জহকালি। বৰ গৰম। চোতালত বুঢ়ী আইতাই নাতিয়েকহঁতক লৈ বিচনীৰে বিচি বিচি জহ গাইছে। আৰতি বুঢ়ীৰ সৰু নাতিনীয়েক। তাইক সদায় সাধুকথা, নিচুকনি গীত আদি গাই শুনাব লাগে। নহলে বুঢ়ী আইতাক শুধাই নেৰে। আজিও গাউৰি পাতিছে। তাইক গীত গাই শুনাব লাগে। বুঢ়ীয়েও চুঙা চাই সোপাদি আৰতিক বুকুৰ মাজত শুৱাই মূৰত হাত বুলাই গাবলৈ ধৰিলে।– নাকান্দিবি মইনা এ গলিৰ ফালে চাই, পিতাৰ যদি মৰম আছে দিব ৰঙা গাই। ৰাঙী নালাগে বগী নালাগে লাগে বাজান গৰু বান্ধিব পাৰে চাৰিব পাৰে জোঁৱাই নহয় সৰু। যদি পিতা গৰু দিয়া গোবৰ পেলাব নৰো, যদি পিতা গৰু দিয়া হাতৰ গোন্ধত মৰো। ৰাম বোলে প্ৰাণেশ্বৰী গৰু লবি তই পাৰাই নোৱাৰাই ভাত ৰান্ধিবি গোবৰ পেলাম মই। গীত শেষ হোৱাৰ লগে লগে নাতিয়েক অৰুণে সুধিলে-“আইতা! আইতা! আৰু এটা গীত গোৱাচোন। মোৰ শুনি ভাল লাগিছে। বুঢ়ী আইতাই গাবলৈ ধৰিলে- আমাৰ বোপা সৰু- দলত চাৰে গৰু পিতাকে কাটা লৰু। পিতাকে কাটা লৰু গোটেই ডাঙৰ সৰু বোপাই নাচাৰে গৰু। “ওহো আইতা এইটো ভাল নহয়”। “তেনেহলে শুনিবা”- আমাৰ বোপা ডাঙৰ গলিত বান্ধে হেঙাৰ মামাকে চাঁচি দিয়ে সোণৰে নাঙল।। “আইতা, সোণৰ নাঙলেৰে জানো হাল বাব পাৰি? আমাৰ মোমাইদেউ আহিলে মোকো এখন সোণৰ নাঙল আনি দিবলৈ কবাচোন”। বুঢ়ী আইতাই হাঁহি মাৰি গাই শুনালে- সোণামুৱা প্ৰভূ এ তোৰ ৰুপৰ চাৰিখন ভৰি। কোনোবা মনিচক মাৰিব লাগিছে, পৰ্বত আকাৰ কৰি। মাৰিছে চাপৰ বটিছে জৰী এ পিপৰাই লৈ ফুৰিব লাগিছে লৰ ফৰ কৰি। এনেতে মীনা ভণ্টিয়ে মাত লগালে-“হয়নে আইতা, পিপৰাবোৰৰ ভৰি চাৰিখন ৰুপেৰে সজোৱা। সিহঁতে নো কেনেকৈ বৰ ডাঙৰ ডাঙৰ বস্তুবোৰ কঢ়িয়াই নিয়ে। পৃথিৱীৰ ভিতৰত পিপৰাৰ বল সকলোতকৈ বেচি নহয়নে”? “হয় মীনা, তইতো বুজি পাইছ অ’, সিহঁতৰ ভিতৰত একতা থকা কাৰণেই একগোট হৈ ডাঙৰ ডাঙৰ পৰ্ব্বতবোৰো খহাব পাৰে”। ইফালে আৰতিয়ে ভায়েক-ভণীয়েকহঁতৰ ভিতৰতে “ইচনি-বিচনী” খেল আৰম্ভ কৰি গাই যাবলৈ ধৰিলে- ইচনি-বিচনী দৰিকা দৌ মৌ পীৰা পাৰি থৌ। কাউৰ পৰে চিলা পৰে দাৰিকা ৰজাই চাউল কাঢ়ে। অকণি হাটলৈ যায় দুটি ভাতি সানি খায়। এল পাত, বেল পাত, কঁঠাল পাত ৰজাৰ মাকৰ চিৰিহাত। নলৰ তল পালো মই নল শুং শুং কৰে, কেঁচাতে লৰে চৰে পকাটো ধুপচ্কৈ পৰে। (২) ইচনি-বিচনী দৰিকা দৌ মৌ ব’হখন পাৰি থৌ। ঢোপাৰ গছৰ ঢুপুনি ম’ৰা পৰে আপুনি। কেঁচা গুটি লৰে চৰে পকা গুটি তুলুতকৈ সৰে। নদীয়েদি যাওঁ মই নল হেৰা হেৰা উত্তৰে ডিমা পাৰে কোন বৰুৱাৰ খেলা। এল কাটি বেল দিওঁ চুপুট কৈ হাতখন লুকুৱা। আৰতিয়ে “ইচনি-বিচনী” গোৱা শেষ কৰাৰ লগে লগে সকলোৰে হাতবোৰ পিছৰপিনে লুকালে। তাৰ পিছত আৰতিয়ে সোধাৰ লগে লগে বাকীবিলাকে উত্তৰ দিবলৈ ধৰে।