বর্তমান যুগত ‘ফাইন আৰ্টছ' এটা আকৰ্ষণীয় পাঠ্যক্ৰম-

ফাইন আৰ্টছত কেৰিয়াৰ গঢ়িব খোজাসকলে ফাইন আৰ্টছৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা বন্ধা কথা নাই। কিন্তু ফাইন আৰ্টছৰ বিষয়ে সবিশেষ জানিবৰ বাবে "ফাইন আৰ্টছ'ৰ পাঠ্যক্রম অধ্যয়ন কৰা আৱশ্যকতা আছে। তদুপৰি কোনো উদ্যোগ তথা প্রতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে ‘ফাইন আৰ্টছ'ৰ পাঠ্যক্রম গ্রহণ কৰা প্রমাণ-পত্ৰ থাকিব লাগিব। ফাইন আৰ্টছত কেৰিয়াৰ গঢ়িব খোজা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীর্ণ হোৱা পিছত ফাইন আৰ্টছৰ স্নাতক পাঠ্যক্ৰমত নাম ভর্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘ফাইন আৰ্টছ”ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। ‘ফাইন আৰ্টছ' কেইবাটাও শাখা আছে, যেনে পেইণ্টিং, স্কাল্পচাৰ, ডিজাইনিং, গ্রাফিকছ আদি।

“ফাইন আৰ্টছ”ত কেৰিয়াৰ গঢ়িব খোজাসকলৰ শিক্ষাগতৰ অৰ্হতাৰ বাহিৰেও কিছুমান গুণ থকা দৰকাৰ, যেনে-সৃজনশীলতা, আত্মবিশ্বাস, সূক্ষ্মদৰ্শী, সুন্দৰ নিৰীক্ষণ ক্ষমতা, ভাল যোগাযোগ দক্ষতা থকা, দলগতভাৱে কাম কৰাৰ দক্ষতা থকা, ভাল পৰ্যবেক্ষক আদি।

অসমৰ সকলো জিলাতে ফাইন আৰ্টছৰ শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসম বিশ্ববিদ্যালয় (www.aus.ac.in) ত ভিজুৱেল আৰ্টছ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৪০ খন আৰু স্নাতকোত্ত পাঠ্যক্ৰমত আসনৰ সংখ্যা ৪০ খন৷ ইয়াৰ উপৰি ভিজুৱেল আৰ্টছত পি এইচ ডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। গভর্নমেন্ট কলেজ অৱ আৰ্ট এণ্ড ক্ৰাফ্ট, গুৱাহাটীৰ ফাইন আৰ্টছৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে।

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল-

এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in), অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andrauniversity.edu.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), বাংগালোৰ বিশ্ববিদ্যালয় (www.bangaloreuniversity.ac.in), গোৱা বিশ্ববিদ্যালয় (www.unigoa.ac.in), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in), জামিয়া মিলিয়া ইছলামিয়া(www.jmi.ac.in) কৰ্ণাটক বিশ্ববিদ্যালয় (www.kud.ac.in), কুৰুক্ষেত্র বিশ্ববিদ্যালয় (www.kuk.ac.in), এম এছ ইউনিভাৰ্ছিটী অস্তু বৰ’ডা (www.msubaroda.ac.in), নাগপুৰ বিশ্ববিদ্যালয় (www.magpuruniversity.org) পঞ্জাৱ বিশ্ববিদ্যালয় (www.puchd.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in), ছাৰ জে জে ইনষ্টিটিউট অৱ এপলাইড আর্ট (www.jjiaa.org), মাদ্ৰাছ বিশ্ববিদ্যালয় (www.unom.ac.in), পুণে বিশ্ববিদ্যালয় (www.unipune.ac.in), কলা ৱন, বিশ্বভাৰতী (www.visvabharati.ac.in/KalalBhavana.html) আদি। এই শিক্ষানুষ্ঠানবোৰত ফাইন আৰ্টছৰ পাঠ্যক্ৰমত নাম ভর্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে নাম ভর্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়।

শিক্ষাগত অহতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ড সংবাদ প্রতিষ্ঠান, আর্ট ষ্টুডিঅ, প্রকাশন প্রতিষ্ঠান আদি) ৰ বিভিন্ন পদ (যেনে-চিত্ৰকৰ, ভাস্কৰ্য শিল্পী, ডিজাইনাৰ আদি) নিযুক্তি লাভ কৰিব পাৰে। ফাইন আৰ্টছ বিষয়ত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ফাইন আৰ্টছ বিষয়ৰ লেখা-মেলাক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব পাৰে।

লিখক: ড° বুলজিৎ বুঢ়াগোহাঁই, গণ অধিকাৰ।