সুন্দৰীৰ চকুলো বিপন্ন-উদ্ধাৰ আৰু অৰিষ্ট-মদনৰ স্পৃহা নানান কথাত "মনে মনে দুই ভাই গুণিতে লাগিলা"। নক'লেও হ'ব যে অশ্বকৰ্ণৰ লগত ভীম-অর্জুনৰ বিষম সংঘর্ষ হ'ল আৰু হেমা কুমাৰীৰ সংকেতমতে বৰাহ-মূৰ্তি বিষ্ণুৰ পৰা অস্ত্র-শস্ত্র লভি দুয়ো ভায়েকে অসুৰক বধ কৰিলে। অসমীয়া বৈষ্ণৱ কবিৰ এই বীৰ-ৰস-মিশ্রিত আদি-ৰসাত্মক কাব্যৰ লগত সমসাময়িক ধর্মপ্রাণ ইংৰাজী কবি স্পেন্সাৰৰ আখ্যান এটিৰ মূল কথা-বস্তুৰ মিল আছে। য়ুনা কুমাৰীয়ে বিপন্ন-উদ্ধাৰ পণ কৰা বীৰসকলৰ অধিনেত্ৰী ৰাণী গ্লোৰিয়ানাৰ আগত আহি গোচৰ দিলে, তেওঁৰ পিতৃৰাজ্য বিকট দানৱ এটাৰ হাতত ছাৰখাৰ হ'ল। বুঢ়া ৰজাই কোনো ৰকমে লোহাৰ গড়ত সোমাই প্রাণ ৰক্ষা কৰি আছে। হাজাৰ হাজাৰ বীৰ দানৱৰ লগত যুঁজি প্রাণ হেৰুৱাইছে। এতিয়া ৰাণীৰ ওচৰতে ভিক্ষা, যেন পুণ্যাত্মা বীৰ এজন পঠাই দানৱৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰে। ৰাণীৰ আদেশ মতে ধৰ্মাত্মা বীৰ এজন যুনা কুমাৰীৰ লগত ওলাল। বাটত ধর্ম-বিদ্বেষী ভ্রষ্টাচাৰ মায়াবীসকলৰ হাতত বহুত বাধা-বিঘিনি অতিক্ৰম কৰিব লগাত পৰিল। দুইৰো মনোমালিন্য পর্যন্ত ঘটিছিল; কিন্তু শেষত গৈ মুনাৰ পিতৃৰাজ্য পালত ধৰ্ম-বীৰে দানৱক বধ কৰি ৰজাক উদ্ধাৰ কৰিলে; আৰু য়ুনা কুমাৰীক বিয়া কৰাই পিতাকৰ ঘৰতে এৰি থৈ ধৰ্ম-বীৰ ৰাণীৰ ৰাজধানীলৈ উলটি আহিল। বৈষ্ণৱ কবিৰ নায়িকায়ো পিতৃ-হন্তা অশ্বকৰ্ণক বধ কৰাই ভীম-অর্জুনক শিৱৰ অধিষ্ঠানলৈ লৈ গ'ল। শিৱয়ো এই সুচলতে ভীম-অর্জুনৰ হাতে আৰু নানান দৈত্য-দানৱক বধ কৰাই হেমা কুমাৰীক অর্জুনত সঁপি দিলে। লৌকিক ৰীতি অনুসাৰে অর্জুনে আপত্তি উত্থাপন কৰিলে, কাৰবা কুঁৱৰী কাৰবা বহাৰী কাৰবা হুয়াছে নাৰী।। শঙ্কৰেও নানা শাস্ত্র-যুক্তি অৱতাৰণা কৰি প্ৰমাণ কৰিলে যে, হেমা কুমাৰীক বিয়া কৰাত কোনো দোষ নাই। বিশেষত হেমা ৰজাৰ কুমাৰী কহো বিহা কৰা নাই। হেমা কুমাৰী বৰ চতুৰ। অর্জুনৰ আপত্তিৰ আশংকা কৰিয়েই হ'বলা, চাতুৰী কৰি শিৱৰ ওচৰলৈ লৈ গৈছিল। নক'লেও হ'ব অর্জুনে হেমা কুমাৰীক গ্রহণ কৰিলে, কিন্তু বনবাসী হোৱাত লগত আনিব নোৱাৰিলে। শঙ্কৰে হেমা কন্যাক মায়াদেৱীৰ ওচৰত ৰাখিবলৈ আদেশ দিলে, যি কালত ৰজা হোৱে হস্তিনাত পাণ্ড-পুত্র পঞ্চজন।। এহি হেমা কন্যা অর্জুন বীৰক তুমি নিয়া যোগবাহাঁ। বৈষ্ণৱ কবিৰ উদ্দেশ্য গল্পচ্ছলে ধর্ম-শিক্ষা দিয়া। কিন্তু সেই বুলি কাব্যৰ সৌন্দৰ্যৰ প্ৰতি একেবাবে উদাসীন নাছিল। মনোৰম আখ্যানৰ দ্বাৰাই তেওঁলোকে ধর্ম-কর্ম সকলোৰে চানেকি জ্বলন্ত কৰি তুলিছিল। সংগ্ৰহ: বাণীকান্ত ৰচনাৱলী