এটা শব্দত প্রকাশ কৰা ধান থোৱা ঘৰ ভঁৰাল এনাই বনাই ঘূৰি ফুৰে যি যাযাবৰ নাম নধৰাকৈ দিয়া গালি গুৱালগালি যি আনৰ অধীন নহয় স্বাধীন যি আনৰ অধীন পৰাধীন গৰু বন্ধা ঘৰ গোহালি ঘোঁৰা বন্ধা ঘৰ অস্তাবল যি পথৰপৰা বিচলিত পথভ্ৰষ্ট যি কথাৰ অৰ্থ নাই অৰ্থহীন যি আনৰ ওপৰত নিৰ্ভশীল পৰনিৰ্ভশীল যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত যাৰ আদি নাই অনাদি যাৰ অন্ত নাই অনন্ত যাৰ সীমা নাই অসীম যাৰ সীমা আছে সসীম যাৰ নাম নাই অনামী যাক বৰ্ণণা কৰিব নোৱাৰি অবৰ্ণনীয় যাক দেখা নাযায় অদৃশ্য যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ যাক সহজে পোৱা যায় সুলভ যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য যাৰ ধাৰ আছে ধৰুৱা যি অলপতে শুনে শহাকণীয়া যাৰ কোনো পক্ষ নাই নিৰপক্ষ যি নিশা চৰে নিশাচৰ যি সহ্য কৰিব পাৰে সহনশীল ভিক্ষা কৰে যি ভিক্ষাৰী যি খুজি মাগী খায় খোজনীয়া, মগনীয়া ভাৱ সম্প্ৰসাৰণ কৰা: অধিক মাছত বগলী কণা : মাছ বগলীৰ অতি প্ৰিয় খাদ্য। মাছ পালে বগলীক আৰু একো নালাগে। কিন্তু পানীত অধিক সংখ্যক মাছ দেখিলে বগলীয়ে কোনটো খাম কোনটো নাখাম থিৰাং (determined)কৰিব নোৱাৰে। ফলত চকুৰ আগতে মাছ পলাই পতং (run away) দিয়ে। বগলীৰ মনৰ আশা (hope) মনতে মৰে। ঠিক একেদৰে যিকোনো বস্তু প্ৰয়োজনতকৈ অধিক পালে মানুহ আনন্দত আত্মহাৰা হৈ নিজৰ মূল দায়িত্ব পাহৰি যায়। হাততে পোৱা বস্তুটোকে পাবলৈ সক্ষম (able) নহয়। সেয়ে অধিক পালে বা দেখিলে আমি আপোন পাহৰা হ'ব নালাগে। নিজৰ লক্ষ্য (aim) সদায় স্থিৰ (fixed) হ'ব লাগে। উপকাৰীক অজগৰে খায়: অজগৰ হৈছে এবিধ বিষাক্ত সাপ। ই মানুহ, জীৱজন্তু সকলোকে ভক্ষণ কৰে। ইয়াক যদি আমি ঘৰত পোহনীয়া প্ৰাণী হিচাপে পালন কৰো, তথাপিও ই নাকামোৰোকৈ নাথাকে। অৰ্থাৎ উপকাৰীজনকো অপকাৰ কৰাটো অজগৰৰ স্বভাৱ। ঠিক একেদৰে পৃথিৱীত এনে কিছুমান লোক আছে, যিসকলে কেতিয়াও উপকাৰীৰ কৃতজ্ঞতা স্বীকাৰ নকৰে। তেনে লোকে উপকাৰীজনে কৰা উপকাৰ পাহৰি যায় । বৰঞ্চ সুবিধা পালে অপকাৰ কৰাৰ কথাহে চিন্তা কৰে। তেনে ধৰণৰ মানুহৰ ক্ষেত্ৰত এই খণ্ডবাক্যটি প্ৰযোজ্য। গোৰ মাৰি গংগাত পেলোৱা: গংগা হিন্দুসকলৰ পবিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ মোচন হয় বুলি আমাৰ সমাজত এক বিশ্বাস প্ৰচলিত হৈ আহিছে। ধৰি ল'লো গংগাৰ পাৰত দুজন ব্যক্তিৰ কাজিয়া লাগিছে। অতিপাত খং উঠাত এজনে আনজনক গোৰ মাৰি দিওঁতে দ্বিতীয় ব্যক্তিজন গৈ গংগাত পৰিলগৈ। গতিকে দ্বিতীয় ব্যক্তিজনে কোনো কষ্ট নকৰাকৈ গংগাত স্নান কৰিবলৈ পালে। লগতে তেওঁৰ পাপো মোচন হ'ল। অৰ্থাৎ প্ৰথম ব্যক্তিজনে বেয়া হওক বুলিহে গোৰ মাৰি গংগাত পেলাইছিল। ইয়াত প্ৰথমজনে বেয়া কৰিম বুলি ভাবিলেও কিন্তু দ্বিতীয়জন ব্যক্তিৰ ভালহে হ'ল। গতিকে কেতিয়াবা গম নোপোৱাকৈ এজনে আনজনৰ অপকাৰ কৰিবলৈ যাওতে উপকাৰহে অধিক হয়। তেনে ক্ষেত্ৰত এই খণ্ডবাক্যটি প্ৰযোজ্য। ৰাইজে নখ জোকাৰিলে নৈ বয়: এটোপ এটোপ পানী লগ হৈ নদীৰ সৃষ্টি হয়। ঠিক সেইদৰে একত্ৰিত হোৱা হাজাৰ হাজাৰ লোকৰ নখৰ আগত উঠা পানীখিনিৰেও একোখন নৈৰ সৃষ্টি হ’ব পাৰে; প্ৰয়োজন মাত্ৰ একত্ৰিত কৰা। এই কথাষাৰৰ অৰ্থ হ’ল যে আমি অকলে কৰিব নোৱাৰা কাম বহুজনৰ সহযোগত অতি সহজে আৰু অনায়াসে কৰিব পাৰোঁ। প্ৰতিজনে সামান্য সহযোগ আগবঢ়ালেও একোটা মহৎ কাৰ্য সম্পাদান কৰিব পাৰি। উদাহৰণস্বৰূপে, এপইচা, দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙনিৰ দ্বাৰাই বৰ্তমান যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। হৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস খাবলৈ সোৱাদ আৰু সহজে হজম হয়। আনহাতে হৰিণা অতি নিৰপৰাধী, নিৰীহ আৰু দেখাতো বৰ শুৱনি। তাৰ মঙহৰ বাবেই তাৰ সৌন্দৰ্যৰ প্ৰতি লক্ষ্য নাৰাখি তাক বধ কৰে। হৰিণা হ’ল বাঘৰ প্ৰিয় খাদ্য। অৰ্থাৎ তাৰ মাংসই হ'ল তাৰ শত্ৰু। সেইদৰে, বহুত মানুহৰ অজস্ৰ সম্পদ থকাৰ বাবেই তাৰ লোভত আৰু হিংসাত শত্ৰু বাঢ়ে। তেওঁৰ বাবে সম্পদেই শত্ৰু। কেতিয়াবা অধিক সম্পত্তি ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। আকৌ সৌন্দযশালী এগৰাকী মহিলাৰ ক্ষেত্ৰত তেওঁৰ সৌন্দৰ্যই তেওঁ শত্ৰু হ’ব পাৰে। গতিকে এনেবিলাক ক্ষেত্ৰত ওপৰোক্ত বাক্যষাৰ প্ৰযোজ্য।