অকণিৰ বিজ্ঞানৰ খেল- ১ প্ৰয়োজনীয় সামগ্ৰী আধা মিটাৰমান দীঘল কাঠৰ বা বাঁহৰ এডাল মিহি দণ্ড অথবা এডাল দীঘল স্কেল আৰু তোমাৰ খেল চাবলৈ কেইজনমান দৰ্শক। খেল দুয়োখন হাতৰ কেৱল তৰ্জনী আঙুলিকেইটা উলিয়াই ৰাখি হাত দুখন মুঠি মাৰি ধৰা। এতিয়া ১নং চিত্ৰত দেখুওৱাৰ দৰে তোমাৰ হাত দুখন এখন আনখনৰ পৰা যঠেষ্ট দূৰত ৰাখি দৰ্শকক তোমাৰ তৰ্জনী আঙুলিকেইটাৰ ওপৰত দণ্ডডাল পৰি নোযোৱাকৈ উঠাই দিবলৈ কোৱা। দৰ্শকক জনাই দিয়া যে তুমি এতিয়া তোমাৰ হাতদুখন পৰষ্পৰ ওচৰ চপাই আনি এটা স্থানত একেলগ কৰি দিবাহি আৰু তেওঁলোকক প্ৰশ্ন কৰা যে তেনে অৱস্থাত দণ্ডডাল কোনফালে বাগৰি পৰিব বুলি তেওঁলোকে ভাবিছে। দৰ্শকসকলৰ কোনোবাই হয়তো দণ্ডদাল বাওঁফালে পৰিব বুলি ক'ব, আন কোনোবাই ক'ব সোঁফালে বুলি; পিছে তুমি এতিয়াই কোনো মন্তব্য নকৰিবা। দৰ্শকসকল নিজ নিজ সিদ্ধান্তত উপনীত হোৱাৰ পিছত তোমাৰ হাত দুটা লাহে লাহে এটা আনটোৰ ওচৰ চপাই আনা (চিত্ৰ-২) আৰু শেষত দুয়োটা তৰ্জনী আঙুলি একেলগ কৰি দিয়াগৈ (৩নং চিত্ৰত দেখুওৱাৰ দৰে)l দেখা যাব যে দণ্ডডাল দৰ্শকে কোৱা ধৰণে কোনোফালেই মাটিলৈ বাগৰি নপৰিল বৰঞ্চ ই তোমাৰ তৰ্জনী আঙুলিকেইটাৰ ওপৰতেই ভাৰসাম্য বজাই স্থিৰ হৈ থাকিল। এইবাৰ এজন এজনকৈ দৰ্শকসকলকো এই খেলটো কৰি চাবলৈ দিয়া আৰু তুমি মনে মনে চাই যোৱা। দৰ্শকে সোধা প্ৰশ্নৰ উত্তৰটো ইতিমধ্যে তুমি জানিব পাৰিলাই যে কোনো বুদ্ধি-বুদ্ধা প্ৰয়োগ নকৰাকৈ আঙুলিকেইটা চপাই আনিলে দণ্ডডাল আচলতে কোনোফালেই নপৰে। প্ৰথম অৱস্থাত তৰ্জনী আঙুলিকেইটা দণ্ডডালৰ দুমূৰৰ পৰা সমান সমান দূৰত্বত নাৰাখিলেও বা দণ্ডডালৰ দুয়োমূৰৰ ওজন সমান সমান নহ'লেও চিন্তা কৰিবলগীয়া নাই, মুঠতে দণ্ডডাল নপৰে।খেলটোত সাৱধান হ'বলগীয়া কথা মাত্ৰ এটাই আছে যে, হাত দুখন চপাই আনোতে দণ্ডডাল তোমাৰ দুয়োটা তৰ্জনী আঙুলিৰ ওপৰেৰে ইফালে সিফালে মুক্তভাবে পিচলি যোৱাত কোনোধৰণে বাধা দিব নালাগে। খেলটো খেলাত অভিজ্ঞ হৈ উঠিলে কেইদিনমান পিছত তুমি বেলেগ বেলেগ আকাৰ বা আকৃতিৰ দণ্ডক কেৱল মাত্ৰ এটা কেঞা আঙুলিৰ ওপৰতে নপৰাকৈ উঠাই ৰাখিবলৈ সক্ষম হ'বা, সেই স্থানটো হ'ল দুয়োটা তৰ্জনী আঙুলিৰ মাজৰ অংশটো।