অৱসৰ বিনোদন আৰু ৰং-ৰহইচৰ বাবে অসমৰ মানুহে ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা বিভিন্ন খেল-ধেমালি কৰি আহিছে। অসমত নিগাজীকৈ বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত ভিন্ন নামৰ ভালেসংখ্যক খেল-ধেমালি প্ৰচলিত। আৱহমান কালৰেপৰা প্ৰচলিত হৈ অহা কিছু সংখ্যক খেলে মধ্যযুগত ৰাজ-পৃষ্ঠপোষকতা লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত (লংকাকাণ্ড) হনুমানৰ মুখেদি ৰাক্ষসবোৰৰ মাজত প্ৰচলিত থকা বুলি যিবোৰ খেলৰ লেখ দিছে, সেইবোৰ খেল চতুৰ্দশ শতাব্দীৰ বৰ অসমত চল্তি থকা বুলি অনুমান কৰিব পাৰি। কন্দলীৰ ৰামায়ণত আকুটি-ভ্ৰূকুটি, খেড়ি, গোৱাল-গোৱালনী, ঘিলা, জুৱা, ঝুণ্টি, টোকৰা, টোপখেড়ি, দলি যুঁজ, পাশা, ফল-ফুল খেল, ভণ্টা, মালযুদ্ধ, লৰমৰা, লুনি আৰু হাতা-হাতি খেলৰ নাম উল্লিখিত হৈছে। তলত পুৰণি অসমত প্ৰচলিত কিছু সংখ্যক খেল ধেমালিৰ নাম উল্লেখ কৰা হ’ল – আঙুঠি খেল আলি চিগা খেল ইৰিকটি-মিৰিকটি(ইচনি বিচনি) খেল উকুলি-মুকুলি কণী যুঁজ তাংগুটি কড়িখেল কলহ ভঙা খেল কাণী-মুনি খেল(চকুত কাপোৰ বন্ধা) ধোপ কুকুৰা যুঁজ(কুকুৰা-ঠেঙীয়া) খৰ-বাগৰ খেল খালি-ফুটি খেল পাক ঘূৰণি গামোচা চেৰোৱা ঘাই পকোৱা ঘিলা চকু মুদা ভাকুট কুট্ কুট্ চাকি-চুকুৰী চিলনি-চিলনি খেল চিকিমিকি চোৱা-চুই খেল ছাব্বিশটা বকুল বা তেঁতেলী গুটিৰ খেল টোকৰ মৰা টোপা খেল তৰোৱাল ঘূৰোৱা লুকাভাকু(লুকালুকি) হেতালি বুলবুলি যুঁজ লাঠিখেল হাও(হৈ) গুদু মোগল পাঠান শালিকা জোত দৰা-কইনা ম’হ যুঁজ দ’ল(দৌল)সজা আদি। ইয়াৰে কিছু সংখ্যক খেল থলুৱা আৰু কিছু সংখ্যক উত্তৰ ভাৰতীয় বুলিব পাৰি। লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।