সৰস্বতীৰ বৰ এখন দেশত এজন বৰ প্রতাপী ৰজাৰ বিদ্যাৱতী নামেৰে এটি ছোৱালী আছিল। সেইকালত বিদ্যাৱতীৰ সমান ৰূপৱতী আৰু গুণৱতী ছোৱালী আন কেও নাছিল। বিদ্যাৱতী দিনক দিনে লহপহকৈ বাঢ়িবলৈ ধৰিলে, অৱশেষত তেওঁৰ বিয়াৰ সময় হ'লহি। বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক ক'লে যে, যি তেওঁক তর্কত হৰুৱাব পাৰিব তেওঁৰ লগতহে বিদ্যাৱতীৰ বিয়া হ'ব, আনৰ লগত নহয়। জীয়েকৰ কথা শুনি ৰজাই ৰাজ্যত ঘোষণা কৰি দিলে যে তর্কত যি জিকিব, বিদ্যাৱতী তেওঁৰে হ'ব। এই ঘোষণা শুনি দেশ-বিদেশৰপৰা পণ্ডিত আহি বিদ্যাৱতীৰ লগত তর্ক কৰিবলৈ ধৰিলে। কিন্তু কোনেও ৰাজকন্যাক হৰুৱাব নোৱাৰিলে। তর্কত হাৰি পণ্ডিতসকল উভতি যাবলৈ বাধ্য হ'ল। এটি কোমল বয়সীয়া ছোৱালীক তর্কত জিনিব নোৱাৰি পণ্ডিতসকলে বৰ লাজ পালে, আৰু এই লাজ গুচাবলৈ সকলো পণ্ডিত একেলগ হ'ল। সকলোৱে গোটখাই কথা বান্ধিলে যে এটা বুধি উলিয়াই বিদ্যাৱতীক এটা জধামূর্খলৈ বিয়া দিব লাগিব। এইদৰে আলচ পাতি পণ্ডিতকেইজন মূর্খ বিচাৰি গ'ল। বাটত যাওঁতে তেওঁবিলাকে দেখিলে যে এটা মানুহে এজোপা গছৰ এটা ডালৰ আগত উঠি তাৰ গুৰিটো কাটিব লাগিছে। পণ্ডিতসকলে দেখিয়েই জানিলে যে তাতকৈ মূর্খ আৰু জগতত কেও নাই। ইয়াৰ লগত বিয়া হ'লেই বিদ্যাৱতীৰ জোৰাই-জোখাই হ'ব। এই ভাবি তেওঁবিলাকে মানুহটোৰ ওচৰলৈ গৈ তাৰ নাম সুধিলে। মানুহটোৱে ক'লে যে তাৰ নাম কালিদাস। পণ্ডিতসকলে কালিদাসক সুধিলে, 'তাৰ ৰজাৰ জীয়েকক বিয়া কৰাবৰ মন আছে নে নাই।' কালিদাসে বিয়াৰ কথা শুনি মনতে ৰং পালে আৰু বিয়া কৰাবৰ মন আছে বুলি ক'লে। এই কথা শুনি পণ্ডিতসকলে কালিদাসক তেওঁবিলাকৰ লগত লৈ আহিল। বাটত আহোঁতে কালিদাসক ৰাজকন্যাৰ আগত কেতিয়াও নামাতিবি বুলি শিকাই আনিলে। এইদৰে কালিদাসক শিকাই-বুজাই পণ্ডিতসকল ৰাজকন্যাৰ গুৰি পালেহি আৰু বিদ্যাৱতীক ক'লে যে এজন নতুন পণ্ডিত আহিছে, তেওঁক তর্কত হৰুৱাব পাৰিলেহে বিদ্যাৱতীৰ কিমান বিদ্যা আছে তাৰ চিন ওলাব। কিন্তু এই পণ্ডিতজন মৌনী, মুখেৰে নামাতে, এওঁৰ লগত ঠাৰে-চিয়াৰেহে তর্ক কৰিব লাগিব। এই কথা শুনি বিদ্যাৱতীয়ে কালিদাসৰ লগত তৰ্ক আৰম্ভ কৰিলে। প্রথমতে ৰাজকন্যাই কালিদাসক এটা আঙুলি দেখুৱালে, কালিদাসে ভাবিলে বাজকন্যাই মোৰ এটা চকু কাঢ়ো বুলিছে, কিন্তু মই তেওঁৰ দুইটা চকু কাঢ়িম।' এই ভাবি কালিদাসে দুটা আঙুলি দেখুৱালে। কালিদাসক দুটা আঙুলি দেখুওৱা দেখি পণ্ডিতসকলে আনন্দত হাচ-চাপৰি মাৰি ক'লে যে কালিদাস জিকিছে, কাৰণ ৰাজকন্যাই এটা আঙুলি দেখুৱাই বুজাইছিল যে সৃষ্টির্কতা এজন, কিন্তু কালিদাসে দুটা আঙুলিয়ে বুজালে যে সৃষ্টিকর্তা এজন নহয়, দুজন প্রকৃতি আৰু পুৰুষ। ৰাজকন্যাই দেখিলে যে গতি ভাল নহয়, তথাপি আৰু এবাৰ চেষ্টা কৰি চাবৰ মন কবিলে। বিদ্যাৱতীয়ে এইবাৰ আঙুলি এটা মাটিৰফালে টোৱাই দেখুৱালে কালিদাসে ভাবিলে 'ৰাজকন্যাই মাটিত মোৰ মুখ ঠেকেচিব খুজিছে,' এইভাবি তেওঁ আঙুলি এটা ওপবলৈ তুলি ঘূৰাবলৈ ধৰিলে, অর্থাৎ ৰাজকন্যাক কালিদাসে