অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ: অসমীয়া ভাষাৰ ব্যৱহাৰিক ৰূপটোৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হয় আধুনিক যুগত। বিশেষকৈ খ্ৰীষ্টিয়ান মিছনেৰীসকল অসমলৈ অহাৰ পিছৰ পৰাহে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান প্ৰণয়নৰ চিন্তা আৰম্ভ হয়। মিছনেৰীসকলে অসমীয়া শিকি ইয়াৰ যথাযথ ব্যৱহাৰ কৰিবৰ প্ৰয়োজনতে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান প্ৰণনয়ৰ দিশটোত মনোযোগ দিয়ে। তেতিয়াৰ পৰা আজিলৈকে অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশত সন্তুলিত আৰু সৰ্বজনগ্ৰহণযোগ্য ৰূপ এটা দিবলৈ বিভিন্ন সময়ত বিভিন্ন ভাষাবিদ, ব্যাকৰণবিদ, সচেতন ব্যক্তি, সংস্থা আদিয়ে প্ৰচেষ্টা চলাই আহিছে। অথচ আজিও গৰিষ্ঠসংখ্যকেই লিখিত ৰূপ দিওঁতে অসমীয়া ভাষাত অনেক ভুল কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত এই কথাটো অধিক গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত। যুক্তাক্ষৰ বা সংযুক্ত ব্যঞ্জনৰ ব্যৱহাৰ, স্বৰ সংযুক্তিৰ ফলত হোৱা ব্যঞ্জন বৰ্জন, ‘ঙ’, ‘ৱ’, ‘ঁ’ আদি বৰ্ণৰ ব্যৱহাৰ, ‘ন’ আৰু ‘ণ’ৰ ব্যৱহাৰ আদি বিষয়ত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই ভুল কৰে বা খেলিমেলি অৱস্থাৰ সন্মুখীন হয়। এনে কিছু আসোঁৱাহ দূৰ কৰি অসমীয়া ভাষাটো কিদৰে শুদ্ধকৈ লিখিব পাৰি সেই বিষয়ে কিছু কথা এই লেখাত আলোচনা কৰা হ’ব। যুক্তাক্ষৰ বা সংযুক্ত ব্যঞ্জন: শব্দ এটা লিখাৰ সময়ত কেতিয়াবা দুটা বা তিনিটা পৰ্যন্ত ব্যঞ্জন বৰ্ণ লগ হৈ একে স্থানত অৱস্থান কৰে। ব্যঞ্জন বৰ্ণৰ এইধৰণৰ অৱস্থানকে যুক্তাক্ষৰ বা সংযুক্ত ব্যঞ্জন বোলা হয়। যেনে- চ+চ= চ্চ- উচ্চ ত+ত= ত্ত- উত্তৰ ল+ল= ল্ল- দিল্লী জ+জ+ৱ= জ্জ্ব- উজ্জ্বল মন কৰিবলগীয়া যে স্বৰবৰ্ণৰ যুক্ত ৰূপৰ ব্যৱহাৰ অসমীয়া ভাষাত নাই। কেৱল ব্যঞ্জন বৰ্ণৰহে যুক্ত বা সংযুক্ত ৰূপ ব্যৱহাৰ হয়। তদুপৰি যুক্ত হোৱা ব্যঞ্জন দুটাৰ প্ৰথমটো আৰু তিনিটাৰ প্ৰথম আৰু দ্বিতীয়টো হলন্ত হয়। শব্দত স্বৰবৰ্ণৰ উপস্থিতি অবিহনে উচ্চাৰিত ব্যঞ্জন বৰ্ণকে হলন্ত ব্যঞ্জন বোলা হয়। হলন্ত ‘ৰ’ বৰ্ণ ৰেফ ৰূপে পৰৱৰ্তী ব্যঞ্জনৰ ওপৰত বহে আৰু ’ত’ হলন্ত হ’লে ‘ৎ’ ৰূপ লয়। আন এক জানিবলগীয়া কথা এই যে স্বৰ চিহ্ন সংযুক্ত হ’লে কেইটামান ব্যঞ্জন বৰ্ণৰ ৰূপৰ সলনি