ঘোঁৰা চোৰৰ চতুৰালি এসময়ত এখন ৰাজ্যত ব্রহ্মদেৱ নামৰ ৰজা এজনে বাজত্ব কৰিছিল। সেই ৰাজ্যতেই এটা ৰাক্ষস আছিল। অৱশ্যে ৰাক্ষসটো মুর্খ আৰু ভয়াতুৰ আছিল। সেই ৰজাজনৰ পদ্মাবতী নামৰ এগৰাকী বৰ ধুনীয়া জীয়াৰি আছিল। এবাৰ সেই ৰাক্ষসটোৰ চকু ৰাজকুমাৰীৰ ওপৰত পৰিল। ৰাজকুমাৰীব সৌন্দর্যই ৰাক্ষসটোৰ মন মুহি পেলালে। সি সদায় ৰাজকুমাৰীৰ ওচৰলৈ বিভিন্ন ৰূপত আহি বিয়াৰ প্ৰস্তাৱ দিবলৈ ধৰিলে। তাৰ এই কার্যত ৰাজকুমাৰী বিৰক্ত হৈ পৰিল। এদিনাখন ৰাজকুমাৰীয়ে তেওঁৰ এগৰাকী বিশ্বস্ত দাসীৰ আগত ক'লে, 'সখী, মোক ৰাক্ষস এটাই সদায় তাৰ লগত বিয়াত বহিবলৈ কৈ আমনি কৰি থাকে। মই কিন্তু সেই ৰাক্ষসটোৰ লগত বিয়াত নবহো। এতিয়া তুমিয়েই মোৰ এই সমস্যাটোৰ সমাধান কৰা।' 'ঠিক আছে, মই আমাৰ ৰাজ্যত থকা বিদ্বান লোকসকলৰ লগত আলোচনা কৰি তোমাক কি কৰিব লাগে ক'ম' -দাসীয়ে ৰাজকুমাৰীক ক'লে। দাসী আৰু ৰাজকুমাৰীৰ এই কথা-বতৰা ৰাক্ষসটোৱে মনে মনে শুনি আছিল। সি তেওঁলোকৰ কথা শুনি ভাবিলে, 'এই ৰাজ্যত নিশ্চয় আৰু এটা ৰাক্ষস আছে, যিয়ে নেকি ৰাজকুমাৰীক অপহৰণ কৰিব বিচাৰে। মই আজি ৰাতি এটা ঘোঁৰাৰ বেশ ধৰি ৰজাৰ আস্তাবলত সোমাই থাকিম। ৰাতি যেতিয়া সেই ৰাক্ষসটো আহিব তেতিয়া মই তাক দেখিলেই তাৰ শক্তিৰ বিষয়ে জানিব পাৰিম।' সিদিনাখন ৰাতি এটা ঘোঁৰা চোৰ আহি তাত সোমাল। সি আটাইতকৈ ভাল ঘোঁৰাটো বিচাৰি থাকোতে হঠাৎ তাৰ চকু এটা ধুনীয়া, শক্তিশালী বগা ঘোঁৰাৰ ওপৰত পৰিল। ঘোঁৰাটো দেখা মাত্রকে চোৰটোৱে সেই ঘোঁৰাটোকে চুৰ কৰাৰ কথা চিন্তা কৰিলে। আচলতে সেইটো ঘোঁৰা নাছিল। আছিল ঘোঁৰাৰ ৰূপত ৰাক্ষসটোহে। চোৰজনে সেই কথাটো গম পোৱা নাছিল। সেয়ে সি সেইটোকে লৈ আস্তাবলৰ পৰা পলাই গ'ল। ৰাক্ষসটোৱে ভাবিবলৈ ধৰিলে, 'অ' তাৰমানে এইটোৱে সেই দ্বিতীয় ৰাক্ষসটো। মই তৎক্ষণাত ইয়াৰ হাতৰ পৰা পলাই যাব লাগিব।' আনহাতে, চোৰটোৱে খুব সোনকালে উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ বুলি ঘোঁৰাৰূপী ৰাক্ষসটোৰ পিঠিত চাবুকেৰে মাৰিবলৈ ধৰিলে। ইপিনে, ৰাক্ষসটোৱেও