পুৰণি অসমত সাঁচিপাত-তুলাপতীয়া পুথিত যি চিয়াঁহীৰে লিখা হৈছিল, সেই চিয়াঁহী থলুৱাভাৱে প্ৰস্তুত কৰি লোৱা হৈছিল। সেই চিয়াঁহিৰ কেঁচা সামগ্ৰী আছিল শিলিখা। আঘোণ-পুহ মাহত শিলিখা কিছু সংগ্ৰহ কৰি কটাৰীৰে গাত দুই-তিনিটা আঁক দি দুই তিনিদিন ৰ’দত শুকাই লৈ এটা মাটিৰ পাত্ৰত সেইবোৰ ডুব যোৱাকৈ পানী ঢালি কেইদিনমান থৈ দিব লাগে। তাৰ পিছত তাক ৰাতি নিয়ৰত চাং এখনত তুলি থৈ তাৰ তলত ৰাখিব লাগে পৰিষ্কাৰ পাত্ৰ এটি। মাটিৰ পাত্ৰৰপৰা তলৰ পাত্ৰত নিগৰি পৰা ৰসেই আচল চিয়াঁহি। কোনো কোনোৱে তাত হিৰাক্চ অথবা কুচিয়াৰ তেজো মিহলি কৰিছিল। এই চিয়াঁহী দীৰ্ঘম্যাদী। পানী পৰিলেও সি নিষ্প্ৰভ নহয়। চিয়াঁহি প্ৰস্তুতৰ আন দুটি প্ৰণালী কালিৰাম মেধিদেৱে ‘লিখাৰ সঁজুলি’ত দিছে। সেয়া হ’ল – এক সেৰ শুকান শিলিখা, চাৰি সেৰ পানী আৰু আধাসেৰ গৰুৰ মূত পুৰণি মাটিৰ পাত্ৰ এটাত ভৰাই বাহিৰত চাং এখন পাতি, পাত্ৰৰ মুখখন কাপোৰেৰে বান্ধি থব লাগে। ৰাতি তাত নিয়ৰ পৰিবলৈ ঢাকনিখন আঁতৰোৱা ভাল। সাত-আঠ দিন পিছত কাপোৰেৰে চেকি শিলিখাবোৰ পেলাই দিব লাগে। ৰসখিনি পূৰ্বৰ নিয়মে নিয়ৰত তিনি-চাৰি দিন ৰাখি চেকি ৰখা দৰকাৰ। যেতিয়া শিলিখাৰ ৰসখিনি শুকাই গোট মাৰিব, তেতিয়া এটা চুঙাত ভৰাই থলেই হ’ব লিখাৰ উপযোগী মহী। শুকান আমলখি এসেৰ, চাৰি সেৰ পানীত তিয়াই এটা লোৰ পাত্ৰত ছাঁত থৈ দিব লাগে। সাত দিনৰ মূৰত চেকি আমলখিবোৰ পেলাই লৈ ৰসখিনি আগৰ পাত্ৰটোতে সাত দিনমান ৰাখি নিতৌ কাপোৰেৰে চেকিব লাগে। সাত দিন মান পিছত সি হৈ পৰে লিখাৰ উপযোগী। বংগদেশত এই পদ্ধতিৰে কৰা চিয়াঁহীৰে তালপাতত লিখিছিল। সাঁচিপতীয়া পুথি এখনিত চিয়াঁহি আওতাবৰ কথা লিখিছে এনেদৰে– ‘তুতিয়া– ২ তো, মধুফুল ২ তো ভিনে ভিনে খুন্দি থব = পানী কিচো দি থব = ৰংগ নোলায় মানে খই ৩ তো পানীয়েৰে বাটি পাছে তুতিয়া ৰহত লোৰ চৰুত নিমৰ মাড়িয়েৰে লাৰি পাগিব যা ৫২ তো পানীএৰে বাটি থব ৰংগ নোলাই মানে = মধুফুলৰ ৰহেৰে নিমৰ মাড়িএড়ে ৭ বাৰ = তেবে সিয়াহি হব পানীত কাকত পড়িও নমৰে আখৰ ।। মৰাৰ পাখি জেন চিকিমিকি দেই’। লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।