অন্তৰ্নিহিত বিজ্ঞান:- ভূপৃষ্ঠৰ সমান্তৰালকৈ সুস্থিৰ অৱস্থাত থকা দণ্ড এডালৰ দুমূৰৰ পৰা তাৰ অৱলম্বণকেইটা (অৰ্থাৎ এইক্ষেত্ৰত তৰ্জনী আঙুলিকেইটা) পৰষ্পৰ ওচৰ চপাই অনাৰ ফলত স্থিতিবিজ্ঞানৰ সূত্ৰ অনুসৰি অৱলম্বণ আৰু ভৰকেন্দ্ৰৰ মাজৰ দূৰত্বৰ সৈত্যে সেই অংশটোৰ ভৰৰ পূৰণফল (l.m) দুয়োফালৰ পৰা সমানে সমানে কমি আহে। অনুভূমিক দণ্ডডালৰ দুয়োমূৰত অনুভৱ হোৱা মধ্যাকৰ্ষণ বলৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চপাই অনা অৱলম্বণকেইটা শেষত ভৰকেন্দ্ৰত উপনীত হয়গৈ। বস্তুৰ ভৰকেন্দ্ৰ এনে এটা কাল্পনিক বিন্দু, য'ত বস্তুটোৰ সমগ্ৰ ভৰ থূপ খাই আছে বুলি ভাবিব পাৰি আৰু কেৱল মাত্ৰ সেই বিন্দুটো ডাঙি ৰাখিলেই গোটেই বস্তুটো সহজে নপৰাকৈ এক সাম্য অৱস্থাত ৰৈ থাকে। দণ্ড এডালৰ ক্ষেত্ৰত এনে বিন্দুটো বিচাৰি উলিয়াবলৈ এইটোৱেই আটাইতকৈ সহজ উপায়। অকণিৰ বিজ্ঞানৰ খেল-২ প্ৰয়োজনীয় সামগ্ৰী:- এডাল কাঠ পেঞ্চিল, এডাল পেঞ্চিল কম্পাছ, এখন টেবুল আৰু দৰ্শক। খেল তোমাৰ খেলৰ দৰ্শকক সামগ্ৰীকেইপদ দি টেবুলৰ ওপৰত বাগৰি নোযোৱাকৈ ৰাখি নচুৱাবলৈ কোঁৱা। কম্পাছেৰে টেবুলত খোচা নিষেধ কৰি দিবা। তোমাৰ বন্ধুৱে বিভিন্ন পন্থা অৱলম্বণ কৰিও যেতিয়া দীৰ্ঘসময়ৰ বাবে পেঞ্চিল বা কম্পাছক ঠিয় কৰি ৰখাত অসফল হ'ব, তেতিয়া তোমাৰ খেল আৰম্ভ কৰিবা। পেঞ্চিল-কম্পাছডাল প্ৰায় নব্বৈ ডিগ্ৰী কোণত খুলি লোৱা। কাঠ পেঞ্চিলডালৰ জোঙা আগটোৰ পৰা প্ৰায় ডেৰ-দুই ছেণ্টিমিটাৰমান ওপৰত কম্পাছডালৰ জোং টো এনেদৰে সুমুৱাই দিয়া যাতে কম্পাছডালৰ এই বাহুটোৱে পেঞ্চিলডালৰ জোং থকা অংশটোৰ সৈত্যে ৩০-৫০ ডিগ্ৰীমান কোণ কৰি থাকে আৰু গোটেই কম্পাছডাল পেঞ্চিলডালৰ সৈত্যে একেখন সমতলত থাকে। এতিয়া গোটেই যতনটো টেবুলখনৰ দাতি অংশলৈ আনা আৰু পেঞ্চিলডালক জোংটোৰ ওপৰত ঠিয়কৈ ৰাখি যতনটো লাহে লাহে বাহিৰৰ ফালে হাঁউলি আহিবলৈ দিয়া। হেলনীয়া হৈ আহি আহি এটা সময়ত পেঞ্চিলডালে সুস্থিৰ অৱস্থা পাবগৈ আৰু টেবুলৰ কিনাৰত বাগৰি নপৰাকৈ ওলমি ৰৈ যাব। এবাৰ সাম্য অৱস্থা পোৱাৰ পিছত যতনটো হাতেৰে ধৰি থকাৰ আৰু কোনো প্ৰয়োজন