পৃথিৱীৰ প্ৰত্যেক পিতৃ-মাতৃয়ে সপোন দেখে নিজৰ সন্তানৰ জীৱন সুন্দৰ হওঁক, সুখৰ হওঁক। সন্তানৰ জীৱন গঢ়াৰ বাবে বিদ্যালয় তথা শিক্ষক সমাজৰ অৱদান গুৰুত্বপূৰ্ণ। কিন্তু এইটোও ঠিক যে কেৱল বিদ্যালয়ৰ শিক্ষাৰে কোনো ল’ৰা-ছোৱালীয়ে জীৱন গঢ়াৰ পৰিপূৰ্ণ শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষক, বিদ্যালয় হ’ল ল’ৰা-ছোৱালীৰ জীৱন গঢ়াৰ নিমিত্তহে।

ল’ৰা-ছোৱালীৰ জীৱন গঢ়াৰ প্ৰথম শিক্ষাকেন্দ্ৰ কিন্ত ঘৰখনহে। আনহাতে ঘৰখনৰ কথা ওলালে পিতৃ-মাতৃৰ কথা আহি পৰে। যদিওবা মূলতঃ মাতৃগৰাকীৰ ওপৰতহে নিৰ্ভৰকৰে সন্তানৰ ভৱিষ্যৎ। এগৰাকী নাৰীৰ বাবে মাতৃ হ’ব পৰাটো গৌৰৱৰ কথা, কিন্তু সঁচা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন সহজ কথা নহয়। গৌৰৱৰ কথা হ’ল সন্তানক সৎ, আদৰ্শবান, সু-নাগৰিক হিচাবে গঢ়ি তুলিব পৰাটোতহে। এনেয়ে নেপোলিয়ন বোনাপাৰ্টে মাতৃসকলক উদ্দেশে কোৱা নাছিল ‘তোমালোকে সু-সন্তান দিয়া, মই তোমালোকক এটা উন্নত জাতি দিম।

‘মানুহৰ মাজত মানুহ হৈ জীয়াই থাকি এখন সুন্দৰ উন্নত দেশৰ বাসিন্দা হ’বলৈ প্ৰথম আমাক লাগিব সজ শিক্ষা আৰু সু-স্বাস্থ্য। এই দুয়োবিধ অমূল্য সম্পদৰ অধিকাৰী হ’ব পাৰিলেহে আমি নিজকে প্ৰকৃতাৰ্থত মানুহ বুলি পৰিচয় দিব পাৰিম। ইয়াৰ বাবে আমাৰ প্ৰথম শিক্ষানুষ্ঠান হ’ব ঘৰখন আৰু শিক্ষক হ’ব লাগিব পিতৃ-মাতৃ। পিতৃৰ আচৰণে সন্তানৰ চৰিত্ৰ গঠন কৰে আৰু মাতৃৰ সু-পৰিচালনাই সন্তানক প্ৰকৃত মানুহ কৰে। সেয়েহে মাতৃসকলে সেই দায়িত্ব মূৰ পাতি লৈ এখন সুস্থ সমাজ তথা এখন প্ৰগতিশীল দেশ গঠনত সজাগ হৈ উত্তৰ পুৰুষসকলক সু-শিক্ষাৰে সজ পথ বাচি লৈ দেশৰ একো একোজন সু নাগৰিক কৰি গঢ়ি তোলাৰ উদ্যোগ ল’ব লাগিব।

ল’ৰা-ছোৱালীক জনা-বুজা হোৱাৰে পৰা স্বদেশ, স্বজাতি আৰু মাতৃ-ভাষাক ভাল পাবলৈ শিক্ষা দিব লাগে। স্বদেশ, স্বজাতি আৰু মাতৃভাষা প্ৰতি অকৃত্ৰিম আগ্ৰহ, ভাল পোৱাইহে সন্তানক দেশৰ প্ৰতি দায়িত্বশীল হৈ সু-নাগৰিক হোৱাৰ পথ দেখুৱায় । সন্তানক সৰুৰে পৰা কৰ্ম-সংস্কৃতিৰ শিক্ষা দিয়াটোও অত্যন্ত প্ৰয়োজন। সেইদৰে ল’ৰা-ছোৱালী নিৰ্বিশেষে সন্তানক ভিন্ন কৰ্ম শিকোৱাটোও মাতৃ এগৰাকীৰ প্ৰধান কৰ্তব্য। এনে শিক্ষাৰ ফলস্বৰূপে সন্তানে ৰুচি অনুযায়ী শিক্ষা অৰ্জন কৰি জীৱিকাৰ পথ বাচি ল’বলৈ সুবিধা লাভ কৰে আৰু ব্যস্ততাৰ মাজতো জীৱনটো উপভোগ কৰি নিজৰ লগতে আনকো সুখী কৰিব পাৰে। সন্তানৰ সু-চৰিত্ৰ গঠনত প্ৰশংসা আৰু শাস্তিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাল কাম,ভাল আচাৰ-ব্যৱহাৰ, প্ৰতিভা আদিৰ বাবে পিতৃ-মাতৃয়ে সন্তানক নিয়ন্ত্ৰিত ৰূপত প্ৰশংসা কৰিলে সন্তানে ভৱিষ্যতলৈ অধিক ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰেৰণা লাভ কৰে। বেয়া কৰ্ম, অবাঞ্চিত ফলাফল, স্বভাৱ-চৰিত্ৰত খুঁট দেখিলে পিতৃ-মাতৃয়ে গালি-গালাজ পাৰি বা শাস্তি প্ৰদান কৰাতকৈ মৰম আৰু বুজনিৰে সন্তানক ভাল পথলৈ আনিবলৈ চেষ্টা কৰাটো খুবেই প্ৰয়োজন।

