জাৰ্ণেলিষ্টৰ কাৰণে শিক্ষাগত অৰ্হতা হ’ব লাগে স্নাতক। কলা, বিজ্ঞান, বাণিজ্য আদি যি কোনো বিষয়েৰে। জাৰ্ণেলিজমৰ ডিপ্লমা ভাৰতৰ কেইবা ঠাইতো শিকোৱা হয়। অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়তো এই ডিপ্লমা শিকোৱা হয়। ইয়াৰ বাহিৰেও যদি আপুনি বাহিৰত পঢ়ি আহিব খোজে তেনেহ’লে জানি থওঁক। ভৱনচ কলেজ অৱ মাচ কমিউনিকেচন, নতুন দিল্লী। পুনা বিশ্ববিদ্যালয় ৰানাদে ইন্সটিটিউট অৱ কমিউনিকেচন এণ্ড জাৰ্ণেলিজমৰ পৰা কমিউনিকেচন এণ্ড জাৰ্ণেলিজমৰ পৰা কমিউনিকেচন এণ্ড জাৰ্ণেলিজমত স্নাতক ডিগ্ৰী ল’ব পাৰি। বানাৰস হিন্দু বিশ্ববিদ্যালয়, বানাৰস। কলেজ অৱ জাৰ্ণেলিজম, এডভাৰটাইজিং এণ্ড প্ৰিন্টিং, বোম্বে। আলোচিত ভাৰতৰ বিশ্ববিদ্যালয় কেইখনৰ উপৰিও বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানৰ যোগেদি ওপৰত উল্লেখ কৰা বিষয়সমূহৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছে। ইন্সটিটিচন অৱ হোটেল মেনেজমেন্ট এণ্ড নিউট্ৰিচন। বিষয়- হোটেল মেনেজমেন্ট, কেটাৰিং টেকন’লজী, ডায়েটিচিয়ান এণ্ড নিউট্ৰিচনিষ্ট। ভৱনচ কলেজ অৱ কমিউনিকেচন এণ্ড মেনেজমেন্ট, চেক্টৰ ৩, চল্ট লেক, কলিকাতা-৬৪। বিষয়- জাৰ্ণেলিজম। পলিটেকনিক নিৰ্মলা নিকেটন, নিউ মেৰাইন লাইনচ, বম্বে-২৯৩২১৭। বিষয়-হেণ্ডিক্ৰাফট, পুতলা সজা, গৃহসজ্জা, ড্ৰেছ মেকিং, সৌন্দৰ্য চৰ্চা, টুৰিজিম। উইমেন্স প্ৰফেচনেল ট্ৰেইনিং ইন্সটিটিউট। ৬, ছৈয়দ আমিৰ আলি এভিনিউ, কলিকাতা-৭০০০১৭। বিষয়-চেক্ৰেটাৰী, কম্পিউটাৰ প্ৰগ্ৰেমাৰ, ৰিচেপচনিষ্ট, ষ্টেনোগ্ৰাফী, বিউটিচিয়ান, নাৰ্ছাৰী, গৃহসজ্জা। ইন্সটিটিউট অৱ হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং টেকন’লজী এণ্ড এমপ্লইজ নিউট্ৰিচন। পি-১৬, তাৰতলা ৰোড, কলিকাতা-৭০০০৮। বিষয়-হোটেল মেনেজমেন্ট, কেটাৰিং টেকন’লজী, ডায়েটিচিয়ান এণ্ড নিউট্ৰিচনিষ্ট। ভকেচনেল ট্ৰেইনিং কলেজ ফ’ৰ উইমেন। নিউ দিল্লী। বিষয়- বিজ্ঞাপনৰ কোৰ্চ, পাবলিক ৰিলেচন, ফটোগ্ৰাফী আদি। ইয়াৰ উপৰিও মনে বিচৰা কেৰিয়াৰ গঢ়িবলৈ বিচাৰে যদি তলৰ ঠিকনালৈ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে। জীৱিকা অধ্যয়নৰ কেন্দ্ৰ। নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় শিলপুখুৰী, গুৱাহাটী-৩, অসম। চিনকোড (যুৱ বিকাশ কেন্দ্ৰ)। চেন্টাৰ ফ’ৰ ইনফৰমেচন এণ্ড কেৰিয়াৰ ডেভেলপমেন্ট। চান্দমাৰী, ৰেডক্ৰচ ৰোডৰ ওচৰত, গুৱাহাটী-৭৮১০০৩, (অসম)। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।