ধ্ৰুপদী ভাষা কি : ২০২৪ চনৰ ৩ অক্টোবৰৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে আছিল এটা ঐতিহাসিক দিন। এই দিনটোতে অসমীয়া ভাষাই কেন্দ্ৰীয় চৰকাৰৰপৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছিল। অসমীয়া ভাষা-সাহিত্য সাধকসকলৰ সাধনা আৰু ত্যাগৰ বাবে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে। ৩ অক্টোবৰ তাৰিখে অসমীয়াৰ লগতে ধ্ৰুপদী মৰ্যাদা লাভ কৰা ভাৰতৰ আন কেইটামান ভাষা হৈছে— বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত । ইয়াৰ আগতে ছটা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছিল। সেই ভাষাকেইটা হ’ল— তামিল (২০০৪), সংস্কৃত (২০০৫), তেলেগু (২০০৮), কন্নড় (২০০৮), মালায়ালম (২০১৩), উড়িয়া (২০১৪)। বৰ্তমান ধ্ৰুপদী ভাষাৰ মাৰ্যাদা প্ৰাপ্ত ভাৰতৰ সৰ্বমুঠ ভাষা হ’ল এঘাৰটা। ধ্ৰুপদী ভাষাৰ ইংৰাজী প্ৰতিশব্দ Classical Language । ধ্ৰুপদী শব্দৰ অৰ্থ হৈছে উচ্চ বা শাস্ত্ৰীয়; কিন্তু এই শব্দই প্ৰচলিত বা অপ্ৰচলিত তাক ভাগ কৰি নেদেখুৱায়। ধ্ৰুপদী শব্দই প্ৰাচীন আৰু উচ্চ লক্ষণকহে বুজায়। যিবোৰ ভাষা বহু শতাব্দী ধৰি নিজস্ব ঐতিহাসিক পৰম্পৰা, সাহিত্যিক সমল আৰু লিখিত নিদৰ্শনেৰে সমৃদ্ধ হৈ বৰ্তমানে এক শক্তিশালী স্বতন্ত্ৰ ভাষা হিচাপে বৰ্ত্তী আছে, সেই ভাষাবিলাকেই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবৰ যোগ্য। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে ভাষাটোৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকিব লাগিব। সেই বৈশিষ্ট্যসমূহ এনেধৰণৰ— ১. ভাষাৰ ১৫০০ বছৰৰপৰা ২০০০ বছৰ বা তাতকৈও পুৰণি লিখিত সমল থাকিব লাগিব। ২. ভাষাটোৰ অতি উচ্চ পৰ্যায়ৰ সাহিত্যিক পৰম্পৰা থাকিব লাগিব। ৩. ধ্ৰুপদী ভাষাৰ স্বীকৃতি দাবী কৰা ভাষাটোৰ লিখিত সমল, সাহিত্য-সংস্কৃতি বৰ্তমানেও চৰ্চিত হৈ থাকিব লাগিব। ৪. ধ্ৰুপদী বুলি চিহ্নিত একোটা ভাষাৰ প্ৰাচীনতম ৰূপৰ সৈতে বৰ্তমানৰ ৰূপৰ পাৰ্থক্য থাকিব লাগিব ৷ অসমীয়া ভাষাৰ ঐতিহাসিক প্ৰেক্ষাপট : ভাষা এটাৰ ঐতিহাসিক বিৱৰ্তনৰ কথা জানিবলৈ হ’লে সেই ভাষাৰ ঐতিহাসিক সমল যেনে- শিলালেখ, তাম্ৰলেখ, প্ৰাচীন পুথিৰ পাণ্ডুলিপি আদি পুৰাতাত্ত্বিক দিশসমূহ বিশ্লেষণ কৰি চাব লাগিব। কেৱল শিলালেখ বা তাম্ৰলেখেই সৰ্বোৎকৃষ্ট সমল বুলি ক’ব নোৱাৰি। ইয়াৰ লগতে বিভিন্ন লোকগাথা, লোকপৰম্পৰা, পুৰাণ আৰু মহাকাব্যত বৰ্ণিত বিষয়সমূহো বিশ্লেষণ কৰি চোৱা প্ৰয়োজন। অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ প্ৰাক্ বৈদিক আৰু বৈদিক যুগৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰি। অসমীয়া ভাষৰ মূল ভাৰতীয় আৰ্যভাষা। ভাৰতীয় আৰ্যভাষাৰপৰা বিকশিত হোৱা আন আন ভাৰতীয় ভাষাতকৈ অসমীয় ভাষাৰ বিকাশ পৃথক। অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত বাণীকান্ত কাকতিয়ে কৈছে— ‘‘অসমীয়া ভাষাটো বঙলা ভাষাৰপৰা ওলোৱা নাই নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰে সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্ৰংশৰ উপভাষা।’’