অসমৰ নদ-নদীসমূহ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নদী। ব্ৰহ্মপুত্ৰক পুৰণি অসমত লৌহিত্য আৰু লুইত নামেৰে জনা গৈছিল। তীব্বতৰ চেমা য়ুং দুং নামৰ হিমবাহটি হ’ল ব্ৰহ্মপুত্ৰ নদীৰ উত্স। তীব্বতত ইয়াক চাংপো নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেদি বৈ গৈছে। ব্ৰহ্মপুত্ৰ ভাৰতৰ একমাত্ৰ পুৰুষ নদী। ব্ৰহ্মপুত্ৰত পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ মাজুলী অৱস্থিত। ব্ৰহ্মপুত্ৰই অসমক উত্তৰপাৰ আৰু দক্ষিণপাৰ হিচাপে দুভাগ কৰিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহ হৈছে- সোৱণশিৰী, জীয়াভৰলী, ধনশ্ৰী, বৰনদী, পাগলদিয়া, চাউলখোৱা, মানাহ, গাভৰু, চম্পাৱতী আৰু সোণকোষ। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ উপনৈসমূহ হৈছে- বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰী, কলং, সোণাই, দিগাৰু, ভৰলু, কৃষ্ণাই, দুধনৈ আদি। ব্ৰহ্মপুত্ৰৰ মুঠ ৯০ খন সৰু-বৰ উপনৈ আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত ভালেমান দলং নিৰ্মাণ কৰা হৈছে। গুৱাহাটীত থকা শৰাইঘাট দলং হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। কলীয়াভোমোৰা সেতুৱে অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। সেইদৰে বগীবিল দলঙে ধেমাজী আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আনবোৰ প্ৰধান দলং হৈছে- ধলা-শদিয়া দলং, নৰনাৰায়ণ সেঁতু আৰু নতুন শৰাইঘাট দলং।বৰাক নদী অসমৰ দক্ষিণ অংশত অৱস্থিত। নাগালেণ্ড আৰু মণিপুৰ ৰাজ্যৰ মাজৰ মৰাম নামৰ অঞ্চলটোৰ পৰা ইয়াৰ উত্পত্তি হৈছে। বৰাক নদী অসমৰ কাছাৰ জিলাৰ মাজেৰে বৈ গৈছে। সোণাই, ঘাগৰা, কাটাখাল, ধলেশ্বৰী, জিৰি, চিৰি, মধুৰা, জাতিংগা আদি বৰাক নদীৰ প্ৰধান উপনৈ। বৰাক নদীৰ প্ৰায় ২৭ খন উপনৈ আছে। অনুশীলনীঃ ১. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঁ। (ক) অসমৰ দুখন প্ৰধান নদীৰ নাম লিখাঁ। (খ) ভাৰতৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম কি? (গ) পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি? (ঘ) ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন দলঙৰ নাম লিখাঁ। (ঙ) বৰাক নদী অসমৰ কোন অংশত অৱস্থিত? ২. খালী ঠাই পূৰ কৰাঁ। (ক) ব্ৰহ্মপুত্ৰক পুৰণি অসমত লৌহিত্য আৰু ............... নামেৰে জনা গৈছিল। (খ) ব্ৰহ্মপুত্ৰত পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ ................. অৱস্থিত। (গ) গুৱাহাটীত থকা .................. দলং হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। (ঘ) বৰাক নদী অসমৰ.................. অংশত অৱস্থিত। (ঙ) বৰাক নদী অসমৰ ............ জিলাৰ মাজেৰে বৈ গৈছে।