হয়। যেনে- গ+উ= গু(গুৱাহাটী) ৰ+উ= ৰু(ৰুৱনি) শ+উ= শু(শুৱনি) হ+ঋ= হৃ(হৃদয়) ৰ+ঊ= ৰূ(ৰূপহ) ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া ভাষা লিখিত ৰূপত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আন এটা জানিবলগীয়া কথাএই যে ‘ৰেফ’যুক্ত ব্যঞ্জন বৰ্ণৰ দ্বিত ৰূপ বৰ্তমান ব্যৱহাৰ নহয়। আদিকালত ‘ৰেফ’যুক্ত ব্যঞ্জনৰো দ্বিত ৰূপ ব্যৱহাৰ হৈছিল যদিও আধুনিক কালত দ্বিত ৰূপ বৰ্জন কৰি সৰলীকৰণ কৰা হৈছে আৰু দ্বিত ব্যঞ্জন একক ৰূপতহে ব্যৱহাৰ কৰা হয়। যেনে- কৰ্ম্ম- কৰ্ম ধৰ্ম্ম- ধৰ্ম কাৰ্য্য- কাৰ্য চৰ্চ্ছা- চৰ্চা সূৰ্য্য- সূৰ্য পৰ্ব্বত- পৰ্বত গৰ্জ্জন- গৰ্জন। ইত্যাদি উল্লেখ্য যে অসমীয়া ভাষাত বৰ্তমানে ২৩৬ টা যুক্তাক্ষৰ প্ৰচলিত হৈ আছে। কিন্তু এই যুক্তাক্ষৰবোৰ ব্যৱহাৰ কৰাৰ সময়ত জানি বা নাজানি বহুতেই বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়েই ভূল কৰে। তাৰ ভিতৰত সততে ব্যৱহাৰ হোৱা কেতবোৰ যুক্তাক্ষৰ আৰু তাৰ ভূলকৈ ব্যৱহাৰ হোৱা ৰূপ তলত উল্লেখ কৰা হ’ল- শুদ্ধ ৰূপ অশুদ্ধ ৰূপ অকস্মাৎ অকস্মাত অত্যধিক অত্যাধিক অভ্যুত্থান অভ্যূত্থান অনূৰ্ধ্ব অনুধ্ব অন্তঃসত্ত্বা অন্তঃসত্বা অন্ত্যেষ্টিক্ৰিয়া অন্ত্যোষ্টিক্ৰিয়া অবাঞ্ছিত অবাঞ্ছিত অশ্ৰাব্য অশ্ৰাৱ্য উদ্বোধন উদ্বোধন ঊৰ্ধ্ব ঊধ্ব উচ্ছৃংখল উশৃংখল ওতপ্ৰোত ওতঃপ্ৰোত কনিষ্ঠ কণিষ্ঠ কিংবদন্তি কিংবদন্তী ওজস্বিতা ওজস্বীতা ক্ৰটি ক্ৰুটি খ্ৰীষ্ট খৃষ্ট চলচ্চিত্ৰ চলচ্চিত্ৰ ছিন্নমূল ছিন্নমুল জাতিসত্তা জাতিসত্বা জীৱাশ্ম জীৱাষ্ম জ্যেষ্ঠ জেষ্ঠ্য তত্ত্ব তত্ব তুচ্ছ তুচ্চ তিৰস্কাৰ তিৰষ্কাৰ দাৰিদ্ৰ্য দাৰিদ্ৰ দুশ্চিন্তা দুচিন্তা ধ্বংস ধংস নিশ্ছিদ্ৰ নিছিদ্ৰ নৃতত্ত্ব নৃতত্ব পৰিষ্কাৰ পৰিস্কাৰ পুষ্পাঞ্জলি পুষ্পাঞ্জলী পৈতৃক পৈত্ৰিক প্ৰজ্বলন প্ৰজ্জলন প্ৰতিষ্ঠান প্ৰতিস্থান প্ৰস্ৰাৱগাৰ প্ৰস্ৰাৱগাৰ প্ৰায়শ্চিত্ত প্ৰায়চিত্ত বিকেন্দ্ৰকৰণ বিকেন্দ্ৰীকৰণ বাঞ্ছা বাঞ্চা বিপজ্জনক বিপদজনক বৈশিষ্ট্য বৈশিষ্ট ভূমিষ্ঠ ভূমিস্থ মধ্যাহ্ন মধ্যাহ্ণ মনস্তত্ত্ব মনস্তত্ব মন্ত্ৰ্যালয় মন্ত্ৰালয় মাৰণাস্ত্ৰ মৰণাস্ত্ৰ মুমূৰ্ষু মূমূৰ্ষ মুহূৰ্ত মুহুৰ্ত মৃণময় মৃন্ময় লাঞ্ছনা লাঞ্চনা পৰৱৰ্তী অংশত ‘ন’, ‘ণ’ আৰু ‘ই’ কাৰ, ‘ঈ’ কাৰ আদিৰ বিষয়ে আলোচনা কৰা হ’ব। চন্দ্ৰবিন্দু ‘ঁ’ ৰ ব্যৱহাৰ: চন্দ্ৰবিন্দু (ঁ) অসমীয়া ভাষাৰ এটা বিশিষ্ট বৰ্ণ। ই অকলে উচ্চাৰণ নহয় বা ব্যৱহাৰো