আধুনিক শিক্ষাত শিক্ষকৰ নতুন দৃষ্টিভংগীঃ ছাত্ৰ, শিক্ষক, স্কুল, পাঠ্যক্ৰম, অনুশাসন এইকেইটা হৈছে শিক্ষাৰ মূল বিবেচ্য বিষয়। পুৰণি কালৰ শিক্ষাত শিক্ষকেই আছিল সৰ্বময় কৰ্তা আৰু শিক্ষাক্ষেত্ৰত প্ৰধান বিবেচ্য বিষয়। শিক্ষকৰ কৰ্তৃত্ব আৰু ভূমিকাত ৰজায়ো হস্তক্ষেপ কৰা নাছিল। শিক্ষকেই শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম প্ৰস্তুতকৰণ, অনুশাসনৰ ব্যৱস্থা গ্ৰহণ, শৈক্ষিক মূল্যায়ন আদিৰ সকলো দায়িত্ব আৰু ভূমিকা গ্ৰহণ কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা তেওঁ আস্থা, নিষ্ঠা আৰু ভক্তিভাৱ লাভ কৰিব পাৰিছিল। সেইবাবে তেওঁৰ শৈক্ষিক দায়িত্ব পালন আৰু ভূমিকা গ্ৰহণ বহুখিনি সহজ হৈ পৰিছিল। বৰ্তমান শিক্ষকৰ সেই অৱস্থাৰ সলনি হৈছে। সেয়ে হ’লেও বৰ্তমান শিক্ষকৰ ভূমিকা আৰু তেওঁৰ প্ৰাধান্য সমূলি উপেক্ষণীয় বুলি ক’ব নোৱাৰি। সমগ্ৰ শিক্ষা-যন্ত্ৰ পৰিচালনাৰ নেপথ্যত থকা ব্যক্তিজন হৈছে শিক্ষক। শিক্ষাৰ পৰিৱৰ্তিত পৰিস্থিতিত তেওঁৰ দায়িত্ব আৰু কৰ্তৃত্বৰ সম্যক অধ্যয়ন কৰাটো বিশেষ প্ৰয়োজন হৈ পৰিছে। মন কৰিবলগীয়া যে পূৰ্বৰ সৰ্বময় কৰ্তৃত্ব আৰু প্ৰত্যক্ষ ভূমিকাৰ ঠাইত বৰ্তমান তেওঁৰ গণতান্ত্ৰিক মনোভাবৰ কৰ্তৃত্ব আৰু পৰোক্ষ ভূমিকা পৰিলক্ষিত হৈছে। এনে ভূমিকা আগতকৈও অধিক দায়িত্বপূৰ্ণ আৰু জটিল। শিক্ষাদান কাৰ্য কেৱল এক কলাই নহয়, ই বৰ্তমান বিজ্ঞানৰো পৰ্যায়ভুক্ত হৈছে। তাৰবাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়ন অপৰিহাৰ্য হৈ পৰিছে। শিক্ষকতাৰ সহজাত প্ৰতিভা নাথাকিলেও তেওঁৰ শিক্ষকতা বৃত্তিৰ প্ৰশিক্ষণ লোৱাটো প্ৰয়োজন হৈ পৰিছে। সমাজৰ লোকৰ বৰ্ধিত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু বৰ্তমান বিজ্ঞান আৰু সভ্যতাৰ লগত খাপ খুৱাই চলিবলৈ পূৰ্বৰ শিক্ষকতা সম্বন্ধে থকা ধাৰণাৰ পৰিৱৰ্তন কৰাটো প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে পুৰণিকালৰ শিক্ষা আছিল প্ৰত্যক্ষ বিধৰ, য’ত শিক্ষকে শিক্ষণৰ আহিলা স্বৰূপে কেৱল মৌখিকভাৱে তেওঁৰ শব্দ উচ্চাৰণ প্ৰয়োগ কৰিব লগা হৈছিল। শিক্ষাদানৰ একমাত্ৰ সঁজুলি কিতাপৰো যেতিয়া প্ৰচলন নাছিল তেনে অৱস্থাত ছাত্ৰই কেৱল শিক্ষকৰ মৌখিক শব্দ-প্ৰতিৰূপৰ ওপৰতে নিৰ্ভৰ কৰি স্মৃতিৰ প্ৰয়োগ কৰিব লগা হৈছিল। শিক্ষা-কাৰ্য মৌখিক স্মৃতি প্ৰয়োগ আৰু তাৰ অনুশীলনৰ মাজতেই আৱদ্ধ ৰখা হৈছিল। এনে অৱস্থাৰ পৰিৱৰ্তন আৰু বিকাশ সাধন হৈ বৰ্তমান ই শিক্ষকৰ এক পৰোক্ষ শিক্ষাদান পদ্ধতিত পৰিণত হৈছে। শিক্ষকে মৌখিকভাৱে দিয়া শিক্ষা-নিৰ্দেশনাৰ পৰিৱৰ্তে বিভিন্ন শিক্ষণ-আহিলা প্ৰয়োগৰ যোগেদি পৰোক্ষভাৱে শিক্ষাদানৰ পদ্ধতি প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছে। কিতাপৰ উপৰিও বিভিন্ন দৃশ্য-শ্ৰাব্য সঁজুলি শিক্ষাদানৰ বাবে উদ্ভাৱন কৰা হৈছে। এই সমূহৰ প্ৰয়োগ কৌশল বিজ্ঞানসন্মতভাৱে জানি উঠাটো শিক্ষাৰ বিশেষ প্ৰয়োজন হৈ পৰিছে। শিক্ষাদানৰ বেলিকা শিক্ষা-প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ সম্ভাৱনীয়তা বৰ্তমান কম্পিউটাৰ যন্ত্ৰই অধিক বৃদ্ধি কৰি তুলিছে। ইয়াৰ উপৰিও শিক্ষাদান কাৰ্য বৰ্তমান এক বহল সামাজিক দৃষ্টিকোণৰ পৰা অথবা সামাজিক পটভূমিত বিবেচনা কৰা হয়। প্ৰকৃত অৰ্থত ক’বলৈ গ’লে শিক্ষকসকল কেৱল শিক্ষানুষ্ঠানৰেই নহয় এখন সমাজ বা দেশ এখনৰো পৰিচালক। স্কুলক সেয়েহে এখন ক্ষুদ্ৰ সমাজ বা সম্প্ৰদায় বুলি কোৱা হয়। সমাজৰ সকলো অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিষয় আৰু এই সম্বন্ধীয় সমস্যাসমূহৰ বেলিকা শিক্ষকে প্ৰয়োজনীয় দায়িত্ব পালন কৰিব আৰু যোগ্য নেতৃত্ব দিব লাগে। ৰাজনৈতিক নেতাসকলৰ নেতৃত্ব সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই সমানে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। কাৰণ তেওঁলোকৰ নেতৃত্ব স্বাৰ্থজড়িত আৰু ক্ষমতালোভী হৈ উঠে। শিক্ষকৰ নেতৃত্বত এনেবোৰ উদ্দেশ্য নাথাকে। ছাত্ৰসকলক শিক্ষকে সমাজৰ যোগ্য ব্যক্তিস্বৰূপে গঢ় দি তুলিব লাগে। সেইবাবে ছাত্ৰৰ ব্যক্তিত্ব গঠন আৰু সমাজৰ হিত সাধন কৰি তোলাৰ গুৰু দায়িত্ব বৰ্তমান শিক্ষকে পালন কৰিব লাগে। এনেবোৰ কথাৰ বিবেচনাৰে বৰ্তমান শিক্ষকৰ দায়িত্ব পালনৰ ভূমিকা যে আগতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে তাক সহজেই অনুমান কৰিব পাৰি। শিক্ষকৰ ব্যাপক পৰিসৰৰ প্ৰভাৱঃ শিক্ষকৰ মহান দায়িত্ব আৰু ভূমিকাৰ বিষয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকেই কম-বেচি পৰিমাণে অনুভৱ কৰে। সেয়েহে শিক্ষকসকল আজিও তেওঁলোক সাধাৰণভাৱে শ্ৰদ্ধা ভক্তিৰ পাত্ৰ। সমাজৰ অন্যান্য ব্যক্তি আৰু তেওঁলোকৰ নিজ নিজ বৃত্তিতকৈ শিক্ষকসকলক বেলেগ দৃষ্টিৰে বিবেচনা কৰা হয়। সমাজৰ লোকৰ দৃষ্টিত শিক্ষকসকল আজিও আদৰ্শ, অনুপ্ৰেৰণাদায়ক আৰু অনুৰণীয় ব্যক্তি। ইয়াৰ গুৰিতে থকা শিক্ষকৰ ব্যাপক পৰিসৰৰ প্ৰভাৱ মন কৰিবলগীয়া। এই প্ৰসংগত নিম্নলিখিত কথাকেইটা আমাৰ বিবেচনাযোগ্য। জীৱন-ব্যাপী প্ৰভাৱঃ আমাৰ জীৱনৰ সান্নিধ্য আৰু সংস্পৰ্শলৈ অহা বিভিন্ন লোকে বিভিন্ন সময়ত ভিন ভিন প্ৰভাৱ পেলায়। কিন্তু তেনে প্ৰভাৱ হয় সাময়িক আৰু ক্ষণস্থায়ী বিধৰ। সি আমাৰ জীৱনত সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠিব নোৱাৰে। কিন্তু এজন আদৰ্শ শিক্ষকৰ প্ৰভাৱ আমাৰ সমগ্ৰ জীৱনৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ উঠিব পাৰে। সেয়েহে কোৱা হয় যে পিতৃ-মাতৃয়ে আমাক জন্ম দিয়াৰ বাহিৰে আন একো দিব নোৱাৰে। এজন হত্যাকাৰীয়ে আমাৰ জীৱন লব পাৰে আৰু তাতেই তেওঁৰ কাম শেষ হয়। কিন্তু এজন শিক্ষকে আমাৰ সমগ্ৰ জীৱন প্ৰভাৱিত কৰে, তেওঁৰ প্ৰভাৱ কেতিয়াবা শেষ হোৱা বুলি আমি ক’ব নোৱাৰো। জীৱনৰ দিশ নিৰ্ণয়কাৰী প্ৰভাৱঃ শিক্ষকে একো-একোজন ছাত্ৰৰ জীৱনত ভৱিষ্যৎ বিকাশৰ গতিপথ নিৰ্ণয় কৰিব পাৰে। শিক্ষকৰ নিজ বিষয়ৰ ইচ্ছাই ছাত্ৰক বিশেষভাৱে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰে। সেই বিষয়ৰ বিশিষ্ট অধ্যয়নৰ ফলত ছাত্ৰৰ পৰৱৰ্তী জীৱনৰ ভাব-অনুভূতি আৰু চিন্তাক্ৰিয়া আদি সেইমতে পৰিচালিত কৰে। মন কৰিবলগীয়া যে প্ৰতিজন প্ৰতিভাশালী লোকেই নিজ প্ৰতিভা বিকাশৰ গুৰিতে তেওঁ শিক্ষা লাভ কৰা শিক্ষক বা শিক্ষাগুৰুৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰে। সংৰক্ষণশীলতাৰ প্ৰভাৱঃ মানৱ-সভ্যতা, সংস্কৃতি আৰু জ্ঞান-বিজ্ঞান আদি ক্ৰমাগতভাৱে পূৰ্ব-পুৰুষৰ পৰা উত্তৰ-পুৰুষলৈ গতি কৰি আহিছে। নতুন পুৰুষে পূৰ্ব-পুৰুষৰ জ্ঞান-অভিজ্ঞতা আয়ত্ব কৰি ভৱিষ্যতৰ বাবে তাক সংৰক্ষণ কৰি ৰখাত শিক্ষকৰ প্ৰভাৱ স্পষ্ট। অতীত সমাজৰ গ্ৰহণযোগ্য উপাদানখিনি ছাত্ৰৰ উপযোগীকৈ প্ৰস্তুত আৰু প্ৰদান কৰাৰ দায়িত্ব হৈছে শিক্ষকৰ। সেইবাবে শিক্ষকসকলক সমাজৰ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞানৰ সংৰক্ষণকাৰী স্বৰূপে বৰ্ণনা কৰিব পাৰি। বিকাশশীলতাৰ প্ৰভাৱঃ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞান নতুন পুৰুষে সংৰক্ষণ কৰাৰ উপৰিও তাৰবিকাশ সাধন কৰি তুলিব লাগে। মানৱ সমাজ গতিশীল আৰু ক্ৰমবিকাশশীল। বিকাশৰ এই গতি অব্যাহত ৰাখিবৰ বাবে শিক্ষকে ছাত্ৰৰ মনত নতুবা চিন্তা-ভাৱনা আৰু ক্ৰিয়া-কৌশলৰ ধাৰণা দিব লাগে। তেওঁ ক্ৰমবিকাশৰ পথত সহায়ক হৈ উঠা অতীতৰ উপাদানসমূহ বাচি লৈ অনাৱশ্যক উপাদানসমূহ ত্যাগ কৰিব লাগে। তাৰ দ্বাৰা তেওঁ নতুন চিন্তা-ভাৱনা আৰু ক্ৰিয়া উদ্ভাৱন কৰিব লাগে আৰু ছাত্ৰৰ মনত এই নতুনৰ প্ৰেৰণা দিব লাগে। সমাজ-সংস্কাৰ সাধনৰ প্ৰভাৱঃ সমাজৰ লোকৰ মনত পুৰণি সমাজৰ কেতবোৰ আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আদিৰ প্ৰভাৱ ৰৈ যায়, যি বৰ্তমান সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰে। এইবোৰকেই বৰ্তমান সমাজৰ লোকে অন্ধবিশ্বাস, কু-সংস্কাৰ আদি স্বৰূপে গণ্য কৰে, যি সমাজৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতা স্বৰূপ। এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আদিৰ অসুস্থ প্ৰভাৱ গুচাই মানুহৰ মনোভাৱত সংস্কাৰ সাধনৰ সুস্থ প্ৰভাৱ শিক্ষকে পেলাব পাৰে। সেইবাবে সুস্থ সমাজ আৰু জাতি গঠনত শিক্ষকৰ প্ৰভাৱ প্ৰচুৰ। জাতীয় সংহতিৰ প্ৰভাৱঃ জাতীয় সংহতি আৰু ঐক্যৰ ভাব গঢ়ি তোলাটো শিক্ষকৰ প্ৰভাৱ মন কৰিবলগীয়া। নতুন পুৰুষৰ মনত দেশপ্ৰেম, দেশৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ মনোভাৱ শিক্ষকে গঢ়ি তুলিব পাৰে। তেওঁৰ দেশাত্মবোধ থকা ভাব-চিন্তা আৰপ ক্ৰিয়াকলাপে ছাত্ৰসকলক প্ৰভাৱান্বিত কৰে। ইয়াৰ ফলত ছাত্ৰই নিজ দেশক জানিবলৈ, নিজৰ ভাষা-সংস্কৃতি বুজি উঠিবলৈ আৰু সংহতিৰ মনোভাৱেৰে তাক ভাল পাবলৈ শিকে। সেইবাবে জাতীয় সংহতি অথবা ইয়াৰ বিপৰীতে বিচ্ছিন্নবাদী মনোভাৱ ছাত্ৰৰ মনত গঢ়ি উঠাৰো মূলতেই হৈছে শিক্ষকৰ প্ৰভাৱ। স্কুলৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যঃ শিক্ষকৰ প্ৰধান কৰ্তব্য হৈছে স্কুলৰ শিক্ষা-কাৰ্য সম্পাদন কৰা। সাধাৰণভাৱে এই কথা সকলোৱে জানিলেও এই কাৰ্যৰ ব্যাপকতাৰ স্বৰূপ সম্বন্ধে ধাৰণা লাভ কৰি উঠাটো সহজ নহয়। এনে ব্যাপক পৰিসৰৰ পৰা শিক্ষকৰ কৰ্তব্য সম্বন্ধে বিভিন্ন ব্যাখ্যা দিয়া হয়। শিক্ষাবিদসকলৰ মতে, ছাত্ৰৰ সুস্থ আৰু সবল ব্যক্তিত্ব গঢ় দি তোলাটো শিক্ষকৰ প্ৰধান কৰ্তব্য। শিক্ষা মনোবিদসকলৰ মতে, ছাত্ৰৰ অন্তৰ্নিহিত শক্তি আৰু ক্ষমতাসমূহৰ যথোচিত বিকাশ সাধনত সহায় কৰাটো শিক্ষকৰ কৰ্তব্য। নৈতিক দৃষ্টিকোণৰ পৰা কোৱা হয় যে ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন কৰাটো শিক্ষকৰ কৰ্তব্য। বৰ্তমান সামাজিক দৃষ্টিকোণৰ বিবেচনাৰে আকৌ কোৱা হয় যে শিক্ষকৰ দায়িত্ব হৈছে ছাত্ৰক সমাজৰ যোগ্য ব্যক্তি স্বৰূপে অথবা সুনাগৰিক স্বৰূপে গঢ় দি তোলা। উল্লেখিত এই সকলোবোৰ দৃষ্টিভংগীতেই শিক্ষকৰ সামূহিক দায়িত্ব আংশিক ৰূপত প্ৰতিফলিত হৈছে। অৱশ্যে ইয়াক কাৰ্যকৰী কৰিবলৈ যাওঁতে শিক্ষকৰ ব্যক্তিগত কৰ্তব্য সম্বন্ধে আমাৰ ধাৰণা স্পষ্ট আৰু ব্যৱহাৰিক বিধৰ হোৱা উচিত। ছাত্ৰৰ শিক্ষা প্ৰসংগত আৰু স্কুলৰ শিক্ষা-প্ৰশাসনৰ অধীনত শিক্ষকৰ কাৰ্যকৰী ভূমিকা সম্বন্ধে নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য। শিক্ষা-পৰিকল্পনাঃ ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বেই শিক্ষকৰ প্ৰধান কাম হৈছে শৈক্ষিক বছৰত তেওঁৰ কৰিব লগা কাৰ্যসূচীৰ পৰিকল্পনা বা প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰা। ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্যসূচীসমূহ স্কুলৰ কাৰ্যকৰী দিন আৰু সময়-সূচী অনুপাতে সাপ্তাহিক, মাহেকীয়া আৰু ছমহীয়া ক্ৰিয়া অগ্ৰগতি স্বৰূপে বিভক্ত কৰি ল’ব লাগে। এই শিক্ষা আঁচনি অনুসৰিহে তেওঁৰ কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে। পাঠ-দানঃ পৰিকল্পিত আঁচনিৰ ক্ৰম অনুসৰি ছাত্ৰক পাঠদান কৰাটো হৈছে শিক্ষকৰ সাধাৰণ কৰ্তব্য। শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো দিশৰ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা শিক্ষা-সঁজুলি আৰু উপকৰণবোৰ যথাযোগ্যভাৱে শ্ৰেণীত প্ৰয়োগ কৰাৰ কৌশল তেওঁ ভালদৰে জানিব লাগে। দৃশ্য-শ্ৰব্য সঁজুলিবোৰ যাতে ছাত্ৰ-শিক্ষকৰ শিক্ষাৰ বাবে প্ৰকৃতাৰ্থত সহায়কাৰী হৈ উঠে, সেইসমূহে যাতে অযথা প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁ চকু ৰাখিব লাগে। সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীঃ শিক্ষকে ছাত্ৰৰ খেলা-ধূলা, নৃত্য-গীত, তৰ্ক আৰু আলোচনা চক্ৰ আদিত সক্ৰিয় অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰাটো তেওঁৰ এক দায়িত্বশীল কৰ্তব্য। এনে কাৰ্যসূচীবোৰৰ প্ৰতি ভিন ভিন ছাত্ৰৰ ৰুচি-অভিৰুচি আৰু ক্ষমতা-যোগ্যতা আদিৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিব লাগে। এই কাৰ্যসূচীত যাতে সকলো ছাত্ৰই নিজ অভিৰুচি অনুসৰি অংশগ্ৰহণ কৰে আৰু ই তেওঁলোকৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত সহায়ক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শৈক্ষিক মূল্যায়নঃ পৰীক্ষা কাৰ্য সম্পাদন কৰি ছাত্ৰৰ আৰ্জিত জ্ঞান-অভিজ্ঞতাৰ বুজ লোৱাটো শিক্ষকৰ কৰ্তব্য। ইয়াৰ বাবে সাপ্তাহিক, মাহেকীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে। এই শৈক্ষিক মূল্যায়নৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষকে বিবিধ প্ৰশ্ন প্ৰস্তুতিৰ কৌশল আৰু বস্তুনিষ্ঠ মূল্যায়ন ব্যৱস্থা সম্বন্ধে জানিব লাগে। অনুশাসনঃ স্কুলৰ নিয়ম-শৃংখলা ৰক্ষা কৰাটো শিক্ষকৰ প্ৰধান কৰ্তব্য। ছাত্ৰসকলে যাতে নিয়ম-শৃংখলাৰ অনুৱৰ্তী হৈ চলে আৰু শিক্ষকৰ প্ৰতি আনুগত্যভাৱ প্ৰকাশ কৰে তাৰ প্ৰতি চকু ৰাখিব লাগে। এই ক্ষেত্ৰত শিক্ষকে নিজেই ছাত্ৰৰ বাবে এক উদাহৰণ স্বৰূপ হৈ স্কুলৰ নিয়ম-শৃংখলাৰ প্ৰতি নিষ্ঠা আৰু আনুগত্যভাৱ প্ৰকাশ কৰি চলিব লাগে। অনুশাসন ৰক্ষাৰ বাবে দৈহিক শাস্তি প্ৰদানৰ পৰিস্থিতি তেওঁ যথাসম্ভৱ এৰাই চলিব লাগে। ব্যক্তিগত যত্নঃ শ্ৰেণীত থকা বিভিন্ন বৌদ্ধিক মানদণ্ড আৰু দেহ-মানসিক অৱস্থাৰ প্ৰতি ব্যক্তিগতভাৱে মনোযোগ দিয়া আৰু সহায় সহানুভূতি প্ৰকাশ কৰাটো শিক্ষকৰ কৰ্তব্য। প্ৰতিজন ছাত্ৰৰ দেহ-মানসিক প্ৰয়োজন আৰু আৰ্থ-সামাজিক অৱস্থা একে নহয়। এই ভিন্নতাৰ প্ৰয়োজন তেওঁ সহানুভূতিৰে বিবেচনা কৰিব লাগে আৰু সেইবাবে সকলোৰে পৰা সমান কৃতকাৰ্যতাৰ মানদণ্ড আশা কৰিব নালাগে। শিক্ষা-সঁজুলিৰ যত্নঃ শিক্ষকে শিক্ষাদানৰ বাবে প্ৰয়োগ কৰিবলগা সা-সঁজুলিবোৰৰ যত্ন লোৱাটো তেওঁৰ কৰ্তব্য। এই সঁজুলিবোৰ যাতে যথাসময়ত প্ৰযোগৰ বাবে সক্ষম আৰু সক্ৰিয় কৰি ৰাখিব পাৰি তাৰ প্ৰতি তেওঁ চকু ৰাখিব লাগে। বিশেষকৈ বিজ্ঞানাগাৰ, কৰ্মশালা, পুথিভঁৰাল, সংগ্ৰহালয় আদিৰ উপাদানসমূহ তেওঁৰ ব্যক্তিগত যত্ন আৰু তত্ত্বাৱধানত ৰাখিব লাগে। ছাত্ৰৰ তথ্যসংগ্ৰহঃ প্ৰতিজন ছাত্ৰৰ শৈক্ষিক, মানসিক, সামাজিক আৰু আন আন প্ৰয়োজনীয় বিষয়ৰ তথ্য-পাতিৰ বিৱৰণ শিক্ষকে লিপিবদ্ধ কৰি ৰাখিব লাগে। এনে বিৱৰণৰ ভিতৰত ছাত্ৰৰ পৰীক্ষাৰ ফলাফল, বুদ্ধ্যংকৰ পৰিমাণ, শ্ৰেণীৰ উপস্থিতি, খেলা-ধূলাৰ কৃতিত্ব, সামাজিক ক্ৰিয়াৰ অংশগ্ৰহণ, স্বাস্থ্য-সম্বন্ধীয় তথ্য-পাতি আদি উল্লেখযোগ্য। এনেবোৰ তথ্য সংগ্ৰহৰ বাবে ছাত্ৰৰ সঞ্চয়ী অভিলেখপত্ৰ প্ৰস্তুত কৰিব লাগে। নেতৃত্বদানঃ শিক্ষকে তেওঁৰ বিভিন্ন ক্ৰিয়া-আচৰণৰ যোগেদি শ্ৰেণীৰ বাহিৰে-ভিতৰে ছাত্ৰৰ নেতৃত্ব দান কৰিব লাগে। ইয়াৰ বাবে তেওঁৰ নিজ ক্ৰিয়া-আচৰণ, চৰিত্ৰ আৰু ব্যক্তিত্ব আদৰ্শ আৰু অনুকৰণীয় কৰি তুলিব লাগে। ছাত্ৰই শিক্ষকৰ নেতৃত্ব অস্বীকাৰ কৰি বাহিৰৰ কোনো ৰাজনৈতিক নেতা, দল বা সম্প্ৰদায়ৰ কবলত যাতে পৰিব নোৱাৰে তাৰ প্ৰতি তেওঁ সদা সতৰ্ক দৃষ্টি ৰাখিব লাগে। শিক্ষানুষ্ঠানৰ বাহিৰত ছাত্ৰই কেতবোৰ সামাজিক ক্ৰিয়া পৰিচালনা শিক্ষকৰ নেতৃত্বত কৰিব পৰা আঁচনি ইয়াৰ বাবে গ্ৰহণ কৰিব লাগে। অভিভাৱকৰ সহযোগিতাঃ শিক্ষাক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতা লাভৰ চেষ্টা কৰাটোও শিক্ষকৰ অন্য এক বিশেষ কৰ্তব্য। শিক্ষক-অভিভাৱকসকলৰ যুটীয়া আলোচনাৰ যোগেদি শিক্ষাৰ বহুতো জটিল সমস্যা সমাধানৰ পথ বিচাৰি পাব পাৰি। ইয়াৰ উপৰিও ছাত্ৰৰ শিক্ষা অগ্ৰগতি সম্বন্ধে অভিভাৱকসকলৰ লগত সময়ে সময়ে পত্ৰ বিনিময়ৰ যোগে অৱগত কৰোৱাটো শিক্ষকৰ কৰ্তব্য। ইয়াৰ বাবে শিক্ষক-অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি শিক্ষকে এই দিশত দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সমাজৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যঃ বৰ্তমান স্কুলক এখন সমাজ বা সম্প্ৰদায়ৰ কেন্দ্ৰস্থল স্বৰূপে বৰ্ণনা কৰা হয় আৰু এই সমাজৰ কেন্দ্ৰস্থ ব্যক্তি স্বৰূপে শিক্ষকক পৰিগণিত কৰা হয়। সেইবাবে স্বাভাৱিকতেই সমাজ বা সম্প্ৰদায়ৰ প্ৰতি শিক্ষকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য থকাৰ কথা অনুভৱ কৰা হয়। সমাজৰ প্ৰয়োজন, আশা-আকাংক্ষা অভাৱ-অভিযোগ আদি পূৰণত শিক্ষকে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগে। শিক্ষকৰ এনে সামাজিক দায়িত্বৰ প্ৰতি আধুনিক শিক্ষাত বিশেষভাৱে মনোনিৱেশ কৰা হৈছে। স্কুলঘৰ আৰু স্কুল প্ৰতিষ্ঠানটো কেৱল কণ কণ শিশুৰ বাবে দিনে মাত্ৰ তিনি-চাৰি ঘণ্টাৰ বাবে লিখা-পঢ়া কৰা ঠাই স্বৰূপে ব্যৱহাৰ কৰিয়ে ক্ষান্ত থাকিব নালাগে। এনে কৰাটো দেশৰ অৰ্থব্যৱস্থা, সমাজ-ব্যৱস্থা আৰু শিক্ষা-ব্যৱস্থাৰ এক বিৰাট অপচয় স্বৰূপে বিবেচনা কৰিব পাৰি। একো একোখন সমাজ বা সম্প্ৰদায়ৰ মাজত থকা এই স্কুল প্ৰতিষ্ঠানটোত সকলোৰে আৰ্থিক আৰু সামাজিক বৰঙণি থাকে। সেইবাবে সেই অঞ্চলৰ সম্প্ৰদায়টোৰ সকলো লোকৰ বাবেই ই শিক্ষা আৰু বিকাশৰ কেন্দ্ৰস্থল স্বৰূপে বিবেচিত হ’ব লাগে। প্ৰতিষ্ঠানটোৰ শিক্ষা আৰু সামাজিক বিকাশৰ দায়িত্ব আৰু কৰ্তৃত্ব শিক্ষকে গ্ৰহণ কৰিব লাগে। শিক্ষকৰ এই সামাজিক দায়িত্বৰ প্ৰতি সচেতনতাই বৰ্তমান স্কুলৰ সামাজিক ক্ৰিয়া-পৰিসৰ অধিক বৃদ্ধি কৰি তুলিছে আৰু শিক্ষকক সমাজত এক বিশেষ দায়িত্বশীল ব্যক্তি স্বৰূপে প্ৰতিষ্ঠিত কৰিছে। সমাজৰ প্ৰতি শিক্ষকে পালন কৰিব লগা কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে। সমাজ আৰু সম্প্ৰদায়ৰ সাংস্কৃতিক জীৱনৰ আৰু অৰ্থনৈতিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে স্কুলৰ কাৰ্যসূচী আৰু বিষয়সূচীৰ আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। স্থানীয় লোকৰ অস্থা, নিষ্ঠা, বিশ্বাস আদি ভংগ কৰিব পৰা কোনো কাম তেওঁ কৰিব নালাগে। সেইদৰে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰসকলক স্থানীয় হস্তশিল্প শিক্ষা আৰু কৰ্ম-অভিজ্ঞতা দিব লাগে। স্কুলৰ নিকটৱৰ্তী সংস্পৰ্শত থকা সম্প্ৰদায়সমূহৰ ধৰ্ম, ভাষা, সংস্কৃতি আৰু সামাজিক ৰীতি-নীতি আদিৰ লগত তেওঁ ভালদৰে পৰিচিত হ’ব লাগে। সেই সমূহৰ প্ৰতি অজ্ঞতা, উদাসীনতা, বিৰূপ অথবা উগ্ৰ মনোভাব তেওঁ এৰাই চলিব লাগে। ভাষা, ধৰ্ম, সংস্কৃতি আদিৰ ক্ষেত্ৰত সমাজৰ লোকৰ মনত সৃষ্টি হ’ব পৰা বিসংগতিৰ ভাব দূৰ কৰাত তেওঁ সহায়ক হৈ উঠিব লাগে। সমাজৰ বিভিন্ন সাংস্কৃতিক ক্ৰিয়া-কলাপত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজন। ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহহীনতা অথবা উদাসীনতা শিক্ষকৰ সামাজিক ব্যক্তিত্ব গঠনৰ দিশত বিশেষ ক্ষতিকাৰক। ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰয়োজন অনুসৰি সামাজিক ক্ৰিয়াৰ নেতৃত্ব দিব লাগে। তাৰ যোগেদি সমাজৰ জটিল পৰিস্থিতিত সৰ্বসাধাৰণ লোকসকলক সুপথে পৰিচালিত কৰিব লাগে।সমাজ আৰু সম্প্ৰদায়ৰ মাজত থকা নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষা আৰু সুস্থ-সুন্দৰ জীৱন-যাপনৰ দায়িত্বও শিক্ষকে গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্কুলক সামাজিক শিক্ষা কেন্দ্ৰ একোটাত পৰিণত কৰিব পাৰি। নিৰক্ষৰ প্ৰাপ্তবয়স্কসকলক সাক্ষৰতা দান কৰা, স্বাস্থ্য-ৰক্ষাৰ নীতি পালনৰ শিক্ষা দিয়া আৰু আজৰি সময়ৰ বাবে সুস্থ মনোৰঞ্জনৰ ব্যৱস্থা কৰা আদি কাৰ্যসূচী ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি।বৰ্তমান সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰা পুৰণি ৰীতি-নীতি আদিৰ সংস্কাৰ সাধনত শিক্ষকে এক গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। মানুহৰ মনৰ কু-সংস্কাৰ, ধৰ্ম-সংকীৰ্ণতা, অন্ধবিশ্বাস আৰু এই সম্বন্ধীয় অজ্ঞতা তেওঁ বহু পৰিমাণে গুচাব পাৰে। ইয়াৰ বাবে সমাজৰ লোকসকলৰ মাজত চিন্তা-চৰ্চা, আলোচনা চক্ৰ, কথিকা আদি অনুষ্ঠিত কৰি শিক্ষকে আগভাগ ল’ব লাগে।ছাত্ৰৰ বাবে প্ৰস্তুত কৰা সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীত সমাজসেৱা আৰু সামাজিক ক্ৰিয়াৰ বিবিধ আঁচনি আৰু কাৰ্যসূচী শিক্ষকে গ্ৰহণ কৰিব লাগে। প্ৰাকৃতিক দুৰ্যোগ আৰু বিপৰ্যয়ৰ বেলিকা ছাত্ৰৰ সাহায্য আঁচনি, ৰেডক্ৰচ আৰু জাতীয় শিক্ষাৰ্থী বাহিনী, সামাজিক আৰু সাম্প্ৰদায়িক উৎসৱ-পৰ্ব আৰু অনুষ্ঠান আদি সুপৰিচালনাৰ বাবে স্বেচ্ছাসেৱী বাহিনী আদি গঠন কৰিব পাৰে।সমাজ আৰু সম্প্ৰদায়ৰ লোকসকলক শিক্ষকে স্কুলৰ বাৰ্ষিক উৎসৱ উদযাপন আৰু এই সম্বন্ধীয় ক্ৰিয়া-কলাপত অধিকভাৱে জড়িত কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। স্কুল প্ৰতিষ্ঠা দিৱস, শিশু দিৱস, শিক্ষক দিৱস, অভিভাৱক দিৱস, বন-মহোৎসৱ দিৱস, বিশ্ব-শান্তি দিৱস আদি পালনৰ বেলিকা সমাজৰ লোকসকলক সক্ৰিয়ভাৱে জড়িত কৰি তুলিব লাগে আৰু এই দিৱসসমূহ উদযাপনৰ তৎপৰ্য বুজাই দিব লাগে।