শিক্ষাৰ বহল অৰ্থৰ বিবেচনাৰে ক’ব পাৰি যে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে পোৱা জীৱনৰ বহল আৰু ব্যাপক অভিজ্ঞতাই শিক্ষা। ব্যক্তিয়ে পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি পোৱা অভিজ্ঞতাই হৈছে এই অৰ্থত শিক্ষা। এই শিক্ষাৰ কোনা সীমা নাই আৰু ই কোনো দিনেই অন্ত নপৰে। ইয়াৰ যোগেদি আমি ক্ৰমবিকাশৰ পথত অগ্ৰসৰ হওঁ কিন্তু তাৰ শেষ বিন্দুত উপনীত হ’বগৈ নোৱাৰো। শিক্ষাৰ এই দৃষ্টিভংগী হৈছে দৰ্শনভিত্তিক আৰু ইয়াক সামগ্ৰিক ৰূপত কৰা অনুভৱ আৰু উপলব্ধিৰ এক অভিব্যক্তি মাথোন। অৱশ্যে শিক্ষাৰ প্ৰায়োগিক অথবা ব্যৱহাৰিক দৃষ্টিকোণ এটাও আছে। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰিলে ইয়াৰ বিভিন্ন ৰূপ আৰু বৈশিষ্ট্য আমাৰ চকুত পৰে। শিক্ষাক অধিক সূক্ষ্ম আৰু বাস্তৱ দৃষ্টিভংগীৰে বিচাৰ কৰি চোৱাটোও আমাৰ বাবে প্ৰয়োজন। ইয়াৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু বিশ্লেষণ তেতিয়াহে সম্ভৱ হৈ উঠিব পাৰে। ইয়াত সাধাৰণ শিক্ষাৰ বিভিন্ন পৰ্যায় কেইটাৰ নিজ নিজ বিশেষত্ব আৰু শিক্ষা প্ৰদানৰ কাৰক অথবা মাধ্যমসমূহৰ বিষয়ে (অৰ্থাৎ যাৰ যোগেদি শিক্ষা দিয়া হয় অথবা শিক্ষা পাব পৰা হয়) আলোচনা কৰিবলৈ বিচৰা হৈছে। সাধাৰণ শিক্ষা কাক বোলে- সাধাৰণ শিক্ষা বুলিলে স্কুল-কলেজত ল’ৰা-ছোৱালীয়ে সাধাৰণতে বয়সসীমা আৰু সময়সীমাৰ মাজত নিৰ্ধাৰিত পাঠ্যসূচী আৰু কাৰ্যসূচী অধ্যয়ন কৰি পোৱা শিক্ষা অভিজ্ঞতাকেই বুজোৱা হয়। ইয়াক আনুষ্ঠানিক শিক্ষা বুলিও জনা যায়। এই শিক্ষাই ব্যক্তিৰ শৈক্ষিক মানদণ্ড নিৰ্ধাৰণ কৰে আৰু তাৰ সামাজিক স্বীকৃতি প্ৰদান কৰে। ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়ে বহু সময়ত ব্যক্তিৰ সামাজিক ক্ৰিয়াকলাপৰ প্ৰতি থকা যোগ্যতা অযোগ্যতা আদিও বিচাৰ কৰা হয়। সাধাৰণ শিক্ষা নোপোৱা লোকক নিৰক্ষৰ আৰু অশিক্ষিত লোক বুলিও বৰ্ণনা কৰা হয়, যদিও শুদ্ধ নহয়। আমাৰ সামাজিক জীৱনত এইবিধ শিক্ষাই ইমানেই প্ৰাধান্য লাভ কৰিছে যে ই সৰ্বসাধাৰণৰ বাবে এক প্ৰকাৰ বাধ্যতামূলক শিক্ষাত পৰিণত হৈছে। দেশৰ চৰকাৰেও মাধ্যমিক পৰ্যায়লৈকে এনে শিক্ষা বাধ্যতামূলক কৰি তুলিছে। অৱশ্যে এই সাধাৰণ শিক্ষাই ব্যক্তিক কোনো বিশেষ দক্ষতা বা পটুটা থকা ক্ৰিয়াৰ অভিজ্ঞতা দিব নোৱাৰে। তেনে অভিজ্ঞতাৰ বাবে কোনো বিশেষ বিষয়ৰ কাৰিকৰী প্ৰশিক্ষণৰ প্ৰয়োজন হয়। তথাপিও এই সাধাৰণ শিক্ষাৰ ন্যূনতম জ্ঞান-অভিজ্ঞতা নথকা ব্যক্তিয়ে বিশেষীকৰণ কৰা কাৰিকৰী শিক্ষাৰ অনুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে সাধাৰণ শিক্ষা হৈছে ব্যক্তিৰ মানসিক ক্ষমতা সম্বন্ধে সকলো দিশতে সামাজিক স্বীকৃতিৰ মানদণ্ড স্বৰূপ। এই কথা মন কৰিবলগীয়া যে সাধাৰণ শিক্ষাই আমাক কাৰিকৰী বিষয়ৰ বাবে প্ৰয়োজন হোৱা বিশেষ দক্ষতা বা ক্ৰিয়া অভিজ্ঞতা দিব নোৱাৰে। কিন্তু আনহাতে জন্মগতভাৱে লাভ কৰা ব্যক্তি মনৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাসমূহ, যেনে- স্মৃতি, মনোযোগ, কল্পনা, চিন্তা, যুক্তি, বিচাৰ শক্তি আদি এইবিধ শিক্ষাই অধিক সক্ষম আৰু সুশৃংখল কৰি তোলে। সাধাৰণ শিক্ষাৰ অধ্যয়ন কেতবোৰ মৌলিক বিষয়ে ব্যক্তিৰ এই সহজাত মানসিক শক্তিসমূহ অধিক প্ৰখৰ আৰু বাস্তৱ জীৱনত প্ৰয়োগৰ উপযোগী কৰি তোলে। এই দৃষ্টিভংগী পুৰণি শক্তি-তত্ত্বৰ ওপৰত প্ৰতিস্থিত। এই শিক্ষা গ্ৰহণ আৰু প্ৰদানৰ বেলিকা সেয়েহে আমি এনেবোৰ কথাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। সাধাৰণ শিক্ষাৰ বিভিন্ন পৰ্যায়ঃ সাধাৰণ শিক্ষাক পৰ্যায়ক্ৰম অনুসৰি মুঠ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- (১) পূৰ্ব-প্ৰাথমিক (২) প্ৰাথমিক (৩) মাধ্যমিক আৰু (৪) উচ্চ শিক্ষা। শিক্ষাৰ্থীৰ বয়সসীমা আৰু অধ্যয়ন কালৰ সময়সীমাৰেও এই চাৰিটা পৰ্যায়ক সাধাৰণভাৱে ভাগ কৰিব পাৰি। অৱশ্যে এনে বিভাজন স্থায়ী আৰু কটকটীয়াকৈ কৰাৰ পৰিৱৰ্তে অৱস্থা আৰু প্ৰয়োজন বিশেষে পৰিৱৰ্তন সাপেক্ষ আৰু শিথিলভাৱেহে কৰা হয়। শিক্ষাৰ্থীৰ বয়স, দেহ-মানসিক ক্ষমতা, আগ্ৰহ-অভিৰুচি, বুদ্ধি-বৃত্তি, শিক্ষণীয় বিষয় আৰু তাৰ পদ্ধতি আদিৰ বিবেচনাৰে এনেবোৰ বিভাগ কৰা হৈছে। এই পৰ্যায় কেইটাৰ নিজ নিজ লক্ষ্য, উদ্দেশ্য, কাৰ্যসূচী আৰু তাৰ শিক্ষা সম্বন্ধীয় বৈশিষ্ট্য তলত আলোচনা কৰা হৈছে। (১) পূৰ্ব-প্ৰাথমিক শিক্ষাঃ এই পৰ্যায়ৰ শিক্ষাক প্ৰকৃত অৰ্থত আনুষ্ঠানিক শিক্ষা বুলি কোৱা নাযায়। পূৰ্ব-প্ৰাথমিক স্কুলক স্কুল নুবুলি ইয়াৰ কণ কণ শিশুৰ পালনশালা বুলিহে ক’ব পাৰি। ইয়াৰ পৰৱৰ্তী পৰ্যায় স্বৰূপে প্ৰাথমিক স্কুলত শিক্ষা আহৰণ কৰিবলৈ উপযুক্ততা লাভ কৰি তুলিবৰ বাবেহে শিশুক ইয়াত আৱশ্যকীয় অভিজ্ঞতা দিয়া হয়। সেইবাবে ২-৩ বছৰ বয়সৰ পৰা ৫-৬ বছৰ বয়সৰ শিশুকহে এনে শিক্ষা দিয়া হয়। শিশুৱে ইয়াত সমনীয়াৰ লগত ৰং-আনন্দ আৰু সহযোগিতাৰ এক সামাজিক পৰিৱেশৰ মাজত কটাব পাৰে। কিণ্ডাৰগাৰ্টেন, মণ্টেচৰী আদি স্কুল এই পৰ্যায়ৰ অন্তৰ্ভুক্ত। ইয়াৰ শিক্ষা ব্যৱস্থা অধিক বিজ্ঞানসন্মত আৰু শিশুৰ প্ৰয়োজন ভিত্তিক বুলি কোৱা হয়। ইয়াৰ লক্ষ্য-উদ্দেশ্যঃ এই পৰ্যায়ৰ শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে শিশুক তাৰ জ্ঞানেন্দ্ৰিয়সমূহ অধিক কাৰ্যকৰী কৰি তুলিবৰ বাবে ইন্দ্ৰিয় অনুশীলনৰ বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা কৰা। শিশুৰ পৰৱৰ্তী কালৰ মানসিক আৰু বৌদ্ধিক বিকাশ এনে শিক্ষাৰ ওপৰত একান্ত নিৰ্ভৰশীল। এই শিক্ষাৰ যোগেদি শিশুৱে প্ৰাথমিক স্কুলৰ আনুষ্ঠানিক শিক্ষাত নিজকে মানসিকভাৱে খাপ খুৱাই ল’ব পাৰে। ইয়াৰ উপৰি শিশুৰ ঘৰুৱা পৰিৱেশৰ এক অনুৰূপ পৰিৱেশ ৰচনা কৰি খেলাৰ যোগেদি স্বতঃস্ফূৰ্ত বিকাশত সহায় কৰিবলৈ বিচৰা হয়। শিশুৰ দেহ-মনৰ স্বাস্থ্য ৰক্ষা কৰা আৰু ভৱিষ্যৎ জীৱনৰ বাবে কেতবোৰ সজ অভ্যাস গঠন কৰি তোলা আদিও ইয়াৰ আন কেতবোৰ উদ্দেশ্য। দৈহিক আৰু মানসিকভাৱে সাধাৰণ শিশুতকৈ ব্যতিক্ৰম হোৱা নিম্নমান বিশিষ্ট শিশুক ধৰা পেলাই তাৰ প্ৰয়োজনীয় চিকিৎসা কৰাটো এই পৰ্যায়ৰ শিক্ষাৰ এক বিশেষ কৰ্তব্য। পাঠ্যসূচী আৰু কাৰ্যসূচীঃ পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ পাঠ্যসূচী আৰু কাৰ্যসূচী শিক্ষাৰ অন্যান্য পৰ্যায়তকৈ পৃথক। ইয়াৰ কেতবোৰ বৈশিষ্ট্যপূৰ্ণ কাৰ্যসূচী নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি। শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহে বহিঃজগতৰ লগত ভালদৰে পৰিচিত হৈ উঠিবৰ বাবে এই পৰ্যায়ত দৃষ্টি, শব্দ আৰু স্পৰ্শ অনুভূতিৰ শিক্ষা দিয়া হয়। শিশুৰ দৈনন্দিন আৰু নিত্য-নৈমিত্তিক কাৰ্যসূচীৰ যোগেদি কেতবোৰ সজ অভ্যাস গঠন কৰা হয়। দৈহিক বিকাশ আৰু অংগ সঞ্চালন ক্ষমতা লাভ কৰি উঠিবৰ বাবে খেলা-ধূলাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিশু স্বাভাৱিকতেই কল্পনাপ্ৰিয় হোৱালৈ লক্ষ্য ৰাখি খেলা-ধূলা, গল্প কোৱা, চিত্ৰাংকণ আৰু ব্যংগ চিত্ৰ আদিৰ যোগেদি আনন্দ দান কৰা হয়। ছন্দ, গীত আৰু নৃত্য আদিৰ লয়লাসৰ যোগেদি শিশুৰ আৱেগিক জীৱনৰ প্ৰকাশ আৰু বিকাশৰ ব্যৱস্থা কৰা হয়। স্কুলৰ শিক্ষা পৰিৱেশৰ লগত শিশুৰ গৃহ পৰিৱেশৰ বিশেষ ব্যৱধান নাৰাখি ঘৰুৱা পৰিৱেশৰ দৰেই শিশুক মৰম-আদৰেৰে লালন-পালন কৰা হয়। শিশুৱে আৱশ্যকীয় মানসিক যোগ্যতা লাভ কৰি উঠিলে ইয়াত আখৰ আৰু সংখ্যাজ্ঞান দিয়া হয়। শিক্ষণ পদ্ধতিঃ এই পৰ্যায়ৰ শিক্ষণ পদ্ধতি হৈছে ব্যৱহাৰিক আৰু ক্ৰীড়া প্ৰধান। ক্ৰীড়া বা খেলাৰ যোগেদি শিশুৱে নিজে প্ৰত্যক্ষভাৱে ক্ৰিয়া অভিজ্ঞতা লাভ কৰিব পাৰে। শিশুৰ খেলাৰ বাবে ইয়াত বিভিন্ন ৰং, আকাৰ, প্ৰকাৰ, দৈৰ্ঘ্য আৰু ওজনৰ কাঠৰ টুকুৰা আৰু অন্যান্য সা-সঁজুলি প্ৰস্তুত কৰি ৰখা হয়। এই সা-সঁজুলিবোৰ শিশুৰ বাবে স্বাভাৱিকতেই অতি মনঃপুত আৰু প্ৰৰোচনকাৰী। খেলাৰ এই সঁজুলিবোৰ এনেদৰে প্ৰস্তুত কৰা হয় যে শিশুৱে তাৰ প্ৰয়োগৰ যোগেদি আপোনা-আপুনি প্ৰয়োগ প্ৰক্ৰিয়া আৰু তাৰ অভিজ্ঞতা জানি উঠিব পাৰে। শিশুৰ বাবে এনে শিক্ষা স্বতঃপ্ৰণোদিত আৰু আত্ম-নিৰ্দেশনামূলক। সাধাৰণ শ্ৰেণী-পৰিৱেশৰ পৰিৱৰ্তে শিশুৱে ইয়াত খেলাৰ স্বাভাৱিক পৰিৱেশ লাভ কৰে। শিক্ষকে ইয়াত মৌখিক শিক্ষাদানৰ পৰিৱৰ্তে নীৰৱ পৰিদৰ্শক অথবা নিৰীক্ষকৰ ভূমিকাহে গ্ৰহণ কৰে। শিশু আৰু পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষেহে শিক্ষকে তেওঁৰ আৱশ্যকীয় নিৰ্দেশনা দিয়ে। মণ্টেচৰী স্কুলৰ শিক্ষকক সেয়েহে শিক্ষক নুবুলি ডাইৰেক্ট্ৰেছ বা পৰিচালিকা বুলি কোৱা হয়। শিশুৰ ব্যৱহাৰিক জীৱনৰ ক্ৰিয়া-অভিজ্ঞতাসমূহ যথাৰ্থতা আৰু শুদ্ধ প্ৰয়োগৰ প্ৰতিও লক্ষ্য ৰখা হয়। এইবোৰ হৈছে পোচাক পিন্ধা আৰু খোলা, পানী আৰু চাবোনৰ ব্যৱহাৰ কৰা, নিজৰ ব্যৱহাৰ্য কাপ-প্লেট-গিলাচ আদি পৰিষ্কাৰ কৰা, বস্তু পৰিপাটিকৈ থোৱা আদি কাৰ্য। ইয়াৰ উপৰিও গল্প কোৱা, ছবি অঁকা, আবৃত্তি কৰা, গান গোৱা আৰু গানৰ তালে তালে দেহ ভংগিমা কৰা আদি প্ৰায়োগিক ক্ৰিয়া ব্যৱস্থা মন কৰিবলগীয়া। শিশুৰ এনেবোৰ ক্ৰিয়া সম্পাদনত শিক্ষকে প্ৰয়োজন অনুসৰি নিৰ্দেশনা দিব লাগে। (২) প্ৰাথমিক শিক্ষাঃ শিক্ষাৰ্থীৰ ৬ বছৰ বয়সৰ পৰা ১০-১১ বছৰ বয়সলৈকে বিধিগত আৰু আনুষ্ঠানিকভাৱে শিক্ষাদানৰ পৰ্যায়েই হৈছে আনুষ্ঠানিক শিক্ষা। এই শিক্ষা প্ৰাথমিক এইবাবেই যে শিশুক প্ৰথমবাৰৰ বাবে এক অনুষ্ঠানৰ যোগেদি বিধিগত নীতি-নিয়মৰ অনুৱৰ্তী কৰি পাঠদান কৰা হয়। লেখা-পঢ়া আৰু সংখ্যাজ্ঞান হৈছে আমাৰ সকলোৰে বাবে জীৱনৰ প্ৰাথমিক জ্ঞান-অভিজ্ঞতা। এই দৃষ্টিকোণৰ পৰা এই শিক্ষাক প্ৰাথমিক স্বৰূপে অভিহিত কৰিব পাৰি। ইয়াতেই প্ৰথমে শিশুৰ পাঠ আৰম্ভ কৰা বাবে পুৰণি কালত এই স্কুলক পাঠশালা নামেৰে গৈছিল। সাধৰণতে ৫-৬ বছৰ বয়সৰ ভিতৰত শিশুৱে বিধিগত শিক্ষা গ্ৰহণৰ মানসিক প্ৰস্তুতি লাভ কৰি উঠিব পাৰে, শিক্ষাৰ প্ৰচলিত নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থাৰ অনুৱৰ্তী হৈ চলিবলৈ শিকে। এই পৰ্যায়ৰ শিক্ষাই ব্যক্তি আৰু সমাজৰ শিক্ষা বিস্তাৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰতিটো শিশুৰ বাবে এই শিক্ষা অনিবাৰ্য আৰু বাধ্যতামূলক স্বৰূপে গণ্য কৰা হয়। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যঃ প্ৰাথমিক শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিক সাক্ষৰতা প্ৰদান কৰা। লেখা, পঢ়া, অংক কৰাৰ প্ৰাথমিক জ্ঞান প্ৰত্যেক ব্যক্তিৰেই এক মৌলিক প্ৰয়োজন। এই শিক্ষাৰে এখন দেশৰ সাক্ষৰতাৰ হাৰ নিৰ্ণয় কৰা হয়। এই পৰ্যায়ত শিক্ষাৰ গুণ বা মানদণ্ড উচ্চতৰ কৰাটো ইয়াৰ উদ্দেশ্য নহয়, শিক্ষাৰ প্ৰসাৰ আৰু পৰিমাণ বৃদ্ধি কৰাটোহে ইয়াৰ মুখ্য উদ্দেশ্য। দেশৰ সৰ্বাধিক সংখ্যক লোকে প্ৰাথমিক শিক্ষা লাভ কৰি সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰি তোলাটোহে আশা কৰা হয়। প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ল’ৰা-ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশত সহায় কৰা। তেওঁলোকৰ সহজাত মানসিক শক্তিৰ সম্ভাৱনীয়তাসমূহ এই পৰ্যায়ৰ শিক্ষাই বিকশাই তুলিব লাগে। স্মৃতি, মনোযোগ, আগ্ৰহ, কল্পনা, চিন্তা, যুক্তি, বিচাৰশক্তি আদি মানসিক ক্ষমতাসমূহ অধিক কাৰ্যক্ষম আৰু শৃংখলাবদ্ধ কৰি তোলাৰ দায়িত্ব হৈছে প্ৰাথমিক শিক্ষাৰ। শিশুৰ ভাষাজ্ঞান আৰু শব্দসংখ্যা বৃদ্ধি কৰি তোলা ভৱিষ্যৎ জীৱনৰ বাবে কেতবোৰ প্ৰয়োজনীয় ক্ৰিয়া অভ্যাস আৰু নৈতিক অভ্যাস গঠন কৰা, শিশু আচৰণ সুস্থ-সুন্দৰ আৰু অনুশাসনৰ অনুগামী কৰি তোলা আৰু শৈশৱৰ আত্মকেন্দ্ৰিক শিশুৰ আচৰণ আৰু মনোভাৱ সমাজমুখী কৰি তোলা আদি এই পৰ্যায়ৰ শিক্ষাৰ আন কেতবোৰ লক্ষ্য স্বৰূপে বিবেচনা কৰিব পাৰি। পাঠ্যসূচী আৰু কাৰ্যসূচীঃ প্ৰাথমিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষা। এই পৰ্যায়ৰ পাঠ্যক্ৰমে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ দুৱাৰ মুকলি কৰিব লাগে। সেইবাবে পাঠ্যক্ৰমৰ দায়িত্ব আৰু ভূমিকা ইয়াত স্বাভাৱিকতেই অধিক গুৰুত্বপূৰ্ণ। শিশুৰ দেহ-মানসিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্যায়ৰ পাঠ্যক্ৰম এহাতে জ্ঞান-অভিজ্ঞতা উপাদান পুষ্ট আৰু আনহাতে ব্যৱহাৰিক বিধৰ কৰি তুলিব লাগে। এই দুই দিশৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমত নিম্নলিখিত পাঠ্যসূচী আৰু কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা উচিত। শিশুৰ কথিত, পঠিত আৰু লিখিত ভাষাজ্ঞান বৃদ্ধি কৰি তুলিবৰ বাবে পাঠ্যক্ৰমত প্ৰয়োজনীয় ব্যৱস্থা থাকিব লাগে। শিশুৰ সংখ্যাজ্ঞান বৃদ্ধি কৰি তুলিবৰ বাবে পাঠ্যক্ৰমত বস্তুৰ পৰিমাণ, ওজন, দৈৰ্ঘ্য-প্ৰস্থ আদি গাণিতিক প্ৰয়োগৰ ধাৰণা দিয়া উচিত। মানৱীয় বিষয়সমূহ যেনে- বুৰঞ্জী, ভূগোল, জীৱনী পাঠ, সাধুকথা, ৰূপকথা আদি জ্ঞানৰ উপাদান শিশুৰ উপযোগীকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। শিশু মনক প্ৰাকৃতিক জগতৰ প্ৰতি আগ্ৰহী আৰু কৌতুহলী কৰি তুলিবৰ বাবে জীৱ-জন্তু, গছ-গছনি, নদ-নদী আদিৰ প্ৰকৃতি পাঠ্য বিষয় অধ্যয়নৰ প্ৰয়োজন। শিশুৰ কল্পনাবিলাসী মনত কলাৰ অনুভূতি জগাই তুলিবৰ বাবে সংগীত, নৃত্য, আবৃতি আদি বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। শিশু মনৰ ধাৰণা বিকাশ কৰি তুলিবৰ বাবে চিত্ৰাংকন আৰু ৰঙীন চিত্ৰ অংকনৰ কাৰ্যসূচী পাঠ্যক্ৰমত থাকিব লাগে। শিশুৰ স্বভাৱসুলভ সংগঠন প্ৰবৃত্তি বিকশাই তুলিবৰ বাবে হাতৰ কাম বা হস্তশিল্পৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। শিশুৰ স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰাথমিক স্বাস্থ্য বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া উচিত। শিশুৰ চৰিত্ৰ গঠনেৰে নৈতিক জীৱন গঢ় দি তুলিবৰ বাবে এই পৰ্যায়ত নৈতিক শিক্ষাদানৰো ব্যৱস্থা কৰিব লাগে। শিক্ষণ পদ্ধতিঃ প্ৰাথমিক পৰ্যায়ৰ শিক্ষণ পদ্ধতি ক্ৰিয়াভিত্তিক আৰু ব্যৱহাৰিক কৰি তুলিব লাগে। খেলাৰ মাধ্যমেৰে আৰু মনোভাৱেৰে শ্ৰেণীৰ পৰিৱেশতো শিক্ষাদানৰ পদ্ধতি হয় অধিক ফলপ্ৰসূ। শিশুৰ মনোযোগ আৰু আগ্ৰহ এই পৰ্যায়ত অনৈচ্ছিক অৱস্থাত থাকে। সেইবাবে শিক্ষকে শিক্ষাদানৰ বেলিকা শিক্ষণ-আহিলা স্বৰূপে দৃশ্য-শ্ৰাব্য সঁজুলিবোৰৰ প্ৰয়োজন মতে প্ৰয়োগ কৰিব লাগে। ক্ৰিয়াৰ যোগেদি শিক্ষাদানৰ বাবে হস্তশিল্পৰ মাধ্যমেৰেও শিশুক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰি। শিশুৰ ব্যক্তিগত শিক্ষা আহৰণ ক্ষমতা আৰু শিক্ষণ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্যায়ৰ শিক্ষাত শিক্ষকে শিশুৰ প্ৰতি ব্যক্তিগতভাৱে যত্ন লোৱাটো প্ৰয়োজন। বুনিয়াদী শিক্ষাঃ প্ৰাথমিক শিক্ষাৰ অধ্যয়ন প্ৰসংগত গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ আলোচনা এৰাই চলিব