১) প্ৰশ্ন : অসমৰ মাটিকালি কিমান? উত্তৰ : ৭৮,৪৩৮ বৰ্গ কি:মি:। ২) প্ৰশ্ন : অসমৰ মুঠ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ : ২০০১ চনৰ লোকপিয়ল মতে ২৬,৬৩৮,৪০৭ জন ; সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ। ৩) প্ৰশ্ন : অসমৰ সৰ্বমুঠ জিলা কেইখন? উত্তৰ : ৩২ খন। ৪) প্ৰশ্ন : প্ৰাচীন কামৰুপক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল? উত্তৰ : চাৰিটা। (ক) ৰত্নপীঠ, (খ) কামপীঠ, (গ) সুৱৰ্ণপীঠ, (ঘ) সৌমাৰপীঠ। ৫) প্ৰশ্ন : আহোমসকল কেতিয়া অসমলৈ আহিছিল? উত্তৰ : ইংৰাজী ১২২৮ চনত। ৬) প্ৰশ্ন : অসমৰ বিৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? উত্তৰ : আহোম সকলে। ৭) প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ। ৮) প্ৰশ্ন : কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল? উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত। ৯) প্ৰশ্ন : আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ : চাওলুং চুকাফা। ১০) প্ৰশ্ন : আহোম ৰাজত্বৰ সোণালী যুগত ‘দেশদ্ৰোহী’ৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? উত্তৰ : ৰুপ সিং বঙালে। ১১) প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল? উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)। ১২) প্ৰশ্ন : বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল? উত্তৰ : সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে। ১৩) প্ৰশ্ন : কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত) ১৪) প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল? উত্তৰ : গিয়াচুদ্দিন আউলিয়া। ১৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত। ১৬) প্ৰশ্ন : অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল? উত্তৰ : হাজোত। ১৭) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি? উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ। ১৮) প্ৰশ্ন : অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? উত্তৰ : সৰ্থেবাৰী (বৰপেটা)। ১৯) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ : প্ৰমত্ত সিংহই। ২০) প্ৰশ্ন : ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ : চুহুংমুং। ২১) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত। ২২) মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই। ২৩) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি? উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ। ২৪) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? উত্তৰ : শুক্লধ্বজ। ২৫) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়? উত্তৰ : হিউৱেন চাঙক। ২৬) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰ : ১৬৭১ চনত। ২৭) প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। ২৮) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ। ২৯) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰ : ১৮৫৮ চনত। ৩০) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ : সুকুমাৰ বৰকাইথ। ৩১) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন? উত্তৰ : তৰুণৰাম ফুকন। ৩২) প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়? উত্তৰ : ১৯৭৩ চনত। ৩৩) প্ৰশ্ন : বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল? উত্তৰ : ১৯৭৯ চনত। ৩৪) প্ৰশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়? উত্তৰ : ১৯৭৯ চনত। ৩৫) প্ৰশ্ন : কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়? উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত) ৩৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)। ৩৭) প্ৰশ্ন : স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন? উত্তৰ : পিয়লি ফুকন। ৩৮) প্ৰশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন? উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)। ৩৯) প্ৰশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)। ৪০) প্ৰশ্ন : তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল? উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত) ৪১) প্ৰশ্ন : ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? উত্তৰ : হাগ্ৰামা মহিলাৰী। ৪২) প্ৰশ্ন : ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? উত্তৰ : পিপল্ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.) ৪৩) প্ৰশ্ন : কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰ : ২০০৩ চনত। ৪৪) প্ৰশ্ন : অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ। ৰাষ্ট্ৰীয় ৪৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে। উত্তৰ : মুণ্ডক। ৪৬) প্ৰশ্ন : ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্ত কি? উত্তৰ : ম’ৰা চৰাই আৰু