ফল আৰু পাচলিৰ পাৰ্থক্য কি? ফুলৰ পৰা হোৱা আৰু গুটি থকা কাণ্ড উদ্ভিদৰ মঙহাল অংশকে ফল বুলি কোৱা হয়। আনহাতে পাচলিবোৰ হ’ল কোমল গা-গছৰ উদ্ভিদ। ইহঁতৰ কঠুৱা পেশী খুব কমকৈ থাকে বা নাথাকিবও পাৰে। উদ্ভিদবিজ্ঞানীসকলৰ মতে, বীজধাৰণ কৰা গছৰ অংশটোৱে ফল। তেওঁলোকে ফলক তিনিটা প্ৰধান ভাগত ভগাইছে: মঙহত গুটি থকা মঙহাল ফল; যেনে-কমলা, পনিয়ল আদি। টান গুটি থকা ফল, যেনে: প্লাম, পিচ, বগৰী, বকুল, খেজুৰ আদি। শুকান ফল যেনে, ধান, মটৰ মাহ, লেছেৰামাহ, নাৰিকল, তামোল আদি। মটৰ মাহ আৰু লেছেৰামাহক আমি পাচলি হিচাবে ব্যৱহাৰ কৰো। গতিকে ইহঁতক ফলৰ শাৰীত ধৰাটো আচৰিতজনক যেন লাগিলেও ইহঁতৰ গুটি থাকে বাবেই ফলৰ শাৰীত স্থান পাইছে। ঠিক সেইদৰে তিয়হো হ’ল এবিধ ফলহে। তদুপৰি বিভিন্ন অঞ্চলৰ খাদ্য অভ্যাস ভিন ভিন। সেইবাবে একেডাল গছৰে খাব পৰা অংশখিনি কোনো অঞ্চলত যদি পাচলি হিচাবে ব্যৱহাৰ কৰা হয়, আন ঠাইত হয়তো ব্যৱহৃত হ’ব ফল হিচাবে। ফল আৰু পাচলি এটা বিষয়ত একে। সেইটো হ’ল উভয়ে আমাক খনিজাত দ্ৰব্য আৰু ভিটামিনৰ যোগান ধৰি স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। লেখিকাৰ নাম: বৰ্নালী শৰ্মা