অসমৰ ভিন প্ৰান্তত অৱস্থিত আই টি আই প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীয়ে ৱেলডাৰ আৰু ৱায়াৰমেনৰ কোৰ্ছ পঢ়িব পাৰে। এই কোৰ্ছ দুটাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব অষ্টম শ্ৰেণী উত্তীৰ্ণ। এই কোৰ্ছসমূহ কৰিব বিচৰা শিক্ষাৰ্থীৰ অষ্টম শ্ৰেণীৰ মাৰ্কশ্বিট থাকিব লাগিব। লগতে অংক আৰু বিজ্ঞানত ভাল নম্বৰ থাকিব লাগিব। তাৰ উপৰি শিক্ষাৰ্থীয়ে ফৰ্মেট-১ ফৰ্ম পূৰণ কৰি স্কুল পৰিদৰ্শকৰ পৰা স্বাক্ষৰ কৰোৱাই আনিব লাগিব। সবিশেষ জানিবলৈ শিক্ষাৰ্থীয়ে www.itiassam.nic.in ত চাব পাৰিব। ৱেলডাৰ আৰু ৱায়াৰমেনৰ ভৰ্তি মাচুলসমূহ এনেধৰণৰ- ৱেলডাৰ: এন চি ভি টিৰ দ্বাৰা স্বীকৃত ১,৮৫০ টকা, মাহেকীয়া মাচুল নালাগে। এন চি ভি টিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ- ঠাই ৱেলডাৰ ৱায়াৰমেন গুৱাহাটী ৪৮ ২১ যোৰহাট ৩২ ২১ নগাঁও ৪৮ ২১ তেজপুৰ ৩২ ২১ বৰপেটা ৩২ ২১ বঙাইগাঁও ৩২ ২১ শ্ৰীকনা ৪৮ ২১ হাফলং ১৬ ০ ডিফু ১৬ ০ তিনিচুকীয়া ৩২ ২১ ধেমাজি ১৬ ০ এছ চি ভি টিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ- ঠাই ৱেলডাৰ ৱায়াৰমেন ডিফু ১৬ ০ গোৱালপাৰা ১৬ ০ কোকৰাঝাৰ ১৬ ০ আই এম চিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ- ঠাই ৱেলডাৰ ৱায়াৰমেন ধনশিৰি ১৬ ০ গড়গাঁও ৩২ ০ তিনিচুকীয়া ১৬ ০ তেজপুৰ ১৬ ০ যোৰহাট ১৬ ০ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আই টি আইসমূহৰ সৈতে যোগযোগ কৰিব পাৰে। জুলাই মাহৰ ভিতৰতে সকলো প্ৰতিষ্ঠানত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। উৎস: শিক্ষা বাৰ্তা মীন পালনৰ শিক্ষাৰেও গঢ়িব পাৰি কেৰিয়াৰ:- যুৱক-যুৱতীসকলক এইবাৰ মীনপালনৰ কেইখনমান শিক্ষা অনুষ্ঠান আৰু পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰিব খুজিছোঁ। অসমৰ গুৱাহাটীৰ পৰা ১০০ কিঃমিঃ আৰু যোৰহাটৰ পৰা ২০০ কিঃমিঃ নিলগৰ নগাঁৱৰ ৰহাত ১৯৮৮ চনত মীন মহাবিদ্যালয় স্থাপন হয়। এই মহাবিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ- ৮টা ষাণমাসিকৰ মীন বিজ্ঞানৰ স্নাতক: এই পাঠ্যক্ৰমৰ বিষয়সমূহ হৈছে- জলজ প্ৰাণীৰ পালন, মীন অৰ্থনীতি আৰু ব্যৱস্থাপনা, মীন কাৰিকৰী আৰু অভিযান্ত্ৰিক শিক্ষা, মীন পৰিৱেশ বিজ্ঞান, মীন সম্প্ৰসাৰণ শিক্ষা, মীন উৎসৰ ব্যৱস্থাপনা। ৪টা ষাণমাসিকৰ মীন বিজ্ঞানৰ স্নাতকোত্তৰ: এই পাঠক্ৰমৰ বিষয়সমূহ হৈছে- জলজ প্ৰাণীৰ পালন, মীন পৰিৱেশ বিজ্ঞান, মীন উৎস ব্যৱস্থাপনা। ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰমত জলজ প্ৰাণীৰ পালন বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। https://aau.ac.in/ ভাৰতৰ কেইখনমান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে মীন বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু এম ফিলৰ পাঠ্যক্ৰম আগবঢ়াইছে। মহাবিদ্যালয়/প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা পাঠ্যক্ৰমসমূহ হৈছে- কোচিন আৰু চেন্নাইত কেন্দ্ৰীয় মীন অপাৰেচনছ প্ৰতিষ্ঠান। মাংগালোৰ আৰু হায়দৰাবাদত সাগৰীয় উৎপাদিত সামগ্ৰীৰ প্ৰচেছিং আৰু প্ৰশিক্ষণ কেন্দ্ৰ। আগ্ৰা, বেৰেকপুৰ আৰু মুম্বাইস্থিত অন্তৰ্দেশীয় মীন প্ৰশিক্ষণ কেন্দ্ৰ। ভাৰতৰ কেইখনমান বিশ্ববিদ্যালয়ৰ সংক্ষিপ্ত বিৱৰণ হ’ল- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত মীন বিষয়ৰ স্নাতকোত্তৰ বাবে অন্ধ্ৰ বিশ্ববিদ্যালয়। মধ্যপ্ৰদেশৰ ভূপালত মীন বিষয়ৰ এম ফিলৰ বাবে বাৰ্কাটুল্লা বিশ্ববিদ্যালয়। পশ্চিমবংগৰ কলিকতাত এম ফিলৰ বাবে কলিকতা বিশ্ববিদ্যালয় আৰু নডিয়াত চাৰ্টিফিকেট কোৰ্ছৰ বাবে কল্যাণী বিশ্ববিদ্যালয়। উৰিষ্যাৰ ভুবনেশ্বৰত স্নাতকোত্তৰৰ বাবে উৎকল বিশ্ববিদ্যালয়। উপৰিউক্ত পাঠ্যক্ৰমৰ বাবে যোগ্যতাৰ বিৱৰণ হ’ল- স্নাতকৰ বাবে: ১০+২(জীৱবিদ্যাৰ সৈতে) স্নাতকোত্তৰৰ বাবে: স্নাতক(কৃষি বা জীৱ বিজ্ঞান) এম ফিলৰ বাবে: স্নাতকোত্তৰ কৃষি বা মীন বিষয়ৰ স্নাতকোত্তৰ উপৰিউক্ত তথ্যসমূহ www.indiaeduinfo.co.in ত উপলব্ধ। শেষত মীনপালনৰ যিকোনো বিষয়ে বিশদ তথ্য জানিব বিচাৰিলে স্থানীয় মীন প্ৰদৰ্শক, মীন সম্প্ৰসাৰণ বিষয়া, মহকুমা বা জিলা মীন উন্নয়ন বিষয়া আৰু মীন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। e-mail: assamfishery@gmail.com Website: www.fishassam.gov.in লেখক: ড° প্ৰশান্ত মাধৱ গোস্বামী(শিক্ষা বাৰ্তা)