মাখি ৰজা বহুত দিনৰ আগৰ কথা। শুভবুদ্ধি আৰু দুষ্টবুদ্ধি নামে দুজন ৰজা আছিল। শুভবুদ্ধি বৰ দয়ালু আৰু মৰমিয়াল বজা আছিল। এদিন কিবা কাৰণত দুয়োৰে মনোমালিন্য হ'ল। দুষ্টবুদ্ধিয়ে শুভবুদ্ধিৰ ওপৰত যুদ্ধ ঘোষণা কৰিলে। এই কথা শুনি দয়ালু শুভবুদ্ধি বৰ চিন্তিত হ'ল। ৰজাৰ চিন্তিত আৰু উদাস মন দেখি মন্ত্রীগণে ক'বলৈ ধৰিলে, "মহাৰাজ, আপুনি ইমান চিন্তিত হোৱাৰ আৱশ্যক নাই: মাথোঁ আমাক যুদ্ধ কৰিবলৈ আদেশ দিয়ক।' শান্তিপ্রিয় ৰজাই কিন্তু যুদ্ধৰ আদেশ নিদিলে। ৰাজ্যৰ পশু-পক্ষীবিলাকো আহি ক'লেহি, আমি আপোনাৰ ৰাজ্যত বাস কৰোঁ গতিকে আপোনাক সেৱা কৰিবলৈ আমাকো এটা সুবিধা দিয়ক।" ৰজা পশু-পক্ষীবিলাকক বৰ মৰম কৰিছিল কাৰণে সিহঁতকো শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ অনুমতি নিদিলে। ৰজাৰ উদাসীনতাৰ বাতৰি দূৰ-দূৰণি পালেগৈ। মাখিবিলাকৰ ৰজাই যেতিয়া এই কথা গম পায় তৎক্ষণাৎ উৰা মাৰি আহি দৰবাৰ পালেহি। সেই সময়ত দৰবাৰত ৰজাই মন্ত্ৰীসকলৰ লগত মন্ত্ৰণা কৰি আছিল । মাখি ৰজাই ৰজাৰ কাণৰ কাষত ভুনভুনাই লাহেকৈ কান্ধতে পৰি ক'বলৈ ধৰিলে-“হজুৰ, মই মাখিৰ ৰজা। বিনাযুদ্ধই শত্রুসেনা নিপাত কৰিব পাৰিম। কিন্তু এটা কথা মনত ৰাখিব।" ৰজাই সুধিলে - "কিনো সেই কথা?" মাখি ৰজাই ক'লে- "কাম হৈ যোৱাৰ পিচত মোক পুৰস্কাৰ লাগিব।” "বাৰু ক্ষুদ্র মাখি, মই তোমাৰ কথা মানি লৈছোঁ। পিচে সেই বিশাল সৈন্যবাহিনীৰ লগত তুমি কেনেকৈ যুঁজিবা” বুলি ৰজাই প্রশ্ন কৰিলে। মাখি ৰজাই ক'লে- "সেয়া মোৰ কথা", তাকে কৈ মাখি ৰজা উৰা মাৰিলে। মাখি ৰজা উৰি গৈ লগৰ মাখিবোৰক শত্রুৰ ছাউনি আক্রমণ কৰিবলৈ আদেশ দিলে। কোটি কোটি মাখি গৈ ছাউনি পালেগৈ আৰু শত্রু সৈন্যৰ ৰান্ধনিঘৰত সোমাই খোৱাবস্তুৰ ওপৰত পৰি ৰোগৰ বীজাণু সিঁচি দিলে। মাখিৰ ঠেঙত লাগি যোৱা নানা বেমাৰৰ বীজাণু খাদ্যৰ লগত মিহলি হৈ গ'ল। সেই খাদ্য খাই কেইদিনমানৰ পিচত সেনাবোৰ বেমাৰত পৰিল। বহুতো সেনাৰ মৃত্যু হ'ল। কিছুমান আধামৰা হৈ বিছনাত পৰি থাকিল আৰু কিছুমান পলাই পত্রং দিলে। মাখি বজাই নিজৰ কাম শেষ কৰি শুভবুদ্ধি ৰজাৰ ওচৰ পালেহি। আকৌ সেই আগৰ দৰে কাণে কাণে ক'বলৈ ধৰিলে "হজুৰ, মই আপোনাৰ শত্রু সেনা নিপাত কৰিলোঁ। এতিয়া মোক পুৰস্কাৰ দিয়ক।" 'তোমাকনো কি পুৰস্কাৰ লাগে কোৱা' বুলি ৰজাই সুধিলে। তেতিয়া মাখি ৰজাই ক'লে-"আমি আপোনাৰ ৰাজ্যত বাস কৰিব বিচাৰিছোঁ, গেলা-পচা, মিঠা মিঠা বস্তুৰ ওপৰত পৰিবলৈ আজ্ঞা বিচাৰিছোঁ।" ৰজাই ক'লে, "সেয়ে হ'ব, মই আজ্ঞা দিলোঁ।" তাকে শুনি মাখি ৰজা উৰা মাৰিলে। মাখি ৰজা যোৱাৰ পিচত মন্ত্ৰীয়ে ৰজাক ক'লে, "মহাৰাজ, সর্বনাশ কৰিলে। মাখি মানুহৰ প্রধান শত্রু। আমি ইয়াৰ কিবা উপায় চিন্তা কৰিব লাগিব; নহ'লে শত্রু সেনাৰ যি দশা হ'ল, আমাৰো সেই একে দশাই হ'ব।" ৰজাই ক'লে-“এই কথা মোক আগতে নক'লা কিয়? মইতো কথা দিলোঁৱেই।" মন্ত্রীয়ে ক'বলৈ ধৰিলে-"বাৰু হ'ব কিবা এটা, আপুনিতো মাখিক কেৱল থাকিবলৈ আৰু মিঠা বস্তুৰ ওপৰত পৰিবলৈহে আজ্ঞা দিছে। আমি যদি খোৱাবস্তুবোৰ ঢাকি ৰাখোঁ তেনেহ'লেনো মাখিয়ে খাদ্যৰ ওপৰত পৰি কেনেকৈ বেমাৰ বিয়পাব?" এই কথা শুনি ৰজাই মন্ত্রীক আদেশ দিলে- "যোৱা, আজিয়েই গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিয়া। আমাৰ ৰাজ্যত কোনো গেলা-পচা বস্তু থাকিব নোৱাৰিব আৰু খোৱাবস্তু ঢাকি ৰাখিব লাগিব যাতে কোনো খাদ্যতে মাখি পৰিব নোৱাৰে। তেনে কৰিলে মাখিয়ে আমাৰ কোনো অপকাৰ কৰিব নোৱাৰিব।" ৰজাই মন্ত্ৰীৰ বুদ্ধিক প্রশংসা কৰি পুৰস্কাৰ দিলে।