প্ৰকৃতিৰ নিয়ম অনুযায়ী ল’ৰা-ছোৱালী শাৰীৰিক বিকাশ হয়। এদিন যৌৱনৰ দুৱাৰদলিত ভৰি দিয়ে। সেই বয়সত কিশোৰ-কিশোৰীয়ে কি ভাল কি বেয়া সেয়া বহু সময়ত বুজিবলৈ অসমৰ্থ হৈ পৰে। সেয়ে এই বয়সত সন্তানক শৰীৰ সম্পৰ্কে যথোচিত জ্ঞান দিয়া উচিত। বিভিন্ন মাৰাত্মক যৌন ৰোগ, HIV আদিৰ বিষয়ে সম্পূৰ্ণকৈ জ্ঞান দি সন্তানক সজাগ আৰু সচেতন কৰি তেওঁলোকৰ ভৱিষ্যত নিৰাপদ কৰিব লাগে। যৌৱনপ্ৰাপ্ত সন্তানৰ অন্তৰৰ ভাৱ মাতৃয়েহে ভালদৰে বুজি পায়। সেয়ে সন্তানৰ মন বুজি শিক্ষা প্ৰদান কৰাটোও এগৰাকী মাতৃৰ দায়িত্ব।

বিশ্বকবি ৰবি ঠাকুৰে কৈছিল-“A woman is the builder and moulder of a nation’s destiny.Though delicate and soft as a lily, She has a heart far stronger than that of man.”আমি সকলোৱে জানো যে আমাৰ সমাজত আজিৰ দিনত নিচাযুক্ত দ্ৰব্যই নৱ-প্ৰজন্মক পংগু কৰাৰ উপক্ৰম ঘটাইছে। মদ, ভাং, বিড়ি, চিগেৰেটৰ উপৰি অনান্য নিচাযুক্ত দ্ৰব্য সেৱন কৰি ক্ষন্তেকৰ উত্তেজনা লাভ কৰিব পাৰে, কিন্তু সেৱনকাৰীয়ে পৰৱৰ্ত্তী সময়লৈ শৰীৰত বৰবিহৰ বীজ কঢ়িয়াই লৈ ফুৰিব লগা হয়। সেই নৰকসদৃশ নিচাদ্ৰব্যৰ পৰা সন্তানক ছাত্ৰ অৱস্থাৰ পৰাই বিৰত ৰাখিব লাগে। নিচাযুক্ত দ্ৰব্যৰ ঋণাত্মক দিশৰ বিষয়ে সন্তানক বুজাই দি সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰি দিয়াত মাতৃয়ে বিশেষ ভূমিকা পালন কৰি এখন নিকা তথা সভ্য সমাজ গঢ়াত অপৰিসীম অৰিহণা যোগাব পাৰে। মাদক দ্ৰব্যৰ সেৱনৰ ভয়াৱহ পৰিণতিৰ বিষয়ে সমাজত বহল প্ৰচাৰ কৰি নিজৰ সন্তানৰ লগতে উঠি অহা প্ৰজন্মকো ইয়াৰ পৰা আঁতৰাই ৰখাতো গুৰুত্বপূৰ্ণ কথা। সমাজৰ বাবে ৰঘূমলাস্বৰূপ নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন বন্ধ কৰিবলৈ মাতৃ সকলে সাহসেৰে চেষ্টা চলাই যাব লাগে।

আজিৰ যুগ বিশ্বায়নৰ যুগ। য’ত, বিচাৰিলেই ভাল-বেয়া, সৎ-অসৎ, ভুল-শুদ্ধ সকলোবোৰ পোৱা যায়। সঁচা কথা আমাক বাহিৰৰ পোহৰ লাগে। সেইবুলি পোহৰ বিচাৰি ভুলে-শুদ্ধই য’তে-ত’তে খেপিয়াই ফুৰাটোও একেবাৰে শুদ্ধ নহয়। নিজৰ দেশখনৰ, সমাজখনৰ, জাতিটোৰ যিহৰ দ্বাৰা উন্নতি হয়, তেনে কৰ্মহে আমি গ্ৰহণ কৰিব লাগে। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল-“ পৃথিৱীৰ সকলো বতাহ মই মোৰ খিৰিকীৰে সোমাবলৈ দিম, কিন্তু সেই বতাহে মোক উৰুৱাই নিবলৈ নিদিওঁ”- সেই বিচাৰৰ লেকাম থাকে মাতৃৰ হাতত। সঠিক সময়ত সন্তানক উচিত শিক্ষা দিলে আমাৰ সন্তান বিপথে যাব নোৱাৰে। ভাৰতত নাৰীক দেৱী স্বৰূপা বুলি কোৱা হয়। ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠাৰ দেশ অসম। এতিয়া সময়ৰ দাবী- আজিৰ অসমৰ প্ৰতিগৰাকী মাতৃয়ে নিজেই প্ৰতিজ্ঞাবদ্ধ হওঁক, দেৱী-মাতৃৰ ভূমিকা পালন কৰিবলৈ —‘নিজৰ সন্তানক সমাজত প্ৰকৃত মানুহৰূপে প্ৰতিষ্ঠা কৰিবলৈ।’

লেখিকা: বিদ্যা দাস

উৎস: সাহিত্য.অৰ্গ