অসমীয়াৰ বাৰ মাহ (Let's learn the names of the Assamese months) ব'হাগ মাহৰ পৰা অসমীয়া মানুহৰ নতুন বছৰ আৰম্ভ হয়। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটা। ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ব’হাগ বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ হয়। এই দিনটোক গৰু বিহু বুলি কোৱা হয়। এই বিহুত গৰুক গা ধুৱায়। নতুন পঘাৰে গৰু বন্ধা হয়। দ্বিতীয় দিনটোৰ পৰা মানুহৰ বিহু আৰম্ভ হয়। প্ৰত্যেক মানুহে এই বিহুত ৰঙ ৰহইচ কৰে। সৰুৱে ডাঙৰক সন্মান কৰে। ঘৰে ঘৰে হুঁচৰি গায়। এই বিহুক ৰঙালী বিহু বুলি কোৱা হয়। বসন্ত কালত এই বিহুৰ সময়তে কপৌ ফুল ফুলে। কুলি কেতেকীৰ মাতে পৰিৱেশটো সুন্দৰ কৰি ৰাখে। জেঠ মাহত বৰ ৰ’দ দিয়ে। আহাৰ মাহত গছত নানা ধৰণৰ ফল পকে। আম, কঠাল, জামু আদি ফলেৰে বজাৰ ভৰি পৰে। শাওণ মাহত খেতিয়কে ভুঁই ৰোৱে। ভাদ মাহত অসমীয়াৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম তিথি পৰে। নামঘৰত সকলোৱে নাম কীৰ্তন কৰে। আহিন মাহত শৰৎ কাল আহে। নিয়ৰ সৰে, শেৱালি ফুল ফুলে। আহিন মাহৰ শেষৰ দিনটোত অসমীয়া মানুহে কাতি বিহু পাতে। পথাৰত চাকি বন্তি লগায়। উৎপাদন ভাল হ'বৰ বাবে প্ৰাৰ্থনা কৰে। আঘোণ মাহত ধান চপায়। দাৱনীয়ে ধান দায়। খেতিয়কে মৰণা মাৰে। পুহ মাহত বহুত ঠাণ্ডা পৰে। পুহ মাহৰ শেষ দিনটোৰ পৰা মাঘ বিহু আৰম্ভ হয়। সেই দিনটোতে সকলোৱে মিলি ভোজ ভাত খায়। সেয়ে এই বিহুক ভোগালী বিহু বুলি কয়। এই বিহুত মেজি জ্বলায়। ফাগুণ মাহত পছোৱা বতাহ বলে। চ’ত মাহত অসমীয়াৰ বছৰটো শেষ হয়। অসমীয়া মাহঃ (Name of the Assamese month with its pronunciation) ব'হাগ/bohag : ১৪/১৫ এপ্ৰিল-১৪/১৫ মে' (April-May) জেঠ/jeth : ১৪/১৫ মে'-১৪/১৫ জুন (May-June) আহাৰ/ahaar : ১৪/১৫ জুন-১৪/১৫ জুলাই (June-July) শাওন/shawn : ১৪/১৫ জুলাই-১৪/১৫ আগষ্ট (July-August) ভাদ/bhada : ১৪/১৫ আগষ্ট-১৪/১৫ ছেপ্তেম্বৰ (August-September) আহিন/aahin : ১৪/১৫ ছেপ্তেম্বৰ-১৪/১৫ অক্টোবৰ (September-October) কাতি/kati : ১৪/১৫ অক্টোবৰ-১৪/১৫ নৱেম্বৰ (October-November) আঘোণ/aaghon : ১৪/১৫ নৱেম্বৰ-১৪/১৫ ডিচেম্বৰ (November-December) পুহ/puh : ১৪/১৫ ডিচেম্বৰ-১৪/১৫ জানুৱাৰী (December-January) মাঘ\magh : ১৪/১৫ জানুৱাৰী-১৪/১৫ ফেব্ৰুৱাৰী (January-February) ফাগুন/fagun : ১৪/১৫ ফেব্ৰুৱাৰী-১৪/১৫ মাৰ্চ (February-March) চ'ত/shot : ১৪/১৫ মাৰ্চ-১৪/১৫ এপ্ৰিল (March-April)