অংশগ্ৰহণকাৰী: ৩০-৪০ সময়: ৩০ মিনিট উদ্দেশ্য: একঘেয়া পৰিৱেশ সলনি কৰা। উৎসাহ বঢ়োৱা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ থিয় হৈ লওক। যিজনে খেলটো খেলাব, তেওঁ মাজলৈ আহিব। তেওঁ ক’ব, ‘কিমান ভাই কিমান’। ঘূৰণীয়াকৈ থিয় হৈ থকাসকলে ক’ব ‘আপুনি যিমান বিচাৰে সিমান’ আৰু তেওঁলোকে খোজকাঢ়ি থাকিব। এনেদৰে এইটো ক্ৰম দুই বা তিনিবাৰ চলি থাকিব। তাৰ পাছত মাজৰ ব্যক্তিজনে যিকোনো এটা সংখ্যা ক’ব যেনে, তিনি। গোটেইবোৰ এটা দলত তিনিজন হোৱাকৈ ভাগ ভাগ হৈ যাব আৰু যিসকল কোনো দলৰ মাজত নপৰিল, তেওঁলোক মাজলৈ আহিব। ঘেৰটোত অতি কম সংখ্যক মানুহ ৰৈ নোযোৱা পৰ্য্যন্ত এই প্ৰক্ৰিয়াটো বেলেগ বেলেগ সংখ্যাকৈ চলাই যাব পাৰিব। মৰমৰ মেকুৰী অংশগ্ৰহণকাৰী: ৩০-৪০ জন। সময়: ৩০-৪৫ মিনিট। উদ্দেশ্য: সকলোৰে মাজত এটা উৎসাহৰ বাতাৱৰণ অনা। মনোৰঞ্জনৰ লগে লগে সংকোচৰ ভাব আতঁৰোৱা। কেনেকৈ খেলিব সকলোৱে ঘূৰণীয়াকৈ বহক। এজন ঘেৰটোৰ মাজলৈ আহক। তেওঁ হ’ল মেকুৰী। তেওঁ প্ৰত্যেকৰে আগত তিনিবাৰকৈ মেউ মেউ বুলি ক’ব। যিজনৰ আগত তেওঁ মেউ মেউ ক’ব, সেইজনে মেকুৰীজনীৰ হাতত হাত ফুৰাই মৰমৰ মেকুৰীজনী বুলি দুবাৰ ক’ব। যিজনে মৰমৰ মেকুৰীজনী বুলি কওঁতে হাঁহিব, তেওঁ তেতিয়া মেকুৰী হ’ব লাগিব। এনেদৰে খেলটো চলি থাকিব। প্ৰত্যেকৰে লগত চিনা পৰিচয় ভালদৰে হোৱাৰ পাছত, এই খেলটোৰ ৰূপান্তৰ ঘটাব পাৰিব। যিজনে হাঁহে তেওঁক মেকুৰীয়ে মাজলৈ লৈ আনিব আৰু তেওঁৰ বিষয়ে তিনিটা বেয়া কথা ক’ব আৰু তিনিটা ভাল কথা ক’ব। ইয়াৰ পাছত তেওঁ মেকুৰী হ’ব আৰু আগৰ মেকুৰী তেওঁৰ ঠাইত বহি পৰিব। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা