এদিন গধূলি অকণিহঁতক লগত লৈ আইতাই চোতালত বহি জহ গাইছে। পূৰ্ণিমাৰ জোনটিয়ে মিচিকিয়াই হাঁহিছে। তৰাবোৰে তিৰ্বিৰাই অকণিহঁতৰ মন হৰিছে। অকণিয়ে গাইছে- জোনবাই এ বেজী এটি দিয়া। বেজীনো কেলেই? মোনা সিবলৈ। মোনানো কেলেই? ধন ভৰাবলৈ? ধননো কেলেই? গাতী কিনিবলৈ। হাতীনো কেলেই? উঠি ফুৰিবলৈ। উঠি ফুৰিলেনো কি হয়? বৰ মানুহ হয়। বৰ মানুহ হ’লে কি হয়? গধূলিতে গধূলিতে ডুডুম্ ডুম্ ডবা কোবায়। অকণি জোনবাইক বেজী খুজি তুষ্ট নহ’ল। নীলা আকাশত তিৰ বিৰাই জিলিকি থকা তৰা এটিও মাগিলে- জোন বাই এ তৰা এটি দিয়া। এটি নেলাগে দুটি দিয়া। দুটি নালাগে তিনিওটি দিম পাত নাই চোত নই কেনেকৈ নিম? হালধীয়া চৰায়ে বাওধান খায় সাউদৰ পুতেকে নাও মেলি যায়। নাৱে বোলে টুলুং ভুটুং বঠাই বোলে বাও গধূলিতে গধূলিতে ডকা কোবায়। এটি তৰা দুটি তৰা সৰগত বহি কি কৰা? আম কঠালৰ গোন্ধ পায় নামি আহিবৰ মন যায়। অকণিৰ মনত আনন্দ দিবৰ কাৰণে আইতাই আকৌ গাই গুনালে- অ’ মালিনী অ’ মালিনী সোনাই কলৈ গ’ল? জোনবায়ে মাতি নিছে, বীণ বজাই গ’ল। জোনৰ বৰণ সোনাই চিকূণ গধূলিৰে তৰা, চকু টিপিয়াই মাতে জোনাই আকাশৰ পৰা। জোনাক দেখিলে অকণিৰ মনত অপাৰ ৰং লাগে। গতিকে জোনবাই অকণিহঁতক ৰঙৰ বজাৰলৈ চকু টিপিয়াই মাতি লৈ গ’ল। তেতিয়া মনৰ বেজাৰ কৰি আইতাই গাইছে- দেহি ঐ সোণাই কণ গ’ল কেনেকৈ? বাদুলিৰ বোকোচাত উঠি উৰি গ’ল গৈ। কিবা খায় কিবা লয় থাকেইবা কেনেকৈ? ফুলৰ মৌ নিয়ৰৰ পানী পায় খাবলৈ। জোনবায়ে কোলাত লৈ সোণক নিচুকাব তৰাবোৰে বেঢ়ি কুৰি নাম গুণ গাব। ককাদেউতাকে চোতালত আহুধানৰ মৰণাতগৰু খেদি থাকোঁতে অকণিয়ে তালৈকে লৰ মাৰিলে। যিহেতু আমাৰ সকলোৰে জীৱিকাৰ পথ হ’ল খেতি। খেতি পথাৰ আৰু গৰু গাইৰ প্ৰতি অকণিহঁতে ঢাল লোৱাটো স্বাভাৱিক। গতিকে আইতাই গাবলৈ ধৰিলে- মোৰ বোপাই লাহৰী ঘিলা গ’ল পাহৰি কিহেৰে ওমলে গৈ। চেনেহৰ ককাইদেউ আছে ঘিলা খেলি তাতে ওলাম গৈ।। মোৰ বোপাই সৰু ৰাখে বৰ বৰ গৰু এচাৰি হেৰুৱাই কান্দে।। এচাৰি হেৰুৱাই ঘৰলৈ ৰিঙিয়াই দিয়কহি এচাৰি সৰু। লোকৰ ধান খাব মৰিয়াই মাৰিব লৰুৱাই নিবলৈ গৰু।। লাই হাজে জালে আবেলি বতাহে লফা হালে-জালে পাতে। আমাৰ মইনা হালে জালে কালি দুপৰিৰ ভাতে।। অকণিয়ে ককাইদেউতাকৰ সৈতে মৰণাৰ চাৰিওপিনে ঘূৰি কুস্তি দিবলৈ ধৰিলে। ইফালে আইতা ভণ্টিৰ আগত গাবলৈ ধৰিলে। মোৰ বোপাই লাহৰী নেপাইছে আহৰি ৰুৱা জুৰিলো আহু তাৰে বৰা ধান বানি খুন্দি পিঠাগুৰি বোপালৈ লৈ যাম লাৰু। লাৰু শিশুৰ ৰুচিকৰ খাদ্য। গতিকে অকণি লোভতেই দৌৰি আহি আইতাক সুধিলে “আইতা আইতা, লাৰু ক’ত আছে দিয়া”। খিল খিলাই হাঁহি মাৰি ভণ্টিয়ে ক’লে। এ’ লাৰুৰ গীত হে গাইছে আইতাই। তই বৰ খকুৱা। লাৰুৰ কথা শুনি লৰ মাৰিছ’। ইয়াৰ পিছত ভণ্টিৰফালে চাই আইতাই খোপাৰ গীত গাবলৈ ধৰিলে- বাই বাই এ খোপাৰ লাহত মৰো, তিন কাঁহীমান পঁইটঅ কঃঅই খোপাৰ যতন কৰোঁ। তোৰ খোপা ডাঙৰ দীঘল মোৰ খোপা সৰু, গধূলি বেলিকা ধোঁৱা দিওঁতে খোপা খালে গৰুৱে। খোপাৰ উলি-জুলি বাই খোপাৰ উনি-দুনি; খোপাৰ ভিতৰে আছে পাৰ্ব্বতীয়া টুনি। আইতাৰ গীত শেষ হোৱাৰ লগে লহে অকণিহঁতে সুধিলে-“আইতা, আমি এতিয়া গীত নুশুনো। “তাই-বাই” খেলোঁগৈ। অকণিহঁতৰ খেল আৰম্ভ হ’ল- তাই মাই লোণে মাছে ভাত খায় বৰ ঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, ঢাকোন পেলাই পইতা ভাত খায়। এইটো তুমি খোৱা এইটো মই খাওঁ। এইটো বাপুকনে খ’ক এইটো ভণ্টিয়ে খ’ক এইটো গৰখীয়ালে থ’ক। গৰখীয়াৰ ভাগ কোনে খালে? তই খালি? নাই খোৱা। তই খালি? নাই খোৱা। তেনেহ’লে বোন্দা মেকুৰীয়ে খালে? বৰ ঘৰৰ মেকুৰী সৰু ঘৰলৈ যায় ঢাকোন পেলাই পঁইতা ভাত খায়। ভাকুট-কুট; ভাকুট-কুট।। (২) উকুলি মুকুলি দুকুলি কাঁহী আদৌ দৌ ডোমৰ ডাঁহী আম পাতে চাম যায় কঠাল পাতে হুৰে হুৰায়। কি কি চৰাইৰ কি কি নাওঁ শেন চৰাইৰ কথা কওঁ।। মাহী মাজী কঠাল পাত এইখন এৰি সেইখন কাট। “ভাকুট কুট” “ভুকুটি” শব্দবোৰ যাৰ হাতত পৰে সেইজনে হাত লুকায়। এইদৰে হাতবোৰ শেষ হোৱাৰ পিছত এজনে সুধিবলৈ ধৰিলে আৰু বাকীবিলাকে উত্তৰ দিলে- “বগলী এ, তোৰ হাত কিহে নিলে”?-“চিলাই নিলে”। “চিলাই নি কি কৰিলে”? -“বনত পেলালে”। “বনচোপ কি হ’ল”? -“পুৰি গ’ল” “ছাইখিনি কি হ’ল”? -“ধোবাই নিলে”। “ধোবাই নি কি কৰিলে” -“কাপোৰ ধুলে”। “সেই কাপোৰ কাক দিলে”? -“মন্ত্ৰীক দিলে”। “মন্ত্ৰীয়ে কি কৰিলে”? -“ৰজাক দিলে” “ৰজাই কাপোৰ পিন্ধি কলৈ গ’ল”? –“মেললৈ গ’ল”। “মেলৰ পৰা কি আনিলে”? -“টকা আনিলে”। “টকাৰে কি কৰিলে”? -“হাতী কিনিলে”। “সেই হাতী কোনে চাৰে”? -“বৰ গৰখীয়াই”। “হাতীয়ে ঘাঁহ খাই ক’ত”? -“বৰ দলনিত”। “পানী খাই ক’ত”? -“বৰ পুখুৰীত”। “হাতী বান্ধে ক’ত”? -“বৰ গছত”। “গছ জোপা কি হ’ল”? -“ভাঙি পৰিল”। “হাঃহাঃহাঃ আমাৰো হাতবোৰ ওলাই পৰিল” বুলি সকলোৱে হাত উলিয়াই দিলে। এইদৰে এইটো খেলৰ অন্ত পৰিল। তাৰ পিছত অকণিহঁতে “লেটেকু গছ” খেল খেলিবলৈ ধৰিলে। অকণিৰ সোঁ ভৰিখনৰ বুঢ়া আঙুলিটো উলিয়াই ৰাখি প্ৰত্যেকৰে হাতবোৰ জোৰা দি “লেটেকু গছ” সজালে। ইয়াৰ পিছত অকণি প্ৰ্শ্ন সুধিলে বাকীবিলাকে উত্তৰ দিলে। “এইডাল কি গছ”?-“লেটেকু গছ”। “লাগিছে নে নাই”-“লাগিছে”। “পকিছে নে নাই”?-“পকিছে”। “গুৰু গোসাইক দিছানে নাই”?-“দিছো”। “তোমালোকে খাইছা নে নাই”?-“খাইছো”। “মোলৈ এৰিছা নে নাই”?-“সাহটো খাই বাকলিটো এৰিছো”। “তেনেহ’লে গছজোপা কাটো”?-“নাকাটিবা”। “বৰ ঢেকুৰাক মাতো”?-“নামাতিবা”। “বৰ কুঠাৰ আনো”?-“নানিবা”। “বৰ দাও আনো”?-“নানিবা”। “বৰ কৰত আনো”?-“আনা”। “গছজোপা কাটো”?-“কাটা”? “ঘেচ্ ঘেচ্ ঘেচ্!!”-হিঃ হিঃ হিঃ”!! অকণিয়ে “লেটেকু গছ” জোপা কাটি পেলালে। এইদৰে খেলৰ অন্ত পৰিল। ইয়াৰ পিছত অকণিহঁতে আৰম্ভ কৰিলে “গুটি লুকোৱা” খেল। গোটেই কেইজন ল’ৰা –ছোৱালীয়ে শাৰী পাতি বহিল। সমানে দুটা দল হ’ব। এটা দলৰ এজন অকণিয়ে এটা গুটিলৈ নিজৰ দলৰ প্ৰত্যেকৰে হাতত মিছাকৈ গুটি দি গ’ল আৰু তাৰে এজনৰ হাতত কোনেও গম নোপোৱাকৈ দিলে। আনটো দলৰ নায়কজনে অকণিহঁতে জোৰকৈ মুঠা মাৰি ধৰা হাত্বোৰ চাই চাই গাবলৈ ধৰিলে- ওলৰ গুটি ভোলৰ গুটি জিকাৰ গুটি লাই যি হাতে গুটি আছে সেই হাতে পায়। এনেকৈ নায়কজনে যদি যাৰ হাতত গুটি আছে ঠিককৈ কব পাৰে, গুটিটো সেইদলে পায়। নোপোৱালৈকে এইদৰে খেল চলি থাকে। অকণিহঁতে “গুটি লুকুৱা” খেলি থাকোঁতে জোনাকী পৰুৱাবোৰ দেখি আইতাই গাবলৈ ধৰিলে- গেনকী ককাই জোনাকী ককাই মোক পাৰ কৰি থৌ, তোৰ চাৰি পোণ মোৰ চাৰি পোণ ঘুগুৰা কিনি লৌ।। ঘুগুৰাই কৰে ঝুণুৰ ঝুণুৰ বৰ আহিবৰ বেলা। বৰক লাগে টেমী কটাৰী কইনাক লাগে ফালি।। ফালিও ফালি সাত গণ্ডা দিলো ফালি নিতে পাৰে গালি। গালিও গালি অধম গালি ক’ত পাম মই ঠিকনাশালি।। ঠিকনাশালিক গ’লো মই দুটি ডিমা পালো মই। পানীৰ ঘাটত থলো মই পানীত আছে পানী পৰুৱা।। নাওঁত আছে চৈ সূৰ্য্য মুখে যাব লাগে বিজুলি বাঁহৰ দৈ। আইতাৰ গীত শুনি অকণিহঁতে খেলাৰ কথা পাহৰি গ’ল। আইতাক সুধিবলৈ ধৰিলে-“জোন বাইৰ হাত ক’লা দাগ কিয় আছে”। “তাত সোণৰ হৰিণ আৰু ৰাম তুলসী আছে।” “ৰাম তুলসী আৰু সোণৰ হৰিণ থাকিলে কি হয়”। “বুঢ়ী আইতাই আমাক সাধু কথা কব”। “সাধু কথা কলে কি হ’ব”। “আমাৰ মন আনন্দত নাচি উঠিব”। এইদৰে অকণিহঁতে খেলি থাকোতেই সিহঁতৰ ঘৰুৱা শিক্ষকজন আহি পালেহি। সিহঁতে ফলি-কিতাপ হাতত লৈ পঢ়া কোঠালৈ গুছি গ’ল সিমানতে আইতাৰ নিচুকনি অন্ত পৰিল। লিখকঃ ফণীন্দ্ৰনাথ কলিতা, নলবাৰী