নাই। হেলনীয়া হৈ থকা পেঞ্চিলডালৰ আনটো মূৰত সাৱধানে ধৰি মাজে মাজে অলপ জোকাৰি থাকিলে গোটেই যতনটোৱে দোলকৰ নিচিনাকৈ দুলি থাকিব আৰু তোমাৰ বন্ধুৱে কম্পাছ-পেঞ্চিলৰ যুটিয়া নৃত্য দেখি তবধ মানিব। অন্তৰ্নিহিত বিজ্ঞান বিশেষ কোণত ভাঁজ কৰি তৈয়াৰ কৰাৰ ফলত পেঞ্চিল আৰু কম্পাছৰ যুটিটোৰ সমূহীয়া ভৰকেন্দ্ৰটো পেঞ্চিলডালৰ জোংটোৰ ওচৰে-পাজৰে (আহিলাটোৰ শৰীৰৰ বাহিৰতো হ'ব পাৰে) অৱস্থান কৰেগৈ। ভৰকেন্দ্ৰৰ নিকটৱৰ্তী এনে এটা বিন্দুৰ ওপৰত আহিলাটো ওলোমাই ৰখাৰ ফলত গোটেই আহিলাটোৰ সকলোবোৰ অংশৰ ওপৰত মধ্যাকৰ্ষণ বলৰ প্ৰভাৱ প্ৰায় সমানকৈ পৰে আৰু এনেধৰণে ই এক সাম্য অৱস্থা পায়। সাৱধানতা (১) সাম্য অৱস্থাটো পাবলৈ পেঞ্চিলৰ দৈৰ্ঘ্য অথবা পেঞ্চিল আৰু কম্পাছডালৰ মাজৰ কোণৰ সামান্য সাল-সলনি কৰিবলগা হ'ব পাৰে। (২) ওলমি অহা পেঞ্চিল-কম্পাছডালে টেবুলৰ তলফালৰ অংশত স্পৰ্ষ নকৰাকৈ ৰাখিবৰ বাবে ওলোমাৱা কামটো টেবুলৰ একেবাৰে কিনাৰৰ অংশলৈ কৰিব লাগে। (৩) পেঞ্চিলডাল ৭-৮ ছে.মি.তকৈ বেছি দীঘল হ'ব নালাগে। পেঞ্চিল-কম্পাছডাল পাতল হ'লে ভাল। পেঞ্চিল-কম্পাছৰ ঠাইত পাতল চুৰী কটাৰীও ব্যৱহাৰ কৰিব পাৰি। (৪) কম্পাছডালৰ জোংটো পেঞ্চিলডালত সুমুৱাই দিওঁতে আঙুলিত আঘাত নালাগিবৰ বাবে সাৱধান হ'ব লাগে। (৫) কম্পাছৰ জোঙে পেঞ্চিলডালৰ গ্ৰেফাইট অংশত খুচিলে পেঞ্চিলডালৰ সেই অংশ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। গতিকে পৰাপক্ষত জোংটো পেঞ্চিলৰ ইমান ভিতৰলৈকে সুমুৱাব নালাগে। অকণিৰ বিজ্ঞানৰ খেল (৩) প্ৰয়োজনীয় সামগ্ৰী এখন কাটা চামুছ, এখন চাহ চামুছ, এটা কাঁচৰ গিলাছ আৰু এটা জুইশলা কাঠি।খেল চিত্ৰত দেখুওৱা ধৰণে কাটা চামুছখনৰ মাজৰ দুডাল কাটাৰ মাজেদি চাহ চামুছখন সুমুৱাই ভালদৰে খাপ খুৱাই লোৱা। চামুছৰ যুটিটো হাতত লৈ ওপৰৰ কাটাডালৰ তলেদি জুইশলা কাঠিটো সৰকাই লোৱা। চামুচকেইখনৰ বুকুৰ ফালেদি ওলাই থকা অংশটো দীঘলকৈ ৰাখিবা। কাঠিটোৰ সেই অংশটোত দুটা আঙুলিৰে ধৰি অনুভূমিক কৰি ৰাখি তাত চামুছৰ যুটিটো সাৱধানে ওলমিবলৈ দি পৰীক্ষা কৰি চোৱা। প্ৰয়োজন হ'লে কাঠিডালৰ অৱস্থান বা চামুছদুখনৰ মাজৰ যোটবন্ধনটো অলপ ইফাল-সিফাল কৰিবলগীয়া হ'ব পাৰে। এইবাৰ চিত্ৰত দেখুওৱা নিচিনাকৈ চামুছৰ যুটিটোৰ সৈত্যে জুইশলা কাঠিডাল গিলাছটোৰ কাণৰ ওপৰত আলফুলে ৰাখিবলৈ চেষ্টা কৰা। কাঠিডাল আৰু চামুছৰ যুটিটো অলপ বেকা হৈ আহি আহি এটা সময়ত এক সাম্য অৱস্থা পাব আৰু বাগৰি নপৰাকৈ ৰৈ যাব। এতিয়া আৰু যতনটো হাতেৰে ধৰি থকাৰ প্ৰয়োজন নাই। দেখাত বাগৰি পৰিব যেন লাগিলেও আচলতে চামুচকেইখন এতিয়া কিন্তু তেনেকৈয়ে নপৰাকৈ থাকি যাব। জুইশলা কাঠিটোৰ কোনো এটা মূৰত সামান্য হেঁচা প্ৰয়োগ কৰিও চাব পাৰা, দেখিবলৈ পাবা যে কেৱল মাত্ৰ কাঠিটোৰ গইনা লৈয়ে ই গিলাছটোৰ বাহিৰফালে এক নিৰ্দিষ্ট গতিত দুলিবলৈ লাগিছে, কিন্তু বাগৰি পৰা নাই। এতিয়া খেলটো তোমাৰ বন্ধুক দেখুৱাই তেওঁলোকৰ পৰা বাঃ বাঃ বুটলিব পাৰা। অন্তৰ্নিহিত বিজ্ঞান চামুছ দুখন আৰু জুইশলা কাঠিটোৰ সমূহীয়া ভৰকেন্দ্ৰটো সেই কাঠিডালৰ পৰা সামান্য আতৰত থাকে। জুইশলা কাঠিডালৰ সহায়ত গোটেই আহিলাটো গিলাছটোৰ ওপৰত তেনেদৰে ৰখাৰ ফলত ইয়াৰ প্ৰতিটো বিন্দুতে ক্ৰিয়া কৰা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱ প্ৰায় সমান সমান হয় আৰু ই সমূহীয়াকৈ ভাৰসাম্য বজাই ৰখাত সক্ষম হয়। ইপিনে, সামগ্ৰীসমূহৰ বিভিন্ন সংযোগ বিন্দুত উৎপন্ন হোৱা ঘৰ্ষণ বলেও ইহঁতক পিচলি অহাত বাধা প্ৰদান কৰে বাবে দুলি থকা অৱস্থাতো সহজে আহিলাটো পৰি নাযায়। ল'বলগীয়া সাৱধানতা (১) কাঁচৰ গিলাছ ওপৰৰ পৰা পকা মজিয়াত বাগৰি পৰিলে ভাগি যাব পাৰে, যাৰ ফলত অঘটন হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল। (২) চামুছৰ যুটিটোৰ ওজনতকৈ গিলাছটোৰ ওজন যঠেষ্ট বেছি হোৱা প্ৰয়োজন, যাতে আহিলাটো ওলোমাই দিয়াৰ সময়ত গিলাছটোৱে তাৰ ওজন বহন কৰি বাগৰি নপৰাকৈ থাকিব পাৰে। অকণিৰ বিজ্ঞানৰ খেল (৪) প্ৰয়োজনীয় সামগ্ৰী এডাল মম, মমডাল জ্বলাবৰ কাৰণে কাঠিৰে সৈত্যে এটা জুইশলা বাকছ আৰু এটা চুপি।