দৈনন্দিন জীৱনত কৰ্মসংস্থাপন বিষয়ক বিভিন্ন সমস্যাই গা কৰি উঠাৰ সময়তেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফ্টি ইঞ্জিনীয়াৰিং-এ। উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে এই প্ৰতিষ্ঠানটোৰ এটা শাখা স্থাপন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ মূল উদ্দেশ্য হ’ল বৃত্তিমুখী পাঠ্যক্ৰম প্ৰদানেৰে যুৱক-যুৱতীসকলৰ মাজত কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়া কোনো এক প্ৰতিষ্ঠানৰ একোজন সুৰক্ষা বিষয়া হ’বলৈ কেনেদৰে প্ৰস্তুতি চলোৱা হ’ব, এই বিষয়ত পাঠদান কৰিব প্ৰতিষ্ঠানটোৱে।

যোগাযোগৰ ঠিকনা

নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফ্টি ইঞ্জিনীয়াৰিঙৰ দ্বাৰা প্ৰদত্ত উপৰোক্ত এই ছয় পাঠ্যক্ৰমৰ আটাইবোৰেই হ’ব AICTE, UGC, DEB আৰু ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰ, নতুন দিল্লীৰ পৰা অনুমোদিত। ইচ্ছুক যুৱক-যুৱতীসকলে প্ৰতিষ্ঠানটোৰ ০৮৪৮৬৩৩১২৪৪ অথবা ০৯২০৫৬০৪৬৭- এই দুটা ফোন নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। অধিক তথ্যৰ বাবে প্ৰতিষ্ঠানটোৰ ৱেবছাইট www.nifsindia.net ত গৈ লগ অন কৰি চাব পাৰিব। প্ৰতিষ্ঠানটোৰ স্থাপিত শাখাৰ ঠিকনা হৈছে আবাস গৃহ- ১৮৪ দ্বিতীয় মহলা, চানমাৰি কলনি, এইচ ডি এফ চি বেংক/অলংকাৰ হোটেলৰ সমীপত, বিপৰীত জাইকা ৰেষ্টুৰেণ্ট, গুৱাহাটী-৭৮১০০৩, অসম।

ছেফ্টি মেনেজমেণ্টত এম বি এ

পাঠ্যক্ৰমৰ সময় সীমা- দুবছৰ

অৰ্হতা- যিকোনো শাখাত স্নাতক বা অধিক।

ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফ্টিত বি এছ চি

পাঠ্যক্ৰমৰ সময় সীমা- তিনি বছৰ

অৰ্হতা- দশম শ্ৰেণী+২ অথবা আই টি আই উত্তীৰ্ণ।

হেল্থ এণ্ড ছেফ্টি এনভাইৰনমেণ্ট মেনেজমেণ্টত পি জি ডিপ্ল’মা

পাঠ্যক্ৰমৰ সময়সীমা- এবছৰ

অৰ্হতা- বিজ্ঞান শাখাত স্নাতক/বি ই/বি টেক অথবা অধিক।

ফায়াৰ এণ্ড ছেফ্টিত পি জি ডিপ্ল’মা

পাঠ্যক্ৰমৰ সময়সীমা- এবছৰ

অৰ্হতা- যিকোনো শাখাত স্নাতক।

হেল্থ এণ্ড ছেফ্টিত পি জি ডিপ্ল’মা

পাঠ্যক্ৰমৰ সময় সীমা- এবছৰ

অৰ্হতা- কোনো এটা প্ৰধান বিষয়ত বিজ্ঞান শাখাত মাধ্যমিক শিক্ষা উত্তীৰ্ণ অথবা আই টি আই।

ফায়াৰ এণ্ড ছেফ্টিত ডিপ্ল’মা

পাঠ্যক্ৰমৰ সময় সীমা- এবছৰ

অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ বা অধিক।

লিখক: অৰূপ কুমাৰ ডেকা, অসমীয়া প্ৰতিদিন।