– চিলনী চিলনী হাত দুখন কিহে নিলে? আম পাৰোতে চিলাই নিলে। চিলাই নি কি কৰিলে? হাবিত পেলালে। সেই হাবি কি হ’ল? জুইয়ে পুৰিলে। জুই পোৰাত কি হ’ল? ছাই হ’ল। সেই ছাই কি হ’ল? ধোবাৰ মাকে নিলে। ধোবাৰ মাকে নি কি কৰিলে? ৰজাৰ কাপোৰ ধূলে। সেই ৰজা ক’ত গ’ল? পহু মাৰিবলৈ গ’ল। সেই পহু কি হ’ল? নৈ পাৰ হ’ল। সেই নৈ কি হ’ল? শুকায় গ’ল। তাৰ মাছবোৰ কি হ’ল? বগলীয়ে খালে। সেই বগলী কি হ’ল? ডালত পৰিল। আমাৰ আটাইৰে হাতবোৰ ওলাই পৰিল। “আৰতি বাইদেউ, আমি এতিয়া ৰজাৰ দল” খেলোহঁক ব’লা। আৰতিয়ে মূৰটো জোকাৰি ‘ওঁ’ বুলি কোৱাৰ লগে লগে সকলোৱে “ৰজাৰ দল” খেলিবলৈ ধৰিল আৰতিৰ ভৰিখনে। “ৰজাৰ দল” ৰ ভেঁটি কৰি তাত সকলোৱে জোৰা লগাই দিয়ে। অৰুণে সুধিলে- এইটো কাৰ দ’ল?-ৰজাৰ। ভাঙিবলৈ দিব নে?-নিদিও কলিক মাতিম নে?-নামাতিবা বগীক মাতিম নে?-নামাতিবা। কলি ঔচ! বগী ঔচ! ঘেকেচ!! এইদৰে “ৰজাৰ দ’ল” ভাঙি দিলে। কেইজন মানে আৰতিৰ ভৰিখনত ধৰি বগৰাই দি ঘেক্ ঘেকাই হাঁহিত পেটৰ নাৰী ডাল ডাল কৰিলে। ইফালে আইতাই মানাক বিচনীৰে বিচি “বিচনমতী” ৰ গীতটো গাই শুনালে- আমাৰ বোপাই কান্দে আমচোহা লাগে দিম দিম আমচোহা বুলি বিচনমতীক মাগে। বিচনমতী বোলে ক’ত পাম আমচোহা বোপা ভালে থাকক সোণ ৰুপৰ খৰিকা লৈ আখৈ খাব লাগক। আখৈ খাওঁতে আখৈ খাওঁতে গলত বাজিল ধান, কোন পুত-খাটি আখৈ দিছে চুলিত ধৰি আন নালাগে নালাগে চুলিত ধৰিব আপুনি আপুনি যাম, ঘিউ মউ সানি বোপাই আখৈ খাব ধৰ। “আইতা, আমাৰ টোপনি ধৰিছে. এতিয়া শুবলৈ যাওঁগৈ বলা”। আৰতিয়ে ক’লে। “ইমান সোনকালে তহঁতে শুৱনে? শুনছোন টোপনিৰ গীত গাম- টোপনি টোপনি ঐ আৰে টোপনি টোপনিৰ কলৰ তলত ঘৰ, আমাৰে ঘৰকে নাহিবি টোপনি শাহু আইৰ উঠিছে জ্বৰ। হেৰ টোপনি হালিয়া জালিয়া পৰে গা হেৰ টোপনি হালিয়া জালিয়া পৰে গা ধান মুঠি বানিলো চাউল মুঠি কাঢ়িলো মাইৰ ঘৰলৈ যাওঁ বুলি, শাহু আইটি যাবকে নিদিলে ভাইৰে মূৰ খাওঁ বুলি। হেৰ টোপনি হেৰ টোপনি টোপনিৰ কলৰ তলতে ঘৰ, আমাৰে ঘৰকে নাহিবি টোপনি শাহু আইৰ উঠিছে জ্বৰ। কাহিনি চিনিম মই সুতাৰে চেউনি কাহানি চিনিম মই মাল। হাতৰ খৰাঁ পাজি হাতত পৰি ৰ’ল টোপনি হ’ল মহাকাল। দেৱৰটো মৰি য’ক ননদটো ওলাই য’ক বুঢ়া শহুৰটোক কত বাঘে, ভকতৰ বচনে দুই ঠেঙৰ বালি লই স্বামীটো মৰি য’ক আগে। মৰোক বা চৰোক শহুঅৰৰ পুতেক আমি মাছে ভাতে খাম, আই বোপাই ভালে ভালে থাকক আমি ধেমেনা ঘৰকে যাম। আইয়ো মৰিলা বোপাইয়ো মৰিলা পীৰা জোৰাই ঘোমালো বাজে হুৰকা বতাহে পাই কুলা নিলে উৰুৱাই চাউল কালে বামুণৰ ছাগে। গীত গোৱা শেষ হ’ল। ৰান্ধনি ঘৰৰ পৰা আৰতিৰ মাকে মাত লগালে---‘আৰতি, তোমালোক আটাই কেইজন আহাঁ। ভাত বাঢ়িছো, খোৱাহি”। ভাতৰ পাতত গৈ মাজ-মজিয়াতে মেকুৰিটো দেখি আইতাই গাবলৈ ধৰিলে- কাণ খোৱা মেউ কাণত কাপোৰ দেউ খোৰা গ’ল গড় গঢ়াব খোৰা পীৰা খন দে। ভাতৰ পাতত গৈ অৰুণে ৰোহ পাতিলে। টেঙাৰ আঞ্জা আৰু মাছ লাগে। নহলে ভাত নাখায়। গতিকে বুঢ়ী আইতাই অৰুণক কোলাত লৈ গাবলৈ ধৰিলে- কোনেনো মাৰিলে কোনেনো ধৰিলে কোনেনো পাৰিলে গালি, আমাৰ মইনাই ঠেহ পাঁতি আছে ভাত খোৱা নাই বুলি। (২) আমাৰ বোপা অতি আদৰুৱা লোণে সানি খাই ঘিউ, মায়েকৰ চেনেহৰ পিতকৰ আদৰৰ ককায়েকৰ বুকুৰে জীউ। (৩) আমাৰ বোপা নাকান্দিবি এ নকৰিবি শোক, যদি কান্দা তই ডিমা ভাজা নিদিও তোক। বুঢ়ী আইতাৰ ধাইনাম শুনি অৰুণৰ ভাল লাগিল। তাৰ ৰোহ ভাঙিল। ৰং ৰহইচ মনে খোৱা শেষ হ’ল। তাৰ পিছত অকণিহঁত গৈ বিচনাত শুই পৰিল। আইতাই পোনাহঁতক টোপনি যাবলৈ নিচুকাব ধৰিলে- (১) বাৰীতে বগৰী ৰুলে আমাৰে অকণি শুলে বাৰীৰ বগৰী পকি সৰি যাব আমাৰে অকণিয়ে বুটলি খাৱ।। (২) কেতেৰী কেতেৰী তই বৰ কেতেৰী তোৰে বৰ বৰ নাম বেৰাৰে জোলোঙাৰে মই চাই আছিলো কেতেৰীয়ে ধৰিব নেজানে পাঁজি। দেহি হেৰৌ যা। আই হেৰৌ নাযাও যা।। নগলে কি হ’ব, পুৱালে বিয়া হ’ব, দেহি হেৰৌ যাগৈ যা।। “আইতা, কেতেৰীক ৰাতি কোনোবাই চুৰ কৰি নিব আহিছিল নেকি?” আৰতিয়ে সুধিলে। নহয় অ’ আকৰীজনী! যিবিলাক ছোৱালীয়ে কাপোৰ ব’ব নেজানে, সূতা কাটিব নেজানে তেনে আকাজী ছোৱালীক ভাল দৰাই বিয়া নকৰায়। তাকেহে কৈছো। গতিকে ছোৱালীয়ে বোৱা কটাত পটু হ’ব লাগে। নহলে সাঁথন নোহোৱা বুলি কোনো ভাল দৰাৰ হাতত পৰিলে কেঁঞাতহে বেচিব। অ’ মনত ৰাখিবি কেঞাঁ বাপু সকলেও পাল্লা ধৰিব নেজানিলে ছোৱালী বিয়া নকৰায়। শুন বাৰু, এই গীতটি গাওঁ- চান্দা বগুৰী বেচা মাছ। আমাৰে আইক কেঁঞাত বেচ। কেঁঞাই বোলে নালাগে। পাল্লা ধৰিব নেজানে।। মীনা আৰু অৰুণে মাত লগালে “আইতা, এটা সাধু কথা কোৱাচোন”। “নহয় আইতা, সাধুকথা নেলাগে। এটা বিয়া গীতহে শুনিম”। আৰতিয়ে