জেঠ-আহাৰমহীয়া বতৰত এদিন পিংকি আৰু চিন্তুৱে এটা আম ভগাই খালে। আমটো খুব মিঠা জুতিৰ আছিল। আম খাই উঠি পিংকিয়ে মাকক সুধিলে- মা, মা, গুটিটো যদি ৰুই দিও, কি হ’ব? মাকে ক’লে-আকৌ আমৰ গছ হ’ব। সঁচা! এইবুলি পিংকিয়ে ঘৰৰ পাছফালৰ এঠাইত অলপমান মাটি দ’কৈ খান্দি গুটিটো ৰুই থ’লে আৰু সেই ঠাইখিনিত ঘূৰণীয়াকৈ দাগ এটা দিলে যাতে গুটিটো ক’ত ৰুইছিল, দেখিলে তাইৰ মনত পৰে। পিছদিনাৰ পৰা পিংকিয়ে পুৱাতে উঠি তাত পানী ঢালিব ধৰিলে। কিছুদিনৰ ভিতৰতে গুটিটোৰ পৰা গজালি ওলোৱা দেখি তাই স্ফূৰ্তিতে তৎ নাইকিয়া হ’ল, আগতকৈও বেছি চোৱা-চিতা কৰিব ধৰিলে। তাইৰ লগতে ভায়েক চিন্তুৱেও এই কাৰ্য্যত ভাগ ল’লে। এদিন দেউতাকৰ সহায় লৈ সিহঁতে গছডালৰ চাৰিওপিনে লোৰ জালেৰে ওখকৈ ঘেৰ এটা কৰি দিলে। মাকে ক’লে-ও, ভাল হৈছে। এতিয়া চৰাই-চিৰিকতি, জন্তু আদিৰ পৰা পুলিটো ৰক্ষা পৰিব। প্ৰতিদিনে পিংকি আৰু চিন্তুৱে পানী ঢালে। মাজে সময়ে সাৰ গোবৰো ছটিয়ায়। পুলিটোৰ আশে-পাশে গজি উঠা ঘাঁহ-বনবোৰ উভালি দিয়ে। সিহঁতৰ উৎসাহ দেখি মাক-দেউতাকো উৎফুল্লিত হৈ পৰিল। দিন যোৱাৰ লগে লগে পুলিটো গছলৈ ৰূপান্তৰিত হ’ল। পিংকি আৰু চিন্তুৱে এতিয়া দুপৰীয়াৰ সময়খিনি গছজোপাৰ ছাঁতে থাকি কটায়। সিহঁতে তাতেই বহি পঢ়ে, খেলা-ধূলা কৰে। মাকে দুয়োকে প্ৰায়েই বাধা দি কয়-তোমালোক আহা। বাহিৰত বৰ গৰম। মাকৰ কথা শুনি দুয়োয়ে আচৰিত হৈ কৈ উঠে-তুমি নাজানা মা। ইয়াৰে ছাঁয়াত একেবাৰে গৰম নালাগে। শীতল বতাহহে বৈ আছে। সিহঁত দুয়োৰে কথা শুনি মাকে মাথো হাঁহে। এদিনাখন পিংকিয়ে ক’লে-আমাক মোটা ৰচী এডাল আনি দিবাচোন। গছৰ ডাল এটাত বান্ধি ঝুলনা সাজিম। মাকে ৰচী এডাল আনি দিলে। দেউতাকে কাঠৰ তক্তা এখন সংযোগ কৰি সুন্দৰকৈ ঝুলনা এখন কৰি দিয়াৰ পাছত পিংকি আৰু চিন্তুৱে ৰংমনেৰে দুলিবলৈ আৰম্ভ কৰিলে। এদিন ঘৰত পূজা এভাগৰ আয়োজন কৰিছিল। মাকে পিংকিহতঁক আমৰ পাত কেইখিলামান আনিবলৈ আদেশ কৰিলে। চিন্তুৱে তেতিয়া একো বুজিব নোৱাৰি সুধিলে- মা, এই পাতবোৰেৰে কি কৰিবা? মাকে ক’লে-আমৰ পাতক শুভ বুলি বিশ্বাস কৰা হয়। আমি এইখিনি পূজাত আগবঢ়াম। হঠাতে এদিন ৰাতিপুৱা কুউ কুউ বুলি কুলিৰ মাতটো শুনি চিন্তুৰ টোপনি ভাগিল। সি শোৱনি কোঠাৰ খিড়িকীৰে বাহিৰলৈ ভুমুকিয়াই দেখিবলৈ পালে-আমৰ গছডালত কুলি চৰাই এটি বহি আছে। তাকে দেখি চিন্তুৱে জাপ মাৰি বিছনাৰ পৰা উঠি গৈ পিংকিক জগালে আৰু দুয়োয়ে দৌৰ মাৰি মাকৰ ওচৰলৈ আহিল। মাকে বুজালে-আমে মলিয়াব কিজানি! সেই বাবেই কুলিয়ে গীত গাইছে। সঁচাকৈয়ে ইয়াৰ কিছুদিনৰ পাছতে সৰু সৰু সেউজীয়া ৰঙৰ আমেৰে গছজোপা ভৰি পৰিল। এনেতে এদিন প্ৰচণ্ড ধুমুহা বৰষুণ আহিল আৰু বহুখিনি আম কলিতে সৰি পৰিল। ইয়াকে দেখি পিংকি আৰু চিন্তুৱে কান্দিব ধৰিলে। সিহঁতৰ অৱস্থাতো দেখি মাকে ক’লে- কান্দিব নালাগে। তোমালোকে সৰা আমখিনি বুটলি আনাগৈচোন। অৱশেষত দুয়োয়ে গৈ গছজোপাৰ তলত পৰি থকা আমখিনি তুলি আনিলে আৰু মাকে সেই কেঁচা আমখিনিৰে টেঙা-মিঠা চাটনি কৰিলে। চাটনি খাই ভাল পাই সিহঁতে হাঁহি হাঁহি ক’লে-মা, চাটনি বৰ সোৱাদৰ হৈছে। সিহঁতৰ মুখত হাঁহি দেখি দেউতাকেও সন্তুষ্টিৰ হাঁহি মাৰিলে। পিংকিয়ে তথাপি সুধিলে-কিন্তু মা, আমিতো আৰু পকা আম খাবলৈ নাপাম! মাকে ক’লে- কিয় নাপাবা! সিদিনা বতাহত কেইটামান আমহে সৰিছিল। গছত এতিয়াও বহুতো আম আছে। কেইদিনমানৰ ভিতৰতে সেইবোৰ পকিব। আমবোৰ পকাৰ আগেয়ে মাকে এদিন দুয়োকে গছত উঠাই দি পূৰঠ কেঁচা আম কিছুমান ছিঙি আনি আচাৰ কৰিলে। আচাৰখিনি খাবলৈ খুব সোৱাদাৰ হৈছিল। এদিনাখন দুপৰীয়া। চিন্তুৱে দৌৰি আহি ক’লে- চোৱা মা, আমবোৰ পকি হালধীয়া হৈ পৰিছে। মাকে লক্ষ্য কৰি দেখিলে সঁচাকৈয়ে আমবোৰ পকি একেবাৰে সেন্দুৰ যেন হৈ পৰিছে। এদিন পকা আমেৰে ঘৰ ভৰি পৰিল। সকলোৱে আমৰ সোৱাদ ল’লে। ওচৰৰ জেতুকী মাহীলৈয়ো কিছু আম পঠিয়াই দিয়া হ’ল। প্ৰত্যেকেই পিংকি আৰু চিন্তুৰ পিঠিত মৰমেৰে থপথপাই দিলে। পিংকি আৰু চিন্তুৱে আমবোৰলৈ চাই চাই গীত ৰচিলে এইবুলি- ‘ফলৰ ৰজা আম লগে ভাগে খাম। আচাৰ, চাটনি, মোৰাব্বা ইয়াৰে যে কত নাম.....।।’ লেখিকা: ৰীণা দেৱী।