চোৰটোক এটা ৰাক্ষস বুলি ভবা হেতুকে তাৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ বুলি বতাহ বেগেৰে দৌৰিবলৈ ধৰিলে। ঘোঁৰাটোৰ দৌৰৰ গতি দেখি চোৰটোৱে ভাবিবলৈ ধৰিলে, 'হে ভগৱান, এই ঘোঁৰাটো পাগল হৈ গ'ল নেকি বাৰু? ই দেখোন লাহে লাহে মোৰ আয়ত্তৰ বাহিৰলৈ গৈ আছে। এতিয়া মই কি কৰোঁ?' এনেতে আঁতৰত চোৰটোৱে এডাল বটগছ দেখিবলৈ পালে। সি ভগৱানক মিনতি কৰিবলৈ ধৰিলে যেন ঘোঁৰাটো বটগছডালৰ তলেৰে যায়। ঘোঁৰাটোৱে বটগছডালৰ তল পোৱা মাত্রকে চোৰটোৱে গছডালৰ পৰা ওলমি থকা ঠাল এটাত ধৰি ৰৈ গ'ল। ঘোঁৰাৰূপী ৰাক্ষসটো কিন্তু বতাহ বেগেৰে গৈয়ে থাকিল। সেই বটগছডালত এটা বান্দৰে বাস কৰিছিল। বান্দৰটো আছিল ৰাক্ষসটোৰ বন্ধু। সি অতি চালাক আছিল। ঘোঁৰাৰূপী ৰাক্ষসটোক সি চিনি পালে আৰু চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, 'হেৰা বন্ধুবৰ, তুমি এইদৰে ঘোঁৰাৰ ৰূপ ধাৰণ কৰি কিয় পলাইছা? যদি তুমি এই মানুহজনক ভয় কৰি এনে কৰিছা তেন্তে তুমি ভুল কৰিছা। কিয়নো এইজন হ'ল এজন ঘোঁৰা চোৰ আৰু ই তোমাতকৈ শক্তিশালীও নহয়।' বান্দৰৰ এই কাৰ্যই ঘোঁৰা চোৰটোক ক্রোধান্বিত কৰি তুলিলে। সি খঙত ৰঙা পৰি গ'ল। তাৰ ভয় হ'ল যদি বান্দৰটোৰ চিঞৰ শুনি ৰাক্ষসটো উভতি আহে আৰু তাক খায় পেলায়, তেতিয়া কি হ'ব। সেয়ে চোৰটোৱে খঙতে বান্দৰটোৰ ওলমি থকা নেজডালত খুব জোৰে কামুৰি ধৰিলে। চোৰৰ কামোৰত বান্দৰটোৱে বৰ কষ্ট পালে আৰু চিঞৰিবলৈ ধৰিলে। ইতিমধ্যে ৰাক্ষসটোৱে বান্দৰৰ চিঞৰ শুনি সেই বটগছডালৰ তলত আহি উপস্থিত হ'ল। কিন্তু বান্দৰটোৱে চোৰটোৰ পিনে চাই আতংকত চিৎকাৰ কৰি থকা দেখা পাই বান্দৰটোক ৰাক্ষসটোৱে ক'লে, 'হেৰা বন্ধু, তুমি দেখোন মোক এই সাধাৰণ ঘোঁৰা চোৰটোৰ পৰা একো ভয় নাই বুলি কৈছিলা। এতিয়া দেখোন তুমিয়েই তাৰ পিনে চাই আতংকত চিঞৰিবলৈ ধৰিছা। সেয়েহে মই কওঁ শুনা, ই কোনো সাধাৰণ ঘোঁৰা চোৰ নহয়, ই এটা সাংঘাতিক দানৱহে।' এই বুলি কৈয়েই ৰাক্ষসটো সেই ৰাজ্যৰ পৰা পলাই পত্ৰং দিলে। উৎস- পঞ্চতন্ত্ৰৰ সাধু