বাঘ। ৪৭) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? উত্তৰ : ৰাষ্ট্ৰপতি। ৪৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)। ৪৯) প্ৰশ্ন : ভাৰতৰ প্ৰথম আই. পি. এচ. বিষয়া গৰাকী কিন? উত্তৰ : কিৰণ বেদী (১৯৭২)। ৫০) প্ৰশ্ন : ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল? উত্তৰ : ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা। ৫১) প্ৰশ্ন : ৰাষ্ট্ৰীয় সংগীত ‘জনগন মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল? উত্তৰ : ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত। ৫২) প্ৰশ্ন : ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল? উত্তৰ : বাবা চাহেব ভীমৰাও আম্বেদকাৰ (বি. আৰ. আম্বেদকাৰ)। ৫৩) প্ৰশ্ন : ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি? উত্তৰ : হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)। ৫৪) প্ৰশ্ন : কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে? উত্তৰ : ১৯১১ চনত। ৫৫) প্ৰশ্ন : কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে? উত্তৰ : ৰাষ্ট্ৰপতিয়ে। ৫৬) প্ৰশ্ন : ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ : ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১০২,৭০,১৫,২৪৭ জন। সাক্ষৰতাৰ হাৰ ৬৫.৩৮ শতাংশ। ৫৭) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। ৫৮) প্ৰশ্ন : কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? উত্তৰ : এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)। ৫৯) প্ৰশ্ন : ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়? উত্তৰ : ৰাজা ৰামমোহন ৰায়। ৬০) প্ৰশ্ন : কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল? উত্তৰ : ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰতাগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)। ৬১) প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন? উত্তৰ : টেনজিং নৰ্গে। ৬২) প্ৰশ্ন : প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন? উত্তৰ : আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)। ৬৩) প্ৰশ্ন : প্ৰথম কোন মহিলাই ‘ভাৰতৰত্ব’ উপাধি লাভ কৰিছিল? উত্তৰ : ইন্দিৰা গান্ধী (১৯৭২ চন)। ৬৪) প্ৰশ্ন : ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম্ অধিবেশনৰ সভাপতি কোন আছিল? উত্তৰ : এছ. শ্ৰীনিবাস আয়েঙ্গাৰ। ৬৫) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল? উত্তৰ : ফাতেমা বিবি। ৬৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি পদ কোনে অলংকৃত কৰিছিল? উত্তৰ : উমেশচন্দ্ৰ বেনৰ্জি। ৬৭) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ ব্যৱস্থা কি? উত্তৰ : ভাৰতৰ সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিলৈকে লিখি পদত্যাগ কৰিব পাৰে। ৬৮) প্ৰশ্ন : ভাৰতৰ ‘পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি’ কোনে প্ৰচলন কৰিছিল? উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰুৰ। ৬৯) প্ৰশ্ন : পঞ্জাবৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন? উত্তৰ : জেনেৰেল ডায়াৰ। ৭০) প্ৰশ্ন : কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়? উত্তৰ : ১৯৫৪ চনত। ৭১) প্ৰশ্ন : ৰাষ্ট্ৰপতি মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চত বিখ্যাত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া মুক্তি যুঁজাৰু জন কোন আছিল? উত্তৰ : লীলাধৰ বৰুৱা। ৭২) প্ৰশ্ন : ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল? উত্তৰ : ওৱাৰেণ হেষ্টিংছ। ৭৩) প্ৰশ্ন : ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কেতিয়া কৰিছিল? উত্তৰ : শ্বেৰচাহে (১৫৪২ চনত)। ৭৪) প্ৰশ্ন : তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সম্ভন্ধ কি? উত্তৰ : পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থি। ৭৫) প্ৰশ্ন : ‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল? উত্তৰ : বালগঙ্গাধৰ তিলকে। ৭৬) প্ৰশ্ন : ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰে? উত্তৰ : কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩ চন)। ৭৭) প্ৰশ্ন : আটাইতকৈ পুৰণি বেদখনৰ নাম কি? উত্তৰ : ৰৰুকবেদ। ৭৮) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোন গ্ৰীকপ্পৰিব্ৰাজক ভাৰতলৈ আহিছিল? উত্তৰ : মেগাস্থেনিছ। ৭৯) প্ৰশ্ন : মহামতি আকবৰৰ হিন্ধু পত্নী গৰাকীৰ নাম কি? উত্তৰ : জোধাবাই। ৮০) প্ৰশ্ন : ভাৰতৰ প্ৰাচীন সভ্যতাক কি কয়? উত্তৰ : সিন্ধু সভ্যতা। ৮১) প্ৰশ্ন : বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী সমূহক কি বুলি কোৱা? উত্তৰ : জাতকৰ কাহিনী। ৮২) প্ৰশ্ন : বোমা বস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল? উত্তৰ : শ্ৰীপেৰামবুদুৰ (তামিলনাডু)। ৮৩) প্ৰশ্ন : ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি? উত্তৰ : পক্ প্ৰণালী। ৮৪) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী-মূৰ্খ ৰজা বুলি কোৱা হয়? উত্তৰ : মহম্মদ বিন টোঘলক। ৮৫) প্ৰশ্ন : মানুহৰ প্ৰথম বাহন কি? উত্তৰ : জন্ত। ৮৬) প্ৰশ্ন : কৃষি কাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো? উত্তৰ : চিকাৰ। ৮৭) প্ৰশ্ন : প্ৰাচীন ভাৰতৰ মহাকব্য দুখনৰ নাম কি? উত্তৰ : ৰামায়ণ আৰু মহাভাৰত। ৮৮) প্ৰশ্ন : দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন? উত্তৰ : চুলতানা ৰেজিয়া। ৮৯) প্ৰশ্ন : আশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি? উত্তৰ : ব্ৰাহ্মী আৰু খৰোস্থী লিপি। ৯০) প্ৰশ্ন : জৈন ধৰম প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ : দুটা ; হীনযান আৰু মহাযান। ৯১) প্ৰশ্ন : মুছলমান সকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ : দুটা ; চিয়া আৰু চুন্নী। ৯২) প্ৰশ্ন : কোনে ময়ুৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল? উত্তৰ : নাদিৰ চাহে। ৯৩) প্ৰশ্ন : ভাৰতৰ ‘লৈহমানৱ’ কোন? উত্তৰ : চৰ্দাৰ বল্লভ ভাই পেটেল। ৯৪) প্ৰশ্ন কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়? উত্তৰ : ১৯৫৪ চনত। আন্তঃৰাষ্ট্ৰীয় ৯৫) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ : শ্ৰীমাভো বন্দৰ নায়ক (শ্ৰীলংকা)। ৯৬) প্ৰশ্ন : এক লাখ ইহুদীক হত্যা কৰি ইতিহাসৰ পাত কলংকিত কৰা ব্যক্তি তথা শাসক জন কোন আছিল? উত্তৰ : এডলফ্ হিটলাৰ (জাৰ্মানী)। ৯৭) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনখন? উত্তৰ : মৃত সাগৰ। ৯৮) প্ৰশ্ন : ‘চিন্লু’ কি? উত্তৰ : জাপানৰ এটা প্ৰাচীন জাতিগোষ্ঠী। ৯৯) প্ৰশ্ন : ‘বগা মানুহৰ কবৰ’ (White Man’s Grave) কাক কোৱা হয়? উত্তৰ : গিনি কোৰ্ট। ১০০) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনখন? উত্তৰ : মুছলিম ইউনিভাৰচিটি অৱ কাইৰন মৰক্কোৰ ফেজ চহৰত। স্থাপিত খৃঃ পূঃ ৮৫৯। ১০১) প্ৰশ্ন : ফৰাচী বিপ্লৱৰ জন্মদাতা কোন? উত্তৰ : ৰুচো। ১০২) প্ৰশ্ন : কোন দেশৰ লিখিত সংবিধান নাই? উত্তৰ : ইংলেণ্ডৰ। ১০৩) প্ৰশ্ন : খ্ৰীষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে? উত্তৰ : ১৪৯২ চনত। ১০৪) প্ৰশ্ন : কোন ন’বেল বঁটা বিজয়ী আততায়ীৰ হৰ্তত নিহত হৈছিল? উত্তৰ : মাৰ্টিন লুথাৰ কিওং। ১০৫) প্ৰশ্ন : এচিয়ান ডেভেলপ১মেণ্ট বেংকৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত? উত্তৰ : ফিলিপাইনৰ ৰাজধানী মেনিলাত। ১০৬) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ : জৰ্জ ৱাচিংটন। ১০৭) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক’ত আছে? উত্তৰ : গ্ৰীণউইচৰ মান মন্দিৰত। ১০৮) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্টই ভেটো প্ৰদান কৰিব পাৰে? উত্তৰ : পাঁচখন, আমেৰিকা, ৰাচিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে। ১০৯) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে? উত্তৰ : জাপানত। ১১০) প্ৰশ্ন : বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ ‘কিউবা’ বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সশস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নায়ক তথা বৰ্ত্তমানৰ ৰাষ্ট্ৰনায়কজনৰ নাম কি? উত্তৰ : ফিদেল কেষ্ট্ৰো (বৰ্তমান ৰাউল কেষ্ট্ৰো)। ১১১) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি? উত্তৰ : উইলিয়াম হেনৰি গেটছ্। ১১২) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ প্ৰতিষ্ঠান বি.বি.চি. ৰ সম্পূৰ্ণ নাম কি? উত্তৰ : ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন। (British Broadcasting Corporation)। ১১৩) প্ৰশ্ন : সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামানিকৰুপে স্বীকৃত বিশ্বকোষখনৰ নাম কি? উত্তৰ : এনচাইক্লোপেডিয়া ব্ৰিটেইনিকা। (Encyclopedia Britannica) ১১৪) প্ৰশ্ন : কাৰ দ্বাৰা কিমান চনত বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হয়। উত্তৰ : ৰাষ্ট্ৰসংঘৰ দ্বাৰা, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত এই বেংক প্ৰতিষ্ঠা কৰা হয়? ১১৫) প্ৰশ্ন : হোৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্ন হ’ল- হোৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু? উত্তৰ : ইয়েল’ৰিভাৰ (Yellow River)। ১১৬) প্ৰশ্ন : কনষ্টানটিনপ’ল এখন ইতিহাস প্ৰসিদ্ধ ৰোমান চহন। বৰ্ত্তমান এই চহৰখনক আমি কি বুলি জানো? উত্তৰ : ইষ্টানবুল (তুৰ্কী)। ১১৭) প্ৰশ্ন : ইণ্টাৰনেশ্যনেল ৰেডক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? উত্তৰ : জেনেভাত। ১১৮) প্ৰশ্ন : বগা হাতীৰ দেশ (Land of White Elephants) বুলি কোন দেশক বুজোৱা হয়? উত্তৰ : থাইলেণ্ড। ১১৯) প্ৰশ্ন : কি যুদ্ধৰ পৰাজয়ক নেপোলিয়নৰ ৰাজত্বৰ অৱসান বুলি ধৰা হয়? উত্তৰ : ৱাটাৰলু (১৮১৫ চন)। ১২০) প্ৰশ্ন : ইউনাইটেড কিংডমৰ সম্পূৰ্ণ ৰুপটো কি? উত্তৰ : United Kingdom of Great Britain and Northern Ireland. লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