শিক্ষকে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকৰ সমাজ বা সম্প্ৰদায়ৰ অৰ্থনৈতিক আৰু বিত্তীয় জীৱনৰ লগত প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ একো-একোটা সৰু সৰু দল গঠন কৰি স্কুলৰ সমীপৱৰ্তী কল-কাৰখানা, শিল্পানুষ্ঠান, বাণিজ্য প্ৰতিষ্ঠান, ক্ষুদ্ৰ আৰু কুটিৰ শিল্পকেন্দ্ৰ, বিত্তীয় প্ৰশিক্ষণ কেন্দ্ৰ আদিলৈ লৈ যাব পাৰে। এইসমূহ তেওঁলোকে প্ৰত্যক্ষভাৱে দেখি শুনি সমাজৰ অৰ্থনৈতিক জীৱনৰ স্পষ্ট ধাৰণা লাভ কৰিব পাৰে আৰু ইয়াৰ পৰম্পৰা ৰক্ষা কৰিচলিবলৈ আগ্ৰহী হৈ উঠিব পাৰে।স্কুল প্ৰাংগণত বিভিন্ন সামাজিক ক্ৰিয়া অনুষ্ঠিত কৰিবলৈ আৰু স্কুলঘৰৰ বৈষয়িক সা-সুবিধা সমাজৰ লোকে উপভোগ কৰিব পৰালৈ শিক্ষকে লক্ষ্য ৰাখিব লাগে। বিশেষকৈ স্কুলৰ দীঘলীয়া বন্ধৰ সময়ছোৱাত সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষকৰ তত্ত্বাৱধানত স্কুলৰ পুথিভঁৰাল, পাঠাগাৰ, কৰ্মশালা, খেলপথাৰ আদিৰ সৎ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন উদ্দেশ্যত আয়োজন কৰা সভা-সমিতি আদি স্কুল প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ দি স্কুলক সামাজিক অনুষ্ঠানসমূহৰ অংশীদাৰ কৰি তুলিব পাৰে।সমাজ আৰু সম্প্ৰদায়বোৰৰ লোকৰ মাজত থকা কেতবোৰ কু-কৰ্ম, কু-অভ্যাস আৰু কু-খ্যাতি আদি দূৰ কৰাতো শিক্ষকে আগভাগ ল’ব পাৰে। উদাহৰণ স্বৰূপে মদ, ভাং, কানি আদি ৰাগিয়াল বস্তু খোৱা, জুৱা খেলা, টকা ধাৰ কৰা, বন্ধক দিয়া আদি অসামাজিক ক্ৰিয়াসমূহ বন্ধ কৰিবৰ বাবে শিক্ষকে আৱশ্যকীয় জনমত আৰু জন-আন্দোলন গঢ় দি তুলিব পাৰে। সমাজৰ নতুন পুৰুষে যাতে ধ্বংসমুখী পথ গ্ৰহণৰ পৰা বিৰত থাকে তাৰ প্ৰতিও তেওঁ সতৰ্ক দৃষ্টি ৰাখিব লাগে। ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে শ্ৰেণীৰ ছাত্ৰসকলতকৈও সমাজ আৰুসম্প্ৰদায়ৰ লোকৰ প্ৰতি শিক্ষকৰ অধিক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লগা আছে। সমাজৰ প্ৰতি শিক্ষকৰ এই দায়বদ্ধতা বৰ্তমান অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। জাতি গঠন আৰু দেশ গঠনত শিক্ষকৰ ভূমিকাৰ তাৎপৰ্যও এইখিনিতেই। শিক্ষকৰ এই সামাজিক দায়িত্বৰ কথা আমাৰ দেশৰ শিক্ষা আয়োগ কেইখনতো ভালদৰে প্ৰতিফলিত হৈ উঠিছে। অৱশ্যে এই প্ৰসংগত সামৰণিত এই কথাও উল্লেখযোগ্য যে সমাজৰ প্ৰতি থকা শিক্ষকৰ এই দায়বদ্ধতা তেওঁ গভীৰভাৱে অনুভৱ কৰাৰ লগতে সমাজ আৰু ৰাষ্ট্ৰইও শিক্ষকৰ কল্যাণৰ প্ৰতি এক দায়বদ্ধতাৰ ভাব অনুভৱ কৰাটো প্ৰয়োজন। মন কৰিবলগীয়া যে ওপৰত উল্লেখ কৰা শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য যথোচিতভাৱে পালনৰ বাবে তেওঁক সমাজ ৰাষ্ট্ৰই কৰ্তৃত্ব, ক্ষমতা আৰু প্ৰয়োজনীয় সা-সুবিধা দিয়া উচিত। সমাজৰ সৰ্বসাধাৰণৰ লোকৰ চকুত শিক্ষকৰ ব্যক্তিত্বৰ প্ৰতিচ্ছবি শক্তিশালী কৰি গঢ়ি তুলিব পাৰিলেহে মাথোন ই সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ বাবে এক জাতীয় জাগৰণৰো প্ৰয়োজন। (উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।