অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (অৱস্থিতি: গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ জিলা) মাটিকালি: ৪৩০ বর্গ কিলোমিটাৰ (২০২১-২২)। বৃহৎ এশিঙীয়া (খৰ্গ) গঁড়ৰ বাসস্থান। ১৯০৮ চনত এই অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰা হয়। ১৯১৬ চনত কাজিৰম্ভাক Game Sanctuary হিচাপে, ১৯৫০ চনত বন্যপ্রাণী অভয়াৰণ্য হিচাপে আৰু ১৯৭৪ চনৰ ১ জানুৱাৰীত ইরাক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য বন্যপ্রাণী: বৃহৎ ভাৰতীয় এশিঙীয়া গঁড়, হলো বান্দৰ, ভালুক, ম'হ বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বিভিন্ন প্রজাতিৰ বগলী আৰু অন্যান্য, চৰাই, ভাৰতীয় অজগৰ, বাঘ আদি। ১৯৮৫ চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ররূপে (World Heritage Site) স্বীকৃতি দিয়ে। ২০০৭ চনৰ ৩ আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্র প্রকল্পৰো অন্তর্ভুক্ত কৰা হৈছে। ২০১০ চনৰ ৩০ এপ্ৰিলত প্রকাশিত এক তথ্য অনুসৰি কাজিৰঙাত বাসৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সর্বাধিক, প্রতি এশ কিলোমিটাৰত ৩২টা। মানাহ ৰাষ্ট্ৰীয় উদ্যান ( অৱস্থিতি: চিৰাং, বাকচা জিলা) মাটিকালিঃ ৫০০ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯২৮ চনত ইয়াক অভয়াৰণ্যৰূপে আৰু ১৯৭৩ চনত লুপ্তপ্রায় ঢেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে মানাহ 'প্রজেক্ট টাইগাৰ' অথবা ব্যাঘ্ৰ প্রকল্প'ৰ অন্তর্ভুক্ত হয়। উল্লেখনীয় প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে ১৯৮৫ চনৰ পৰা মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰাৰ অন্তৰ্ভূক্ত কৰা হৈছে। মানাহ ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক পুষ্পাপ্য প্রজাতিৰ বন্যপ্রাণীৰ আশ্রয়স্থল। ইয়াত ২২ টা প্ৰজাতিৰ বিপদাপন্ন বন্যপ্রাণী আছে। ১৯৯০ চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য বন্যপ্রাণীঃ বাঘ, গড়, হাতী, মেথোন, পহু, সোণালী বান্দৰ, ম'হ, বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু অন্যান্য জলচৰ আৰু স্থলচৰ চৰাই, নল গাহৰি, বিভিন্ন প্রজাতিৰ সাপ, খাগৰি কটা পহু, ভালুক আদি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (অৱস্থিতি: ডিব্ৰুগড়, তিনিচুকীয়া জিলা) মাটিকালি: ৩৪০ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৮৬ চনত ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰূপে ঘোষণা কৰে। দুষ্প্রাপ্য দেওহাঁহৰ প্রধান আৱাসভূমিৰূপে এই ৰাষ্ট্ৰীয় উদ্যান স্বীকৃত। উল্লেখযোগ্য বন্যপ্রাণী: বিভিন্ন প্রজাতিৰ বান্দৰ, বিভিন্ন প্রজাতিৰ স্থলচৰ আৰু জলচৰ চৰাই, হৰিণা, বন গাহৰি, বাঘ, বিভিন্ন প্রজাতিৰ সাপ আদি। ১৯৯৯ চনৰ ৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে। ডিব্ৰু-চৈখোৱাই বিশ্বৰ একমাত্র বনাঞ্চল, য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান (অৱস্থিতি: দৰং, শোণিতপুৰ জিলা) মাটিকালি: ৭৮.