নহয়। অৱশ্যে পুৰণি অসমীয়া, বিশেষকৈ বুৰঞ্জীত ‘ঁ’ স্বৰ্গদেউ অৰ্থত আৰু আজিকালিও ‘ঁ’ মানে স্বৰ্গীয় বা পৰলোক প্ৰাপ্ত অৰ্থত ব্যৱহাৰ পৰিলক্ষিত হয়। ব্যাকৰণগত দৃষ্টিকোণৰ পৰা ‘ঁ’ স্বৰ বৰ্ণ নাইবা য়, ৱ, হ, ৰ, ল আদি ধ্বনিৰ সৈতেহে উচ্চাৰিত হয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় ভুল কৰা বা অপপ্ৰয়োগ কৰা দেখা যায়। দৰাচলতে অসমীয়া ভাষাত চন্দ্ৰবিন্দু (ঁ)ৰ ব্যৱহাৰ কিছু সীমাবদ্ধ। সাধাৰণতে শব্দৰ আদি নাইবা দ্বিতীয় অক্ষৰৰ স্বৰ বৰ্ণৰ লগত ইয়াৰ ব্যৱহাৰ বেছি। বাকী অক্ষৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অতি বিৰল। মাথোঁ ওঁ-ক শব্দৰ প্ৰথম বা দ্বিতীয় অক্ষৰৰ বাহিৰেও যিকোনো অক্ষৰতে বেছিকৈ পোৱা যায়। অসমীয়া ভাষাত চন্দ্ৰবিন্দু (ঁ) ব্যৱহাৰ হোৱা শব্দৰ কেইটামান উদাহৰণ হ’ল- ঘিঁউ, টিঁয়া, চেঁউৰী, হেঁচা, বেঁকা, ফেঁচা, কেঁও, আঁহত, পাঁচ, আঁহ, ছাঁ, কাঁইট, অঁকা, সঁচা, সিহঁত, কৰোঁতা, জোঁৱাই, গোঁৱাৰ, কুঁহিয়াৰ, কুঁৱৰী, উঁই, তুঁহ, ইহঁত, ফাঁক, খাওঁ, নাখাওঁ, দেখুৱাওঁ, হাঁহি, ফেঁহু, সোঁত, ৰুইছোঁ, ৰুইছিলোঁ, দিছিলোঁ ইত্যাদি। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শব্দত ‘ও’ বৰ্ণৰ ব্যৱহাৰ হ’লেই ওপৰত চন্দ্ৰবিন্দু (ঁ) ব্যৱহাৰ কৰাটো উচিত নহয়। সেই বৰ্ণৰ ব্যৱহাৰৰ বৈয়াকৰণিক স্থিতিৰ ওপৰতহে চন্দ্ৰবিন্দু (ঁ)ৰ ব্যৱহাৰ হোৱা বা নোহোৱাটো নিৰ্ভৰ কৰে। অসমীয়া ভাষাৰ ব্যৱহাৰিক বিপত্তি অসমীয়া ভাষাৰ জন্ম হৈছিল ভাৰতৰ আন আন প্ৰাদেশিক ভাষাবোৰৰ দৰেই খ্ৰীষ্টিয় নৱম-দশম শতিকাতেই। শিলালিপি, তাম্ৰলিপি, সাঁচিপাত আদিৰ উদ্ধাৰ হোৱা বিভিন্ন লিপিয়ে অসমীয়া ভাষাৰ সমৃদ্ধ অতীত ইতিহাস দাঙি ধৰে। মৌখিক সাহিত্যৰ ভঁৰালো অসমীয়া ভাষাত যথেষ্ট চহকী। তদুপৰি চতুৰ্দশ শতিকাৰ আৰম্ভণিতে মাধৱ কন্দলিয়ে বাল্মীকি প্ৰণীত সংস্কৃত ৰামায়ণখন অসমীয়া ভাষাত পদানুবাদ কৰি ভাৰতীয় যিকোনো প্ৰাদেশিক ভাষাৰ ভিতৰতে প্ৰথম আৰু অনবদ্যৰূপে নিজৰ লগতে অসমীয়া ভাষা-সাহিত্যৰো মৰ্যাদা প্ৰতিষ্ঠা কৰি থৈছে। পৰৱৰ্তী কালত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ প্ৰমুখ্যে অনেক কবি-সাহিত্যিকৰ কাপৰ পৰা নিগৰিত সুমধুৰ আৰু তত্ত্বগধুৰ সাহিত্যৰাজিয়ে অসমীয়া ভাষাৰ গৰিমা বহুখিনি বঢ়ালে। ব্যাকৰণ-অভিধান, শব্দ-সম্ভাৰ, বাক্য-শৈলী, কাব্য-গদ্য-নাট্য-সাহিত্য সকলো দিশতে অসমীয়া ভাষাটো বৰ্তমান