[1] খ্ৰীষ্টীয় চতুৰ্থ শতিকাত উদ্ধাৰ হোৱা উমাচল লিপি আৰু নগাজৰী খনিকৰ গাঁৱৰ শিলালিপিত অসমীয়া ভাষাৰ প্ৰাচীনত্ব প্ৰতিষ্ঠা হৈছে। এই নিদৰ্শনৰপৰা প্ৰাচীন অসমীয়া ভাষাৰ ব্যৱহাৰিক ৰূপটো চতুৰ্থ শতিকাৰো আগৰ বুলি ক’ব পাৰি। সপ্তম শতিকাৰ চীনা পৰিব্ৰাজক হিউয়েনচাঙে অসমীয়া ভাষাৰ সম্পৰ্কে কৰা উক্তি অসমীয়া ভাষা সম্পৰ্কীয় প্ৰথম উক্তি। তেওঁ নিজৰ টোকাত লিখিছিল যে কামৰূপৰ মানুহৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ। গতিকে অসমীয়া ভাষাৰ ইতিহাস বিচাৰি চতুৰ্থ শতিকাৰ আগলৈকে যাব লাগিব। অসমীয়া ভাষাৰ প্ৰাচীনত্ব নিৰূপণৰ বাবে মহাকাব্য, বেদ, পুৰাণ-উপপুৰাণসমূহৰ লগতে বিভিন্ন লোক-কথা, লোক-পৰম্পৰা আদিত যুগ যুগ ধৰি সংৰক্ষিত হৈ অহা সমলবোৰে বিশেষভাৱে সহায় কৰিছে। প্ৰাচীন কাব্য, পৰিব্ৰাজকৰ টোকা, ৰাজনৈতিক ঘটনাৱলী উল্লেখ থকা বিভিন্ন পুৰাতাত্ত্বিক সমলে প্ৰাচীন অসমৰ জনগাঁথনি, সংস্কৃতি, জাতি গঠন প্ৰক্ৰিয়া, অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰাৰ স্পষ্ট পৰিচয় বহন কৰিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ আঁৰৰ কথা : ‘‘অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰা তেনেই উজু নাছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২০২০ চনৰ প্ৰাৰম্ভতে (সেই সময়ত তেখেত আছিল অসমৰ শিক্ষামন্ত্ৰী) অসমীয়া ভাষাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক মৰ্যাদাপূৰ্ণ স্থানত অধিষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা অনুসৰি অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় গৱেষণাৰ লগতে পদ্ধতিগত দস্তাবেজ প্ৰস্তুতৰ বাবে তেখেতে শিক্ষা বিভাগৰ অধীনস্থ ‘অসম প্ৰকাশন পৰিষদ’ক দায়িত্ব দিছিল। অসম প্ৰকাশন পৰিষদে এই ক্ষেত্ৰত সঠিক দিশত গৱেষণা আৰু পদ্ধতিগত কাম আগবঢ়াই নিয়াৰ বাবে ২০২০ চনৰ মাৰ্চত উৰিষ্যাৰ ভাষাবিদ দেৱীপ্ৰসন্ন পট্টনায়ক ডাঙৰীয়াৰ সৈতে সভাত মিলিত হৈছিল। ভাষাবিদ পট্টনায়ক ডাঙৰীয়া আছিল উড়িয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত উৰিষ্যা চৰকাৰৰ অন্যতম পৰামৰ্শদাতা তথা উড়িয়া ভাষাৰ দস্তাবেজৰ মুখ্য গৱেষক। ২০২০ চনৰ মাৰ্চৰপৰা আৰম্ভ হোৱা ক’ভিড অতিমাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত গৱেষণাৰ কাম বাধাগ্ৰস্ত হৈছিল যদিও ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰি পুনৰ শিক্ষা বিভাগক এই দিশত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে পৰামৰ্শ দিছিল। মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু মহত্বৰ প্ৰয়োজনীয় দস্তাবেজ অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি শিক্ষা বিভাগক জমা দিয়ে। তাৰ পাছতেই অসমৰ শিক্ষা বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ বাবে আবেদন কৰাৰ লগতে আবেদনৰ সৈতে দস্তাবেজ দাখিল কৰে। অসম চৰকাৰৰ আবেদনৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰে অতি কম সময়ৰ ভিতৰতে কেন্দ্ৰীয় নেতৃত্ব তথা প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভৰ যুক্তিযুক্ততা অৱগত কৰে। কেন্দ্ৰীয় চৰকাৰে যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে অৱশেষত বহু প্ৰতীক্ষিত ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষাৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো প্ৰদান কৰে।’’