এক মালিনী আছিল| তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল| তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে| সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে,-

“অ’ গছ, অ’গছ, ফুল নুফুল কিয়?” গছে উত্তৰ দিলে,-

“মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ কিয় খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-

“অ’গৰু, অ’গৰু, ফুলগছৰ আগ খাৱ কিয়?”

গৰু-“গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?”

মালিনী-“অ’ গৰখীয়া, অ’ গৰখীয়া, গৰু নাৰাখ কিয়?”

গৰখীয়া-“ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?”

মালিনী-“অ’ ৰান্ধনী, অ’ ৰান্ধনী ভাত নিদিয় কিয়?”

ৰান্ধনী-“খৰীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?”

মালিনী”অ’ খৰীয়া, অ’ খৰীয়া, খৰি নিদিয় কিয়?”

খৰীয়া-“কমাৰে যে কুঠাৰ নিদিয়ে মই নো দিম কিয়?”

মালিনী-“অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?”

কমাৰ-“এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?”

মালিনী-“অ’ এঙাৰীয়া, অ’ এঙাৰীয়া, এঙাৰ নিদিয় কিয়?”

এঙাৰীয়া-“মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষে কিয়?”

মালিনী-“অ’মেঘ, অ’মেঘ, বৰষুণ দিয় কিয়?”

মেঘ-“ভেকুলীয়ে যে টোৰ্টোৰায় মই বা নিদিম কিয়?”

মালিনী-“অ’ ভেকুলী, অ’ভেকুলী, টোৰ্টোৰাৱ কিয়?”

ভেকুলী-“বপা-ককাৰ ৰীতিটো মই এৰিম বা কিয়?”

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস: বুঢ়ী আইৰ সাধু