মই যি কৰোঁ, তুমিও কৰা অংশগ্ৰহণকাৰী: ৩০ জন সময়: ৩০ মিনিট উদ্দেশ্য: আনন্দদায়ক পৰিৱেশ এটা গঢ়ি তোলা। শাৰীৰিক কাম-কাজৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহি বা থিয় হৈ লওক। প্ৰত্যেকজনে মাজলৈ আহি নিজৰ নাম ক’ব। যি কাম কৰি ভাল পায়, সেই কামটো কৰি দেখুৱাব। সেই কামটো আন সকলোৱে কৰি দেখুৱাব। সাৱধানতা: এই খেলটোত বেছিভাগ বয়স্ক পুৰুষ মহিলাই কোনো কাম কৰি নেদেখুৱায়। তেওঁলোকক উৎসাহিত কৰিব লাগে। একেটা কামকে বাৰে বাৰে কোনেও যাতে নকৰে লক্ষ্য কৰিব। কাণে কাণে কোৱা কথা উদ্দেশ্য: কোনো কথা ভালদৰে বুজিবলৈ সেই কথাটো আগতে আমি নিজে ভালদৰে শুনি বুজিব লাগে। এই খেলটোৱে উৰা বাতৰি কেনেকৈ বিয়পে, সেই কথাটো বুজায়। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহি লওক। এজনে এটা বাক্য বা শব্দ কাষত বহি থকাজনৰ কাণে কাণে কওক। প্ৰত্যেকজনে নিজৰ ওচৰত বহাজনে কোৱা সেই বাক্যটোকে আনটো কাষত বহাজনৰ কাণে কাণে কৈ যাওক। এতিয়া শেষৰজনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনকে সোধক-তেওঁক কি শুনিলে। টোকা: ইয়াৰ দ্বাৰা শব্দ বা বাক্যটো কোনখিনিত হ’ল সেইটো জনা যাব। এজনে নিজে শুনা কথাটো জানি বুজি বা ভুলকৈ শুনি তাৰ বেলেগ অৰ্থ উলিয়াই আনজনৰ আগত কয়। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা