বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ ১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী গৰাকী কোন? উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ। ২) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ : বন্দৰ নায়ক। ৩) প্ৰশ্ন : ভাৰতৰ ‘ইলেক্ট্ৰনিক চিটি’ বুলি কোন খন নগৰীক কোৱা হয়? উত্তৰ : বাংগালোৰ। ৪) প্ৰশ্ন : কোন খন দেশক সাগৰৰ বন্ধু বুলি কোৱা হয়? উত্তৰ : গ্ৰেট বৃটেইন। ৫) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ : সমুদ্ৰগুপ্ত। ৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ : বেংগল গেজেত। ৭) প্ৰশ্ন : সহটকীয়া নোট এখনত তলৰ কোনটো জন্তুৰ ছবি দেখা নাযায়? উত্তৰ : ভালুক। ৮) প্ৰশ্ন : জনপ্ৰিয় হাস্য চৰিত্ৰৰ অভিনেতা চাৰ্লি চেপলিন কোন দেশৰ আছিল? উত্তৰ : ইংলেণ্ড। ৯) প্ৰশ্ন : পাণ্ডৱ সকলে কি অৰণ্য কাটি ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল? উত্তৰ : খাণ্ডৱ। ১০) প্ৰশ্ন : কোন সাহিত্যিকে ‘পাঁচ আঙ্গনৱালা ঘৰ’ গ্ৰন্থৰ বাবে ইং ১৯৯৮ চনৰ ব্যাস সন্মান লাভ কৰে? উত্তৰ : গোবিন্দ মিশ্ৰ। ১১) প্ৰশ্ন : বিতৰ্কিত কথাছবি “ফায়াৰ”ৰ পৰিচালক কোন? উত্তৰ : দীপা মেহতা। ১২) প্ৰশ্ন : ইজিপ্তছিয়ান সকলে ১/৩ বুজিবলৈ ব্যৱহাৰ কৰা চিহ্নটো আছিল? উত্তৰ : III ১৩) প্ৰশ্ন : হিৰোশ্বিমাত প্ৰথম আণৱিক বোমা বিস্ফোৰণ হৈছিল? উত্তৰ : ১৯৪৫ চনৰ ৬ আগষ্ট। ১৪) প্ৰশ্ন : এইচ. আই. ভি. প্ৰথম কাৰ দেহত ধৰা পৰিছিল? উত্তৰ : সেউজীয়া বান্দৰৰ দেহত। ১৫) প্ৰশ্ন : জিম কৰবেটৰ নৰখাদক বাঘ চিকাৰৰ কাহিনী কোন অৰণ্য অঞ্চলৰ সৈতে জড়িত? উত্তৰ : কুমায়ন হিমালয়। ১৬) প্ৰশ্ন : A, B, AB আৰু O তেজৰ এই চাৰিটা গ্ৰুপৰ কোনটিক সাৰ্বজনীন (Universal doner) দাতা বুলি কোৱা হয়? উত্তৰ : O । ১৭) প্ৰশ্ন : G – 7 কি? উত্তৰ : উন্নত দেশ কেইখনৰ এক গোষ্ঠী। ১৮) প্ৰশ্ন : মেক মোহন লাইন কি? উত্তৰ : ভাৰত আৰু চীনৰ সীমাৰেখা। ১৯) মোবাইল ফোনৰ হেণ্ডছেট এটাত ৬ লিখা থকা বুটামটোত ইংৰাজী বৰ্ণমালাৰ কি কি আখৰ থাকে? উত্তৰ : MNO । ২০) প্ৰশ্ন : ৰাষ্ট্ৰপতিয়ে নিয়োজিত নকৰা পদবীটো কি? উত্তৰ : উপ – ৰাষ্ট্ৰপতি। ২১) প্ৰশ্ন : ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ : আৰতি সাহা। ২২) প্ৰশ্ন : কোনবিধ গেছ গ্ৰীন হাউচ ক্ৰিয়াৰ (effect) সৈতে জড়িত? উত্তৰ : কাৰ্বন-ডাই-অক্সাইড। ২৩) প্ৰশ্ন : বিচমিলাহ খানে বজোৱা সংগীত যন্ত্ৰটোৰ নাম কি? উত্তৰ : চেহনাই। ২৪) প্ৰশ্ন : কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ : ১৯৭১ চনত। ২৫) প্ৰশ্ন : বৌদ্ধ সকলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কি আছিল? উত্তৰ : নালন্দা। ২৬) প্ৰশ্ন : সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মীয়ে (Ultra Violet Ray) সৃষ্টি কৰে। ই কি বেমাৰত অতিকৈ প্ৰভাৱ পেলায়? উত্তৰ : ছালৰ কেন্সাৰ। ২৭) প্ৰশ্ন : কাৰ নেতৃত্বত ‘ইণ্ডিয়ান নচনেল আৰ্মী’ গঠিত হৈছিল? উত্তৰ : সুভাষ চন্দ্ৰ বসু। ২৮) প্ৰশ্ন : খাদ্যত কি বস্তুৰ অভাৱত মানুহৰ হাড়-দাঁতৰ গঠন সঠিকভাৱে নহয়? উত্তৰ : কেলচিয়াম। ২৯) প্ৰশ্ন : ভাৰতৰ কোন চহৰত কোৱা হয় ‘চিটি অৱ গ’ল্ডেন টেম্পল’? উত্তৰ : অমৃতসৰ। ৩০) প্ৰশ্ন : ‘গোলকুণ্ডা ফ’ৰ্ট’ কোন চহৰত অৱস্থিত? উত্তৰ : হায়দৰাবাদ। ৩১) প্ৰশ্ন : ১৪৯৮ চনত সাগৰীয় পথেৰে ইউৰোপৰ পৰা আহি ভাৰত ভূ-খণ্ড উপস্থিত হোৱা ভাস্কো-ডা-গামা কোন দেশৰ নাগৰিক আছিল? উত্তৰ : পৰ্তুগীজ নাবিক। ৩২) প্ৰশ্ন : ভাৰতৰ জাতীয় প্ৰতীকৰ চিহ্নটো কি? উত্তৰ : অশোক স্তম্ভ। ৩৩) প্ৰন : ‘তৃতীয় বিশ্বৰ দেশ’ (3rd World Country) বুলি কাক বুজোৱা হয়? উত্তৰ : উন্নয়নশীল দেশসমূহক। ৩৪) প্ৰশ্ন : অস্কাৰ বঁটা লাভ কৰা প্ৰথম জন ভাৰতীয় কোন আছিল? উত্তৰ : ভানু আথাইয়া। ৩৫) প্ৰশ্ন : ঝাৰখণ্ড ৰাজ্য কোন চনত গঠন হৈছিল? উত্তৰ : ২০০০ চনত। ৩৬) প্ৰশ্ন : ছত্তীশ গড় ৰাজ্যৰ প্ৰধান ভাষা কি? উত্তৰ : হিন্দী। ৩৭) প্ৰশ্ন : ১৯৫১ চনত ভাৰতত শিক্ষিত হাৰ কিমান আছিল? উত্তৰ : ১৮.৩ শতাংশ। ৩৮) প্ৰশ্ন : কানাই বৰশী বোৱা শিলালিপি ক’ত আছে? উত্তৰ : উত্তৰ গুৱাহাটী। ৩৯) প্ৰশ্ন : ‘হেমকোষ’ৰ প্ৰণেতা কোন আছিলে? উত্তৰ : হেমচন্দ্ৰ বৰুৱা। ৪০) প্ৰশ্ন : দাদা চাহেব ফাল্কে বঁটা লাভা অসমীয়া জন কোন আছিল? উত্তৰ : ড° ভূপেন হাজৰিকা। ৪১) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল? উত্তৰ : পাৰ্বতি কুমাৰ গোস্বামী। ৪২) প্ৰশ্ন : প্ৰথম টেলী প্ৰিণ্টাৰ ব্যৱহাৰ কৰা অসমীয়া দৈনিক কাকতখনৰ নাম কি? উত্তৰ : দৈনিক অসমীয়া। ৪৩) প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম নদীদ্বীপ কি? উত্তৰ : উমানন্দ। ৪৪) প্ৰশ্ন : কথাছবি পৰিচালনা কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ : প্ৰথমেশ বৰুৱা। ৪৫) প্ৰশ্ন : ছেৰছাহে প্ৰথমে কিহেৰে ‘ডাক’ অনা-নিয়া কৰিছিল? উত্তৰ : ঘোঁৰাৰে। ৪৬) প্ৰশ্ন : মাদাৰ টেৰেছাই কিমান চনত ন’বেল বঁটা লাভ কৰে? উত্তৰ : ১৯৭৯ চনত। ৪৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰধান কোন? উত্তৰ : প্ৰধানমন্ত্ৰী। ৪৮) প্ৰশ্ন : উত্তৰ – পূব উন্নয়ন বিত্তীয় নিগমৰ সংক্ষিপ নাম কি? উত্তৰ : নেড্ফি। লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