খেল মমডাল জ্বলাই ঠিয়কৈ ৰাখি লোৱা। দৰ্শকৰ হাতত চুপিটো দি চুপিৰ নলীডালৰ ফালৰ পৰা ফুৱাই তেওঁক মমডাল নুমাই দেখুৱাবলৈ হুকুম দিয়া। প্ৰতিজন দৰ্শকৰ বাবে সময়সীমা আধা মিনিট বুলি জনাই দিবা। অধিকাংশ দৰ্শকেই চেষ্টা কৰি মমডাল নুমুওৱাত বিফল হ'ব আৰু হাৰ মানিব। আচলতে চুপি এটাৰে এনেদৰে ফুৱাই মম নুমুৱাবলৈ এটা কিটিপ জনাৰ প্ৰয়োজন হয়, যিটো তোমাৰ দৰ্শকে নাজানে আৰু ১নং চিত্ৰত দেখুওৱাৰ দৰে বিফল প্ৰচেষ্টা চলাই থাকে।এইবাৰ চুপিটো তোমাৰ হাতলৈ লোৱা আৰু তাক মমৰ শিখাডালৰ ওচৰত ২নং চিত্ৰত দেখুওৱাৰ নিচিনাকৈ ধৰা। অৰ্থাৎ, মমৰ শিখাটোৰ লগত চুপিটোৰ এটা কাণে একেডাল ৰেখাত অৱস্থান কৰিব লাগিব। এতিয়া তোমাৰ মূখখন চুপিটোৰ নলিছাডালৰ ফুটাটোত লগাই ফুৱাই দিলেই দেখিবা যে মমডাল আনায়েসে নুমাই গৈছে। অন্তৰ্নিহিত বিজ্ঞান খেলটোত আচলতে শংকুৰ মাজেৰে গতি কৰা তৰল পদাৰ্থৰ গতিবিজ্ঞানৰ কিছুমান সূত্ৰ জড়িত হৈ আছে। থূলমূলকৈ ক'বলৈ গ'লে, তৰলৰ সান্দ্ৰতা আৰু পৃষ্ঠটান নামৰ দুটা বিশেষ গুণৰ বাবে শংকু এটাৰ বহল অংশৰ পৰা ঠেক অংশলৈ গতি কৰা তৰলে অভিসাৰী হৈ (চিত্ৰ: ৩) পাৰ হৈ যাবলৈ যত্ন কৰে কিন্তু ঠেক অংশৰ পৰা বহল অংশলৈ গতি কৰা তৰলে শংকুটোৱে বান্ধি দিয়া সীমা পৰ্যন্ত অপসাৰী হ'বলৈহে চেষ্টা কৰে। এই ক্ষেত্ৰত চুপিটোৰ নলীয়েদি প্ৰেৰণ কৰা বতাহখিনি চুপিটোৰ শংকু অংশত প্ৰবেশ কৰাৰ পিছত বতাহৰ প্ৰাবল্য তাৰ কাণ অংশত সৰ্বাধিক হয় আৰু মধ্যাংশত প্ৰায় শূণ্য হয় (চিত্ৰ: ৪)। সেয়েহে, চুপিটো ১নং চিত্ৰৰ দৰে ধৰি ফুৱালে মমৰ শিখাৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু ২নং চিত্ৰৰ দৰে ধৰিলে এক বুজন পৰিমাণৰ বতাহে শিখাটোক খুণ্ডা মাৰে। অকণিৰ বিজ্ঞানৰ খেল (৫) প্ৰয়োজনীয় সামগ্ৰী এডাল মম, এটা দীঘল বেজী, কাঠিৰে সৈত্যে এটা জুইশলা বাকছ, এখন কটাৰী আৰু দুটা সমান উচ্চতাৰ গিলাছ। খেল মমডালৰ নজ্বলোৱা মূৰটো কটাৰীখনেৰে চুচি জ্বলাব পৰাকৈ তাৰ শলিতাডাল উলিয়াই লোৱা। এতিয়া "অকণিৰ বিজ্ঞানৰ খেল (১)"ৰ পদ্ধতি প্ৰয়োগ কৰি মমডালৰ ভৰকেন্দ্ৰটো নিৰ্ণয় কৰি লোৱা। (দুখন হাতৰ দুটা আঙুলিৰ ওপৰত মমডাল ৰাখি লৈ হাতদুখন চপাই আনি এক বিন্দুত লগ কৰি দিলে মমডাল যদি নপৰাকৈ থাকে, তেন্তে সেই বিন্দুটোৱেই মমডালৰ ভৰকেন্দ্ৰ) মমডালৰ সেই অংশটোত বেজীটো ইপাৰ-সিপাৰ হৈ যোৱাকৈ সুমুৱাই দিয়া। এতিয়া বেজীটোৰ দুমূৰে ধৰি মমডাল অনুভূমিক