নোৱাৰি। ইংৰাজ শাসিত ভাৰতৰ জাতীয় জীৱনৰ আৰ্থিক আৰু সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গান্ধীজীয়ে ১৯৩০ চনত ‘বুনিয়াদী শিক্ষা’ নামেৰে দেশক এক নতুন শিক্ষাব্যৱস্থা উপহাৰ দিয়ে। এই শিক্ষাৰ প্ৰধান উদ্দেশ্য আছিল প্ৰাথমিক পৰ্যায়ত শিশুক হস্তশিল্পৰ মাজেৰে উৎপাদনমুখী শিক্ষা দি অৰ্থনৈতিক স্বৱলম্বিতা লভাত সহায় কৰা। ইয়াৰ আন কেইটামান উদ্দেশ্য হৈছে ৭-১৪ বছৰ বয়সলৈ মুঠ ৭ বছৰৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তোলা, মাতৃভাষা শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰা আৰু হস্তশিল্পৰ পৰা হোৱা উৎপাদনেৰে শিক্ষাৰ আৰ্থিক ব্যয় কিছু পৰিমাণে পূৰণ কৰা। এই বুনিয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্য হৈছে এয়ে যে শিশুৰ সকলো স্কুলীয়া বিষয়ৰ শিক্ষা এবিধ প্ৰয়োজনীয় হস্তশিল্পৰ জৰিয়তে প্ৰদান কৰা। এইক্ষেত্ৰত শিক্ষাদানৰ সহ-সম্বন্ধ নীতি ৰক্ষা কৰি শিক্ষকে পাঠদান কৰিব লাগে। ইয়াৰ হস্তশিল্পবোৰৰ ভিতৰত সূতা কটা আৰু কাপোৰ বোৱা, কাঠৰ কাম আৰু বাঁহ-বেতৰ কাম, মাটিৰ কাম, বাগান পৰিচালনা, কৃষি, মীনশিল্প আদি উল্লেখযোগ্য। পাঠ্যক্ৰমৰ কাৰ্যসূচী ক্ৰিয়াকেন্দ্ৰিক কৰি তোলা হয় আৰু ছাত্ৰই অধিক সময় হাতে-কামে কাৰ্যকৰী অভিজ্ঞতাৰে কটাব লাগে। এই শিক্ষাই কেৱল অৰ্থনৈতিক স্বাৱলম্বিতাই নহয়, ইয়াৰ যোগেদি শিশুৱে শ্ৰম, শ্ৰমৰ মৰ্যাদা, আত্মসন্মান, সমাজৰ প্ৰতি কৰ্তব্যবোধ তথা সুনাগৰিকতাৰ শিক্ষাও পাব পাৰে। বুনিয়াদী শিক্ষাক ভাৰতৰ জাতীয় শিক্ষাব্যৱস্থা স্বৰূপে গ্ৰহণ কৰা হয় যদিও এইব্যৱস্থা কৃতকাৰ্য হোৱা বুলি ক’ব নোৱাৰি। চৰকাৰে কেতবোৰ প্ৰাথমিক স্কুল বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰে আৰু ইয়াৰ প্ৰয়োজনীয় আইন প্ৰস্তুত কৰা হয়। কিন্তু এই শিক্ষাৰ প্ৰতি শিক্ষিত শ্ৰেণীৰ উদাসীনতা, কৰ্তৃপক্ষৰ উদ্যমহীনতা, উপযুক্ত শিক্ষকৰ অভাৱ, পুৰণি ধৰণৰ পাঠ্যক্ৰম আদি কেতবোৰ দোষ-ত্ৰুটিৰ বাবে আশানুৰূপ ফল লাভ কৰিব নোৱাৰিলে। আধুনিক শিল্পকেন্দ্ৰিক সমাজৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰি এইবিধ স্কুলৰ শিক্ষা বিস্তাৰ কেৱল গাঁও অঞ্চলতেই আৱদ্ধ হৈ থকাটোও মন কৰিবলগীয়া। সাধাৰণ প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী শিক্ষাৰ মাজত থকা কেইটামান মৌলিক পাৰ্থক্য এইখিনিতে উল্লেখ কৰিব পাৰি। বুনিয়াদী শিক্ষা প্ৰাথমিক শিক্ষা (১) গান্ধীজীৰ জাতীয় শিক্ষা আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। (১) কোনো জাতীয় শিক্ষা আদৰ্শৰ প্ৰভাৱ ইয়াত নাই। (২) গাঁও আৰু পিচপৰা অঞ্চলৰ ল’ৰা-ছোৱালীৰ বাবে অধিক উপযোগী। (২) নগৰ-চহৰৰ ল’ৰা-ছোৱালীৰ বাবে অধিক উপযোগী। (৩) পাঠ্যক্ৰমৰ কাৰ্যসূচী অধিক ক্ৰিয়া-কেন্দ্ৰিক কৰি তোলা হৈছে। (৩) পাঠ্যক্ৰমৰ কাৰ্যসূচী অধিকভাৱে বিষয়কেন্দ্ৰিক। (৪) ছাত্ৰই অধিক সময় হাতে-কামে কৰি কাৰ্যকৰীভাৱে কটায়। (৪) শিক্ষাৰ অধিক সময় পাঠদান আৰু শিক্ষা নিৰ্দেশনাত কটায়। (৫) হস্তশিল্পৰ পৰা হোৱা উৎপাদনেৰে শিক্ষাৰ ব্যয় বহন কৰা হয়। (৫) শিক্ষাৰ ব্যয় বহনৰ বাবে ছাত্ৰৰ ওপৰত নিৰ্ভৰ কৰা নহয়। (৬) শিক্ষাৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক স্বাৱলম্বিতা দান কৰা। (৬) শিক্ষাৰ উদ্দেশ্যত অৰ্থনৈতিক স্বাৱলম্বিতাৰ ভাব নাথাকে। (৭) শিশুৰ স্বতঃস্ফূৰ্ত বিকাশৰ বাবে খেলাত প্ৰাধান্য দিয়া নহয়। (৭) শিশুৰ স্বতঃস্ফূৰ্ত বিকাশৰ ক্ষেত্ৰত খেলাত প্ৰাধান্য দিয়া হয়। (৮) পাঠৰ সহ-সম্বন্ধ নীতি মানি চলা হয়। (৮) পাঠৰ সহ-সম্বন্ধ নীতিৰ প্ৰতি তেনে মনোযোগ দিয়া নহয়। (৯) শিক্ষাব্যৱস্থা অধিক ব্যয়বহুল। (৯) শিক্ষণ ব্যৱস্থা তেনে ব্যয়বহুল নহয়। (১০) ছাত্ৰক উচ্চ শিক্ষাৰ উপযোগী কৰি তুলিব নোৱাৰি। (১০) ছাত্ৰক উচ্চ শিক্ষাৰ উপযোগী কৰি তুলিব পাৰি। (৩) মাধ্যমিক শিক্ষাঃ মাধ্যমিক শিক্ষাই হৈছে শিক্ষাৰ সকলোতকৈ জটিলতৰ পৰ্যায়। সাধাৰণভাৱে ১১ বছৰ বয়সৰ পৰা ১৭-১৮ বছৰ বয়সলৈ মুঠ ৭-৮ বছৰ কাল এই পৰ্যায়ৰ শিক্ষাই ছাত্ৰৰ শিক্ষাজীৱন আগুৰি থাকে। এই সময়ছোৱাক কৈশোৰ কাল বুলি জনা যায়, যাক ধুমুহা আৰু পীড়নৰ সময় স্বৰূপেও বৰ্ণনা কৰা হয়। কৈশোৰ কালৰ দেহ-মানসিক অৱস্থা আৰু প্ৰয়োজন ইয়াৰ আগৰ পৰ্যায়তকৈ যথেষ্ট পৃথক হয়। কিশোৰ-কিশোৰীসকলৰ ব্যক্তিগত অধিক স্বাধীনতা ভাব পৰিলক্ষিত হয়। তেওঁলোকে নৈতিকতাৰ নতুন বিপদৰ সন্মুখীন হয় আৰু পৃথক ধৰণৰ অভিপ্ৰায়ৰ দ্বাৰা আকৰ্ষিত হয়। তেওঁলোকে আপেক্ষিকভাৱে কম স্বেচ্ছাচাৰী নিয়ন্ত্ৰৰ অধীনতা বিচাৰে আৰু অধিক বন্ধুভাৱৰ শিক্ষা-নিৰ্দেশনা কামনা কৰে। অধিক অৰ্থপূৰ্ণ আৰু উদ্দেশ্য-প্ৰণোদিত স্কুলীয়া জীৱনত তেওঁলোকে প্ৰৱেশ কৰে। কৈশোৰ কালৰ এনেবোৰ পৰিৱৰ্তনৰ হেতুকে এই পৰ্যায়ৰ শিক্ষা স্বাভাৱিকতেই অতি দায়িত্বপূৰ্ণ। (উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।