বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) বৃত্তিমূলক কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ বাবে The National Skills Qualifications Framework (NSQF) ৰ অধীনত Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অনুমোদন জনাইছে । কেন্দ্ৰীয়ভাবে সাহাৰ্য্যপ্ৰাপ্ত আচনিৰ অধীনস্থ এই পাঠ্যক্ৰমে সামৰি লোৱা বিষয় সমূহ হ'ল - 1. B. Voc. (Renewable Energy Management) 2. B. Voc. (Retail Management) 3. B. Voc. (Information Technology) 4. Advanced Diploma (Food Processing) 5. Advanced Diploma (Health Care) 6. Advanced Diploma (Hospitality and Tourism) 7. Diploma (Green House Technology) 8. Diploma (BPO) 9. Diploma (Jewellery Designing) B. Voc. Degree, Advanced Diploma আৰু Diploma এই তিনিটা তৰপত ভাগ কৰা পাঠ্যক্ৰমসমূহৰ সময়সীমা হ'ল যথাক্ৰমে তিনিবছৰ, দুবছৰ আৰু এবছৰ । সুখৰ খবৰ এয়ে যে আমাৰ অসমৰো আঠখন শৈক্ষিক প্ৰতিষ্ঠানে এই বৃত্তিমূলক কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অনুমোদন লাভ কৰিছে । এই শৈক্ষিক প্ৰতিষ্ঠান সমূহ হ'ল - 1. Abhayapuri College, Bongaigaonআগবঢ়োৱা পাঠ্যক্ৰম Information Technology আৰু Tourism and Travel Management 2. Chaiduar College, Assamআগবঢ়োৱা পাঠ্যক্ৰম Paramedical and Health Care আৰু Mass Media 3. Jagiroad College, Morigaonআগবঢ়োৱা পাঠ্যক্ৰম Retail Management আৰু Entertainment (Acting) 4. Kaliabor College, Nagaonআগবঢ়োৱা পাঠ্যক্ৰম Tourism and Service Industry আৰু Small Tea Garden management 5. Nazira College, Sivasagarআগবঢ়োৱা পাঠ্যক্ৰম Fashion Designing আৰু Information Technology 6. Pub Kamrup College, Kamrupআগবঢ়োৱা পাঠ্যক্ৰম Food Processing and Quality Management আৰু Software Development and System Administration 7. Sonapur College, Kamrupআগবঢ়োৱা পাঠ্যক্ৰম Theater & Stage Craft আৰু Retail Management & IT 8. Tezpur University, Napaamআগবঢ়োৱা পাঠ্যক্ৰম Renewable Energy আৰু Food Processing যিকোনো শাখাৰ উচ্চতৰ মাধ্যমিক (10+2) বা সমপৰ্যায়ৰ অৰ্হতা সম্পন্ন আগ্ৰহী ছাত্ৰ - ছাত্ৰীয়ে উক্ত পাঠ্যক্ৰম সমূহত নামভৰ্ত্তিৰ বাবে আবেদন জনাব পাৰে । আৰু অধিক তথ্যৰ বাবে তলৰ লিংক সমূহ চাব পাৰিব : 1. http://mhrd.gov.in/…/List-BVoc-Colleges-and-Universities-In… 2. http://www.ugc.ac.in/…/8508026_Guidelines-on-B-Voc_Final.pdf mhrd.gov.in MHRD.GOV.IN