হৈ ৰৈছেনে নাই পৰীক্ষা কৰি চাই লোৱা। বেজীটো মমডালৰ ভৰকেন্দ্ৰইদি নোসোমালে মমডাল উলম্ব হৈ পৰিব, তেতিয়া মমডালৰ তললৈ থকা মূৰটো সামান্য কাটি বা চুৰুকি দি ভৰকেন্দ্ৰৰ অৱস্থান সঠিক কৰি ল'ব লাগিব যাতে বেজীটোক অক্ষ হিচাবে ধৰিলে মমডাল অনুভূমিক অৱস্থাত সুস্থিৰ হৈ থাকিব পাৰে। গিলাছ দুটা মজিয়াৰ ওপৰত ওচৰা-ওচৰিকৈ আৰু ওলোটাকৈ ৰাখি তাৰ ওপৰত মমৰ সৈত্যে থকা বেজীটো চিত্ৰত দেখুওৱা নিচিনাকৈ প্ৰতিষ্ঠা কৰা। বেজীটোৰ গইণা লৈ মমডালক অনুভূমিকভাবে সাম্য অৱস্থালৈ আহিবলৈ দিয়া। এইবাৰ মমডালৰ এটা মূৰত জুইশলা কাঠিৰে অগ্নিসংযোগ কৰা। ১০ ছেকেণ্ডৰ পিছত আনটো মূৰতো অগ্নিসংযোগ কৰি দিয়া। কিছুসময়ৰ পিছত দেখিবা যে দুইমূৰে জুই জ্বলি থকা মমডালে এক নিৰ্দিষ্ট গতিত দুলিবলৈ লাগিছে। মমডালৰ ওপৰত বেজীটোৰ দুমূৰে দুটা মানুহ আকৃতিৰ পাতল কাগজৰ টুকুৰা লগাই দিলে খেলটো অধিক প্ৰাণৱন্ত যেন লাগিব। এতিয়া, তোমাৰ দৰ্শকক মাতি আনি এই নতুন ধৰণৰ ঝুলনাখন দেখুৱাই বাঃবাঃ ল'ব পাৰা। অন্তৰ্নিহিত বিজ্ঞান প্ৰথম অৱস্থাত বেজীটো মমডালৰ ভৰকেন্দ্ৰইদি পাৰ কৰি লোৱাৰ ফলত ইয়াৰ দুয়োপাৰৰ ভৰ সমান সমান হৈ আছিল বাবে ই অনুভূমিকভাবে সুস্থিৰ অৱস্থাত আছিল। কিন্তু, মমডালৰ দুয়োমূৰত বেলেগ বেলেগ সময়ত অগ্নিসংযোগ কৰাৰ ফলত বেলেগ বেলেগ সময়ত মমডালৰ দুয়োমূৰৰ পৰা গলিত মমৰ টোপাল মাটিলৈ পৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত বেলেগ বেলেগ সময়ত বেজীটোৰ ইপাৰে আৰু সিপাৰে মমডালৰ দুয়োটা অংশৰ ভৰৰ সালসলনি হ'বলৈ ধৰিলে (এনে অৱস্থাত ভৰকেন্দ্ৰটোৱেও পৰ্যাবৃত্ত গতিত পূৰ্বৰ স্থানৰ পৰা ইফাল-সিফাল কৰিবলৈ ধৰে।) বেজীটো একে ঠাইতে স্থিৰ কৰি ৰখাৰ ফলত এটা টোপাল হেৰুৱাই পাতল হৈ পৰা মমডালৰ সেই অংশটো ওপৰলৈ উঠি যায় আৰু তাতকৈ সামান্য গধূৰ হৈ থকা আনটো অংশ তললৈ নামি যায়। ইতিমধ্যে, এই গধূৰ অংশটো তলমূৱা হৈ পৰাৰ ফলত মম অধিক গলিবলৈ লয় আৰু এটা টোপাল হেৰুৱাই সি আনটো অংশতকৈ পাতল হৈ পৰে আৰু ওপৰলৈ গতি কৰে। এনেদৰে, ঘটনাটোৰ পুণৰাবৃত্তি হৈ থাকে আৰু বেজীটোক অক্ষ হিচাবে লৈ জ্বলিত মমডালে দুলিবলৈ ধৰে। অচিন্ত্য বৰঠাকুৰ