[2] অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি উলিওৱা অসমীয়া ভাষাৰ দস্তাবেজখন মূলতঃ ছটা অধ্যায়ত বিভক্ত কৰা হৈছে। সেই অধ্যায়সমূহ এনেধৰণৰ— ১. প্ৰথম অধ্যায় : প্ৰাগজ্যোতিষ-কামৰূপ-কমতাৰপৰা অসম ২. দ্বিতীয় অধ্যায় : অসমীয়া ভাষাৰ ইতিহাস আৰু ক্ৰমবিকাশ ৩. তৃতীয় অধ্যায় : অসমীয়া সাহিত্যৰ উৎপত্তি আৰু ক্ৰমবিকাশ ৪. চতুৰ্থ অধ্যায় : প্ৰাগৈতিহাসিক অসম ৫. পঞ্চম অধ্যায় : অসমৰ ধ্ৰুপদী ইতিহাস আৰু ভাৰতীয় সভ্যতাৰ সৈতে ইয়াৰ সম্পৰ্ক ৬. ষষ্ঠ অধ্যায় : প্ৰাচীন অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় বৈশিষ্ট্য ধ্ৰুপদী মৰ্যাদা পালে অসমীয়া ভাষাৰ কি লাভ হ’ব : গৱেষণা আৰু অধ্যয়নৰ বিস্তৃতি : ধ্ৰুপদী ভাষাৰ মর্যাদা লাভ কৰা ভাষাসমূহৰ গৱেষণা আৰু অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশাল ধনৰাশি প্ৰদান কৰে । গতিকে অসমীয়া ভাষাৰ গৱেষণাৰ বিস্তৃতি বৃদ্ধি হব। ভাষাৰ সংৰক্ষণ আৰু সমৃদ্ধি : ধ্ৰুপদী ভাষাৰ মর্যাদা লাভে প্ৰাচীন অসমীয়া সাহিত্য আৰু লিখিত সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব । বৰ্তমান সময়ত অসমীয়া ভাষা লুপ্ত বা সংকটাপন্ন হোৱাৰ বিপদজনক সম্ভাৱনাৰপৰা এই স্বীকৃতিয়ে ৰক্ষা কৰিব । সাহিত্যিক আৰু সাংস্কৃতিক সমৃদ্ধি : ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ ফলস্বৰূপে সাহিত্যিক আৰু সাংস্কৃতিক দিশত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব । উচ্চ শিক্ষানুষ্ঠানত আসন আৰু অধ্যয়ন ক্ষেত্ৰ সৃষ্টি: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদাপ্ৰাপ্তিয়ে শিক্ষাৰ্থীসকলৰ বাবেও নতুন বিদ্যায়তনিক সুযোগৰ সৃষ্টি কৰিব । ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকত একোখনকৈ অসমীয়া ভাষাৰ অধ্যাপকৰ আসন থাকিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমীয়া ভাষাৰ বিকাশ আৰু সমৃদ্ধিৰ কাৰণে ক্লাছিকেল আছামিজ নামেৰে এটি গৱেষণা প্ৰতিষ্ঠান গঢ় লৈ উঠিব। অসমীয়া ভাষাৰ ঐতিহ্য আৰু গৌৰৱ ৰক্ষা কৰি ভাষাটো আৰু অধিক শক্তিশালী কৰি তোলা প্ৰতিজন অসমীয়া লোকৰ দায়িত্ব আৰু কৰ্তব্য। বৰ্তমান কথিত অসমীয়ৰ ৰূপটো লক্ষ্য কৰিলে তাত ইংৰাজী ভাষাৰ শব্দৰ পয়োভৰে ভাষাটো বেসুৰীয়া কৰি তোলা দেখা যায়। বহুলভাৱে ব্যৱহৃত ইংৰাজী শব্দই আমাৰ থলুৱা ঘৰুৱা শব্দবোৰ মাৰি পেলাইছে। বহুত শব্দ ব্যৱহাৰৰ অভাৱৰ বাবে কেৱল অভিধানৰ পাততহে ইতিহাস হৈ থাকি যাব। অসম চৰকাৰে ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছত অসম চৰকাৰৰ উদ্যোগত অসমৰ সমৃদ্ধ ভাষিক ঐতিহ্য আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ উপলক্ষে সপ্তাহজোৰা ‘ভাষা গৌৰৱ সপ্তাহ’ ৩ নৱেম্বৰৰপৰা ৯ নৱেম্বৰলৈ পালন কৰিলে। এই সপ্তাহত অসমীয়াকে ধৰি ৰাজ্যত প্রচলিত জাতি-জনগোষ্ঠীসমূহে তেওঁলোকৰ ভাষা উদযাপন কৰি আৰু ইয়াক সংৰক্ষণৰ হেতু প্রতিশ্রুতিবদ্ধ হোৱাৰ লক্ষ্যৰে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰে। শতিকাযোৰা ইতিহাস বহন কৰি ধ্ৰুপদীৰ মৰ্যাদাৰে মহিমামণ্ডিত চিৰ চিনেহী আমাৰ অসমীয়া ভাষা বিশ্ব দৰবাৰত জিলিকি থকাটো প্ৰতিজন অসমীয়া কাম্য হওক।