এইদৰে চাৰি পাক খুৱাব। পণ্ডিতসকলে আৰু হাত চাপৰি মাৰিবলৈ ধৰিলে আৰু ক'লে যে, কালিদাস জিকিছে, কাৰণ বিদ্যাৱতীয়ে আঙুলিটো মাটিৰ ফালে টোৱাই বুজাইছিল যে পৃথিৱী থিৰ হৈ আছে, কিন্তু কালিদাসে আঙুলি ঘূৰাই ক'লে যে পৃথিৱী ঘূৰিছে, বৈ থকা নাই। এইবাৰ বিদ্যাৱতী একেবাৰেই হাৰিল। সেইবাবেই কালিদাসৰ লগত বিদ্যাৱতীক বিয়া দিবলৈ ৰজা বাধ্য হ'ল। যথাসময়ত দুইৰো বিয়া হৈ গ'ল। পণ্ডিতসকলো এইদৰে পোতক তুলি ঘৰাঘৰি গুছি গ'ল। বিয়াৰ পাছত কালিদাসক ৰজাই নিজ ঘৰতে বাখিলে। প্রথম ৰাতি শুবলৈ যাওঁতে ঢাৰি-পাটিৰ ওপৰত আঁঠুৱা তৰি থোৱা দেখি কালিদাস অবাক হ'ল; কাৰণ কালিদাসে আগেয়ে কেতিয়াও আঠুৱা দেখা নাছিল। কালিদাসে শুবলৈ সোমাবলৈ কেনিও সুৰুঙা নেপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঁঠুৱাৰ ওপৰত জাপ মাৰি দিলে। কালিদাসৰ কাণ্ড দেখি বিদ্যাৱতী অবাক হ'ল আৰু তেওঁ বুজিব পাৰিলে পণ্ডিতসকলে ছল কৰি তেওঁক এটা জধা মূর্খৰ লগত বিয়া দিয়ালে। এনেতে বাহিৰত এটা উটে চিঞৰিলে; ৰাজকন্যাই সংস্কৃত ভাষাৰে সুধিলে 'সেইটো কিহে চিঞৰিছে?' কালিদাসে সংস্কৃত ভালকৈ নাজানিছিল। সেই গুণে তেওঁ কৈ পেলালে 'উট্র'; বিদ্যাৱতীয়ে খঙতে আকৌ সুধিলে 'সেইটো কিহে চিঞৰিছে? এইবাৰ কালিদাসে ক'লে 'উষ্ট'; বিদ্যাৱতী বেজাৰ আৰু খঙত অধীৰ হ'ল। কালিদাস যে এটা জধামূর্খ, তেওঁ যে উটৰ সংস্কৃত কি তাকো নাজানে, বিদ্যাৱতীৰ আৰু বুজিবলৈ বাকী নাথাকিল। বিদ্যাৱতীয়ে খঙত কালিদাসক ক'লে, 'তই সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে এই ঘৰত থাকিব নোৱাৰ।' এই বুলি ঘৰৰপৰা কালিদাসক খেদাই দিলে। ঘৈণীয়েকৰ ওচৰত এনে অপমান পাই কালিদাসে সেই ৰাতিয়েই ঘৰৰপৰা বাজ হৈ হাবিৰফালে খোজ ল'লে। কালিদাসে হাবিৰ মাজে মাজে গৈ ৰাতি পুৱাবৰ বেলিকা এখন সৰোবৰ পালে। এই সৰোবৰৰ দাঁতিতে সবস্বতীৰ আৰাধনা কৰিবলৈ তেওঁ থিৰ কৰিলে আৰু দেহে-কেহে সৰস্বতীৰ আৰাধনা কৰিবলৈ ধবিলে। তেওঁ দিন-ৰাতি একান্ত মনেৰে অনেক বছৰ তাতে তপস্যা কৰিলে; কিন্তু এনে কঠোৰ তপস্যা কৰিও কালিদাসে সবস্বতীক দেখা নাপালে। অৱশেষত কালিদাসে নিৰাশ হৈ সবোবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰিলে, এই সঙ্কল্প কৰি কালিদাস সৰোবৰত জাপ মাবি পৰিল। এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু ক'লে,' 'বোপাই, তই আপোনঘাতী নহবি; আজিৰপৰা তই মোৰ বৰপুত্র হলি।' সবস্বতীৰ বৰ পাই কালিদাস নোহোৱা-নোপোজা পণ্ডিত হ'ল। অতদিনৰ মূৰত তেওঁৰ কঠোৰ সাধনা সফল হোৱা দেখি কালিদাসৰ আনন্দ থবৰ ঠাই নোহোৱা হ'ল। এইদৰে কালিদাস পণ্ডিত হৈ ঘৈণীয়েকৰ গুৰিলৈ উভতি আহিল। নিজৰ স্বামীক অগাধ পণ্ডিত হোৱা দেখি বিদ্যাৱতী আনন্দত অধীৰ হ'ল আৰু তেওঁ কালিদাসৰ চৰণত পৰি ক্ষমা খুজিলে। ইয়াৰ পাছত পণ্ডিত কালিদাস আৰু পণ্ডিতা বিদ্যাৱতীয়ে সুখেৰে কাল নিয়াবলৈ ধৰিলে। কালিদাসে বহুত পুথি লিখি জগতৰ উপকাৰ সাধি থৈ গৈছে। ৰচনা- কৃষ্ণকান্ত সন্দিকৈ সংগ্ৰহ: কৃষ্ণকান্ত সন্দিকৈ ৰচনা-সম্ভাৰ