৮১ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়। ১৯৯৯ চনৰ ১৩ এপ্ৰিলৰ দিনা এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে। উল্লেখযোগ্য বন্যপ্রাণী: বাঘ, বন গাহৰি, খটীয়া পহু, হাতী, কাৰীয়া মেকুৰী, বিভিন্ন প্রজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্থলচৰ-জলচৰ চৰাই, হৰিণা আদি। ইয়াৰ উপৰি ওৰাং বৃহৎ এশিঙীয়া গঁড়ৰো অন্যতম প্রাকৃতিক আৱাসভূমি। নামেৰী ৰাষ্ট্ৰীয় উদ্যান (অৱস্থিতি: শোণিতপুৰ জিলা) মাটিকালি: ২০০ বর্গ কিলোমিটাৰ (২০২১-২২)। প্রথম অৱস্থাত নামেৰী সংৰক্ষিত বনাঞ্চলহে আছিল। ১৮৭৮ চনৰ ১৭ নৱেম্বৰত ইয়াক নদুৱাৰ বনাঞ্চল বুলি ঘোষণা কৰা হয়। পাছত এই নদুৱাৰ বনাঞ্চলৰ পৰা ১৩৭ বর্গ কিলোমিটাৰ ফালি আনি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত নামেৰী অভয়াৰণ্য মুকলি কৰা হয়। পুনৰ বৰদিকৰাইলৈকে ৭৫ বৰ্গ কিলোমিটাৰ যোগেৰে মুঠ ২১২ বর্গ কিলোমিটাৰ সামৰি ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰীত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাৰম্ভিক ঘোষণা কৰা হয়। ১৯৯৮ চনৰ ৯ ছেপ্টেম্বৰত ইয়াৰ চূড়ান্ত ঘোষণা হয় আৰু ১৯৯৮ চনৰে ১৫ নৱেম্বৰত ইয়াক বাষ্ট্রীয় উদ্যানৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। নামেৰী বহু আপুৰুগীয়া, বিৰল আৰু বিলুপ্তপ্রায় প্রাণীৰ বিচৰণভূমি। ইয়াৰ ভিতৰত অন্যতম হ'ল দেওহাঁহ। নামেৰীৰ আন উল্লেখযোগ্য বন্যপ্রাণীসমূহ হ'ল: ধনেশ পক্ষী, মাটিয়া ভালুক, ক'লা ভালুক, বিভিন্ন প্রজাতিৰ পহু, বিভিন্ন জাতৰ শিলঘৰীয়া মাছ, পখিলা, টুপীমূৰীয়া বান্দৰ, হাতী আদি। ২০০০ চনৰ ১ মাৰ্চৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্র প্রকল্পৰো অন্তৰ্ভূক্ত কৰা হৈছে। দিহিং-পাটকাই ৰাষ্ট্রীয় উদ্যান (অৱস্থিতি: ডিব্ৰুগড়, তিনিচুকীয়া জিলা) মাটিকালি: ২৩৪.২৬ বর্গ কিলোমিটাৰ (২০২১-২২)। দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন উল্লেখযোগ্য বর্ষাৰণ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে বিশ্বপ্রসিদ্ধ আমাজন বর্ষাৰণ্যৰ উপমাৰে ইয়াক 'পূবৰ আমাজন' (The Amazon of the East) বুলি কোৱা হয়। ২০০৪ চনৰ ১৩ জানুৱাৰীত দিহিং-পাটকাইক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যান দিহিং-পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ (Dehing-Patkai El ephant Reserve) এটা অংশ। ২০২১ চনৰ ১৫ জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানকপে ঘোষণা কবে। অৰ্কিডৰ বৈচিত্র্যৰ বাবে দিহিং-পাটকাই বনাঞ্চল অতি প্রখ্যাত। ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্রাণীবোৰ হ'ল: হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী, বনৰৌ আদি। ইয়াত দেখা পোৱা চৰাইবোৰ হ'ল: পাতি শগুণ, দেওহাঁহ, হাড়গিলা, ঈগল আদি। মূলতঃ দিহিং-পাটকাই বনাঞ্চলক সামৰি প্ৰতিবছৰে তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হয় দিহিং-পাটকাই উৎসৱ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (অৱস্থিতি: কোকৰাঝাৰ জিলা) মাটিকালি: ৪২২ বর্গ কিলোমিটাৰ (২০২১-২২)। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত অৱস্থিত ৰাইমনা পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। ২০২১ চনৰ ৯ জুনৰ এক চৰকাৰী নিৰ্দেশনাত পূৰ্বৰ সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। সোণালী বান্দৰৰ আৱাসভূমি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ গছ-গছনি, চৰাই-চিৰিকতি, পখিলা, জীৱ-জন্তু আছে। ইয়াৰ সোণালী বান্দৰক বড়ো ক্ষেত্ৰীয় অঞ্চলৰ শুভংকৰ প্ৰতীক বুলি গণ্য কৰা হয়। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰৰ উপৰি আছে হাতী, বাঘ, নাহৰফুটুকী, গোধা ফুটুকী বাঘ, মেথোন, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ পক্ষী, ১৫০ বিধতকৈ অধিক প্ৰজাতিৰ পখিলা, ১৭০ প্ৰজাতিৰ চৰাই, ৩৮০ প্রজাতিৰ বিভিন্ন উদ্ভিত আৰু অর্কিড পোৱা যায়।