অংশগ্ৰহণকাৰী: ৩০-৪০ জন সময় : ৩০ মিনিট উদ্দেশ্য মিলাপ্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰা। সোনকালে আৰু সহজভাৱে এটা আকৰ্ষণৰ ভাব অনা আৰু এজনে আনজনক জনাৰ সুবিধা দিয়া। নিজৰ ভিতৰত এজনে আনজনৰ কামবোৰৰ বিষয়ে জনা। সংগীজনৰ মুখৰ অংগী ভংগীৰ মাজেৰে তেওঁৰ মনৰ ভাব বুজি পোৱা। মুখখন নেদেখাকৈয়ে মাত আৰু আকৃতিৰ দ্বাৰাই নিজৰ সংগীজনক চিনি পোৱা। নিজৰ সংগীজনৰ ওপৰত আস্থা ৰখা আৰু তেওঁৰ প্ৰতি বিশ্বাসৰ ভাব জগাই তোলা। আলস্য দূৰ কৰা। উত্তেজনা কম কৰা। কেনেকৈ খেলিব সকলোৱে ঘূৰণীয়াকৈ বহি লওক। এজন মানুহ বাহিৰলৈ ওলাই আহিব লাগে। বহি থকা মানুহবোৰক যাতে তেওঁ নেদেখে, এনে এডোখৰ ঠাইলৈ তেওঁ যাব লাগে। এই সময়খিনিতে যিসকল বহি আছে তেওঁলোকৰ মাজত যিকোনো এটা বস্তু (যেনে:ৰবৰ, পেঞ্চিল, চক যিকোনো) দিব লাগে। এতিয়া এই বস্তুটো যিকোনো এজনে লুকুৱাই ৰাখিব। তেওঁ এনেদৰে লুকুৱাব যে কোনেও বস্তুটো নেদেখিব। এতিয়া সকলোৱে একেলগে ক’ব: নেতা নেতা ভেশ সলোৱা। এতিয়া লীডাৰ অৰ্থাৎ যিজনৰ হাতত বস্তুটো থাকে তেওঁ যিকোনো ধৰণৰ কাম কৰিব। যেনে: হাতচাপৰি বজোৱা, সংকেত কৰা, কাৰোবাৰ ভাও দেখুওৱা ইত্যাদি। সকলোৱে তেওঁৰ লগে লগে কৰিব। লীডাৰজনে যি কৰিব, বাকীবোৰেও ঠিক তাকে কৰিব। থিয় হৈ থকা মানুহজনে এই কামবোৰ বা তেওঁলোকৰ হাব ভাববোৰ দেখি ক’ব লাগিব, বস্তুটো কাৰ ওচৰত আছে। তেওঁ বস্তুটো যিজনৰ ওচৰত আছে বুলি কয়, সেইজনৰ সন্মুখত পিঠি দি ল’ব। যদি তেওঁ ঠিকমতে কৈছে, তেন্তে নাম কোৱা মানুহজন ঘেৰৰ মাজত থিয় হ’ব আৰু ইজন তেওঁৰ ঠাইত বহিব। যদি ভুলকৈ কয়, তেন্তে পাছৰজনে আগৰজনৰ গাত লাহেকৈ এটা ঢকা মাৰিব। ধৰাহ’ল, ‘অ’ ঘেৰৰ মাজত আছে। বাকী সকলো বহি আছে। ঘেৰৰ ভিতৰত এজন লীডাৰ আছে, বাকীসকলে তেওঁ যি কৰে তাকেই কৰে। ধৰাহ’ল, ‘অ’ ই ভাবিলে যে ‘ৰ’ লীডাৰ। তেতিয়া ‘অ’ আহি ‘ৰ’ ৰ সন্মুখত পিঠি দি বহি যাব। যদি ‘ৰ’ লীডাৰ নহয়, তেতিয়া ‘অ’ ৰ পিঠিত এটা ঢকা মাৰিব। তেতিয়া ‘অ’ ই আকৌ লীডাৰ কোন বিচাৰিব লাগিব। যেতিয়া তেওঁ লীডাৰজনক বিচাৰি পায়, তেতিয়া তেওঁ সেইজনৰ ঠাইত বহিব আৰু লীডাৰজনে তেওঁৰ ঠাইলৈ আহিব। এই খেলটো সকলোৰে লগতে খেলিব পৰা যায়। সাৱধানতা ঘেৰটোৰ বাহিৰত থকাজনে যেতিয়া বস্তু লুকুওৱা হয়, তেতিয়া চাব নালাগে। যেতিয়া থিয় হৈ থকাজনে লীডাৰজনৰ ফালে পিঠি দি থাকে, তেতিয়াহে তেওঁ তেওঁৰ কাম আৰম্ভ কৰিব লাগে। থিয় হৈ থকাজনে একেফালে মুখ কৰি একে ঠাইতে ৰৈ থাকিব নালাগে। কামবোৰ সোনকালে সলাব লাগে। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা