কম বেছি পৰিমাণে সকলো ইতৰ প্ৰাণীৰে অদ্ভুত শক্তি আছে।| তাৰ ভিতৰত কিছু প্ৰাণীৰ এই শক্তি অতি বিস্ময়কৰ।| যেনে - চৰায়ে অলপো নোৰোরাকৈ হাজাৰ কিঃমিঃ অতিক্ৰম কৰাটো অতি বিস্ময়কৰ। অকল সিমানেই নহয় অতি দুৰ্গম বণাঞ্চল অতিক্ৰম কৰি নিৰ্ভূলভাবে ঘূৰি অহাটোকম কথানে ? দ্বিতীয়তে আহক পঁইতাচোৰৰ কথালৈ, ইয়াৰ খাদ্য সংৰক্ষ্যণৰ প্ৰণালী তবধ মানিব লগা। প্ৰয়োজনাধিক খাদ্য পালে ই বাকী খাদ্যখিনিত পেচাব কৰি দিয়ে যাৰ দুৰ্গন্ধত আন কোনো প্ৰাণীয়ে সেই খাদ্য গ্ৰহণ নকৰে। টিনামৌ নামৰ চৰাইবিধে আকৌ ৰঙা, নীলা সেইজীয়া আদি নানাৰঙৰ কণী পাৰে। কুলিয়ে কণী পাৰে ক'ত ? কাউৰীৰ বাহত । কণী পৰাৰ সময়টো নিজে ঠিক কৰি ল'ব পৰাটো অৰ্থাত কণী পৰা ওপযোক্ত সময়লৈ অপেক্ষা কৰিব পৰাটো ইয়াৰ আন এক অদ্ভুত গুণ । পানীত নিমিশতে ভাহিব আৰু তল যাব পৰাটো ভেকুলীৰ এক আচৰিত শক্তি।| কাৰণ মাছৰ দৰে ইয়াৰ কোনো বায়ুমোনা নাথাকে।| হাতীয়ে আকৌ অৰণ্যৰ মাজটো দহ বাৰ কিঃমিঃ আতৰত থকা স্বজাতীলৈ সংকেত পথাব পাৰে। প্ৰকৃতিৰ বিচিত্ৰময় শক্তিৰ মাজত এইকেইটাও কম শক্তি নহয় ! লিখক: নিৰঞ্জন ভূঞা।