কলে- “ওহোঁ! এতিয়া একোকে কব নোৱাৰো”। তহঁত টোপনি যা। ৰাতি দোভাগ হৈছে। শিয়ালে “হোৱা” দিব ধৰিছে। টোপনি নোযোৱা যদি মই শিয়ালীক মাতিম’। আইতা, আমি শিয়ালীৰ “হোৱাক” ভয় নকৰো। শিয়ালীৰ গীত গাবলৈ পাৰো। আমাৰ কিতাপত আছে। পঢ়াশালীত সদায় পঢ়ো। আৰতিয়ে কলে। “তুমি কি শিয়ালীৰ গীত গোৱা শুনো দিয়াছোন বাৰু। আইতাই কলে। শিয়ালীয়ে এ নাহিবি ৰাতি তোৰে কাণ কাটি লগাম বাতি শিয়ালীয়ে নাহিবি ৰাতি। শিয়ালীৰ মূৰৰে মৰুৱা ফুল শিয়ালীয়ে পালেগৈ ৰতনপুৰ ৰ’দে বৰষুণে খৰা শিয়ালৰ বিয়া ঘৰ-চিৰিকাই তামোল কাটে আমাকো এখন দিয়া।। “আৰতি, খুব ভাল গীত গাবলৈ শিকিছা অ’। এতিয়া ৰাতি বহু হৈ গ’ল শোৱাগৈ যোৱা”। আৰতি গৈ শুলে। মীনা আৰু অৰুণে চিঞৰি উঠিল। আইতা আমাক সাধুকথা ক’বই লাগিব। নহলে ঘূমটি নেযাওঁ”। “ৰবাদে তেনেহ’লে কাণকোৱাকে মাতো কাণ কটাৰ পো বৰ কণা আহিছে নিজম দি শো। কাণকটাৰ নাম শুনি মীনা আৰু অৰুণে সুধিলে। “আইতা! আইতা!! কাণকটা ক’ত থাকেনো”? আইতাই গালে- কাণ খোৱাহঁতৰ এন্দুৰ। ক’ত পালি তই সেন্দুৰ।। কোদালেৰে কাটিব কাণ। চোৰে নিব হাত দুখন।। কাণকটাৰ কথা শুনি অকণিহঁতৰ হাত ভৰিপেটতে লুকাল। আকৌ আইতাই গাবলৈ ধৰিলে- টোপনি টোপনি অ’ আই টোপনি তোৰে কলৰ তলত ঘৰ: সকলো ৰাইজৰ টোপনি আহিছে আমাৰ চকুতেঃ ধৰঃ। “আইতা, টোপনি কলৰ তলত থাকে যদি কাণ কাটিবৰ কাৰণে সিহঁতে কোদাল ক’ত পায় বাৰু?” অৰুণে শুধিলে। আকৌ মীনাই সুধিলে-“আইতা, কাণ খোৱা মানুহৰ কাণ আৰু হাতবোৰ নি কি কৰে বাৰু?” অ’ তোমালোকে ধেমালিহে কৰিছা। ৰবা তেন্তে কাণ কোৱাৰে গীত গাওঁ। মীনা আৰু অৰুণে একেমুখে কবলৈ ধৰিলে। “আইতা আইতা! আমি টোপনি যাম। চকু মুদি থাকিম, কাণ খোৱাক নেমাতিবা দেই। বৰ ভয় লাগে কাণখোৱাৰ কথা শুনিলে। মীনাহঁতে নিতালদি শুই পৰিল। ইফালে আইতাই গাবলৈ ধৰিলে- ঘূমটি যাওৰে অ’ৰে কানাই হুৰে কাণ খোৱা আসে সকলো শিশুৰ কাণ খাই খাই আসয় তোমাৰ পাশে।। মাৰৰ বচন শুনি পাশ চাপি হাসিয়া বোলে কানাই। কেনেকুৱা গোটে কাণ খাই ফুৰে চিনোৱা হাৰলি বাই।। তাৰ নাম শুলি ঘূমটি নাসয় ডৰে কাম্পে মোৰ বুক। দেখিলে লাৱৰি পলাইবাক পাৰি সত্বৰে চিনোৱা মোক।। ঘূমটিৰ ছলে নিচুকিয়া মই চক্ষু মেলি আছো চাই কেনেকুৱা গোটে কাণ খাই ফুৰে চিনোৱাক মোক আই।। বুঢ়ী আইতাই গীত গাই থাকোঁতে মইনাহঁতে টোপনিত লাল-কাল গ’ল। আমাৰ বুঢ়ী আইতাৰো গীত সিমানতে শেষ কৰিলে। লিখকঃ ফণীন্দ্ৰনাথ কলিতা