সময়ত এটা অতিকৈ চহকী আৰু উন্নত ভাষা। কিন্তু আধুনিক, উচ্চশিক্ষিত এচাম তথাকথিত অভিজ্ঞতা অসমীয়াৰ মুখত পৰি বৰ্তমান সময়ত এই ভাষাটোৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে। এইচাম অসমীয়া অভিজাত লোকে দৈনন্দিন জীৱনত যি কথা পাতে, সেয়া ঐতিহ্যমণ্ডিত অসমীয়া ভাষা নহয়; এক বিজতৰীয়া-খিচিৰী ভাষাহে। অসমীয়া ভাষাৰ ব্যাকৰণৰ সম্বোধনৰ ক্ষেত্ৰত তুচ্ছ্যাৰ্থত, মান্যাৰ্থত প্ৰথম পুৰুষত ‘তই’, ‘তুমি’ আৰু ‘আপুনি’ ৰূপৰ ব্যৱহাৰ আছে। সেইদৰে তৃতীয় পুৰুষত ‘সি’, ‘তাই’, ‘তেওঁ’ আৰু ‘তেখেত’ সম্বোধন ৰূপ আছে। কিন্তু বৰ্তমান সময়ত শিক্ষিত অভিজাত প্ৰায় বেছিভাগ অসমীয়া মানুহৰ মুখতে এই তিনিটা সম্বোধনৰ তৃতীয় অৰ্থাৎ সন্মানাৰ্থক ‘আপুনি’ আৰু ‘তেখেত’ৰ বিলুপ্তি ঘটিছে। সন্মুখত ‘তুমি’ বা কাচিৎ ‘আপুনি’ সম্বোধন কৰাজনকো তৃতীয় পুৰুষত অনায়াসে ‘সি’ আৰু ‘তাই’ বুলিহে কোৱা শুনা যায়। এয়া ভাষাৰ অজ্ঞতাই অকল নহয়, সংস্কাৰহীনতাৰো পৰিচায়ক। এনে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উৎকৃষ্ট ফলাফলৰ বাবে সম্বৰ্ধিত হৈ নিজ অভিমত ব্যক্ত কৰি কোৱা শুনা যায়- ‘ছাৰহঁতে বা মেমহঁতে বহুত মৰম কৰিছিল’, ‘মা-দেউতাহঁতে যথেষ্ট উৎসাহ দিছিল’ ইত্যাদি। এই ‘হঁত’ প্ৰত্যয় তুচ্ছ্যাৰ্থত ব্যৱহৃত হয়। আচলতে হ’ব লাগিছিল ‘ছাৰসকলে’, ‘মেমসকলে’ এনেকুৱাহে। অসমীয়া ভাষাত ইতিমধ্যেই খুঁটি পুতি বহি লোৱা আন এক অতি শ্ৰুতি কটু ক্ৰিয়াবাচক শব্দ হ’ল ‘বনোৱা’। এই ‘বনোৱা’ শব্দটো সকলো কাৰ্যতে প্ৰায়সকল অসমীয়াৰ মুখত আখৈ ফুটাদি ফুটে। ঘৰো বনায়, ভাতো বনায়, চাহো বনায়, পিঠাও বনায়, বেৰ বনায়, কাপোৰ বনায়, চুলিও বনায়, ৰভাখনো বনায়, গাড়ীখনো বনায়, তৰকাৰিও বনায়- মুঠতে সকলো বনায়। এই আটাইবোৰ কাৰ্যৰে অতি সুন্দৰ ক্ৰিয়াৰূপ অসমীয়া ভাষাত আছে। যেনে- ঘৰ সাজে, ভাত সিজায়, চাহ পগায়, পিঠা অঁতায়, বেৰ বান্ধে, কাপোৰ বয়, চুলি চুছে, ৰভা সাজে, গাড়ী সাজে, তৰকাৰি ৰান্ধে ইত্যাদি। কিন্তু সকলো যেন এতিয়া পাহৰণিৰ গৰ্ভত নিমজ্জিত। আজিকালি হাট-বজাৰ বুলি নকৈ ‘মাৰ্কেট’ বুলি কৈ, পাচলি নকৈ ‘চবজি’ বুলি কৈ, তৰকাৰি নকৈ ‘ভাজি’ বুলি কৈ ভাল পোৱা অসমীয়াৰ সংখ্যা বেছি। এয়া এটা ঐতিহ্যমণ্ডিত সমৃদ্ধ ভাষাৰ বাবে মুঠেত শুভ লক্ষণ নহয়। ছাত্ৰ-ছাত্ৰীসকল এইক্ষেত্ৰত অধিক সজাগ হোৱাটো বাঞ্ছনীয়। লেখক : ড° তাৰিণীকান্ত হালৈ(শিক্ষা বাৰ্তা)