শব্দ আৰু সংগীতৰ ক্ষেত্ৰখনত কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ ঘটোৱা বিষয়টোৱেই হ’ল ছাউণ্ড ইঞ্জিনীয়াৰিং। সাম্প্ৰতিক কালত কেৰিয়াৰ হিচাপে ই ক্ৰমবৰ্ধমান চাহিদাৰ মনোগ্ৰাহী বিষয়। গুৱাহাটীৰ পূব গীতানগৰ(মাদাৰ টেৰেছা পথ)ত অৱস্থিত অ’ডিটেক ষ্টুডিঅ’ত বিশিষ্ট সংগীত পৰিচালক, ছাউণ্ড ইঞ্জিনীয়াৰ ভূপেন উজীৰে এই সকলো পাঠ্যক্ৰমৰে তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে। লগতে ষ্টুডিঅ’ত কৰ্মৰত আন বৃত্তিয়াল লোকৰ পৰাও আনুষংগিক নানা শিক্ষা আহৰণৰ সুযোগ শিক্ষাৰ্থীসকলক দিয়া হয়। বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে চলিত ২০১৬ চনৰ আগষ্টত উল্লিখিত পাঠ্যক্ৰমসমূহৰ শিক্ষাদান আৰম্ভ হ’ব। এই বিষয়ত ইচ্ছুকসকলে নামভৰ্তি প্ৰক্ৰিয়াৰ বিতং তথ্যৰ বাবে ৯৪৩৫১৯২৫৪৭ নাইবা ৯৮৬৪০১৩০৩৬ নম্বৰত ফোনেৰে অথবা auditekschool@gmail.com ঠিকনাত যোগাযোগ কৰিব পাৰে। উল্লেখযোগ্য যে ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমত শব্দগ্ৰহণ, সম্পাদনা, মিক্সিং, মাষ্টাৰিং আদি শিকোৱা হয়, যাতে শিক্ষাৰ্থীৰ সৃজনী প্ৰতিভা আৰু লাভ কৰা প্ৰশিক্ষণে সংগীতৰ বৃত্তিমুখী ক্ষেত্ৰত তেওঁলোকক প্ৰতিষ্ঠা লাভত সহায় কৰে। সংগীতৰ বিশ্বত বিপুল পৰিৱৰ্তন ঘটিছে। সেয়েহে সংগীতজ্ঞৰূপে সফল হ’বলৈ সংগীতৰ তত্ত্ব, ব্যৱস্থাপনা, ছিকুৱেন্সিং, ৰেকৰ্ডিং, মিক্সিং আদিৰ অত্যাধুনিক ইলেক্ট্ৰ’নিক ক্ষেত্ৰখনৰো বিতং জ্ঞানৰ আৱশ্যক। অ’ডিটেক স্কুল অৱ মিডিয়া আৰ্টছৰ ‘মিউজিক প্ৰডাকচন’ৰ পাঠ্যক্ৰম এই ক্ষেত্ৰত সহায়ক। নতুন পাঠ্যক্ৰমসমূহ এনেধৰণৰ- সপ্তাহত তিনি দিনকৈ ছমহীয়া ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ শিক্ষা প্ৰশিক্ষণ সপ্তাহত তিনি দিনকৈ ১৮ মহীয়া মিউজিক প্ৰডাকচনৰ শিক্ষাদান আৰু নুৱেণ্ডো, কিউবেছ, লজিক প্ৰ’ এক্স প্ৰটুল্ছ- এইকেউটা শাখাতে তিনি মাহকৈ সপ্তাহত তিনিদিনীয়া ছফ্টৱেৰ প্ৰশিক্ষণৰ ব্যৱস্থা। লিখক: অৰূপ কুমাৰ ডেকা, অসমীয়া প্ৰতিদিন