বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউ জি চি এ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত কৰ্মমুখী শিক্ষাৰ মানক অধিক উন্নত কৰি পিচলৈ ভাৰতীয় শিক্ষা ব্যৱস্থাটোক এক গুৰুভাগক বৃত্তিমুখী ৰুপত গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।আজিকোপতি বহুলভাৱে প্ৰ্চলিত বিজ্ঞান কলা আৰু বানিজ্যৰ স্নাতক পৰ্য্যায় শিক্ষা প্ৰ্দানৰ বহিৰেও ঔদ্যোগিক আৰু স্বাৱলম্বনৰ বিকাশৰ সুবিধাৰ প্ৰ্তি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহে বৃত্তিমুখী মনোভাৱৰ পোষন আৰু কৌশলী শিক্ষাৰ্থী সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা ভাৰতীয় শিক্ষাৰ কৰ্নধাৰ আয়োগটোৱে অনুভৱ কৰিছে। কৌশল বিকাশৰ বাবে সঠিক পাঠ্যক্ৰ্মৰ অভাৱে স্নাতক ডিগ্ৰীধাৰী নিৱনুৱাৰ স্ংখ্যা দিনে দিনে বঢ়াই আনিছে।যি সময়ত স্ংস্থাপনৰ অভাৱে শিক্ষিত যুৱচামক দিকভ্ৰান্ত কৰিছে সেই সময়তেই কৌশলী আৰু প্ৰ্তিভাৱান কৰ্মীৰ অভাৱে দেশৰ বিভিন্ন স্থানীয় তথা বহুজাতিক কোম্পানীক বিপদতো পেলাইছে।ইউ জি চিৰ ভক(Bachelor of vocational)পাঠ্যক্ৰম প্ৰ্ধানত বাঢ়ি অহা তফাৎ দূৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ন পদক্ষেপ।আয়োগৰ মতে উচ্চ শিক্ষা ব্যৱস্থাটোৱে বিভিন্ন উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশলসমূহক এক নতুন ধাৰনাৰ মাজেৰে নিজৰ আওতালৈ আনিবই লাগিব যাতে ইয়াৰ দ্বাৰা একোজন উৎকৃষ্ট কৰ্মমুখী স্নাতকৰ সৃষ্টি কৰিব পাৰি।বৰ্তমান এই বাস্তৱিক প্ৰয়োজনক মূল লক্ষ্য হিচাপে লৈ স্ংস্থাটোৱে নিদিষ্ট কৰ্মৰ অনুপাতে নিদিষ্ট বি ভক পাঠ্যক্ৰ্ম অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ জাৰি কৰে।ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰ শিক্ষাৰ্থীৰ মাজত বৃত্তিমুখী বিষয়সমূহৰ পুৰনি অনীহাৰ ভাবো স্নাতক পৰ্য্যায়ৰ ডিগ্ৰী প্ৰ্দানে আঁতৰ কৰিব বুলি ভাব হয়। এই পাঠ্যক্ৰ্মৰ আন এক গুৰুত্বপূৰ্ন দিশ হল এই যে ইয়াৰ অন্তৰ্গত পাঠ্যক্ৰমসমূহত বহুতৰপীয়া প্ৰ্স্থানৰ ব্যৱস্থা থাকিব।অৰ্থাৎ কোনো শিক্ষাৰ্থীয়ে যদি স্নাতক মহলাৰ পাঠ্যক্ৰম সম্পূৰ্ন নকৰি মাজতে অধ্যয়ন সাং কৰিব বিচাৰে।তেওঁৰ বাবে সেই স্তৰটোতেই চাৰ্টিফিকেট,ডিপ্লমা,এডভান্স ডিপ্লমা, আদি প্ৰ্দান কৰাৰ ব্যৱস্থা থাকিব।পাঠ্যক্ৰ্মৰ গঠনৰ ওপৰতো সেই হিচাপেই শিক্ষানুষ্ঠানে গুৰুত্ব আৰোপ কৰিব।তদুপৰি এই প্ৰ্স্থান স্তৰসমূহ ৰাষ্ট্ৰীয় কৌশল বিকাশ আয়োগে(NSDC)স্থিৰ কৰা কৌশলৰ মান প্ৰ্নালী(NSQF)ওপৰত ভিত্তি কৰি নিৰ্ধাৰন কৰাত ইউ জি চি এ বিশেষ গুৰুত্ব দিছে বি ভকৰ শিক্ষানুষ্ঠানসমূহ বি ভক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুদান তথা অনুমতি লাভ কৰা শিক্ষানুষ্ঠানসমূহ হ’ল ক্ৰমে: পূৱ কামৰুপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি(Food processing and quality management আৰু software development and system administration বিষয়ত। অভয়াপুৰী মহাবিদ্যালয়, বঙাইগাওঁ(Information technology আৰু tourisim and travel management) ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰ(Paramedical and health care আৰু Mass media) জাগীৰোড মহাবিদ্যালয়, মৰিগাওঁ(Retall management আৰু Entertainment(acting) কলিয়াবৰ মহাবিদ্যালয়, নগাঁও(Tourisim and service industry আৰু small tea garden management) নাজিৰা মহাবিদ্যালয় শিৱসাগৰ(fashion designing আৰু information Techonology) সোনাপুৰ মহাবিদ্যালয়, কামৰুপ(Theatre and stage craft আৰু Retails management and IT) তেজপুৰ বিশ্ববিদ্যালয়(Renewable energy আৰু Food processing) ২০১৫-১৬ শিক্ষাবৰ্ষৰ পৰাই অসমৰ ওপৰোক্ত শিক্ষানুষ্ঠানসমূহত বি ভক পঠ্যক্ৰম আৰম্ভ কৰা হব। নৱ স্ংযোজিত এই একক শিক্ষা ব্যৱস্থাই অসমৰ লগতে সমগ্ৰ দেশতেই এক নতুন ধাৰাৰ সৃষ্টি কৰি ঔদ্যোগিক উন্নয়নৰ মাজেৰে প্ৰ্গতিৰ বাট দেখুৱাৱ বুলি আশা কৰিব পাৰি। হিমজ্যোতি দত্ত